বিশেষণ আৰু ক্ৰিয়া বিশেষণ (দশম অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)
১০. বিশেষণ আৰু ক্ৰিয়া বিশেষণ
১০.০১ বিশেষণ নামপদৰে এটি ভাগ। অৰ্থগত দিশলৈ মন নিদিলে সাধাৰণতে বিশেষণ আৰু বিশেষ্যৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই। কাৰণ বিশেষ্যৰ দৰে কিছুমান বিশেষণৰ পিছতো বচন, লিঙ্গবাচক প্ৰত্যয়, নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু শব্দবিভক্তি যোগ হয়। কিন্তু এনেদৰে প্ৰত্যয় বা বিভক্তিযুক্ত হ’লে বিশেষণৰ ব্যৱহাৰ বিশেষ্য বা ক্ৰিয়াবিশেষণৰ দৰে হৈ পৰে। যেনে,
ভালটো, ভালবোৰ, বেয়াকেইটা, ভালত,
ডাঙৰজনী, সৰুটো, ৰঙাটো
ভালকৈ, বেয়াকৈ, ভালেৰে
উল্লিখিত প্ৰথমৰ ছটা প্ৰত্যয়যুক্ত ভাল, বেয়া, ডাঙৰ, সৰু, ৰঙা বিশেষণ বিশেষ্যৰ দৰে আৰু পিছৰ –কৈ আৰু –ৰে প্ৰত্যয় যুক্ত ভাল আৰু বেয়া বিশেষণ ক্ৰিয়াবিশেষণ হিচাবে ব্যৱহাৰ হৈছে।
১০.০২ বাক্যত বিশেষণৰ স্থান আৰু আন পদৰ লগত থকা সম্পৰ্কৰ দিশলৈ চাই বিশেষণক মুখ্যতঃ চাৰিটা ভাগত ভগাব পাৰি। বিশেষ্যৰ বিশেষণ, বিশেষণৰ বিশেষণ বা বিশেষণীয় বিশেষণ, সৰ্বনামৰ বিশেষণ আৰু ক্ৰিয়া বিশেষণ।
১০.০২.১ বিশেষ্যৰ বিশেষণঃ বিশেষ্যৰ দোষ-গুণ , অৱস্থা, পৰিমাণ , উপাদান, সংখ্যা আদি বুজোৱা বিশেষণবোৰেই বিশেষ্যৰ বিশেষণ। বিশেষণবোৰ সাধাৰণতে বিশেষ্য বা আন নামপদৰ আগত বহে। উদাহৰণ,
দোষ-গুণ বা অৱস্থাবাচক বিশেষ্যৰ বিশেষণঃ ৰঙা ফুল, বগা কাপোৰ, গৰম চাহ, ঠাণ্ডা পানী, তিতা ঔষধ, শান্ত ল’ৰা, ওখ পাহাৰ, বেয়া বতৰ, ঘোৰ বাৰিষা আদি।
উপাদানবাচক বিশেষ্যৰ বিশেষণঃ মৃন্ময় মূৰ্ত্তি, স্বৰ্ণপাত্ৰ, মাটিৰ কলহ আদি।
সংখ্যা বা পৰিমাণ বাচক বিশেষ্যৰ বিশেষণঃ লাখ টকা, হাজাৰ টকা, পাঁচ হাত, দহজন ল’ৰা, বহুত কিতাপ আদি।
কেতিয়াবা বস্তুৰ দৈৰ্ঘ বা জোখ, পৰিমাণ আদি বুজোৱা বিশেষ্যৰ আগত বিভিন্ন সংখ্যা শব্দ যোগ দি আন এটা বিশেষ্যৰ আগত বিশেষণৰ দৰে ব্যৱহাৰ কৰা হয়। যেনে,
ছহাত কাপোৰ , পাঁচবিঘা মাটি,
তিনিকলহ পানী, চাৰিমাইল বাট ইত্যাদি।
কেতিয়াবা পূৰণ বাচক বা ক্ৰমবাচক সংখ্যা শব্দ বিশেষণ ৰূপে বিশেষ্যৰ আগত ব্যৱহৃত হয়। যেনে,
প্ৰথম ল’ৰা, তৃতীয় সন্তান, বিংশ শতিকা আদি।
কিন্তু কেতিয়াবা বিশেষ পৰিবেশত নামপদ বা বিশেষ্যৰ পিছতো বিশেষণ বহিব পাৰে। যেনে,
মহাত্মা গান্ধী সকলোৰে প্ৰতি উদাৰ আছিল।
ফুলপাহ ৰঙা ; পাহাৰটো ওখ ;
ঈশ্বৰ মঙ্গলময় ; মানুহ্জন বৰ দয়ালু ;
উল্লিখিত বাক্যকেইটাত উদাৰ, ৰঙা, ওখ, মঙ্গলময় আৰু দয়ালু বিশেষণ কেইটাই ক্ৰমে মহাত্মা গান্ধী, ফুলপাহ, পাহাৰটো, ঈশ্বৰ আৰু মানুহ্জন বিশেষ্যৰ গুণ, ধৰ্ম আদি বুজাইছে। এনেদৰে নামপদৰ পিছত বহা বিশেষণক বিধেয় বিশেষণ ( predicative adjective ) বোলা হয়।এনেকুৱা বিধেয় বিশেষণ থকা বাক্যত নামপদটো বা বিশেষ্যটো সদায় উদ্দেশ্য (subject) হয়। সমাস হৈ সাধিত হোৱা সমস্ত পদতো কেতিয়াবা বিশেষণটো বিধেয় বিশেষণ হিচাপে বিশেষ্যৰ পিছত বহে ( অসমীয়া ব্যাকৰণ প্ৰবেশ, পৃ.২৬২) যেনে,
