ব্ৰেড বৰফি (-মিতালী বৰ্মন)

 

উপকৰণ:

ব্ৰেডৰ গুড়ি দুকাপ
গাখীৰ একাপ
নাৰিকল এটা
চেনি একাপ
কাজু ২০টা মান
ইলাচিৰ গুড়ি এচিকুট
ঘিঁ বা ৰিফাইণ্ড তেল ৪ চাহচামোচ

প্রণালী:

borfi2 borfi

প্রথমে ব্ৰেডকেইডোখৰৰ চাৰিওফালৰ ডাঠ অংশখিনি কাটি ল’ব। তাৰপিছত সেইখিনি সৰু সৰু টুকুৰাকৈ কাটি মিক্সিত দি গুড়ি কৰি ল’ব। মিক্সিৰ পৰা ব্ৰেডৰ গুড়িখিনি এটা ডাঙৰ বাটিত উলিয়াই লৈ তাত গাখীৰ কাপ ভালকৈ মিহলাই লওঁক। সেইখিনি মিহলাই কিছু সময় থৈ দিয়ক। এতিয়া নাৰিকলটো ফালি ৰুকি লওক। ৰোকা নাৰিকলখিনিত চেনি একাপ ভালকৈ মিহলাই লওক। এতিয়া কেৰাহি এটাত নাৰিকল আৰু চেনিৰ মিশ্ৰণটো হেতাৰে লৰাই লৰাই কম জুইত ভালকৈ ভাজি লওক। যেতিয়া সেইখিনি “ফুটত উঠিব” অৰ্থাৎ চেনি মিহলি নাৰিকলখিনি আঠা আঠা লগা যেন হ’ব তেতিয়া তাত সৰু সৰুকৈ কাটি লোৱা ৮/১০টামান কাজু দি আকৌ লৰাই দিব। ২মিনিটমান পাছত তাত ইতিমধ্যে প্রস্তুত কৰি ৰখা গাখীৰ মিহলি ব্ৰেডৰ গুড়িৰ মিশ্ৰণটো মিহলাই দি ভালকৈ লৰাই থাকক। ৩/৪মিনিট মান পাছত তাত এচিকুট ইলাচিৰ গুড়ি মিহলাই দিয়ক। মনত ৰাখিব মিশ্ৰণটো লৰাই থকাটো খুব প্ৰয়োজনীয়; অন্যথা ভাজি থকা বাচনটোৰ তলিত লাগি দেই যাব পাৰে। এতিয়া তাত ঘিঁ বা ৰিফাইণ্ড তেল ৩ চামোচ মিহলাই আকৌ ৩/৪মিনিট লৰাই থাকক। ইয়াৰ মাজতে এখন ষ্টীল বা এলুমিনিয়ামৰ প্লেটত এচামোচ ঘিঁ বা ৰিফাইণ্ড তেল চাৰিওফালে লগাই লওঁক। কেৰাহীৰ মিশ্রণটো ঘিঁ মিহলোৱাৰ ৩/৪ মিনিটমান পাছত নমাই ইতিমধ্যে ঘিঁ লগাই পিচল কৰি থোৱা প্লেটখনত বাকি দিয়ক। হেতাৰে প্লেটখনৰ চাৰিওফালে মিলি যোৱাকৈ বিয়পাই দি ওপৰৰ অংশ হাতেৰে বা হেতাৰে মিহি কৰি দিয়ক। পাঁচ মিনিটমান তেনেকৈ ৰাখি তাৰপাছত ফ্ৰীজাৰত ভৰাই থওঁক। ডেৰ-দুঘণ্টামান পাছত ফ্রীজাৰৰ পৰা উলিয়াই আনি চুৰি এখনেৰে বৰফিৰ আকাৰত কাটি উলিয়াই লওঁক। বৰফিকেইটাৰ ওপৰত এটা কাজুৰ এফালকৈ দি সজাই লওঁক।

এতিয়া আলহিৰ ঘৰলৈ ফুৰিবলৈ গ’লে বজাৰৰ বৰফি লৈ যোৱাৰ সলনি ঘৰত নিজে প্রস্তুত কৰা বৰফিও লৈ যাব পাৰিব।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!