শব্দসাধন-প্ৰক্ৰিয়া ( চতুৰ্থ অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ চতুৰ্থ অধ্যায়

৪.শব্দসাধন-প্ৰক্ৰিয়া

৪.০১ ইংৰাজী derivation–ৰ অসমীয়া প্ৰতি শব্দ হৈছে শব্দ-সাধন। ই নতুন নতুন শব্দ সধা বা গঠন কৰা কাৰ্যক বুজায়। পৃথিৱীৰ প্ৰায়বোৰ যোগাত্মক (organic) অৰ্থাৎ প্ৰত্যয় প্ৰধান ভাষাতে এটা মূল ৰূপৰপৰা বিভিন্ন প্ৰক্ৰিয়াৰে নতুন নতুন ৰূপ সৃষ্টি কৰা দেখা যায়। এই নতুন নতুন ৰূপ বা শব্দৰ সাধন বা গঠন প্ৰক্ৰিয়াকে শব্দসাধন-প্ৰক্ৰিয়া বুলি কোৱা হয়।

নতুন নতুন শব্দ-গঠনত মূল ৰূপটোৰ ভূমিকা গুৰুত্বপূৰ্ণ। মূল ৰূপ বুজাবলৈ ইংৰাজীত কেইবাটাও শব্দ আছে-root, stem, base আৰু radical। অসমীয়াত প্ৰকৃতি বা শব্দমূল শব্দৰে এই কেউটাকে বুজাব পাৰি। এতিয়া প্ৰশ্ন হ’ল, শব্দ-মূল কি বা এইবোৰক কেনেকৈ বিচাৰি উলিয়াব পাৰি? শব্দমূল নিৰূপণৰ ক্ষেত্ৰত প্ৰসিদ্ধ ভাষাবিদ চি.এফ.হকেটে কৈছে,

“When all inflectional affixes are stripped from the words of a language, what is left is a stock of stem.” (A course in modern linguistics, P.240)

অৰ্থাৎ শব্দবোৰৰ পৰা বিভক্তিমূলক সৰ্গবোৰ আঁতৰাই আনিলে যিবোৰ ৰূপ পোৱা যায় , সেইবোৰেই stem বা শব্দমূল। যেনে, (We) sing, (he) sings, sang, sung, (is) singing—এই ৰূপবোৰৰ stem বা শব্দমূল হৈছে sing টো। ই এটা একক প্ৰাকৃতি (single morpheme)। কিন্তু singer আৰু singers — এই দুটা শব্দৰ মূল (stem) হৈছে ‘singer’। এইটো যৌগিক শব্দমূল। ইয়াত দুটা প্ৰাকৃতি লগ লাগি আছে ; এটা sing আৰু আনটো –er। ইয়াৰে প্ৰথমটো মুক্ত আৰু দ্বিতীয়টো বদ্ধ। সেয়েহে singer শব্দৰ গঠন ৰূপগত (morphological) আৰু ই শব্দসাধন মূলক। শব্দসাধন-প্ৰক্ৰিয়াত শব্দমূলৰ গাঠনিক দিশৰ বিচাৰ কৰা হয়। হকেটৰ মতে,-“Derivation , then, deals, with the structure of stems.” (A course in Modern Linguistics, P.240)

৪.০২ গাঠনিক দিশলৈ চাই stem বা শব্দমূলবোৰক হকেটে এনেদৰে ভাগ কৰিছেঃ

১. সৰল বা মৌলিক শব্দমূল (Simple stem)

২. গৌণ সাধিত শব্দমূল (Secondary derived stems)

৩. যৌগিক শব্দমূল (Stem compound)

৪. মুখ্য সাধিত শব্দ মূল (Primary derived stems)

৫. যৌগিক ধাতুৰ শব্দমূল (root compounds)

৪.০২.১ সৰল বা মৌলিক শব্দমূলঃ যিবোৰ শব্দমূলক অৰ্থবহভাবে খণ্ড খণ্ড কৰিব নোৱাৰি, সেইবোৰেই সৰল বা মৌলিক শব্দমূল। প্ৰাকৃতিগত (morphemic) দৃষ্টিভঙ্গীৰ ফালৰ পৰা মুক্ত প্ৰাকৃতিবোৰেই (free morphemes) মৌলিক শব্দমূল। যেনে, ইংৰাজী ভাষাৰ boy, girl, man, go, like, red আদি আৰু অসমীয়া ভাষাৰ ল’ৰা, ছোৱালী, মানুহ, যা, খা, ৰং আদি। এই শব্দবোৰ আমি ক্ষুদ্ৰতম অৰ্থবহ ৰূপত খণ্ডিত কৰিব নোৱাৰো বাবেই এইবোৰ সৰল বা মৌলিক শব্দমূল।