নক্ষত্ৰ- বিশেষ
সময় বিশেষে
সচিব প্ৰধান
১০.০২.২ বিশেষণীয় বিশেষণ বা বিশেষণৰ বিশেষণ: কিছুমান বিশেষণে বাক্যত আন বিশেষণৰ আগত ব্যৱহৃত হৈ বিশেষণৰ গুণ, দোষ, অৱস্থা আদি বুজায়। এনেবোৰ বিশেষণেই বিশেষণীয় বিশেষণ। এনে বিশেষণে বিশেষ্য বা সৰ্বনামৰ বিশেষণৰো দোষ গুণাদি অৱস্থা বুজাব পাৰে আৰু ক্ৰিয়া বিশেষণকো বিশেষকৈ বুজাব পাৰে। যেনে,
কিচকিচীয়া ক’লা চুলি।
সি বৰ বেঙা।
সি বৰ বেগাই আহিল।
উল্লিখিত বাক্য তিনিটাৰ প্ৰথমটোত বিশেষ্য চুলিৰ বিশেষণ ক’লাটোৰ গুণ বুজাইছে কিচকিচিয়া বিশেষণে ; দ্বিতীয় বাক্যত সি সৰ্বনামৰ বিশেষণ বেঙাৰ দোষ বুজাইছে বৰ বিশেষণে আৰু তৃতীয় বাক্যত বৰ বিশেষণ ক্ৰিয়াবিশেষণ বেগাইক বিশেষকৈ বুজাইছে কাৰণে কিচকিচীয়া আৰু বৰ বিশেষণীয় বিশেষণ।
১০.০২.৩ সৰ্বনামৰ বিশেষণ: সৰ্বনামৰ দোষ-গুণ-অৱস্থাদি বুজোৱা বিশেষণ বোৰেই সৰ্বনাম বিশেষণ। এই বিশেষণ সাধাৰণতে সৰ্বনামৰ পাছত বহে। সেয়ে সৰ্বনামৰ বিশেষণক বিধেয় বিশেষণ বোলা হয়। (অসমীয়া ব্যাকৰণৰ প্ৰবেশ পৃ:২৬১) যেনে,
তেওঁ শান্ত, তাই দুষ্ট, ই মহা ধুৰন্ধৰ।
আপুনি উদাৰ ইত্যাদি।
কেতিয়াবা বিশেষ পৰিবেশত আবেগিক হৈ কোৱা কথাত সৰ্বনামৰ আগতো বিশেষণ পদ বহে। যেনে,
মূৰ্খ আমি! নহ’লেনো আমাৰ এই দশা হয়নে!
মহা ধুৰন্ধৰ তহঁত! দুষ্ট ল’ৰা! ইত্যাদি।
ক্ৰিয়া-বিশেষণ: ক্ৰিয়াৰ গুণ বা লক্ষণ, সময় বা ঠাই বুজোৱা শব্দবোৰেই ক্ৰিয়া বিশেষণ। যেনে,
খৰকৈ কৰা।
সোনকালে আহিবা।
তালৈ নাযাবা।
ইয়াত খৰকৈ শব্দই কৰা ক্ৰিয়াৰ গুণ, সোনকালে শব্দই আহিবা ক্ৰিয়াৰ সময় আৰু তালৈশব্দই নাযাবা ক্ৰিয়াৰ ঠাই বুজাইছে। সেয়েহে খৰকৈ, সোনকালে আৰু তালৈ ক্ৰিয়াবিশেষণ। (ক্ৰিয়া বিশেষণৰ বহল আলোচনা ‘বিশেষণৰ তুলনা’ৰ পিছত পাব )
১০.০৩ আকৃতি বা গাথনিক দিশৰপৰা বিশেষণবোৰক তলত দিয়াৰ দৰে ভগাব পাৰি:
মৌলিক বিশেষণ: ভাল, বেয়া, দুষ্ট, ক’লা, বগা, ৰঙা, ওখ, চাপৰ, শান্ত, সৰু, ডাঙৰ ইত্যাদি। এই বোৰ বিশেষণ অৰ্থপূৰ্ণভাৱে খণ্ডিত কৰিব নোৱাৰি বাবেই এইবোৰ মৌলিক বিশেষণ।
কৃদন্ত বিশেষণ: পঢ়া কিতাপ, কৰা কাম, বোৱতী নদী, শুনা কথা ইত্যাদি। ইয়াত পঢ়া, কৰা, বোৱতী, শুনা আদি কৃদন্ত ক্ৰমে কিতাপ, কাম, নদী আৰু কথাৰ বিশেষণ, হিচাবে ব্যৱহৃত হৈছে।
তদ্ধিতান্ত বিশেষণ: গাঁৱলীয়া, মৰুৱা, বুদ্ধিয়ক, ঠেহুলা ইত্যাদি। এই বিশেষণ পদবোৰ গঢ় লৈ উঠিছে ক্ৰমে গাওঁ, মাৰ, বুদ্ধি আৰু ঠেহ- এই কেইটা বিশেষ্যত ক্ৰমে অলীয়া, -উৱা, -অক আৰু -উলা তদ্ধিত প্ৰত্যয় যোগ হৈ।
