বন্ধ্যাত্ব- পৰীস্মিতা ৰঞ্জন গগৈ

বাৰীৰ কোণৰ আমজোপা পিতায়ে কাটি পেলালে।
তাই হেনো বাঁ‌জী!
বছৰ ধৰি এটা ফলকে দিব নোৱাৰা গছজোপা মূল্যহীন,
আইতাই হেনো বৰ আটোলটোলকৈ তুলিছিল তাইক
পিয়াহৰ পানীটুপি ভোকৰ আহাৰমুঠি সদায়ে পাইছিল।

সৰু চুবুৰিটোত জাকত জিলিকা আছিল তাই
তাইৰ ৰূপ দেখি অপেক্ষাৰত আছিল পৰিয়ালৰ প্ৰতিজন।
হওকতেও বছৰেকত এটা হ’লেও ঘৰৰ ফল খাবলৈ পাম,
কিন্তু শেষ ক্ষণত বিধাতাই কুটিল হাঁ‌হি মাৰিলে
আৰু পৰিণতিত তাই নাম ল’লে বাঁ‌জী।

এতিয়া তাই পৰি আছে বহল চোতালখনত
হাত ভৰিবোৰ বোলে মানুহৰ ক্ষুধা নিবাৰণৰ কামত লগাব।
আৰু গাটো, ডাঙৰ বাইদেউৰ ফুলশয্যাৰ নিশাৰ বন্ধ কোঠাৰ উষ্ণতাৰ সাক্ষী হৈ ৰ’ব,
সৃষ্টিৰ বাবে কৰা আন এখন যুদ্ধত অংশ ল’ব।
হও‌কতেও মৃত্যুৰ পিছত তাই কাৰোবাৰ কামত আহিল।

নহয়, জীয়াই থাকোতেওটো তাই দুবাহু প্ৰসাৰিত কৰি সকলোকে জিৰাবলৈ বুকুত আশ্ৰয় দিছিল।
কুলিজনীয়েতো তাইৰ বাহুতে পৰি ব’হাগ অহাৰ বাতৰি দিছিল
আৰু কেতেকীজনীৰ কথা ন’কলোৱেবা,
তায়োতো দুখৰ টোপোলাটো আনি তাইৰ ওচৰতে মেলিছিল।
আঐ দেহি!এইবাৰ বিহুত দুয়োজনীৰে কম বেজাৰ লাগিবনে?
ক’ব নেকি বাৰু পিতাইক নিষ্ঠুৰ বুলি?

দেখা পাবনে তাইৰ ওঁ‌ঠত জিলিকি উঠা মৃত্যুৰ পিছৰ প্ৰশান্তিক,
যিয়ে গাই গ’ল মানুহ হৈ নজন্মাৰ সৌভাগ্যৰ জয়গান।
নহ’লে আজি তাই মুক্তিৰ পৰিৱৰ্তে লাভ কৰিলেহেঁ‌তেন
সমাজৰ লাঞ্ছনা,
নাইবা গৰ্ভধাৰণৰ বাবে প্ৰকৃতিক প্ৰত্যাহ্বান জনাই
টুকুৰিয়াব লাগিলেহেতেন ইখনৰ পিছত সিখন বিজ্ঞানৰ দুৱাৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!