কিউবাৰ অৰ্থনীতিত এভূমুকি: ভাস্কৰ জ্যোতি বৰুৱা

          (১)

       বিপ্লৱৰ আগৰ কিউবাখন লেটিন আমেৰিকাৰ আগশাৰীৰ এখন সফল দেশ আছিল। আৰ্থ-সামাজিক দিশৰ পৰা ইউৰোপৰ স্পেইন আৰু পৰ্টুগালৰ লগত তুলনা কৰা হৈছিল। ১৯৫০ চনৰ কিউবাৰ গড় জনমূৰি আয় ইটালীৰ সমান আছিল। জাপানতকৈ ওপৰত স্থান আছিল কিউবাৰ। হাভানা আছিল পৰ্যটকৰ উত্তম বিনোদন কেন্দ্ৰ।

ইমানেই যদি দেশ আগবঢ়া আছিল, তেন্তে কিউবা বিপ্লব হ’লেইবা কিয়?কিহে বাতিস্তাৰ শাসন উফৰাই পৰিৱৰ্তন অবধাৰিত কৰি তুলিছিল? একেষাৰে উত্তৰ দিবলৈ গ’লে অসমতা।হয়, অসমতা, ১৯৫০ ৰ দশকত বেছিভাগ কিউবাৰ শিশুৱেই স্কুলৰ দুৱাৰমুখ দেখা নাছিল। গাওঁৰ ৫০ শতাংশ আৰু সামগ্ৰিকভাৱে ২৫ শতাংশ কিউবাৰ মানুহে শিক্ষাৰ পোহৰ

পোৱা নাছিল। ৮৭ শতাংশ নগৰীয়া ঘৰত বিজুলী যোগান আছিল, অথচ ৯০ শতাংশ গাওঁৰ ঘৰত বিজুলী যোগান নাছিল। মাত্ৰ ১৫ শতাংশ গাওঁৰ ঘৰতহে পানীনলৰ ব্যৱস্থা আছিল । দাৰিদ্ৰতা আৰু নিবনুৱাৰ সমস্যাই জুৰুলা কৰিছিল কিউবাক। আনহাতে কিউবাৰ বেংক, বিত্তীয় প্ৰতিষ্ঠান, বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু বেছিভাগ উদ্যোগেই আমেৰিকাৰৰ কোম্পানীৰ দখলত আছিল। ২৫ শতাংশ শ্ৰেষ্ঠ মাটিৰ গৰাকী আছিল আমেৰিকানসকল। খেতি-মাটিৰ ৮০ শতাংশই ভূস্বামীসকলৰ দখলত আছিল। ৯০ শতাংশ চেনী আৰু ধপাত ৰপ্তানি হৈছিল আমেৰিকালৈ।

             বিপ্লৱৰ পাচৰ কিউবাত ফিডেল কাষ্ট্ৰ’ই জনসাধাৰণৰ মাজত সমতা আনিবলৈ বহু বৈপ্লবিক সিদ্ধান্ত ল’লে। সেই সিদ্ধান্তবোৰে কিউবাক পূৰ্বৰ বন্ধু আমেৰিকাৰ শত্ৰু দেশত পৰিণত কৰিলে আৰু চোভিয়েট ৰাচিয়া হৈ পৰিল কিউবাৰ পৰম মিত্ৰ। কিউবাত শিক্ষা আৰু চিকিৎসা বিনামূলীয়া, অত্যাৱশ্যকীয় খাদ্য ৰেহাই মূল্যত উপলব্ধ। ঘৰ আৰু যাতায়তৰ খৰচ কম। এইবিলাকত সকলোতে চৰকাৰী পৃষ্ঠপোষকতা থাকে। তাৰমানে কিউবাই বিপ্লবোত্তৰ সময়ৰ পৰা এতিয়ালৈকে একো উজুটি নোখোৱাকৈ সুকলমে আগবাঢ়ি গৈ আছে নেকি?উত্তৰ- একেবাৰে নহয়। সমতাৰ দিশৰ পৰা ঈৰ্ষণীয় সফলতা লাভ কৰিলেও সামগ্ৰিকভাৱে কিউবাৰ অৰ্থনীতিত ভাৰসাম্যতা নাছিল আৰু বৰ্তমানেও আহিল বুলিব নোৱাৰি। এই সমস্যাক বুজিবলৈ চোভিয়েট ৰাচিয়া পতন হোৱাৰ পিচত কিউবাত উদ্ভৱ হোৱা সেই “বিশেষ কাল (Special Period) লৈ চকু দিব লাগিব। চোভিয়েট ৰাচিয়াৰ পতনৰ ফলত কিউবাই হেৰুৱালে চোভিয়েটৰ অনুদান আৰু ৮০ শতাংশ ব্যৱসায়ৰ মিত্ৰ। লগতে বিশ্বব্যাপী চেনীৰ দাম কমা ঘটনাই ভূতৰ ওপৰত দানহ পৰা দি কিউবাৰ কমপক্ষেও ৩৫ শতাংশ ঘৰুৱা মুঠ উৎপাদন সংকুচিত কৰি পেলালে। পৰিণতিত ১৯৯০ দশকৰ প্ৰথম ভাগটো কিউবাৰ বাবে হৈ উঠিল অভিশপ্ত। এখন কানাডাৰ মেডিকেল এছ’ছিয়েছনৰ জাৰ্নালে দাবী কৰা মতে – সেই সময়ছোৱাত ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰণত কিউবাত হোৱা দুৰ্ভিক্ষ ৯০ দশকৰ মধ্যভাগত উত্তৰ কোৰিয়াত হোৱা আকালৰ সমপৰ্যায়ৰ আছিল। সাধাৰণ জনতা খাদ্যৰ পৰা বঞ্চিত হৈছিল। অসামৰিক খাদ্য বিতৰণ ব্যৱস্থা বিধস্ত হৈ পৰিছিল। অগ্ৰাধিকাৰ পাইছিল ধনী আৰু সৈনিকসকলে। আন বেলেগ ফালৰ পৰা অহা তথ্য কিছুমানেও তেনেকুৱা ছবি এখনকে অংকণ কৰে। কিউবাৰ জনসাধাৰণে যি পাইছিল তাকে খাবলৈ বাধ্য হৈছিল। ঘৰচীয়া মেকুৰীৰ পৰা হাভানা চিৰিয়াখানাৰ জীৱ-জন্তু খাদ্য দ্ৰব্যলৈ সলনি হৈছিল।