৪.০২.২ গৌণ সাধিত শব্দমূলঃ এটা শব্দমূলৰ আগে-পাচে বিভিন্ন পূৰ্বসৰ্গ আৰু পৰসৰ্গ যোগ দি যিবোৰ নতুন শব্দমূল গঠন কৰা হয়, সেইবোৰেই গৌণ সাধিত শব্দমূল। এনে শব্দমূলক অৰ্থবহভাবে খণ্ডিত কৰিব পাৰি। প্ৰাকৃতিগতভাবে এনে শব্দমূলত দুটা বা ততোধিক প্ৰকৃতি থাকিব পাৰে। যেনে, ইংৰাজী ভাষাৰ girlish-,boyish-,manly, performance, befriend আদি আৰু অসমীয়া ভাষাৰ অনাঅসমীয়া, বেদখল, গাঁৱলীয়া, গুৱাহটীয়া, ভোগালি আদি। এই সাধিত শব্দমূল বোৰৰ প্ৰধান বা কেন্দ্ৰীয় ৰূপ (underlying form) হৈছে girl, boy, man, perform, friend, অসমীয়া, দখল, গাঁও, গুৱাহাটী আৰু ভোগ, এই কেন্দ্ৰীয় ৰূপবোৰত ক্ৰমে –ish, -ly, -ance, be-, অনা-, বে-, অলীয়া, -অটীয়া আৰু আলি—এইকেইটা শব্দ সাধনৰ সৰ্গ যোগ কৰি উল্লিখিত girlish, boyish আদি সাধিত শব্দমূলবোৰ গঠন কৰা হৈছে। এনেবোৰ সাধিত শব্দমূলৰ পাছত প্ৰয়োজন অনুসৰি বিবিধ প্ৰত্যয়-বিভক্তি যোগ কৰি নতুন নতুন ৰূপ পাব পাৰি।

৪.০২.৩ যৌগিক শব্দমূলঃ এনে শব্দমূলবোৰ দুটা ভিন্ন অৰ্থবাচক শব্দৰ সংযোগত সৃষ্টি হৈছে। এনে শব্দমূল ইংৰাজীতকৈ লেটিন ভাষাত বিশেষভাবে দেখা যায়। ভাষা বিজ্ঞানী হকেটে এনে শব্দ-মূলৰ উদাহৰণ হিচাপে লেটিন ভাষাৰ Agricola (farmer) আৰু gemellipara শব্দ দুটালৈ আঙুলিয়াইছে। Agricola শব্দটোৰ দুটা শব্দমূল (stem): ager (পথাৰ)-ৰ পৰা হোৱা agr- আৰু Colere (কৰ্ষণ কৰা)-ৰ পৰা হোৱা col-। এই দুয়োটা শব্দমূলক স্বতঃ সংযোগী উপাদান (automatic connective element) i ধ্বনিয়ে এনেদৰে সংযোগ কৰিছে ‘Agr-i-cola’ = Agricola । সেইদৰে gemellus (twin-born) ৰ পৰা হোৱা gemell আৰু parire (to being forth) –ৰপৰা হোৱা par- শব্দমূলকো ‘i’ ধ্বনিয়ে সংযোগ কৰি gemellipara (twin-bearing) শব্দটো গঠন কৰিছে। অসমীয়াত এনে উদাহৰণ বিৰল। ইংৰাজী ভাষাৰ phonology, morphology, typology আদি শব্দও ‘o’ সংযোগী ধ্বনিৰে গঠন হোৱা বুলিব পাৰি।

৪.০২.৪ মুখ্য সাধিত শব্দমূলঃ এই জাতীয় শব্দমূলবোৰ ক্ৰিয়াপদমূলীয়া। সাধাৰণতে detain-, retain-, defer-, refer-, reduce, produce আদি শব্দবোৰ মুখ্য সাধিত শব্দমূলক উদাহৰণ। এই শব্দবোৰৰ কেন্দ্ৰীয় ৰূপ বা মূল (underlying form) হৈছে- tain, -fer, -duce আৰু de-, re- হৈছে শব্দসাধনমূলক পূৰ্বসৰ্গ, যাৰ সংযোগত detain, retain, refer আদি সাধিত শব্দ মূলবোৰ গঠিত হৈছে। এই শব্দমূলবোৰত able, ence আদি যোগ দি detainable, reference আদি নতুন শব্দ গঠন কৰিব পাৰি। অসমীয়াতো ‘খা’- ধাতুত –‘অৰীয়া’ পৰসৰ্গ যোগ দি ‘ খাৱৰীয়া’-ৰ দৰে মুখ্য সাধিত শব্দমূল গঠন কৰি তাৰ পিছত-টো, বোৰ বা হঁত, -ৰ, -লৈ আদি সৰ্গ যোগ দি নতুন নতুন ৰূপ পাব পাৰি। যেনে, খাৱৰীয়াটো, খাৱৰীয়াহঁত/বোৰ, খাৱৰীয়ালৈ/-ৰ আদি।

