‘যিয়ে ইয়াক স্পৰ্শ কৰে, তেওঁ এজন মানুহকে স্পৰ্শ কৰে’ (উৎপল দত্ত)
কিতাপখনে প্ৰথম দৃষ্টিতে মনযোগ কাঢ়ি নিব নোৱাৰে কিতাপখনৰ প্ৰকাশত প্ৰতিফলিত হোৱা খৰচী কিন্তু নান্দনিক দিশত অপেছাদাৰী ৰূপটোৰ বাবে৷ কিতাপখনৰ নামটোও খুব আকৰ্ষণীয় নহয়, ‘আগৰ দিন আৰু মোৰ কথা’৷ লেখক ধনিৰাম তালুকদাৰ নামটোও লেখক হিচাপে খুব বিখ্যাত নাম নহয়৷ কিন্তু কিতাপখনৰ বেটুপাতত ছপা হোৱা ফটোখনে লেখক গৰাকীৰ প্ৰতি এক কৌতুহলৰ সৃষ্টি কৰে৷ আবক্ষ ছবিখনতেই অনুমান কৰিব পাৰি যে মানুহগৰাকী বেচ ওখ-পাখ আৰু শক্তিশালী দেহৰ অধিকাৰী হ’ব, চকুৱে-মুখে প্ৰকাশ পোৱা দৃঢ়তা আৰু সৰলতাই মানুহগৰাকীৰ একক ভাবটো ফুটাই তোলে৷ অভ্যাসবশতঃ কিতাপখনৰ পাত লুটিয়াইছিলোঁ শেষৰ ফালৰ পৰা আৰু তাতেই দৃষ্টি থৰ লাগিছিল৷ শেষৰ পৃষ্ঠা দুটামানত আছিল লেখকে নীতি শাস্ত্ৰ আৰু অভিজ্ঞতাৰ পৰা লাভ কৰা কেইফাকিমান নীতি বচন৷ সেই নীতিবচনবোৰৰ মাজৰ কেইফাকিমান এনে ধৰণৰ: এজনে এজনক বহুবাৰ, বহুজনক এবাৰ, কিন্তু বহুজনক বহুবাৰ ঠগিব নোৱাৰে বুলি যি ইংৰাজী প্ৰবাদ আছে, সেয়া আজি ভুল প্ৰমাণিত হৈছে৷ এনে দুই চাৰিজন মানুহ পোৱা যায় যি আজীৱন ফাঁকি দি চলি আহিছে, কৃতকাৰ্যও হৈছে আৰু মানুহৰ প্ৰশংসা পায়ো আছে৷ অৱশ্যে ধৰা পৰিলেও ধৰা নিদিয়া মানুহো আছে৷ : পৰোপকাৰ অতি মহৎ গুণ৷ কিন্তু উপকৃতজনৰ মনত তাৰ চাব কেতিয়াও নাথাকে আৰু শেষত উপকাৰীক চিনিয়ে নাপায়৷ : গণতন্ত্ৰত অতি মেধাবী, বিচক্ষণ, বুদ্ধিমান, জ্ঞানী, স্বাৰ্থত্যাগী আৰু সুদক্ষ ৰাজনীতিজ্ঞৰ স্থান নাই৷ তেনে মানুহ এজন বা দুজন থাকিব পাৰে বা ভুলতে ৰৈ যাব পাৰে৷ কিন্তু বেচিভাগেই সুবিধাবাদী, পৰপদসেৱী, তোষামোদকাৰী আৰু অতি নিম্ন স্তৰৰ আৰু তাহাঁতেই সজ্জনসকলক গতিয়াই বাহিৰ কৰি দিব, কাৰণ তাহাঁতৰ শ্ৰেণীৰ জনসংখ্যাই জগতত অধিক৷ এই শ্ৰেণীৰ মানুহে মিছা কথা বেছি কয় আৰু কেতিয়াবা সঁচা ক’লেও অসত্য এনেকৈ মিলাই কয় যাতে কোনটো সত্য আৰু কোনটো অসত্য বাচি উলিয়াব নোৱাৰি৷ এইধৰণৰ কথাবোৰ পঢ়াৰ পিচত অনুমান কৰিবলৈ কঠিন নহয় যে এই মন্তব্যবোৰ তেখেতৰ জীৱনৰ অভিজ্ঞতাৰ পৰা নিসৃত৷ আৰু তাৰ পিচত কিতাপখনৰ প্ৰতি এক আকৰ্ষণৰ সৃষ্টি হয় যি আকৰ্ষণৰ মূল কাৰণ হ’ল তেখেতৰ জীৱনৰ কোনবোৰ অভিজ্ঞতাই এনে মন্তব্যৰ জন্মৰ মূল কাৰক হিচাপে কাম কৰিছিল৷ অনুভব কৰিব বিচাৰিছিলোঁ ফটোখনৰ আঁৰৰ মানুহজনৰ কথা৷ এই আগ্ৰহতে পঢ়িবলৈ আৰম্ভ কৰি আৱিষ্কাৰ কৰিছিলোঁ ধনিৰাম তালুকদাৰ নামৰ সেই ব্যক্তিগৰাকীক যি আছিল স্বাধীন মনৰ, সাহসী, বলী আৰু নিজৰ মনৰ ভাব সকলো ঠাইতে স্পষ্টকৈ ক’ব পৰা বিধৰ৷ কটন কলেজৰ ছাত্ৰ তালুকদাৰে আইন পঢ়ি ওকালতি কৰিছিল, ভাল ধৰণে তাত সফলতা লাভ কৰিছিল, স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল, স্বাৰ্থহীনভাবে দেশক ভাল পাইছিল আৰু সেইবাবেই তৰুণৰাম ফুকনেই হওক বা জৱহৰলাল নেহৰুকেই হওক, কাকোৱেই মুখৰ সন্মুখতে অপ্ৰিয় সত্যও ক’বলৈ কুন্ঠাবোধ কৰা নাছিল৷ ভাৰত স্বাধীন হোৱাৰ আগৰে পৰা তেখেত শাসন ব্যবস্থাৰ লগত বিভিন্ন ধৰণে জড়িত হৈ পৰিছিল, সেই ধাৰাবাহিকতাৰ অন্ত পৰিছিল বিধান সভাৰ সদস্যত৷ এই সুদীৰ্ঘ সময়ছোৱাৰ অসমৰ ৰাজনীতিৰ, বিশেষকৈ বৰপেটা অঞ্চলৰ ৰাজনীতিৰ বিভিন্ন ৰূপ, পৰিবৰ্তন আৰু সেই পৰিবৰ্তনৰ কাৰণবোৰ তালুকদাৰৰ এই আত্মজীৱনীত তেখেতে ভবা ধৰণে প্ৰকাশ পাইছে৷ অকল এই ৰাজনৈতিক কথাবোৰৰ বাবেই নহয়, সেই কথা ক’বলৈ যাওঁতে সমাজ আৰু সময়ৰ কথা বিতং আৰু ভাবাবেগহীন ৰূপত প্ৰকাশ পাইছে৷ অসমৰ ইতিহাসৰ আগ্ৰহী পাঠকৰ বাবে বৰপেটা অঞ্চলৰ সমাজ জীৱনৰ এই বিবৰণীয়ে তথ্যপূৰ্ণ দলিলৰ কাম কৰিব৷ এটা কথা ঠিক যে এই কিতাপখন খুব পৰিকল্পিতভাবে লিখা কিতাপ নহয়, বিভিন্ন সময়ত লিখি যোৱা স্মৃতিনিৰ্ভৰ ৰোমন্থন বুলিয়ে ভাব হয়৷ কিন্তু লেখকৰ স্মৃতিয়ে বাৰে বাৰে বিচাৰি লৈছে সামাজিক কথাবোৰ আৰু এই আচৰণৰ মূল কাৰণ হ’ল তেখেতে জীৱনটো অতিবাহিত কৰিছে মূলতঃ এখন বৃহত্তৰ সমাজৰ এটি অংশ হিচাপেহে৷ কটন কলেজত পঢ়ি থকা সময়ত বৃটিচ বিষয়াই কৰা অপমানৰ প্ৰত্যুত্তৰ দিবলৈ কৰা আক্রমণেই হওক বা জৱহৰলাল নেহৰুৱে অসমলৈ আহি সাধাৰণ অসমীয়া এজনৰ ওপৰত প্ৰদৰ্শন কৰা অশালীন পৰ্যায়ৰ খঙেই হওক দুয়ো ঠাইতেই তেখেতে