           এনে দিনৰ অৱসান বিচাৰি কিউবাৰ শাসক ফিডেল কেষ্ট্ৰ’ই অৰ্থনৈতিক সংস্কাৰ আনিবলৈ বাধ্য হৈ পৰিছিল। কিউবাৰ অৰ্থনীতিক পুণৰুজ্জীৱিত কৰাৰ স্বাৰ্থত কিছুমান বজাৰ কেন্দ্ৰিক সংস্কাৰ যেনে – পৰ্যটনক সকলোলৈকে মুকলি কৰা, বিদেশী বিনিয়োগ গ্ৰহণ, আমেৰিকাৰ ডলাৰক আইন সন্মতভাৱে গ্ৰহণৰ স্বীকৃতি আৰু ১৫০ টা পেছাক স্ব-নিয়োজনৰ বাবে মুকলিয়েই প্ৰধান। ১৯৯৪ চনত এখন মুকলি কৃষি বজাৰৰো আৰম্ভণি কৰিলে। যাতে চৰকাৰ আৰু ব্যক্তিগতভাৱে কৃষকে অতিৰিক্ত উৎপাদন মুকলি বজাৰৰ দামত বেচিব পাৰে আৰু ক’লা বজাৰৰ দামত নাকী লাগে। মূলতঃ পৰ্যটনৰ হাতত ধৰি লাহে লাহে সেই বেয়া দিনবোৰৰ পৰা কিউবা ওলাই আহিবলৈ সক্ষম হৈছিল। কিন্তু পৰিবৰ্তনৰ বিনে যে গতি নাই সেই কথা কিউবাৰ শাসকে মৰ্মে মৰ্মে উপলব্ধি কৰিবলৈ ধৰিলে।

        “ Either we change course or we sink.” – ২০১০ চনৰ ডিচেম্বৰত বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰাউল কাষ্ট্ৰ’ৰ মন্তব্য এয়া। ফিডেল কাষ্ট্ৰ’ইও ভাতৃৰ লগত সহমত পোষণ কৰি স্বীকাৰ কৰিছিল যে কেন্দ্ৰীভূত পৰিকল্পনাৰ পুৰণি চোভিয়েট মডেল কিউবাৰ বাবে আৰু গ্ৰহণযোগ্য হৈ থকা নাই।

  ২

           অৰ্থনৈতিক সংস্কাৰে আনি দিয়া সুফলৰ হাতত ধৰি লাহে লাহে কিউবা সেই ভয়ংকৰ বিশেষ কালটোৰ দুৰ্যোগৰ পৰা ওলাই আহিলেও চোভিয়েটৰ পতন দেশখনৰ বাবে আছিল এক ডাঙৰ ক্ষতি। চোভিয়েটে যেনেকৈ কিউবাক সস্তাত অত্যাৱশ্যকীয় খাৰুৱা তেলৰ যোগানৰ ক্ষেত্ৰত নিশ্চিতি প্ৰদান কৰিছিল, ঠিক তেনেদৰে সেই সময়ৰ কিউবাৰ প্ৰধান ৰপ্তানী সামগ্ৰী চেনীৰ ক্ষেত্ৰত পূৰ্ব নিৰ্ধাৰিত দামত ক্ৰয় কৰি বজাৰ কেন্দ্ৰিক দামৰ উত্থান পতনৰ ‘ৰিস্ক’ৰ পৰা কিউবাক মুক্তি দিছিল। সেই চোভিয়েটৰ অবৰ্তমানত কিউবাই নতুন বজাৰ, নতুন বন্ধুৰ সন্ধানত থাকোতে ফিডেল কাষ্ট্ৰ’ক গুৰু জ্ঞান কৰা এজন বাওঁপন্থী বিদ্ৰোহী নেতাই ১৯৯৮ চনত নিৰ্বাচনত জয়ী হৈ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ শাসনভাৰ ল’লে। হয়, মই হিগ’ ছাভেছ ( Hugo Chavez ) ৰ কথা কৈছোঁ। হিগ’ ছাভেছে ১৯৯৯ চনত ভেনিজুৱেলাৰ শাসনৰ বাঘজৰী লোৱাৰ পাচৰে পৰা কিউবাৰ ভাগ্যলৈ পৰিবৰ্তন আহিল। পৃথিৱীৰ যিখন দেশত আজি পৰ্য্যন্ত আটাইতকৈ বেছি খাৰুৱা তেল সঞ্চিত হৈ আছে বুলি জৰীপত প্ৰমাণিত হৈছে, সেইখন দেশেই হ’ল ভেনিজুৱেলা। লাহে লাহে ভেনিজুৱেলাই কিউবাৰ তেলৰ প্ৰয়োজনখিনি পূৰণ কৰিবলৈ ধৰিলে, তাকো চোভিয়েটতকৈ সস্তাতহে । অকল তেলতেই নহয়, কিউবাৰ বাবে শ্ৰেষ্ঠ বানিজ্যিক বন্ধু দেশ হৈ উঠিল ভেনিজুৱেলা আৰু সেই স্থানৰ আজিও পৰিৱৰ্তন হোৱা নাই। অৰ্থনৈতিক আলোচনী ‘ইক’ন’মিষ্ট’ ( The Economist )ৰ তথ্য অনুসৰি ২০১৪ চনত কিউবাই সৰ্বাধিক ৰপ্তানী কৰা প্ৰথম চাৰিখন দেশ হ’ল –