বিভক্তি যুক্ত বিশেষণ: প্ৰাণৰ বন্ধু, সূতাৰ কাপোৰ, ৰক্ত-মাংসৰ শৰীৰ, মাটিৰ মূৰ্ত্তি আদি। ইয়াত প্ৰাণ, সূতা, ৰক্ত মাংস আৰু মাটি- এই বিশেষ্যকেইটা ৬ষ্ঠী-ৰ বিভক্তি যুক্ত হৈ ক্ৰমে বন্ধু, কাপোৰ, শৰীৰ আৰু মূৰ্ত্তি বিশেষ্যৰ আগত বিশেষণ ৰূপে ব্যৱহৃত হৈছে।
যৌগিক বিশেষণ: সাধাৰণতে বিশেষ্যৰ আগত বহি বিশেষ্যৰ দোষ-গুণাদি নিৰ্দেশ কৰা বিশেষ কিছুমান সমাস বা সংযুক্ত শব্দই যৌগিক বিশেষণ। বিশেষ্যৰ দোষ-গুণ বুজোৱা এনে কিছুমান যৌগিক বিশেষণ হৈছে:
বুকুভঙা দুখ, আধা-মৰা মানুহ,
হাতেকটা সূতা, ঘৰ-ভঙা কথা,
পুথি-গত বিদ্যা, দিল-খোলা হাঁহি ইত্যাদি
অসমীয়াত এনে বহু শব্দ আছে, যিবোৰ বিশেষ্য আৰু বিশেষণ দুয়ো প্ৰকাৰে ব্যৱহাৰ হ’ব পাৰে। যেনে, পাপ,পুণ্য, শুভ, কল্যাণ, সাধু, মঙ্গল ইত্যাদি। কেতিয়াবা বিশেষণৰ ৰূপ এটাও ক্ৰিয়া বিশেষণ ৰূপে ব্যৱহাৰ হ’ব পাৰে। যেনে, তেওঁ ভাল জানে, বেছি নকওঁ।
১০.০৪ বিশেষণৰ লিঙ্গ বিচাৰ: অসমীয়া ভাষাত বিশেষ্য অনুয়ায়ী বিশেষণৰ লিঙ্গ পৰিবৰ্তন নহয়। কিন্তু অসমীয়া ভাষাৰ জননী সংস্কৃতত বিশেষ্যৰ যি লিঙ্গ আৰু বচন, বিশেষণৰো সেই লিঙ্গ আৰু বচন হয়। অৰ্থাত্ সংস্কৃতত বিশেষণৰ লিঙ্গ ব্যাকৰণগত যেনে,
সুন্দৰ: বালক (পুংলিঙ্গ)
< p class=p3> সুন্দৰী বালিকা (স্ত্ৰীলিঙ্গ)
অসমীয়া ভাষাত এনেদৰে লিঙ্গ পৰিবৰ্তন নহয়, যেনে
ভাল ল’ৰা, ভাল ছোৱালী,
ধুনীয়া ল’ৰা, ধুনীয়া ছোৱালী ইত্যাদি।
কিন্তু সংস্কৃতৰ আৰ্হিত কিছুমান বিশেষ বিশেষ বিশেষণৰ বিশেষ্যৰ লিঙ্গ অনুযায়ী পৰিবৰ্তন হয়। যেনে.
পুংলিঙ্গ | স্ত্ৰীলিঙ্গ |
ৰূপহ কোঁৱৰ | ৰূপহী কুঁৱৰী |
পগলা মানুহ | পাগলী তিৰোতা |
অজলা ল’ৰা | আজলী ছোৱালী |
দুষ্ট পতি | দুষ্টা ভাৰ্যা |
বিদ্বান পুৰুষ | বিদুষী মহিলা |
বুদ্ধিমান ল’ৰা | বুদ্ধিমতী ছোৱালী |
ধনবান পুৰুষ | ধনৱতী মহিলা |
বিবাহিত পুৰুষ | বিবাহিতা মহিলা |
অসমীয়া বিশেষণৰ এনে লিঙ্গ পৰিবৰ্তন সকলো ক্ষেত্ৰতে অপৰিহাৰ্য নহয়। বিশেষকৈ বিধেয় বিশেষণত অৰ্থাত্ নামপদৰ পিছত বহা বিশেষণত লিঙ্গভেদ ধৰা-বন্ধা নহয়। যেনে,
তিৰোতাজনী পগলা বা পাগলী।
ছোৱালীজনী অজলা বা আঁজলী।
মহিলা গৰাকী বিবাহিত বা বিবাহিতা।
ছোৱালীজনী বুদ্ধিমান বা বুদ্ধিমতী।
কিন্তু ৰূপহ বিশেষণ সদায় পুংলিঙ্গ বাচক আৰু ইয়াৰ স্ত্ৰীলিঙ্গ বাচক ৰূপ হ’ল ৰূপহী। এই দুটা ওপৰত দেখুওৱাৰদৰে পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ বাচক বিশেষ্যৰ আগত বা পাছতহে যোগ হয়। কেতিয়াবা ভাষাৰ সৌষ্ঠৱ বঢ়াবৰ কাৰণে নাইবা পৰম্পৰা অনুসৰণ কৰা বাবে কোনো কোনোৱে নিৰ্জীৱ বস্তুটো সজীৱতা আৰোপ কৰে আৰু তাৰ আগত বহা বিশেষণ শব্দক স্ত্ৰীবাচক ৰূপত ব্যৱহাৰ কৰে। যেনে,