প্ৰতিষ্ঠানৰ বিৰুদ্ধে নিজৰ মত প্ৰকাশ কৰিছে নিজৰ লাভালাভলৈ নোচোৱাকৈ বৰং তেখেতৰ এই আচৰণে নিজৰ পিনে বিপদ বা লোকচানহে মাতি অনাৰ সম্ভাবনা আছিল৷ তেখেতৰ এই মানসিকতাৰ পৰিচয় কিতাপখনৰ পাতে পাতে বিয়পি আছে আৰু সেইখিনি পঢ়ি অনুমান কৰিবলৈ কঠিন নহয় যে আত্মসন্মানৰ প্ৰতি গভীৰভাবে সচেতন তালুকদাৰে সামাজিক পৰিবেশতো নিজৰ একক চেতনাক কেতিয়াও তল পৰিবলৈ দিয়া নাছিল৷ অনুভব কৰিব পাৰি যে সকলো সময়তে তেখেতে ভাল পাইছিল কৰ্তৃত্বৰ প্ৰকাশ৷ সেই মনোভাব তেখেতৰ সামাজিক জীৱনতো প্ৰকাশ পাইছিল৷ এটা কথা ঠিক যে তেখেতৰ সামাজিক কাম-কাজৰ নেপথ্যত কোনো পৰিকল্পিত উদ্দেশ্য নাছিল, দেশখনক গোঁৱাৰৰ দৰে ভাল পাইছিল বাবেই বিনা দ্বিধাই জপিয়াই পৰিছিল সকলো ধৰণৰ কামত, আগ-পিচ গণি-পিতি চোৱা কোনো লক্ষণ তেখেতৰ কামত অনুভব কৰা নাযায়, কিন্তু এক স্বাভাবিক দূৰদৰ্শী মনে যে প্ৰায় সকলো সিদ্ধান্ত লোৱাৰ সময়ত কাম কৰিছিল তাত সন্দেহ নাই৷ কিতাপখন প্ৰকাশ কৰোতে সম্পাদনা কৰাই বৰ্ণণাখিনিক আৰু অধিক মসৃণ কৰাৰ প্ৰয়োজন আছিল৷ বহু দিনৰ আগৰ কথাবোৰ আজিৰ পাঠকৰ বাবে আগবঢ়াই দিওঁতে আৰু কিছু তথ্য আৰু মানচিত্ৰ সংযোগ কৰা হ’লে কিতাপখন পঢ়ি থাকোঁতে কথাবোৰ অধিক জীৱন্ত ভাবে চকুৰ আগলৈ আহিলহেঁতেন৷ কিতাপখনৰ আৰু এটা কথাই বিশেষভাবে মন চুই যায়- কিতাপখন পঢ়ি যাওঁতে লেখকে এচৰত বহি কৈ যোৱা যেন লাগে৷ এই গুণটো সম্ভব হৈছে লেখকে যি কৈছে মনৰ পৰাই কৈছে অকণো ৰহণ নসনাকৈ বা সজাই পৰাই নোলোৱাকৈ৷ ফলত বাক্যবোৰত সোমাই পৰিছে কথিত শব্দ আৰু কথিত ভাষাৰ প্ৰকাশভংগী৷ এই দুটা গুণৰ সমাহাৰে পাঠকক সহজেই লৈ যায় বৰপেটা অঞ্চলৰ মাজলৈ যিঠাই আছিল লেখকৰ কৰ্মভূমি৷ এই চমু আলোচনা সামৰিব খুজিছোঁ কিতাপখনৰ পাতনিত শ্ৰী অক্ষয় কুমাৰ মিশ্ৰ ডাঙৰীয়াই লেখা বাক্য দুটিৰে৷ তেখেতে ৱাল্ট হুইটমেনৰ কবিতাৰ এটি বাক্যৰ অসমীয়া অনুবাদেৰে কিতাখনৰ প্ৰসংগত কৈছে- ‘বন্ধুসকল, এইখন এখন কিতাপ নহয়, যিয়ে ইয়াক স্পৰ্শ কৰে, তেওঁ এজন মানুহকে স্পৰ্শ কৰে৷’ এই কিতাপখনৰ বিষয়েও এইটোৱেই সঠিক আৰু শেষ মন্তব্য৷