১) ভেনিজুৱেলা – ৪০.২%

২) কানাডা – ১০.২%

৩) নেডাৰলেণ্ড – ৯.১%

৪) চীন – ৫.৯%

সৰ্বাধিক আমদানি কৰা প্ৰথম চাৰিখন দেশ –

১) ভেনিজুৱেলা – ৩৯.৬%

২) চীন – ১০.২%

৩) স্পেইন – ৭.৮%

৪) ব্ৰাজিল – ৪.৫%

লগতে লক্ষ্য কৰক কি কি সামগ্ৰী কিউবাই আটাইতকৈ বেছি ৰপ্তানী আৰু আমদানী কৰে,

ৰপ্তানীৰ শীৰ্ষত থকা প্ৰথম চাৰিবিধ সামগ্ৰী –

১) তৈল সামগ্ৰী – ৪৫.২%

২) নিকেল – ১৪.৩%

৩) দৰৱ – ১৩.১%

৪) চেনী – ৮.১%

আমদানি কৰা প্ৰধান চাৰিবিধ সামগ্ৰী –

১) তেল – ৪২.৯%

২) যন্ত্ৰ্পাতি – ১৫.১%

৩) খাদ্য – ১৬.২%

৪) ৰাসায়নিক সামগ্ৰী – ৯.৪%

সামগ্ৰীৰ ৰপ্তানী আৰু আমদানিৰ তালিকাখনলৈ মন কৰক। দুয়োটাতে প্ৰথম স্থানত তেল। সেয়া কেনেকৈ সম্ভৱ হৈছে?সেয়া সম্ভৱ হৈছে ভেনিজুৱেলা আৰু কিউবাৰ যৌথ উদ্যোগত বহুকেইটা ৰিফাইনেৰী কিউবাত স্থাপন কৰাৰ ফলত। এইখিনিতে কিউবা আৰু ভেনিজুৱেলাৰ বন্ধুত্ব কিমান গভীৰ বা কিউবা কিমান বেছি কৃতজ্ঞ তাৰ এটা সৰু উদাহৰণ আৰু দিওঁ – বিশেষ কাল (Special Period)ৰ পিচত অনা সংস্কাৰ অনুসৰি বিদেশী বিনিয়োগ কিউবাই গ্ৰহণ কৰে। কিন্তু এটা চৰ্ত থাকে – সেই ব্যৱসায় বিদেশী বিনিয়োগকাৰীয়ে কিউবা চৰকাৰৰ লগত যৌথ উদ্যোগত কৰিব লাগিব। ব্যতিক্ৰম মাত্ৰ ভেনিজুৱেলা। ভেনিজুৱেলা আৰু কিউবাৰ মাজত থকা এখন চুক্তি অনুযায়ী ভেনিজুৱেলাই কিউবাত কোনো উদ্যোগ স্থাপন কৰিব খুজিলে ১০০% পৰ্যন্ত বিনিয়োগ কৰিব পাৰে।

     এইবাৰ অন্য এটা পৰিসংখ্যালৈ লক্ষ্য কৰক – ২০১৫ চনত কিউবাই ৩.৯ বিলিয়ন আমেৰিকীয় ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানী কৰিছে। তাৰ বিপৰীতে সেই বছৰটোত কিন্তু সামগ্ৰী আমদানি কৰিব লগাত পৰিছে ১৩.৫ বিলিয়ন ডলাৰ মূল্যৰ। সামগ্ৰীৰ ক্ষেত্ৰত বানিজ্যিক ঘাটি ৯.৬ বিলিয়ন ডলাৰ। এয়া বিশাল ব্যৱধান। দ্ৰব্যৰ আমদানি ৰপ্তানীৰ প্ৰায় ৩.৫ গুণ। সেই একে সময়তে ভাৰতৰ ক্ষেত্ৰত এই অনুপাত ১.৪৭ গুণহে। কিন্তু ইফালে এই বিশাল ব্যৱধান থকা স্বত্বেও সেই বছৰত কিউবাৰ কাৰেণ্ট একাউণ্ট ঘাটিত নাই, ৰাহিহে হৈছে প্ৰায় ১০০ মিলিয়ন ডলাৰ। এই বিশাল পৰিমাণৰ বৈদেশিক মুদ্ৰা অহাৰ মূল পথ দুটা হৈছে পৰ্যটন আৰু চিকিৎসা সেৱা। প্ৰায় ৩১ লাখ বিদেশী পৰ্যটকে ২০১৫ বৰ্ষত কিউবা ভ্ৰমণ কৰিছে। বিপ্লবৰ আগৰে পৰা এই খণ্ডটোৰ অবদান কিউবাৰ অৰ্থনীতিত অতি বেছি। কিউবাৰ অনুকূল জলবায়ু, সাগৰ, বীচ, ঔপনিবেশিক স্থাপত্য, বৈশিষ্টপূৰ্ণ সংস্কৃতি, সৰু চহৰ, উষ্ণ মানুহ আদিয়ে পূৰ্বৰে পৰা বিদেশী পৰ্যটকক আকৰ্ষণ কৰি আহিছে। বিশেষ কালৰ পিচত কৰা সংস্কাৰে এই খণ্ডটোক যথেষ্ট উপকৃত কৰিলে। একবিংশ শতিকাৰ আৰম্ভণিৰে পৰা স্বাস্থ্য পৰ্যটনেও কিউবাত লাহে লাহে গা কৰি উঠিছে। বছৰি প্ৰায় ২০,০০০ ৰোগীয়ে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে কিউবা ভ্ৰমণ কৰে। যাৰ ফলত দেশখনে প্ৰায় ৪০ মিলিয়ন ডলাৰ আয় কৰে।

 ৩

       ৯৯.৭%। কিউবাৰ সাক্ষৰতাৰ হাৰ এয়া। শিক্ষাই সামগ্ৰিকভাৱে গঢ়ি দিয়া কিউবাৰ মানৱ সম্পদৰ তুলনা এক মাত্ৰ চিংগাপুৰৰ লগতহে হয়। কিন্তু চিংগাপুৰতকৈ বহুগুণে কম খৰচী কিউবাত শ্ৰমৰ মূল্য। ইফালে চিকিৎসক গঢ়াৰ ক্ষেত্ৰটো কিউবা সকলোতকৈ আগত। বিশ্ববেংকৰ ৱেবচাইটৰ তথ্য অনুসৰি ২০১০ চনত প্ৰতি দহ হেজাৰ মানুহৰ বিপৰীতে কিউবাত ৬৭ জন চিকিৎসক আছে। য’ত নেকি ভাৰতৰ ক্ষেত্ৰত সেই সংখ্যাটো মাত্ৰ ৬।

         ২০১৪ চনত কিউবাৰ চৰকাৰে স্বীকাৰ কৰামতে দেশে স্বাস্থ্য সেৱা ৰপ্তানি (Export of Health Services )ৰ জৰিয়তে বছৰি ৮.২ বিলিয়ন ডলাৰতকৈ বেছি ধন আহৰণ কৰে। ৰ’ব, সেই ধন আমাৰ দেশৰ চিকিৎসকে বিদেশত চাকৰি কৰি ঘৰলৈ পঠোৱা টকাকেইটাৰ দৰে নহয়। কিউবাত এতিয়াও চিকিৎসা সেৱা বেচৰকাৰী খণ্ডৰ বাবে মুকলি কৰা হোৱা নাই। কোনো চিকিৎসককে নিজাববীয়াকৈ চিকিৎসা বৃত্তিত নিয়োজিত হ’বলৈও চৰকাৰে অনুমতি নিদিয়ে।সকলো চিকিৎসকেই চৰকাৰৰ অধীনত কাম কৰিবলৈ বাধ্য। যিদৰে টাটা কনচালটেন্সি বা ইনফ’চিচৰ দৰে কোম্পানীয়ে তেওঁলোকৰ চাকৰীয়াল অভিযন্তাক বিদেশৰ আন কোম্পানীত কাম কৰিবলৈ পঠাই, ঠিক সেইদৰে কিউবাৰ চৰকাৰে বেলেগ দেশৰ লগত চুক্তি কৰি কিউবাৰ চিকিৎসকক সেই দেশলৈ পঠাই।কেতিয়াবা সেয়া দুৰ্যোগৰ সময়ত মানবীয় সহায় আৰু বেছিভাগ সময়তে বৈদেশিক মুদ্ৰা অৰ্জনৰ বাবে এক ব্যৱসায়।

        কিউবান মেডিকেল ইন্টাৰনেচনেলিজম (Cuban Medical Internationalism) নামৰ কৰ্মসূচীৰ অধীনত কিউবাই ১৯৫৯ৰ বিপ্লৱৰ পিচৰে পৰা বিদেশলৈ চিকিৎসক পঠাই আহিছে। প্ৰথমবাৰ এই কৰ্মসূচীৰ অধীনত ১৯৬০ চনত চিলিত হোৱা ভূমিকম্পৰ পিচত সাহায্যৰ বাবে সেই দেশলৈ গৈছিল কিউবান চিকিৎসকৰ দল । ২০১৬ চনৰ মাৰ্চ মাহৰ কিউবা চৰকাৰৰ তথ্য আনুসৰি প্ৰায় ৫৫০০০ কিউবান চিকিৎসক পৃথিৱীৰ ৬৭ খন দেশত সেৱা আগবঢ়াই আছে। এইসকলৰ বেছি ভাগেই লেটিন আমেৰিকা, আফ্ৰিকাৰ বিভিন্ন দেশত সেৱাৰত। কিন্তু ৫৫০০০ ৰ অধিকাংশ চিকিৎসকেই আছে কিউবাৰ পৰম মিত্ৰ ভেনিজুৱেলাত।অতি দুৰ্গম অঞ্চলত নিজ দেশৰ চিকিৎসকে কাম কৰিব নোখোজাৰ বাবে ব্ৰাজিলে প্ৰায় ১১০০০ চিকিৎসক কিউবাৰ পৰা লয়। ইয়াৰ বাবদ প্ৰতিজন কিউবান চিকিৎসকে ১,১২৫ আমেৰিকীয় ডলাৰ প্ৰতিমাহে লাভ কৰে।কিন্তু এই চুক্তিৰ পৰা ইয়াৰ কেইবাগুণো ধন কিউবা চৰকাৰে লাভ কৰে প্ৰতিজন চিকিৎসকৰ বাবদ। অভিযোগ উঠা মতে ভেনিজুৱেলাত কিউবান চিকিৎসকে আনদেশত পোৱাতকৈ বহু কম দৰমহাত কাম কৰিব লগাত পৰে।কাৰণ দুয়োদেশৰ মাজত সম্পাদিত চুক্তি অনুযায়ী বেলেগ দিশেৰে কিউবাক ভেনিজুৱেলাই উপকৃত কৰে ।ৰয়েটাৰৰ বাতৰিমতে ভেনিজুৱেলাক প্ৰায় ৩০,০০০ চিকিৎসক দিয়াৰ বাবদ কিউবাই লাভ কৰে দৈনিক এক লাখ বেৰেল খাৰুৱা তেল। কিয় বিদেশৰ অতি দুৰ্গম অঞ্চলত কাম কৰিবলৈ কিউবাৰ চিকিৎসকে ইচ্ছা কৰে? উত্তৰ সহজ – অধিক উপাৰ্জন। কিউবাত এজন চিকিৎসকৰ গড় দৰমহা শেহতীয়াভাৱে বঢ়োৱাৰ পাচতো প্ৰায় ৬৭ আমেৰিকীয় ডলাৰহে।আমাৰ দেশৰ হিচাপত চাবলৈ গ’লে ভাৰতত এজন চিকিৎসকে প্ৰায় ১৬,০০০ টকা পালে যেনেকুৱা হ’ব ঠিক তেনেকুৱা এটা বিত্তীয় অৱস্থাত তেওঁলোক চলিবলৈ বাধ্য {ইয়াত একচেঞ্জ ৰেট ৬৮ টকা আৰু ক্ৰয় ক্ষমতা সমতা ( Purchasing Power Parity) ৰূপান্তৰণ ফেক্টৰ ০.২৮ ধৰা হৈছে।৬৭ x৬৮ x ১/০.২৮ = ১৬,২৭১} । অৱশ্যে কিউবাৰ ৰেচনৰ ৰেহাই থাকিব বাৰু। এইখিনিতে কৈ থওঁ যে কিউবাত মধ্যৱৰ্তী (Median) দৰমহা মাত্ৰ ২০ ডলাৰ। অৰ্থাৎ কিউবাৰ সকলো চাকৰিজীৱিকে কম দৰমহা পোৱাজনৰ পৰা বেছি পোৱাজনলৈ ক্ৰম বনাই শাৰী পতাই দিলে একেবাৰে মাজৰজন ২০ ডলাৰ দৰমহা পোৱা ওলাব।যিহেতু কিউবাই দেশৰ কোনো চিকিৎসককে ব্যক্তিগত খণ্ডত চিকিৎসা সেৱাৰ সৈতে জড়িত হ’বলৈ সুবিধা দিয়া নাই, চিকিৎসা বৃত্তিত থাকি বেছি ধন ঘটিবলৈ চৰকাৰীভাৱে বিদেশলৈ যোৱাৰ বাদে তেওঁলোকৰ গত্যন্ত নাই।দেশতে থাকি অধিক উপৰ্জন কৰিব বিচৰাজনৰ বাবে আকৰ্ষণীয় খণ্ড হ’ল পৰ্যটনত । যিহেতু পৰ্যটনত সেই চৰকাৰী বান্ধোন নাই, অধিক উপাৰ্জনৰ বাবে পেছা সলাবলৈ প্ৰস্তুত ইংৰাজীত পাৰদৰ্শী চিকিৎসা বিজ্ঞানৰ স্নাতক হাভানাৰ পঞ্চতাৰকা হোটেলত কাম কৰি থকা দেখিবলৈ পোৱা যায়।