৪.০২.৫ যৌগিক ধাতু মূলঃ যৌগিক (stem compound) আৰু যৌগিক ধাতু (root compound) শব্দমূলৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই। ইয়াতো দুটা ৰূপ লগ লাগি যৌগিক ধাতুমূল গঠিত হয়। ইংৰাজী telegraph, telephone, phonograph, gramophone, Photostat আদি শব্দ এই শ্ৰেণীৰ অন্তৰ্গত।

৪.০৩ শব্দমূলৰ এনে শ্ৰেণী বিভাগৰ পৰা দেখা যায় যে ইবোৰৰ মাজতে শব্দ-সাধনৰ বিভিন্ন প্ৰক্ৰিয়া নিহিত হৈ আছে। সেই প্ৰক্ৰিয়াক মুখ্যতঃ দুটা ভাগত ভগাব পাৰিঃ- সৰ্গৰ যোগত শব্দ সাধন আৰু দুটা ভিন্ন অৰ্থবাচক শব্দৰ যোগত নতুন নতুন শব্দ সাধন। ইংৰাজী ভাষাৰ শব্দ সাধনৰ এই প্ৰক্ৰিয়াক তলত দিয়াৰ দৰে শ্ৰেণীবিভাগ কৰি দেখুৱাব পাৰি-

img_rup_4.03

৪.০৩.১ পৰসৰ্গৰ যোগত শব্দসাধন: ভিন্ন অৰ্থবাচক বিবিধ শব্দৰ পাছত বিভিন্ন পৰসৰ্গ যোগ দি নতুন অৰ্থবাচক শব্দ গঠন কৰা হয়। শব্দৰ পাছত যোগ হয় বাবেই এইবোৰক পৰসৰ্গ বোলে। পৰসৰ্গ আৰু উপসৰ্গই নতুন নতুন শব্দ গঠন কৰে কাৰণেই এইবোৰক শব্দ গঠনাত্মক সৰ্গ *(formative affix) বুলিও কোৱা হয়। বিবিধ পৰসৰ্গৰ যোগত গঠিত ইংৰাজী ভাষাৰ নতুন নতুন শব্দ কিছুমান হৈছে, girlish (-ish), manly (-ly) actor (-or), goodness (-ness), singer (-er) creation (-ion) smallest (-est) আদি।

৪.০৩.২ উপসৰ্গৰ যোগত শব্দসাধনঃ ইংৰাজী ভাষাত উপসৰ্গবোৰ সাধাৰণতে ক্ৰিয়াপদমূলীয়া ধাতুৰ আগত যোগ হৈ নতুন নতুন ক্ৰিয়াপদ গঠন কৰে। উপসৰ্গ যোগ হোৱা ধাতুবোৰৰ কিছুমান মুক্ত প্ৰাকৃতি (free morpheme) অৰ্থাৎ অকলে অৰ্থ প্ৰকাশ কৰিব পৰা আৰু কিছুমান বদ্ধ প্ৰাকৃতি (bound morpheme) অৰ্থাৎ অকলে অৰ্থ প্ৰকাশ কৰিবলৈ অক্ষম। যেনে, detain, defer, refer, deform, reform, unlike, injustice ইত্যাদি।

৪.০৩.৩ স্বতঃ সংযোগী উপাদানাৰে সংযোজিত দুটা ভিন্ন অৰ্থবাচক শব্দৰ যোগত নতুন শব্দ গঠনঃ এই প্ৰক্ৰিয়াৰে দুটা ভিন্ন অৰ্থবাচক শব্দৰ অংশ i, o, ধ্বনিৰে লগ লগাই এটা নতুন অৰ্থবাচক শব্দ গঠন কৰা হয়। যেনে, Agricola, gemellipara, phonology, morphology আদি।

৪.০৩.৪ ভিন্ন অৰ্থবাচক দুটা মৌলিক শব্দৰ যোগত নতুন শব্দ-গঠনঃ এই প্ৰক্ৰিয়াৰে সাধন কৰা ভিন্ন অৰ্থবাচক শব্দ দুটা বিভিন্ন প্ৰকাৰৰ হ‘ব পাৰে। সেইবোৰ এনেদৰে দেখুৱাব পাৰিঃ