পুৱঁতী নিশা, বোঁৱতী সুঁতি, বেগৱতী নদী
নিলাজী ধৰিত্ৰী আদি।
১০.০৫ সৰ্বনামজাত বিশেষণ ( Pronominal adjecttives): কিছুমান সৰ্বনাম শব্দ আৰু সৰ্বনাম মূলৰ পৰা ওলোৱা বিশেষণবোৰেই সৰ্বনামজাত বিশেষণ।এই বিশেষণ দুবিধ: গুণবাচক আৰু পৰিমানবাচক বিশেষণ। সিবোৰৰ মূল আৰু প্ৰয়োগ এনে ধৰণৰ:
সৰ্বনাম শব্দ | সৰ্বনাম-মূল | গুণবাচক বিশেষণ |
এই | এ- | এনেকুৱা কথা নক’বা/ |
এনে মাত নেমাতিবা। | ||
সি/তেওঁ | ত্- | তেনে কাম নকৰিবা। |
তেনেকুৱা মানুহক লাই নিদিবা। | ||
যি | য্- | যেনে কথা, তেনে কাম। |
যেনেকুৱা কামেই হওক, কৰিবলৈ চেষ্টা কৰিবা। |
||
কি | ক্- | কেনে কথা কোৱাহে। |
কেনেকুৱা মানুহহে তুমি। |
সৰ্বনাম শব্দ | সৰ্বনাম-মূল | গুণবাচক বিশেষণ |
এই | এ- | এতিমান ভাত দিবা। |
ই | ই- | ইমান গৰম। |
সি/তেওঁ | স্-/-ত | সিমান কষ্ট হোৱা নাই। |
তিমান বস্তু নিদিবা। | ||
যি | য্- | যিমান খোজ কাঢ়া স্বাস্থ্যৰ পক্ষে সিমান ভাল। |
কি | ক্- | কিমান কিতাপ কিনিলা? |
উল্লিখিত সৰ্বনামজাত বিশেষণ কিছুমান বিশেষকৈ এনে,তেনে, কেনে, য়েনে যেনেকুৱা, তেনেকুৱা আদি ৰূপবোৰ বিশেষণীয় বিশেষণ ৰূপেও ব্যৱহৃত হ্য়। যেনে,
এনে বেয়া কথা।
এনেকুৱা টান অংক। যেনেকুৱা বেয়া মানুহ।
তেনেকুৱা লেতেৰা কাম ইত্যাদি।
১০.০৬ বিশেষণৰ তুলনা( Coparison of adjectives): দুটা বা তাতকৈ অধিক বস্ত বা প্ৰাণীৰ মাজত তুলনা কৰি এটা আনটোতকৈ বা আন সকলোতকৈ উত্কৃpষ্ট বা অপকৃষ্ট বুলি দেখুৱাবলৈ প্ৰত্যেক ভাষাতে কিছুমান নিয়ম আছে। সংস্কৃত আৰু ইংৰাজী ভাষাত সাধাৰণতে বিশেষণৰ পিচত কিছুমান প্ৰত্যয় যোগ কৰি দুটা বা বহুতৰ মাজত তুলনা বুজোৱা হয়। যেনে, সংস্কৃতত প্ৰিয় বিশেষণত –তৰ যোগ দিলে দুটাৰ মাজত আৰু তম্ যোগ দিলে বহুতৰ মাজত বুজায়: প্ৰিয়তৰ, প্ৰিয়্তম। সেইদৰে ইংৰাজী (great) বিশেষণত -er যোগ দি দুটাৰ মাজত তুলনা বুজোৱা হয়। যেনে,- Great, greater, greatest.
অসমীয়া ভাষাৰ সংস্কৃতীয়া ৰূপটোত অৰ্থাৎ তত্স ম বিশেষণ শব্দবোৰত সাধাৰণতে সংস্কৃত নিয়মেৰে বিশেষণৰ তুলনা বুজোৱা হয়। সংস্কৃতত দুটাৰ মাজত তুলনা বুজাবলৈ –তৰ আৰু –ঈয়স্ প্ৰত্যয় আৰু বহুতৰ মাজত তুলনা বুজাবলৈ –তম আৰু –ইষ্ঠ প্ৰত্যয় বিশেষণৰ পিছত যোগ দিয়া হয়। অসমীয়াত –ঈয়স্ প্ৰত্যয়ৰ ব্যৱহাৰ কম। বাকী তিনিটা প্ৰত্যয়ৰ যোগত অসমীয়াত দুটাৰ আৰু বহুতৰ মাজত তুলনা এনেদৰে দেখুৱাব পাৰি:
প্ৰত্যয় | বিশেষণ | দুটাৰ মাজত তুলনা | বহুতৰ মাজত তুলনা |
-তৰ, -তম | লঘু | লঘুতৰ | লঘুতম, লঘিষ্ঠ |
-ইষ্ঠ | গুৰু | গুৰুতৰ | গুৰুতম, গৰিষ্ঠ |
বৃহৎ | বৃহত্তৰ | বৃহত্তম | |
ক্ষুদ্ৰ | ক্ষুদ্ৰতৰ | ক্ষুদ্ৰতম ইত্যাদি। |
অসমীয়াত এনে প্ৰয়োগ বৰ কটকটীয়া নহয়। কেতিয়াবা ‘বৰ ডাঙৰ বা বেছি’ অৰ্থ প্ৰ্কাশ কৰিবলৈ দুটাৰ মাজত তুলনা বুজোৱা ৰূপৰ আগত বৰ, অতি শব্দ প্ৰ্য়োগ কৰা হয়। যেনে,
বৰ গুৰুতৰ ঘটনা ঘটিছে।
অতি ক্ষুদ্ৰতৰ প্ৰাণী।
আনহাতে শ্ৰেষ্ঠ শব্দ অসমীয়াত কেৱল উত্কৃষ্ট অৰ্থত সাধাৰণভাৱে ব্যৱহৃত হয়। যেনে, অন্যতম শ্ৰেষ্ঠ কবি; সংস্কৃতত এই শব্দই বহুতৰ মাজত ‘উত্কৃষ্ট’- এই অৰ্থ প্ৰকাশ কৰে। কিন্তু অসমীয়াত এই অৰ্থ লোপ পোৱাত ’শ্ৰেষ্ঠ’ শব্দটো সাধাৰণ শব্দ হিচাবে ধৰি তাৰ পিছত –তৰ, -তম প্ৰত্যয় যোগ দি লঘুতৰ, লঘুতম শব্দৰ সাদৃশ্যত নতুন শব্দ গঠন কৰা হয়। যেনে, শ্ৰেষ্ঠতৰ, শ্ৰেষ্ঠতম, কনিষ্ঠতম আদি।
অসমীয়া ভাষাৰ নিজস্ব বা স্বকীয় ৰূপটোত তুলনা বুজাবলৈ বিশেষণৰ পিছত কোনো প্ৰত্যয় যোগ নহয়। অসমীয়াত নিম্নলিখিত উপায়েৰে বিশেষণৰ তুলনা বুজোৱা হয়।
দুটাৰ মাজত তুলনাঃ
১. দুটাৰ মাজত তুলনা বুজাবলৈ হ’লে যাৰ লগত তুলনা কৰা হয়, সেই প্ৰাণীবাচক বা অপ্ৰাণীবাচক শব্দটোৰ অধিকৰণ কাৰকৰ ৰূপৰ পিছত-কৈ প্ৰত্যয় যোগ দি তাৰ পিচত বিশেষণটো ব্যৱহাৰ কৰা হয়। তেতিয়া তুলনীয় অৰ্থাত্ উপমেয় ৰূপটো বিশেষণৰ আগতো বহিব পাৰে বা প্ৰত্যয়ান্ত ৰূপটোৰ আগতো বহিব পাৰে। যেনে,
মধুতকৈ যদু সৰু।
যদু মধুতকৈ সৰু।
ছোৱালীজনীতকৈ ল’ৰাটো চোকা।
ল’ৰাটো ছোৱালীজনীতকৈ চোকা।
২. কেতিয়াবা এটাতকৈ আনটোত বেছি থকা বুজাবলৈ –কৈ প্ৰত্যয়ান্ত ৰূপটোৰ আগত বা পাছত ব্যৱহৃত উপমেয় নামপদটো ৬ষ্ঠ -ৰ বা ৭মী -ত বিভক্ত্যন্ত হয়। যেনে,
বাঘতকৈ সিংহৰ বল বেছি।
কপিলিত কলঙতকৈ সোঁত বেছি।
৩. উত্কৰ্ষ বা অপকৰ্যৰ অৰ্থাত্ ভাল বা বেয়াৰ আধিক্য বিশেষভাৱে বুজাব লগা হ’লে বা তুলনাত পাৰ্থক্য অধিক হ’লে বিধেয়ক ৰূপে শেষত বহা বিশেষণৰ আগত অৰ্থানুসাৰে বহুত, অধিক,অনেক, অত্যন্ত, বেছি অলপ,কম ভালেখিনি ইত্যাদি বিশেষণ ব্যৱহাৰ কৰা হয়। তেতিয়া এইবোৰ বিশেষণক বিশেষণীয় বিশেষণ বুলিব পাৰি। যেনে,
ভেৰাতকৈ হাতী বহুত ডাঙৰ।
তেওঁ মোতকৈ ভালেখিনি সৰু।
ৰামতকৈ যদু বেছি বুদ্ধিমান।
গাধ ঘোঁৰাতকৈ অলপ সৰু।
ৰীতাতকৈ সীতা কম চোকা।
বহুতৰ মাজত তুলনা:
১. বহুতৰ মাজত তুলনা কৰি এটা উত্কৰ্ষ বা অপকৰ্ষ বুজাবলৈ হ’লে সকলো আৰু আটাই শব্দৰ অধিকৰণ কাৰকৰ ৰূপৰ পিছত –কৈ যোগ দি বিশেষণটো পিছত ব্যৱহাৰ কৰা হ্য়। তুলনীয় বা উপমেয়টো অধিকৰণ কাৰকৰ ৰূপটোৰ আগতো বহিব পাৰে বা পিচতো বহিব পাৰে। যেনে ,
সি আটাইতকৈ সৰু। সি আটাইবোৰতকৈ সৰু।
আটাইতকৈ সি সৰু। আটাইবোৰতকৈ সি সৰু।
সি সকলোতকৈ ডাঙৰ। সকলোতকৈ সি ডাঙৰ।
মন কৰিবলগীয়া যে সাকল্যবাচক সৰ্বনাম ‘সকলো’ ৰ পিছত সাধাৰণতে বহুবচনাত্মক প্ৰত্যয় যোগ নহয়। কিন্তু কেতিয়াবা জোৰ দি নিৰ্দিষ্টকৈ বুজাব লগা হ’লে তাৰ পিছত বোৰ, বিলাক যোগ হয় ; যেনে, সকলোবোৰ বা সকলোবিলাক আহিলনে?