          বিদেশত কৰ্মৰত অসন্তুষ্ট বহু কিউবান চিকিৎসকে কৰ্মক্ষেত্ৰৰ পৰা পলাই অন্য ৰাষ্ট্ৰত জীৱিকাৰ সন্ধান কৰি আহিছে বহু আগৰে পৰা।বিশেষকৈ তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰত সোমাবলৈ চেষ্টা কৰে।এই সুযোগ আমেৰিকা যুক্তৰাষ্ট্ৰইও নোলোৱাকৈ থকা নাই। বিদেশত কৰ্মৰত সেই বিতুষ্ট কিউবান চিকিৎসকসকলক লক্ষ্য কৰি তৈয়াৰ কৰা “দি কিউবান মেডিকেল প্ৰফেচনেলছ পেৰ’ল প্ৰগ্ৰেম” নামৰ এক কাৰ্যসূচীৰ জৰিয়তে ২০০৬ চনত তদানীন্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্চে আমেৰিকালৈ তেওঁলোকক অহাৰ সুবিধা কৰি দিয়ে। আমেৰিকালৈ যাব খোজা চিকিৎসকসকলে কৰ্মৰত হৈ থকা দেশখনত স্থিত আমেৰিকাৰ দূতাবাসত নিৰ্দিষ্ট তথ্যপাতিৰে আবেদন কৰাৰ প্ৰয়োজন। ৰয়েটাৰৰ বাতৰিত প্ৰকাশিত আমেৰিকাৰ চৰকাৰৰ তথ্যমতে ২০১৬ চনৰ জানুৱাৰীলৈকে ২০০৬ চনৰ পৰা ৭,১১৭ খন তেনে আবেদন অনুমোদন কৰা হৈছে।শেহতীয়াভাৱে তেনে আৱেদনৰ সংখ্যা বাঢ়িব লাগিছে। ২০১৫ চনতে ৰেকৰ্ড সংখ্যক ১,৬৬৩ সংখ্যক আবেদনে মঞ্জুৰি পাইছে।কিউবাৰ চৰকাৰে আমেৰিকাৰ এই কাৰ্য্যসূচীক খোলাখুলিভাৱে নিন্দনীয় কাম বুলি কৈ আহিছে।কিউবাৰ মতে অন্যদেশক মানৱ সম্পদৰ পৰা বঞ্চিত কৰাৰ পৰিকল্পনা এয়া। অৱশ্যে এই বছৰৰ আৰম্ভণিতে আমেৰিকাই এই কাৰ্য্যসূচী বন্ধ কৰাৰ বাবে বিচাৰ বিবেচনা কৰি থকা বুলি ঘোষণা কৰিছে।ওবামা আৰু ৰাউল কাষ্ট্ৰই ২০১৪ চনৰ ডিচেম্বৰ মাহত দুয়ো দেশৰ সম্পৰ্ক স্বাভাৱিক কৰিবলৈ কৰা ইচ্ছা প্ৰকাশৰ পিচত এই সিদ্ধান্ত গুৰুত্বপূৰ্ণ বুলি ৰাজনৈতিক মহলত বিবেচিত হৈছে।