বিশেষ্য + বিশেষ্য; = moonlight

বিশেষণ + বিশেষ্য = sweetheart

ক্ৰিয়া + বিশেষ্য = breakfast/pick pocket

কৃদন্ত + বিশেষ্য = Drawing room

ক্ৰিয়াবিশেষণ + বিশেষ্য = Overcoat

ক্ৰিয়া + ক্ৰিয়াবিশেষণ = lockup

ক্ৰিয়াবিশেষণ + ক্ৰিয়া = outset/income

এনে ৰূপক ইংৰাজীত pharasal compound বুলি কোৱা হয়।

৪.০৪ ইংৰাজীৰ দৰে অসমীয়াও এটা সৰ্গ বা প্ৰত্যয় প্ৰধান ভাষা। গতিকে অসমীয়া ভাষাৰ শব্দগঠন প্ৰক্ৰিয়াও একপ্ৰকাৰ ইংৰাজী ভাষাৰ দৰে। বিবিধ সৰ্গ যোগত আৰু দুটা ভিন্ন অৰ্থবাচক মৌলিক শব্দ বা অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰা দুটা ভিন্ন ৰূপৰ সংযোগত অসমীয়া ভাষাতো বিবিধ প্ৰকাৰৰ শব্দসাধন কৰা হয়। অসমীয়া ভাষাৰ শব্দ-সাধনৰ প্ৰক্ৰিয়াক প্ৰধানত: তিনিটা ভাগত ভগাব পাৰি:

১. সৰ্গৰ সংযোগত নতুন শব্দ গঠন

২. দুটা না ততোধিক ভিন্ন অৰ্থবাচক শব্দৰ সংযোগত নতুন শব্দগঠন

৩. অভ্যাস বা পুনৰুক্তিৰদ্বাৰা নতুন শব্দ গঠন

৪.০৪.১ সৰ্গৰ সংযোগত শব্দসাধন: অসমীয়া ভাষাত এটা মূল শব্দৰ আগত বা পাছত ভিন ভিন শব্দ সাধনৰ সৰ্গ যোগ কৰি নতুন শব্দ গঠন কৰা হয়। শব্দৰ আগত যোগ হৈ নতুন অৰ্থবাচক শব্দ গঠন কৰা সৰ্গবোৰক উপসৰ্গ বা পূৰ্বসৰ্গ আৰু শব্দৰ পাছত যোগ হৈ নতুন শব্দ সাধন কৰা সৰ্গবোৰক পৰসৰ্গ বোলা হয়। পৰসৰ্গবোৰ কৃৎ আৰু তদ্ধিত, এই দুটা ভাগত বিভক্ত। ধাতুৰ পাছত যোগ হোৱা বোৰ কৃৎ আৰু শব্দৰ পাছত যোগ হোৱাবোৰ তদ্ধিত।

৪.০৪.১.১ উপসৰ্গৰ যোগত নতুন শব্দ সাধনঃ সংস্কৃতৰ কুৰিটা উপসৰ্গৰ বাহিৰে অসমীয়াত আৰু ভালেকেইটামান উপসৰ্গ আছে। সেইবোৰ অসমীয়াত এনেদৰে ব্যৱহাৰ হয়:

অ-: অবাট, অধৰমী, অবুজ, অমিল। অবতৰ

অনা-: অনাঅসমীয়া, অনা-কটা, অনাবৃষ্টি, অনাহক

আও-: আওবাট, আওমৰণ, আওহেলা, আওকাণ

বি -: বিপাক, বিধৰ্মী, বিজতৰীয়া, বিদেশী

কু -: কুকৰ্ম, কুদিন, কুখবৰ

গৰ-: গৰমিল

না -: না-মঞ্জুৰ, নাৰাজ, নালায়েক, নাবালক

নি-/-নিৰ: নিকৰুণ, নিখোঁজ, নিৰ্ভুল, নিলাজ, নিখুঁত, নিনাও, নিগাজি

বি-বে -: বিমোৰ, বিজতৰীয়া, বেজোখ, বেটাইম, বেআইন, বেহিচাপী,

বেৰসিক,বেপৰুৱা, বেকসুৰ আদি।

স-/সু -: সঠিক, সক্ষম, সজোৰ, সুদিন, সুখবৰ, সুঠাম, সুনাম

বদ -: বদহজম, বদনাম, বদমেজাজী, বদৰোগী।

(দ্বিতীয় অধ্যায়, ২.০২.১ চাওক)

৪.০৪.১.২ পৰসৰ্গত নতুন শব্দ সাধনঃ গঠনৰ প্ৰকৃতি অনুযায়ী অসমীয়া শব্দ সাধনৰ পৰসৰ্গবোৰ দুই প্ৰকাৰৰ: কৃৎ আৰু তদ্ধিত। কৃৎ প্ৰত্যয়ক মুখ্য আৰু তদ্ধিত প্ৰত্যয়ক গৌণ প্ৰত্যয় বুলিও কোৱা হয়। ক্ৰিয়ামূল বা ধাতুৰ পিছত যোগ হৈ নতুন অৰ্থবাচক শব্দ গঠন কৰা পৰসৰ্গ বা প্ৰত্যয়বোৰ কৃৎ আৰু নাম শব্দ গঠন কৰা পৰসৰ্গবোৰ তদ্ধিত। অসমীয়াত ব্যৱহিত সংস্কৃত কৃৎ আৰু তদ্ধিত প্ৰত্যয়ৰ বাহিৰে ভালেমান অসমীয়া ভাষাৰ নিজস্ব কৃৎ-তদ্ধিত আছে। অসমীয়াত কৃৎ প্ৰত্যয় একুৰিৰো ওপৰ হ’ব। সেইবোৰৰ কেইটামান হৈছে:

গণ্ + অক = গণক

খা + অন্ = খাৱন

ৰান্ধ + অনি = ৰান্ধনি

পলা + অৰীয়া = পলৰীয়া

কৰ্ + ওঁতা = কৰোঁতা

কান্দ + উৰা = কান্দুৰা

যুজ্ + আৰু = যুজাৰু আদি।

অসমীয়াত শব্দৰ পাছত যোগ হৈ নতুন নতুন অৰ্থবাচক শব্দ গঠন কৰা তদ্ধিত প্ৰত্যয় প্ৰায় তিনিকুৰি মান* হ’ব। যেনে,

ফুল + অনি = ফুলনি

ভাল + অৰি = ভালৰি

নাও + অৰীয়া = নাৱৰীয়া

গাঁও + অলীয়া = গাৱঁলীয়া

ভিতৰ + উৱাল = ভিতৰুৱাল আদি।

কেতিয়াবা বিদেশী শব্দৰ লগত অসমীয়া তদ্ধিত প্ৰত্যয় যোগ দিও নতুন শব্দ গঠন কৰিব পাৰি। যেনে, মাষ্টৰণী, মেমনী, বাবুৱনী আদি।

৪.০৪.২ দুটা বা ততোধিক ভিন্ন অৰ্থবাচক শব্দৰ সংযোগত শব্দসাধনঃ এই প্ৰক্ৰিয়াৰে অসমীয়া ভাষাত ভালেমান নতুন শব্দ সাধিত হৈছে। এনেদৰে সাধিত বা গঠন হোৱা শব্দবোৰক বহলভাবে সংযুক্ত বা বা যৌগিক শব্দ বুলি ক’ব পাৰি। ‘ইয়াৰদ্বাৰা দুটা বা তাতকৈ অধিক শব্দ একেলগ হৈ এটা শব্দৰ নিচিনা ৰূপ লয় আৰু ইয়াৰে দীঘলীয়া উক্তিক চুটীকৈ প্ৰকাশ কৰা হয়।’ শব্দ-গঠনৰ এই প্ৰক্ৰিয়াক অসমীয়া ব্যাকৰণত সমাস বোলা হৈছে। সংস্কৃত বাকৰণৰ আৰ্হিত অসমীয়াতো সমাসৰ আলোচনাত শব্দৰ গাঠনিক দিশতকৈ অৰ্থৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে। শব্দৰ গঠন-পদ্ধতিৰ ভিত্তিত সমাসৰ বিষয়ে প্ৰথম আলোচনা কৰে ভাষাচাৰ্য ড০ উপেন্দ্ৰনাথ গোস্বামীদেৱে। ‘ অসমীয়া ভাষাৰ ব্যাকৰণ’ত (পৃ.১৩৮-১৪৭) তেখেতে সমাস বুজাবলৈ সংসুক্ত শব্দ ব্যৱহাৰ কৰিছে আৰু শব্দবোৰ সংযুক্ত হোৱাৰ প্ৰক্ৰিয়াবোৰক প্ৰাকৃতিগত দৃষ্টিভঙ্গীৰে তেওঁ ছটা ভাগত ভগাইছে:

মুক্ত ৰূপ + মুক্ত ৰূপ (যেনে, আকাশ-বন্তি), মুক্ত ৰূপ + (মুক্ত+যুক্ত) ৰূপ (যেনে, আপোন-পেটীয়া),

(মুক্ত+যুক্ত) ৰূপ + (যুক্ত+যুক্ত) ৰূপ (যেনে, ঘুণে-ধৰা), (মুক্ত+যুক্ত) ৰূপ + (মুক্ত+যুক্ত) ৰূপ (যেনে, চলে-বলে-কৌশলে), (মুক্ত+যুক্ত) ৰূপ + মুক্ত ৰূপ (যেনে, নেজাল-তৰা) আৰু মুক্ত ৰূপ + মুক্ত ৰূপ (যেনে, অসম-সাহিত্য-সভা-পত্ৰিকা)। কিন্তু এই বিভাজনো একেবাৰে নিখুঁত নহয়। ভোটাধিকাৰ, হেডপণ্ডিত আদি শব্দবোৰ উল্লিখিত কোনোটো বিভাজনতে পেলাব নোৱাৰি। এনে পৰিপ্ৰেক্ষিতত দুটা বা ততোধিক ভিন্ন অৰ্থবাচক শব্দৰ সংযোগত হোৱা শব্দসাধন-প্ৰক্ৰিয়াক বহলভাৱে দুটা ভাগত ভগাব পাৰি: মিশ্ৰ শব্দ আৰু সংযুক্ত শব্দ।

দৰাচলতে মিশ্ৰ শব্দও মুক্তৰূপৰ লগত মুক্তৰূপ যোগ হোৱা এক প্ৰকাৰ সংযুক্ত শব্দই। মাত্ৰ ইয়াত মাতৃ ভাষাৰ শব্দৰ লগত বিদেশী ভাষাৰ শব্দ একোটাকৈ সন্ধিৰ দ্বাৰা সংযোগ কৰি এটা শব্দৰ দৰে ব্যৱহাৰ কৰা হয়। যেনে, ভোটাধিকাৰ, ফিল্মোৎসৱ, আদি। কেতিয়াবা মাতৃভাষাৰ শব্দৰ আগত বা পাছত বিদেশী শব্দ একোটা পূৰ্বসৰ্গ বা পৰসৰ্গৰ দৰে ব্যৱহাৰ কৰিও নতুন শব্দ গঠন কৰা হয়। যেনে, হেডপণ্ডিত, আইনজ্ঞ, হাট-বজাৰ, পা-দানী আদি। এনেবোৰ মিশ্ৰ শব্দক সংকৰ শব্দ (Hybrid word) বুলিও কোৱা হয়। কেতিয়াবা দুটা বিদেশী শব্দৰ সংযোগতো একোটা নতুন শব্দ গঠন হয়। যেনে, ফুল-বাবু (full-পূৰা অৰ্থত), ফুল-টিকট, ফুল-চাৰ্ট, ফুল-মোজা, হাফ-মোজা, হাফ-টিকট, হাফ-চাৰ্ট আদি। ড০ উপেন্দ্ৰনাথ গোস্বামীদেৱৰ উল্লিখিত বিভাজনৰ ভিত্তিত সংযুক্ত শব্দৰ গঠনক এনেদৰে ভাগ কৰিও আলোচনা কৰিব পৰা যায়:

(ক) দুটা ভিন্ন অৰ্থ বিশিষ্ট মৌলিক শব্দৰ সংযোগত নতুন অৰ্থবাচক শব্দ গঠন; যেনে, মাটি-কঁঠাল, চোৰ-ডকাইত, জলপথ, স্থলপথ, গুৰু-গোঁসাই, তীখা-নগৰী, আকোঁৰ-গোজ, হাত-দীঘল আদি।

(খ) এটা ভিন্ন অৰ্থ বিশিষ্ট মৌলিক শব্দ আৰু সাধিত (deerived) শব্দৰ সংযোগত নতুন শব্দ গঠন; যেনে, তল-সৰা,বেঙেনা-বুলীয়া,আল-ধৰা,খৰি-কটীয়া,পিতল-চকুৱা ইত্যাদি।

(গ) ভিন্ন অৰ্থ বিশিষ্ট দুটা সাধিত শব্দৰ যোগত নতুন শব্দ-গঠন; যেনে, ঘুণে-ধৰা, জনা-বুজা, উঠি-অহা, মুখামুখি, হতাহতি, মৰামৰি, ধৰাবন্ধা ইত্যাদি।

(ঘ) ভিন্ন অৰ্থ বিশিষ্ট দুটাতকৈ অধিক সাধিত শব্দ সংযোগ কৰি নতুন শব্দ গঠন; যেনে– চলে-বলে-কৌশলে।

(ঙ) সাধিত শব্দৰ লগত মৌলিক শব্দ সংযোগ কৰি নতুন শব্দ গঠন; যেনে-নেজাল-তৰা,গুলীয়াগুলী,চুলিয়া চুলি,তৰুৱা কদম,সাতাম-পুৰুষ, খুদীয়া বৰল ইত্যাদি।

(চ) দুটাতকৈ অধিক মৌলিক শব্দ একেলগে ব্যৱহাৰ কৰিও নতুন শব্দ গঠন কৰিব পাৰি। যেনে- অসম-সাহিত্য-সভা-পত্ৰিকা, ৰূপ-গঠন-পদ্ধতি, টকা-কড়ি-পাই-পাইচা, ল’ৰা-বুঢ়া, মতা-মাইকী, ইত্যাদি। (তৃতীয় অধ্যায়,৩.০৩.২.২ চাওক)

