মহাপুৰুষদুজনাৰ বৰগীত আৰু অন্যান্য গীতসমূহ -(ৰাজু দাস)

মহাপুৰুষদুজনাৰ বৰগীত আৰু অন্যান্য গীতসমূহ
-ৰাজু দাস
শংকৰী যুগৰ সাহিত্য ৰচিত হৈছিল নৱবৈষ্ণৱ ধৰ্ম বা ভক্তিধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে| ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শঙ্কৰদেৱে গীত-কাব্য-নাট-অনুবাদ-ভক্তিমূলক আদি গ্ৰন্থ ৰচনা কৰে| লগতে গীত-পদ, নৃত্য-নাট-অভিনয় প্ৰৱৰ্তন কৰে| তেওঁৰ সাহিত্যকৃতিয়ে জনসাধাৰণৰ ওপৰত গভীৰভাৱে ৰেখাপাত কৰে| শঙ্কৰদেৱৰ নেতৃত্বত বিকশিত হৈ উঠা সাহিত্যক অসমৰ জাতীয় সাহিত্য আখ্যা দিব পাৰি| শঙ্কৰদেৱ একেধাৰে ধৰ্ম প্ৰৱৰ্তক, সমাজ-সংস্কাৰক, কবি, অনুবাদকাৰী, সংগীতজ্ঞ, গীতিকাৰ, নাট্যকাৰ আৰু চিত্ৰকৰ| ইয়াৰ ভিতৰত তেখেতৰ গীতসমূহে লুইতৰ ফল্গুময় ধাৰাৰ দৰে অসমীয়া সমাজত ভক্তিৰ ৰস প্ৰবাহত অৱগাহন কৰাইছিলে| শঙ্কৰদেৱৰদ্বাৰা ৰচিত গীতসমূহ প্ৰধানকৈ তিনি ভাগত ভগাব পাৰি; যেনে- বৰগীত, ভটিমা, টোটয় আৰু চপয় |
বৰগীত :  গুৰুচৰিতৰ মতে শঙ্কৰদেৱে বাৰকুৰি (২৪০) বৰগীত ৰচনা কৰিছিল | বৰপেটাৰ কমলা বায়নে সেইবোৰ আওৰাবলৈ বহালৈ লৈ গ’ল| চ’তমহীয়া বনপোৰা জুয়ে তেওঁৰ বহা পুৰিলে, সেই জুইত এই অনন্য গীতসমূহো পুৰা গ’ল| বাতৰিটো পাই শঙ্কৰদেৱে অতি মৰ্মাহতহৈ আক্ষেপ কৰি মাধৱদেৱক কৈছিলে- “বৰাৰপো গীত কিছু কৈলো, পুইলে| তুমি কিছু কৰা আমি নকৰোঁ|” ভকতৰ মুখত থকা গীত কেইটামানহে লিপিবদ্ধ কৰা হ’ল| এই গীত কেইটিয়েই শঙ্কৰদেৱৰ বৰগীত পৰম্পৰাত ৰক্ষিত হৈছে| শঙ্কৰদেৱৰ নিৰ্দেশ অনুসৰি তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে নকুৰি এঘাৰটা (১৮১) বৰগীত ৰচনা কৰে| শঙ্কৰদেৱৰ বৰগীত পৰমাৰ্থ বিষয়ক৷ মাধৱদেৱৰ বৰগীতত পৰমাৰ্থিক বিষয়ে স্থান পাইছে যদিও দাস্য আৰু বাত্সল্যভাৱেই বিশেষভাৱে গুৰুত্ব লাভ কৰিছে| দুয়োজনা তেৰাই ৰচনা কৰা বৰগীতসমূহ শঙ্কৰদেৱে ‘বৰগীত’আখ্যা দিয়া নাই, ‘গীত’আখ্যাহে দিছিল| শঙ্কৰদেৱ আৰু মাধৱদেৱৰ গীতখিনিক বিশেষ সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যৰে তেওঁলোকৰ পৰৱৰ্তী বৈষ্ণৱ সন্তসকলে ‘বৰগীত’আখ্যা প্ৰদান কৰিছে| সেয়েহে উচ্চ সাংগীতিক বৈশিষ্ট্য সম্পন্ন গীত হ’লেও শঙ্কৰদেৱ-মাধৱদেৱৰ বাহিৰে আনে লিখা গীতক বৰগীত বোলা নহয়| বৰগীতসমূহৰ কেইটিমান বিশেষত্ব আছে| সেইবোৰ হ’ল-
• ক) গীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত| • খ) বিষয়বস্তুৰ সংৰক্ষণশীলতা বা সংযম| • গ) শাস্ত্ৰীয় ৰাগ-তালযুক্ত|• ঘ) চৈধ্য প্ৰসঙ্গত বৰগীতসমূহৰ স্থান|
ভটিমা :  ভটিমা মানে স্তুতি বা প্ৰশস্তি| ভাটসকলে গোৱা গীতেই ভটিমা| শঙ্কৰদেৱে তিনিবিধ ভটিমা ৰচনা কৰে- নাটকীয় ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা| ভটিমাৰ ভাষাও কৃত্ৰিম ব্ৰজাৱলী| মাধৱদেৱে ইয়াৰ সৈতে আন এটা শ্ৰেণী যোগ দিয়ে | শংকৰদেৱৰ বিয়োগৰ পাছত নিজ গুৰু শংকৰদেৱৰ বন্দনা এই ভটিমাটিত বৰ্ণিত হৈছে| সেইবাবে ভটিমাটিৰ নাম দিয়া হৈছে গুৰু ভটিমা|টোটয় : ‘টোটয়’ পদটো সংস্কৃত ‘টোটক’ শব্দৰ পৰা উদ্ভৱ হৈছে| নৰনাৰায়ণৰ ৰাজসভাত থকাৰ সময়ত শংকৰদেৱে টোটক ছন্দত শ্লোক কেইটা লিখিছিল| এই শ্লোক কেইটিয়েই শংকৰদেৱৰ টোটয়| যেনে-মধু দানৱ-দাৰণ-দেৱ-ৱৰম্|ৱৰ-ৱাৰিজ-লোচন-চত্ৰ-ধৰম||ধৰণী-ধৰ-ধাৰণ-ধ্যেয়-পৰম্|পৰমাৰ্থ-ৱিদ্যাশুভ-নাশ-কৰম্||চপয় : চপয় ছন্দত ৰচিত স্তৱ বা বৰ্ণনাৰ গুণ নাম চপায়| যেনে- শুন শুন ৰুক্মিণী আই|কৃষ্ণ গুণ কহন নাযাই||মুখ ইন্দু কোটি পৰকাশ|দশন মোতিম মন্দ হাম||ভক্তিধৰ্ম প্ৰচাৰৰ বাবে ৰচনা কৰা এই গীত-মাতসমূহ পৰৱৰ্ত্তী কালত অসমীয়া জাতিটোৰ বুকুত ঘটত ৰখা গংগা জলৰ দৰে অতি পৱিত্ৰ আৰু আপুৰুগীয়া হিচাপে বিবেচিত হৈ আহিছে| গীত বোৰ ৰচিত হৈছিল সমাজৰ বাবে, কাৰণ সমাজৰ মঙ্গল সাধনেই হৈছে প্ৰকৃত সাহিত্য|
তথ্যসুত্ৰ : অসমীয়া সাহিত্য বুৰঞ্জী – ড০ নবীন চন্দ্ৰ শৰ্মা|
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments