বতাহ বেলিৰ প্ৰশ্নৰ উত্তৰ বিচাৰি (নিবেদিতা ফুকন)

মা বতাহজাক ক’ৰপৰা আহে, মোৰ যে চিলাখন কেতিয়াবা উৰে কেতিয়াবা নুৰে?
পুৱাই মই স্কুললৈ ওলোৱাৰ আগতে বেলিটো সদায় ক’ৰপৰা আহে?
গধূলি সি জোনবাইৰ ঘৰত শোৱে নেকি?
দিনত জোনবাইটোৱে বেলিক পোহৰ দিয়ে?ৰাতি বেলিয়ে জোনক দিয়াৰ দৰে?
সাগৰখনে যে ইমান ওফোন্দ কিয় পাতে?
সপোনত সাগৰখনে যে সিদিনা ওফোন্দ পাতি আমি যোৱা নাওখন খাই পেলাইছিল
তুমি মোৰ সপোনটোকে দেখিছিলানে, তুমি মই আৰু দেউতা যোৱা নাওঁখন?
কুঁজ থকা তিমি মাছটোৱেহে আহি গোটে গোটে গিলি থ’লে সাগৰৰ ওফোন্দবোৰ!
মই দেখা সপোনটো তোমাৰ সপোনতো আহিছিল নেকি?

মই বতাহজাক ক’ৰপৰা আহে ভাৱি থাকোতে
তাই বতাহজাক ক’লৈ যায় সুধিলে!
বতাহজাক মোৰ চিলাখন যিটো গছৰ ডালত ওলমি আছে তাতে গৈ ৰয় নেকি?

মই তাইৰ প্ৰ্শ্নবোৰৰ উত্তৰ বিচাৰি জটিলতালৈ নগৈ
এনেকৈ কৈ গ’লো
বতাহজাক কিজানি গছৰ পাতে পাতে থাকে
বেলিটো কিজানি কেৱল আঠ মিনিট পোহৰৰ বাটেৰে গৈ জোনৰ ঘৰতে শোৱে
সাগৰৰ ওফোন্দ তোমাৰ দৰে অলপতে লাগে অলপতে ভাঙে
কেৱল কুঁজ থকা তিমি মাছটোৱেহে জানে তাৰ ওফোন্দ পতাৰ আৰু ভঙাৰ সময়
সপোন এটাই জানো আন এটা সপোনক সপোনত দেখিব পাৰে!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!