২. কেতিয়াবা কেইবাটাও বিশেষ্য ক্ৰমান্বয়ে একেলেগে ব্যৱহাৰ কৰি শেষৰটোৰ সম্বন্ধ পদৰ ৰূপৰ পিছত ভিতৰত শব্দ ব্যৱহাৰ কৰি তাৰ পিছত তুলনীয় উপমেয় পদটো জোৰ বুজোৱা –ই প্ৰত্যয়ান্ত কৰি ব্যৱহাৰ কৰা হয়। এনে বাক্যত বিশেষণটো একেবাৰে শেষত বহে। যেনে,
গঙ্গা, যমুনা, ব্ৰহ্মপুত্ৰৰ ভিতৰত গঙ্গাই পবিত্ৰ।
প্ৰাধান্য বেছি দেখুৱাবলৈ হ’লে বিশেষণটোৰ আগত বেছি, অনেক আদি বহুত্ববাচক বিশেষণ যোগ কৰা হয়। যেনে,
যদু, মধু, হৰেণ, বীৰেণৰ ভিতৰত হৰেণ বেছি বলী।
কেতিয়াবা এনে বাক্যত মাজত শব্দৰ যোগতো বহুতৰ মাজত তুলনা বুজোৱা হয়। কেতিয়াবা তুলনীয় উপমেয় পদটো জোৰ বুজোৱা এই প্ৰত্যায়ান্ত হয়। যেনে,
সিহঁত আটাইকেইজনীৰ মাজত ৰুমীয়েই বেছি ধুনীয়া।
৩. দুটা বিশেষণ পদ একেলগে ব্যৱহাৰ হ’লে প্ৰথমটো ৬ষ্ঠী -ৰ আৰু ও-প্ৰত্যায়ান্ত কৰি বহুতৰ মাজত উত্ককৰ্ষ বা অপকৰ্ষ বুজাব পাৰি। যেনে,
ভালৰো ভাল চাই অৰ্থাৎ অতি ভাল
যমৰো যম কাল অৰ্থাৎ অতি ভয়ঙ্কৰ
দাসৰো দাস অৰ্থাৎ অতি সৰু।
কেতিয়াবা প্ৰথম বিশেষণ পদটোত ৭মী -ত বিভক্তি আৰু –কৈও প্ৰত্যয় যোগ দি বহুতৰ মাজত উত্কৰ্ষ বা অপকৰ্ষ বুজোৱা হয়। যেনে,
সৰুতকৈও সৰু হৈ কামটো কৰিবা
সাদৃশ্য বা সমান ভাব বুজাবলৈও বিশেষণৰ তুলনা কৰা হয়। তেতিয়া যাৰ লগত তুলনা কৰা হয়,সেই উপমাৰ সম্বন্ধ পদৰ পিছত দৰে আৰু নিচিনা অনুপদ ব্যৱহাৰ কৰি বিশেষণ আৰু তুলনীয় উপমেয়টো পিছত যোগ দিয়া হয়। যেনে,
তোমাৰদৰে ভাল মানুহ;
ৰাৱণৰ নিচিনা বীৰ পুৰুষ;
ৰামায়ণৰ দৰে মহৎ গ্ৰন্থ;
’হেন’ অনুপদ ব্যৱহাৰ হ’লে উপমাটোত ষষ্ঠী -ৰ বিভক্তি যুক্ত নহয়। যেনে,
লক্ষ্মণহেন দেওৰ;
ভীমহেন বীৰ পুৰুষ;
১০.০৭ ক্ৰিয়া-বিশেষণ: ইতিমধ্যে উল্লেখ কৰা হৈছে যে ক্ৰিয়াৰ গুণ বা অৱস্থা, কাৰ্য কৰাৰ সময় বা ঠাই বুজোৱা শব্দবোৰেই ক্ৰিয়া-বিশেষণ। অৱস্থানগত দিশৰ পৰা ক্ৰিয়াবিশেষণ সদায় ক্ৰিয়াপদৰ ঠিক আগতে বহে। কিন্তু কেতিয়াবা ক্ৰিয়া-বিশেষণ আৰু ক্ৰিয়াৰ মাজত ক্ৰিয়া কৰ্ম বহে। যেনে,
খৰকৈ নাখাবা;
ভালকৈ কথা ক’বা।
অফিচৰপৰা সোনকালে আহিব।
ইমান দিন ক’ত আছিলা?
উল্লিখিত বাক্য কেইটাৰ প্ৰথম আৰু দ্বিতীয়টোত খৰকৈ আৰু ভালকৈ ক্ৰিয়া-বিশেষণে ক্ৰমে নাযাবা আৰু ক’বা ক্ৰিয়াৰ কাৰ্যৰ ধৰণ বুজাইছে; তৃতীয় বাক্যৰ সোনকালে ক্ৰিয়াবিশেষণে আহিবা ক্ৰিয়াৰ সময় আৰু চতুৰ্থ বাক্যৰ ক’ত ক্ৰিয়াবিশেষণে আছিলা ক্ৰিয়াৰ কাৰ্য সংঘটিত হোৱাৰ ঠাই বুজাইছে। গতিকে ‘সদৰ্থক বা নঞৰ্থক ক্ৰিয়াৰ কাৰ্য কৰাৰ, হোৱাৰ বা ঘটাৰ ধৰণ’, সময় আৰু ঠাই বুজোৱা বিশেষণবোৰেই ক্ৰিয়াবিশেষণ। কিছুমান ক্ৰিয়াবিশেষণে ক্ৰিয়াৰ কাৰ্যৰ গুণ বা অৱস্থা বুজায়।যেনে,
আশা কৰোঁ, তোমালোক কুশলে আছা।
ইয়াত কুশলে ক্ৰিয়াবিশেষণে আছা ক্ৰিয়াৰ অৱস্থা বুজাইছে। কেতিয়াবা সাধাৰণ মৌলিক বিশেষণ এটা ক্ৰিয়াৰ আগত বহি ক্ৰিয়াৰ সৈতে সম্বন্ধিত হয় আৰু তেতিয়া সি ক্ৰিয়াবিশেষণৰ দৰে কাম কৰে। যেনে,