            বহু সমালোচকে কিউবাৰ এই বিদেশলৈ চিকিৎসক পঠাই ধন অৰ্জন কৰা কাৰ্য্যসূচীক শোষণ বুলি অভিহিত কৰি আহিছে। বিদেশত কৰ্মৰত সেই চিকিৎসকসকলক ধৰি ৰাখিবলৈ কিউবাৰ চৰকাৰেও কঠোৰ পন্থা অৱলম্বন কৰে। নতুন জীৱনৰ সন্ধানত দেশান্তৰ হ’ব খোজা কিন্তু বেলেগ দেশে গ্ৰহণ নকৰা বহু চিকিৎসাকৰ্মী বেলেগ দেশত শৰণাৰ্থী হিচাপে ৰৈ যাব লগাত পৰাৰ উদাহৰণো কিন্তু তেনেই কম নহয়। বিশেষকৈ ভেনিজুৱেলাৰ শেহতীয়া দুৰৱস্থাৰ পাচত সেই দেশত কৰ্মৰত কিউবান চিকিৎসকৰ জীৱন অসহনীয় আৰু নিৰাপত্তাহীন হৈ উঠা বুলি বাতৰি পৰিবেশিত হৈছে। ভেনিজুৱেলাৰ পৰা পলাই আহি কলম্বিয়াৰ ৰাজধানী বগোটাত শৰনাৰ্থীৰ জীৱন কটোৱা বহু কিউবান চিকিৎসকৰ কাহিনীবোৰ কিন্তু সঁচাই বেদনাদায়ক ।

         দৈনন্দিন প্ৰয়োজনত কিউবাৰ জনসাধাৰণে মুখামুখি হোৱা বজাৰখনৰ কথা নোকোৱাকৈ এই লেখা কেতিয়াও সম্পূৰ্ণ নহ’ব। কিউবাৰ বজাৰ বুলিলে সেয়া নিশ্চয় আৰম্ভ হোৱা উচিত “লিব্ৰেটা দে এবাষ্টেচিমিয়েণ্ট’ ” ( Libreta de Abastecimiento ) বা “লা লিব্ৰেটা” (La Libreta)ৰে। ইংৰাজীৰ আক্ষৰিক অৰ্থ – চাপ্লাইজ বুকলেট। অন্যভাগে ক’বলৈ গ’লে আমাৰ সুলভ মূল্যৰ দোকানৰ ৰেচন কাৰ্ড। যিখন বহীত ঘৰখনৰ সকলো সদস্যৰ নাম, বয়স আৰু প্ৰতিমাহে পৰিয়ালটোৰ প্ৰাপ্য সামগ্ৰীৰ তালিকাখন থাকে। বিপ্লৱোত্তৰ কিউবাত খাদ্যৰ ক্ষেত্ৰত সমতাৰ বাবে চৰকাৰে কৰা উল্লেখযোগ্য কৰ্ম।আমেৰিকাৰ আৰ্থিক প্ৰতিবন্ধকতা আৰু চোভিয়েট পতনৰ পাচত অহা চৰম সংকটৰ সময়ত কিউবাবাসীৰ জীৱন যুদ্ধত এই ৰেচন ব্যৱস্থাৰ বৰঙণি অস্বীকাৰ কৰিব নোৱাৰি।ৰেহাই মূল্যৰ তালিকাখনলৈ যোৱাৰ আগতে কিছু তথ্য দিব খুজিছো যাতে পিচলৈ আপুনি কথাবোৰ বুজাত অসুবিধা নহয়।

       কিউবাত দুই ধৰণৰ মুদ্ৰা চলে। এবিধক কিউবান পেচো (CUP) আৰু আনবিধক কিউবান কনভাৰ্টিবল পেচো (CUC) বোলা হয়।প্ৰথম বিধৰ মূল্য বৰ্তমান বজাৰত এক ডলাৰৰ বিপৰীতে ২৬.৫ পেচো। দ্বিতীয়বিধ পেচোৰ মূল্য ডলাৰৰ সমান।চোভিয়েটৰ পতনৰ পাচত কিউবাত দেখা দিয়া বিশেষ কাল(Special Period)টোৰ পৰা পৰ্যটনৰ যোগেদি ওলাই আহিবৰ বাবে ডলাৰক আকৰ্ষণ কৰাৰ প্ৰয়োজন আছিল আৰু এই মুদ্ৰাৰ আৰম্ভণি কৰা হৈছিল। কিন্তু বৰ্তমান ডলাৰৰ পৰা কিউবান কনভাৰ্টিবল পেচোলৈ মুদ্ৰা সলনি কৰিব খুজিলে কিউবাৰ চৰকাৰক ১০% কৰ দিয়াৰ প্ৰয়োজন। ওজন এক পাউণ্ড ০.৪৫৪ কিলো গ্ৰামৰ সমান, এক আউন্স ২৮.৩৫ গ্ৰামৰ সমান। বৰ্তমান এক ডলাৰ প্ৰায় ভাৰতীয় ৬৮ টকাৰ সমান।

       মোৰ হাতত থকা লা লিব্ৰেটাখনৰ তথ্যখিনি ২০১২ চনৰ আগ’ষ্ট মাহৰ।উইকিপেডিয়াত থকাখিনি ২০০০ চনৰে। সেয়ে মই ২০১২ চনৰখনৰ তথ্য ব্যৱহাৰ কৰিলো। আহকচোন চাঁও, কিউবানসকলে কি কি সামগ্ৰী ৰেচনত কিমান পৰিমাণে মাহে পায় আৰু তাৰ দাম কিমান। দামটো ভাৰতীয় মূল্যলৈ মই সলনি কৰিছোঁ আপোনাৰ সুবিধাৰ্থে।প্ৰতিজন ব্যক্তিৰ বিপৰীতে ঘৰখনে পোৱা দ্ৰব্য এনেধৰণৰ-