৪.০৪.৩ অভ্যাস বা পুনৰুক্তিৰ দ্বাৰা নতুন শব্দ গঠনঃ অভ্যাস বা পুনৰুক্তিত একেটা শব্দকে হুবহু একে ৰুপত আৰু কেতিয়াবা সামান্য পৰিবৰ্তিত ৰূপত দুবাৰকৈ ব্যৱহাৰ কৰি নতুন শব্দ গঠন কৰা হয়।

এনে ধৰণৰ শব্দবোৰক অৰ্থগত দিশলৈ লক্ষ্য কৰি তিনি ভাগত ভগাব পাৰি:

(ক) অৰ্থযুক্ত শব্দৰ সম্পূৰ্ণ পুনৰুক্তি বা সম্পূৰ্ণ অভ্যাস

(খ) অৰ্থযুক্ত শব্দৰ আংশিক পুনৰুক্তি বা আংশিক অভ্যাস

(গ) অৰ্থহীন শব্দৰ সম্পূৰ্ণ পুনৰুক্তি বা সম্পূৰ্ণ অভ্যাস

(ঘ) অৰ্থহীন শব্দৰ আংশিক পুনৰুক্তি বা আংশিক অভ্যাস

৪.০৪.৩.১ অৰ্থযুক্ত শব্দৰ সম্পূৰ্ণ পুনৰুক্তঃ সাধাৰণতে কেতিয়াবা সমগ্ৰতা, অবিচ্ছন্নতা, বাৰম্বাৰতা, গভীৰতা’, প্ৰৱণতা, আদি ভাৱ প্ৰকাশ কৰিবলৈ অৰ্থযুক্ত শব্দ একোটাক দুবাৰকৈ ব্যৱহাৰ কৰি একোটা ভিন্ন অৰ্থবাচক শব্দ গঠন কৰা হয়। পুনৰুক্ত হোৱা শব্দটো বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া, ক্ৰিয়াবিশেষণ, সংখ্যাবাচক শব্দ, ক্ৰিয়াৰ অসমাপিকা ৰূপ আৰু বৰ্তমানকালিক কৃদন্ত শব্দ হ‘ব পাৰে। উদাহৰণৰ কাৰণে

(ক) বিশেষ্য: মাছ মাছ, জ্বৰ জ্বৰ, পানী পানী, ঘৰে ঘৰে, বনে বনে আদি।

(খ) বিশেষণ: ভাল ভাল (আম), পকা পকা (বগৰী), জলা-জলা (লাগিছে) তিতা-তিতা, মিঠা-মিঠা আদি।

(গ) সৰ্বনাম: কাক কাক, কি কি, কোন কোন, যাক যাক আদি।

(ঘ) ক্ৰিয়া: খাওঁ খাওঁ (কৰা), যাওঁ যাওঁ (লগোৱা), পৰোঁ পৰোঁ (লগা) হাহোঁ হাহোঁ আদি।

(ঙ) ক্ৰিয়া বিশেষণ: ঘনে ঘনে, বাৰে বাৰে, লাহে লাহে, মনে মনে আদি।

(চ) সংখ্যাবাচক শব্দ: শই শই, হাজাৰে হাজাৰে, লাখ লাখ, কৌটি কৌটি।

(ছ) ক্ৰিয়াৰ অসমাপিকা ৰূপ: কৈ কৈ (ভাগৰিছোঁ), শুনি শুনি, খাই খাই আদি।

(জ) বৰ্তমানকালিক কৃদন্ত: চাওঁতে চাওঁতে, ৰওঁতে ৰওঁতে, বহোঁতে বহোঁতে আদি।

৪.০৪.৩.২ অৰ্থযুক্ত শব্দৰ আংশিক পুনৰুক্তিৰ দ্বাৰা নতুন শব্দ গঠনঃ অৰ্থযুক্ত শব্দৰ আংশিক অভ্যাস বা পুনৰুক্তিক অসমীয়া ব্যাকৰণত অনুৰূপ শব্দ বোলা হৈছে। দ্বিত্ব হোৱা অংশৰ উচ্চাৰণ মূল শব্দটোৰ প্ৰায় অনুৰূপ হয় কাৰণেই এনেবোৰ শব্দক অনুৰূপ আখ্যা দিয়া হয়। মন কৰিবলগীয়া যে অনুৰূপ শব্দত আংশিকভাৱে অভ্যাস বা পুনৰুক্ত হোৱা অংশৰ নিজস্ব কোনো অৰ্থ নাই। অভ্যস্ত বা পুনৰুক্ত ৰূপটোৱে মূল শব্দটোৰ ‘ব্যাপকতা, আদি, নিচিনা’ ইত্যাদি ভাৱ প্ৰকাশ কৰাৰ লগতে বহুবচনৰ অৰ্থও প্ৰকাশ কৰে। অৰ্থযুক্ত শব্দৰ আংশিক পুনৰুক্তিৰদ্বাৰা গঠিত অনুৰূপ শব্দ কিছুমান হৈছে:

কিতাপ-চিতাপ আন্ধাৰ-মুন্ধাৰ
টেবুল-চেবুল পানী-দুনী
নাৰিকল-চাৰিকল মানুহ-দুনুহ

৪.০৪.৩.৩ অৰ্থহীন শব্দৰ সম্পূৰ্ণ পুনৰুক্তিৰ দ্বাৰা নতুন শব্দ গঠনঃ অসমীয়া ব্যাকৰণত এনেদৰে গঠিত হোৱা শব্দক অনুকাৰ বা ধ্বন্যাত্মক শব্দ বোলা হৈছে। যি দুটা শব্দ লগলাগি অনুকাৰ শব্দ গঢ়িত হয়, সেই দুয়োটাই অৰ্থহীন। পূৰ্ণ পুনৰুক্তি কৰি বা যুৰীয়াকৈ ব্যৱহাৰ কৰিলেহে সিহঁত অৰ্থ প্ৰকাশক্ষম হয়। অনুকাৰ শব্দবোৰ সাধাৰণতে কোনো ধ্বনিৰ অনুকৰণত সৃষ্টি কৰা হয়। যেনে,

কা কা

টিক্ টিক

খট্ খট্

মচক্ মচক্

হৰ্ হৰ্ আদি।

অৰ্থহীন শব্দৰ পূৰ্ণ অভ্যস্ত বা পুনৰুক্তিৰদ্বাৰা গঠিত কিছুমান শব্দ ধ্বনিৰ অনুকৰণত সৃষ্টি নহৈ মানৱীয় অনুভূতি আৰু কোনো বস্তু, কাৰ্য বা ৰঙৰ বিৱৰণ, নিস্তব্ধতা, গাঢ়তা আদি অৰ্থৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। যেনে, কিচকিচীয়া, সেৰসেৰীয়া, চেংচেঙীয়া, মলমলীয়া, ফিৰফিৰীয়া, কিনকনীয়া ইত্যাদি।

৪.০৪.৩.৪ অৰ্থহীন শব্দৰ আংশিক অভ্যস্ত বা পুনৰুক্তিৰদ্বাৰা নতুন শব্দ গঠনঃ এই শব্দবোৰো অনুকাৰ বা ধনাত্মক শব্দৰ ভিতৰতে পৰে। অৰ্থহীন শব্দৰ পূৰ্ণ অভ্যস্ত শব্দৰ দৰে এই শব্দবোৰ গঠিত হয়। পাৰ্থক্য হৈছে, ইয়াত অভ্যস্ত বা পুনৰুক্ত শব্দটোৰ আদ্য ব্যঞ্জনৰ আৰু কেতিয়াবা পুনৰুক্ত শব্দটোৰ আদ্যাংশৰ স্বৰৰ পৰিবৰ্তন ঘটে। কেতিয়াবা পুনৰুক্ত শব্দত আদ্যক্ষৰ লোপ পায়। যেনে,

কক্ বক নদন-বদন
টল্ মল্ আমান-জিমন
চিক্ মিক চুচুক-চামক
তিৰ্ বিৰ্ থুনুক-থানাক
কেৰ্ মেৰ্ তিঘিল-ঘিল
ধাৰ-ধুৰ খদম-দম

(‘অভ্যাস বা পুনৰুক্তিৰদ্বাৰা নতুন শব্দ গঠন’ ছেদটোৰ বাবে তৃতীয় অধ্যায়, ৩.০৩.৩ চাওক)


* ড০ বাণীকান্ত কাকতিৰ Assamese, Its Formation and Development গ্ৰন্থৰ “The Formative affix IX অধ্যায় চাওক।

* অসমীয়া কৃৎ আৰু তদ্ধিত প্ৰত্যয়বোৰৰ প্ৰয়োগৰ বিষয়ে জানিবলৈ সত্যনাথ বৰাৰ ‘বহল ব্যাকৰণ’, কালিৰাম মেধিৰ ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’, গিৰিধৰ শৰ্মাৰ ‘অধুনিক অসমীয়া ভাষাৰ ব্যাকৰণ’, উপেন্দ্ৰ নাথ গোস্বামীৰ ‘অসমীয়া ভাষাৰ ব্যাকৰণ’কে ধৰি অসমীয়া ব্যাকৰণৰ শেহতীয়া প্ৰকাশন ড০ গোলকচন্দ্ৰ গোস্বামীৰ ‘ অসমীয়া ব্যাকৰণ প্ৰৱেশ’, (২০০০ চন) লৈকে চাওক।

১. গোলোকচন্দ্ৰ গোস্বামী: অসমীয়া ব্যাকৰণ প্ৰবেশ, ২০০০ পৃ. ১৭০-১৭১

২. প্ৰাগুক্ত গ্ৰন্থ, পৃ. ১৬৭

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!