তুমি লঘোণে ভাল আছা।
মানুহজন বাঘৰ মুখৰ পৰা ভাল বাচিল।
অসমীয়াত ব্যৱহৃত কিছুমান সাধাৰণ ক্ৰিয়াবিশেষণ হৈছে: সদায় আকৌ ততালিকে, তুৰন্তে, কিয়, কেলেই, নিচেই, দুনাই, কাচিত্, একেবাৰে, অকলশৰে, তত্ক্ষষণাত্, হঠাত্, প্ৰায়ে, কদাচিত, পুনৰ, পুনৰায়, আজি, কালি অথনি, এইফালে, সেইফালে, বেগাই, সোনকালে ইত্যাদি।
১০.০৮ ক্ৰিয়াবিশেষণৰ গঠন: অসমীয়াত ভাষাত বিভিন্ন উপায়েৰে ক্ৰিয়া-বিশেষণ, গঠন কৰিব পাৰি। সাধাৰণতে বিশেষ্য সংখ্যাবাচক শব্দ, ধ্বন্যাত্মক শব্দমূল, বিশেষণ, ক্ৰিয়াবিশেষণ সৰ্বনাম আৰু সৰ্বনাম শব্দমূলত বিভিন্ন প্ৰত্যয় বা অনুপদ ( Post-Position) যোগ কৰি ক্ৰিয়াবিশেষণ গঠন কৰিব পাৰি।
বিবিধ প্ৰত্যয়-অনুপদৰ যোগত ক্ৰিয়া-বিশেষণৰ গঠন:
-আই: সাধাৰণতে বিশেষ্য, দুই এটা বিশেষণ আৰু ধ্বন্যাত্মক শব্দৰ পিছত আই প্ৰত্যয় যোগ কৰি ক্ৰিয়াবিশেষণ গঠন কৰা হয়। যেনে,
বেগাই, টপৰাই, ঘনাই
গিৰিসাই, ফুচফুচাই, জকমকাই ইত্যাদি।
-ই: সাধাৰণতে বিশেষণ আৰু দ্বিত্ব বা অভ্যাস হোৱা প্ৰ্তিটো সংখ্যাবাচক শব্দৰ পিছত –ই প্ৰত্যয় যোগ হৈ ক্ৰিয়াবিশেষণ গঠিত হয়।
যেনে,
শুদাই খোৱা, কেঁচাই খোৱা।
ভূমিকম্পত শই শই মানুহ মৰিল।
-এ, এৰে: যুৰিয়া বিশেষ্য, বিশেষণ, সংখ্যাবাচক শব্দ আৰু সাধাৰণ ক্ৰিয়াবিশেষণৰ পিছত –এ প্ৰত্যয় যোগ দি ক্ৰিয়াবিশেষণ গঠন কৰা হয়।যেনে,
মনে মনে, দিনে দিনে, ভালে-ভালে, ভালে-কুশলে, ভালেৰে, দিনে- ৰাতিয়ে, টানে-আপদে, বাহিৰে-ভিতৰে, হাজাৰে হাজাৰে, লাখে লাখে, সোনকালে, লাহে লাহে , তত্কা লে ইত্যাদি।
-কৰে: সাধাৰণতে ধ্বন্যাত্মক শব্দৰ পিছত কৰে প্ৰত্যয় যোগ হৈ ক্ৰিয়াবিশেষণ গঠিত হয়। যেনে,
ধুপুচ্ কৰে, থপৰকৰে, টুকটুক কৰে,
ফচকৰে, হক হক কৰে, ভোঁ ভোঁ কৰে আদি।
-কৈ: বিশেষ্য,বিশেষণ, সৰ্বনাম, সংখ্যাবাচক শব্দ, ধ্বন্যাত্মক শব্দ আৰু দ্বিত্ব হোৱা ক্ৰিয়াপদক পিছত এই প্ৰত্যয় যোগ হৈ ক্ৰিয়াবিশেষণ গঠন হয়। যেনে,
কাউ বাউকৈ, আমন-জিমনকৈ, ল’ৰালৰিকৈ,ভাল্কৈ, এনেকৈ, তেনেকৈ,
কিমানকৈ, যিমানকৈ,খাটাংকৈ, এখনকৈ, এখোজ-দুখোজকৈ,
এচকল-দুচকলকৈ,
থুনুক-থানাককৈ, ঘুনুক-ঘানাককৈ, থৰক-বৰককৈ,
ঢিমিক-ঢামাককৈ, হুৰাও-ৰাওকৈ, পথালিকৈ, ধিতিঙালিকৈ,
মৰোঁ জীও সোঁ আধিকৈ, কওঁ কওঁ কৈ, যাওঁ যাওঁকৈ আদি।
কেতিয়াবা দুই এটা ক্ৰিয়াবিশেষণৰ পিছত –কৈ যোগ দি নতুন ক্ৰিয়াবিশেষণ গঠন কৰা হয়। যেনে,
অথনিকৈ আহিবা। লাহেকৈ থ’বা।
-ত: বিশেষ্য আৰু বিশেষণৰ পিছত যোগ হৈ ক্ৰিয়া-বিশেষন গঠন কৰে। যেনে,
আগত, পিছত, ভিতৰত, বাহিৰত আদি।
ইয়াৰ বাহিৰও বিশেষ বিশেষ নামপদৰ পিছত ক্ৰমে, নিৰ্বিশেষে, স্বৰূপে, দৰে, ভাৱে, ৰূপে আদি অনুপদ যোগ কৰিও ক্ৰিয়াবিশেষণ গঠন কৰা হয়।যেনে,
আহ্বানক্ৰমে, জাতি ধৰ্ম-নিৰ্বিশেষে, উত্তৰস্বৰূপে
এইদৰে, সেইদৰে, ভালদৰে, যিদৰে, কিদৰে,