সামগ্ৰী //পৰিমাণ //দাম টকা/প্ৰতি ইউনিট

১)খুদ চাউল //২.২৭ কেজি (৫ পাউণ্ড)// ১.৪১ টকা প্ৰতি কেজি

২)চাউল// ০.৯০৮ কেজি// ৫.০৯ টকা

৩)বিন// ০.২৭২ কেজি //১০.১৭ টকা

৪) চেনি// ১.৮২ কেজি // ০.৮৫ টকা

৫)কফি// ০.১১ কেজি // ৩৬২.০৫ টকা

৬)ৰন্ধা তেল// ০.৪৫ লিটাৰ // ২.২৬ টকা

৭)পাচতা// ০.৪৫ কেজি // ১০.১৭ টকা

৮)পাউদাৰ গাখীৰ// ১ কেজি //৬.৪২ টকা

৯)চয় য়গাৰ্ট*// ১ লিটাৰ// ২.৫৭ টকা

১০)কুকুৰা মাংস// ০.৪৫৪ কেজি //৩.৯৬ টকা

১১)কণী// ৫ টা // ০.৪৬ টকা

১২)নিমখ** //১ কেজি// ০.৯০ টকা

১৩)ফচফৰাচ চাপ্লিমেন্ট// ১ বাকছ// ১.০৩ টকা

১৪) ব্ৰেড(সদায়) //এটা বন চাইজ //০.১৩ টকা

চয় য়গাৰ্ট ৭ ৰ পৰা ১৩ বছৰীয়া ল’ৰা ছোৱালী থাকিলে দিয়া হয়।নিমখ তিনিমাহত এপেকেট পায়। তাৰোপৰি গাখীৰ প্ৰতিদিনে ১ লিটাৰকৈ গৰ্ভৱতী মাতৃ বা এটা সন্তানৰ বাবে তাৰ জন্মৰ পৰা ৭ বছৰ বয়সলৈকে দিয়া হয়।৫০ বছৰ ইতিমধ্যে অতিক্ৰম কৰা এই ৰেচন ব্যৱস্থাত বহু সামগ্ৰী কৰ্তন হৈ আহি আছে পৰ্যায়ক্ৰমে। উদাহৰণস্বৰূপে আলু, মটৰমাহ আদি এসময়ত এই তালিকাত আছিল, বৰ্তমান নাই। অৱশ্যে এইখন সম্পূৰ্ণ তালিকা নহয়।কিন্তু ধাৰণাৰ বাবে যথেষ্ট।এজন কিউবানে ৰেচনৰ ৰেহাইৰ যোগেদি ভাৰতীয় মূল্যত ৬৮ টকাৰ আশে পাশে মূল্য পৰিশোধ কৰি এইসমূহ প্ৰয়োজন পূৰণ কৰিব পাৰে। অতি কম দামত নহয় নে?কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখিব এমাহত এজন ব্যক্তিৰ বাবে এই খাদ্য যথেষ্ট নহয়। এটা মোটামুটি হিচাপমতে এজন ব্যক্তিৰ মাহটোৰ ১০ দিনৰ প্ৰয়োজন পূৰণ কৰে এই ৰেচন সামগ্ৰীয়ে।অন্য এক অধ্যয়নত কোৱা হৈছে যে এজন কিউবাৰ নাগৰিকৰ প্ৰয়োজনীয় কেলৰিৰ ৩৪ শতাংশ, ৩২ শতাংশ প্ৰয়োজনীয় প্ৰটিন আৰু ৩৪ শতাংশ চৰ্বীৰ

লাগতীয়াল অংশ কিউবাৰ ৰেচন ব্যৱস্থাই পূৰণ কৰে। দামৰ ফালৰ পৰা সামগ্ৰিকভাৱে মুকলি বজাৰৰ দামৰ ১২ শতাংশ ধন ব্যয় কৰিয়েই কিউবাৰ মানুহে ৰেচন পাই বুলি অধ্যয়নত প্ৰকাশ। অৱশ্যে ৰেচন ব্যৱস্থাত সকলো সময়তে সকলো বস্তু উপলব্ধ থাকে তেনে নহয়।কিছুমান সামগ্ৰী বৰ দুৰ্লভ। উদাহৰণস্বৰূপে গাখীৰ।আমেৰিকাৰ অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰু চোভিয়েটৰ পতনে অনা বিশেষ কালৰ পৰিস্থিতত যি পশুধনৰ লোকচান হ’ল সেয়া আজিও পূৰণ হোৱা নাই।তাৰ পুনঃগঠনৰ বাবে লোৱা এক পদক্ষেপমৰ্মে ২০০৩ চনত এটা চৰকাৰী ঘোষণাৰ

জৰিয়তে চৰকাৰী অনুমতিৰ অবিহনে কিউবাত গোবধ নিষিদ্ধ কৰা হ’ল।যেনেকৈ বিদেশলৈ মানুহ ফুৰিবলৈ গ’লে বিদেশী সুৰাৰ এটা বা দুটা বটল কঢ়িয়াই উভতে, ঠিক তেনেদৰে বহু কিউবানে বিদেশলৈ গলে ঘূৰোতে গুড়ি গাখীৰৰ পেকেট কঢ়িয়াই লৈ আনে। ‘দ্যা গাৰ্ডিয়ান’ৰ ইন্টাৰনেট সংস্কৰণ এটাত পঢ়িবলৈ পোৱামতে কিউবাত এক কিলো পাউদাৰ গাখীৰৰ মূল্য মুকলি বজাৰত প্ৰায় ৭ ডলাৰ (ভাৰতীয় মূল্যত ৪৭৬ টকা)।

         ব্যক্তিগত উৎসুকতাৰ বাবে মই চাব খুজিছিলো বৰ্তমান কিউবাৰ মুকলি বজাৰত সামগ্ৰীৰ মূল্য কেনে ধৰণৰ। মই সহায় লৈছিলো NUMBEO নামৰ বিখ্যাত চাইটটোৰ। কোনো দেশৰ কোনো সামগ্ৰীৰ দাম সম্পৰ্কীয় তথ্যৰ বাবে এই চাইটো বৰ উপযোগী। ইক’ন’মিষ্ট, ফৰ্বচ আদিৰ দৰে অৰ্থনৈতিক আলোচনীয়েও ইয়াৰ তথ্য ব্যৱহাৰ কৰে।বৰ্তমান হাভানা চহৰত কিছুমান সামগ্ৰীৰ মুকলি বজাৰত গড় মূল্য ভাৰতীয় হিচাপত এনেধৰণৰ –