জীৱন্তৰূপে, সুচাৰুৰূপে, সুন্দৰৰূপে ইত্যাদি।
কেতিয়াবা ক্ৰিয়াৰ পাছত –মানে যোগ কৰি ‘পৰ্যন্ত’ অৰ্থ প্ৰকাশৰ ক্ৰিয়া-বিশেষণ গঠন কৰা হয়। যেনে,
থাকেমানে, পকেমানে, যায়মানে আদি।
১০.০৯ সৰ্বনামজাত বিশেষণৰ দৰে অসমীয়াত ভালেমান ক্ৰিয়াবিশেষণ সৰ্বনাম শব্দমূলৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। যেনে, ইয়াত, ক’ত, তাত, যেনেকৈ আদি ক্ৰিয়া-বিশেষণ ক্ৰমে সৰ্বনাম মূল ই-,ক-ত-,য্-ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। সেয়েহে এইবোৰক সৰ্বনামজাত ক্ৰিয়াবিশেষণ বোলা হয়। অৰ্থৰ ওপৰত ভিত্তি কৰি উল্লিখিত প্ৰায় সমুহ ক্ৰিয়াবিশেষণক তিনিটা ভাগত ভগাব পাৰি:
(ক) কালবাচক ক্ৰিয়া বিশেষণ
(খ) স্থানবাচক ক্ৰিয়াবিশেষণ
(গ) লক্ষণবাচক ক্ৰিয়া বিশেষণ
কালবাচক ক্ৰিয়াবিশেষণে ক্ৰিয়াই কাৰ্য কৰাৰ সময়টো বিশেষ কৰি দেখুৱায়। যেনে,
এতিয়া, তেতিয়া, কেতিয়া, কেতিয়াবা, কালি, পৰহি, পৰহিলৈ, আজি, আজিলৈ, প্ৰথমতে, সোনকালে, সদায়, বছৰি, ৰাতিপুৱা, দুপৰীয়া, আবেলি, গধূলি,অলপতে, সদ্যহতে, মাহে মাহে, দিনে দিনে ইত্যাদি।
স্থানবাচক ক্ৰিয়াবিশেষণে ক্ৰিয়াই কাৰ্য কৰাৰ ঠাইখন বিশেষ কৰি দেখুৱায়। যেনে,
ইয়াত, তাত, ক’ত, য’ত ত’ত, অ’ত ত’ত, য’তে ত’তে, অ’লৈ-ত’লৈ, য’লৈকে ত’লৈকে, বাহিৰে-ভিতৰে, ওচৰে-পাজৰে, তলত, ওপৰত, এইফালে, সেইপিনে, কোনফালে, কোনপিনে, এইপিনে ইত্যাদি।
লক্ষণবাচক ক্ৰিয়াবিশেষণে ক্ৰিয়াই কাৰ্য কৰাৰ ধৰণ বা লক্ষণ বুজায়। যেনে,
এনেকৈ, তেনেকৈ, কেনেকৈ, যেনেকৈ, এনেকুৱাকৈ, তেনেকুৱাকৈ, কেনেকুৱাকৈ, যেনেকুৱাকৈ, লাহেকৈ, খাটাংকৈ, ভালকৈ, বেয়াকৈ, দেখাদেখিকৈ, ওচৰা-ওচৰিকৈ, ভালে ভালে, ভালে-কুশলে, অকলে, লাহে-লাহে, লাহে-ধীৰে, বেগাই, তপৰাই, মনে মনে, কমকৈ, বেছিকৈ, অলপকৈ ইত্যাদি।
কেতিয়াবা সংযোজক অব্যয় আৰু ব্যৱহাৰ কৰিও ক্ৰিয়া-বিশেষণৰ অৰ্থ প্ৰকাশ কৰা হয়। যেনে,
আৰু নালাগে।
আন দুটামান ক্ৰিয়াবিশেষণ হৈছে কিয়, মুঠেই আদি।
১০.১০ ক্ৰিয়া বিশেষণৰ তুলনা: বিশেষণৰ তুলনাৰ দৰে ক্ৰিয়া-বিশেষণৰো দুজন বা বহুতৰ মাজত তুলনা হ’ব পাৰে। ইয়াতো যাৰ লগত তুলনা কৰা হয়, সেই উপমান শব্দটোৰ অধিকৰণ কাৰকৰ ৰূপৰ লগত –কৈ যোগ দি তাৰপিছত ক্ৰিয়া-বিশেষণটো ব্যৱহাৰ কৰা হয়।
যেনে,
এই কামটো হৰিয়ে যদুতকৈ সোনকালে কৰিব।
ৰীতাই ৰীণাতকৈ বেছি জানে।
ইয়াত দুজনৰ মাজত প্ৰথম বাক্যত হৰি আৰু যদুৰ মাজত আৰু দ্বিতীয় বাক্যত ৰীতা আৰু ৰীণাৰ মাজত তুলনা দাঙি ধৰা হৈছে। বহুতৰ মাজত তুলনা বুজাবলৈও বিশেষণৰ দৰে আটাইতকৈ, সবাতোকৈ, সকলোতকৈ আদি পদ ক্ৰিয়াবিশেষণৰ আগত ব্যৱহাৰ কৰি ক্ৰিয়াৰ কাৰ্যৰ সময়, ধৰণ আদিৰ মাত্ৰাধিক্য প্ৰকাশ কৰা হয়।যেনে,
সি আটাইতকৈ বেগাই যাব পাৰে।
কোন সকলোতকৈ সোনকালে উঠিছা?
যাদৱে সবাতোকৈ বেছি জানে। ইত্যাদি।
বিশেষণ পদ কাক বোলে