১) চাউল এক কেজি // ৭১.৪ টকা

২) কণী এক ডৰ্জন // ৮৭.০৪ টকা

৩)গাখীৰ এক লিটাৰ //১৪০.০৮ টকা

৪)হাড়বিহীন কুকুৰা মাংস এক কেজি// ৩০৯.৪০ টকা

৫)কম খৰচী ৰেষ্ট’ৰেণ্টত এসাজ //৩৭৬.০৪ টকা

৬)ক’ক/পেপচী(০.৩৩ লিটাৰ) //৭৪.১২ টকা

৭) পানীৰ বটল(০.৩৩ লিটাৰ)// ৪১.৪৮ টকা

৮) আলু প্ৰতি কেজি // ১২৮.৫২ টকা

৯) পিয়াজ প্ৰতি কেজি //১৪৫.৫২ টকা

১০)কল প্ৰতি কেজি // ২৮.৫৬ টকা

কিউবাৰ চৰকাৰে সকলো জনসাধাৰণক এই ৰেচন ব্যৱস্থাত সামৰি ল’বলৈ যাওঁতে এক বিলিয়ন ডলাৰতকৈও অধিক( ভাৰতীয় মুদ্ৰাত ৬৮০০ কোটি টকাতকৈ বেছি)অৰ্থ ব্যয় কৰিবলগাত পৰে প্ৰতি বছৰে ।প্ৰায় ১ কোটি ৩০ লাখ জনসংখ্যাৰ দেশ এখনৰ বাবে সংখ্যাটো তেনেই সৰু নহয়। আনফালে এক অধ্যয়নমতে এই ৰেচনত দিয়া সামগ্ৰীৰ ৮০ শতাংশই আমদানি কৰিবলগা হয় বিদেশৰ পৰা।অৰ্থাৎ বহু বৈদেশিক মুদ্ৰা এই আঁচনিখনৰ বাবে কিউবাই প্ৰতিবছৰে খৰচ কৰিবলগাত পৰে।

            কিউবাৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগৰ মতে ২০১৫ চনত মাহেকীয়া গড় দৰমহা ৬৮৭ কিউবান পেচো।ভাৰতীয় হিচাপত প্ৰায় ১,৭৬৩ টকা (১ ডলাৰ = ৬৮ টকা আৰু ১ ডলাৰ = ২৬.৫ পেচো ধৰা হৈছে)। ইফালে ২০১২ চনৰ ১৩ মাৰ্চত হাভানা টাইমছৰ এটা লেখাত প্ৰকাশ যে লিব্ৰেটাৰ(কিউবাৰ সুলভ ৰেচন) জৰিয়তে পোৱা সামগ্ৰীৰে মাহটোৰ দহদিনমানহে জোৰে আৰু তাৰ বাবদ খৰচ কৰিবলগাত পৰে প্ৰতি ব্যক্তিৰ বাবদ প্ৰায় ৬৮ টকা।একেটা লেখাতে আৰু কোৱা হৈছে যে লিব্ৰেটাত কিনা দ্ৰব্যৰ দাম প্ৰকৃত বজাৰ মূল্যৰ প্ৰায় ১২ শতাংশমানহে। এতিয়া এটা সৰু অংক কৰো আহক।এটা ৪ জনীয়া পৰিয়াল।পতি-পত্নী দুয়ো চাকৰিয়াল আৰু কিউবাৰ গড় দৰমহাৰ সমান তেওঁলোকৰ উপাৰ্জন। দুটি সন্তান তেওঁলোকৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল।সেই সূত্ৰে তেওঁলোকৰ ঘৰলৈ আহে ১,৭৬৩ X ২ =৩,৫২৬ টকা (ভাৰতীয় হিচাপত)।এতিয়া যদি তেওঁলোকৰ ঘৰ চলিবলৈ প্ৰয়োজনীয় খৰচখিনিৰ বাবে অংকটো কৰো আৰু প্ৰয়োজনৰ বাকী দুই তৃতীয়াংশ মুকলি বজাৰৰ পৰা ক্ৰয় কৰে বুলি ধৰো, তেন্তে উত্তৰ ওলাই ৪,৮০৫ টকা।অহ! অংকটো ভুল হ’ল নেকি, দুবাৰ কেলকুলেটৰ টিপিলো । ঠিকেই আছে দেখোন! তেন্তে কেনেকৈ চলিব মানুহঘৰ?

     তথ্যলৈ লক্ষ্য কৰক – নিউয়ৰ্ক টাইমছত ২০১৬ চনৰ ১৭ মাৰ্চত প্ৰকাশ পোৱা কিম চেভাৰচনৰ লেখা এটাৰ শিৰোনামাটো হৈছে – “ For Cuban Home Cooks, Ingenuity and Luck Are Key Ingredients”। লেখাটোৰ ভিতৰত এঠাইত কোৱা হৈছে যে কিউবাত নিজৰ ৰান্ধনিশালৰ সামগ্ৰী যোগাৰ কৰোঁতাজন সক্ৰিয়, মিতব্যয়ী আৰু ভাগ্যৱান হ’বই লাগিব যাতে তেওঁ চৰকাৰী ৰেচন আৰু ক’লা বজাৰৰ বিশ্বাসী বেপাৰীক ভালদৰে ব্যৱহাৰ কৰিব জানে।আমাৰ ওপৰৰ উদাহৰণটোৰ ক্ষেত্ৰত নিশ্চিতভাৱে ক’ব পাৰি যে পৰিয়ালটোৱে মাহেকীয়া খৰচ যেনে ধৰণেই নহওক কিয় এনে এটা সীমালৈ নিবই লাগিব যাতে নিজৰ উপাৰ্জনৰ পৰা খোৱাৰ লগতে বাকী খৰচবোৰ কৰিব পাৰে।অৱশ্যে কিউবাৰ পৰিয়ালে স্বাস্থ্য আৰু সন্তানৰ শিক্ষাৰ বাবে ধন খৰচ কৰিব নালাগে, সেইবোৰ বিনামূলীয়া।বাসস্থান আৰু যাতায়ত কম খৰচী।সাধাৰণ জনতাই নিজৰ প্ৰয়োজনত খাদ্যৰ ক’লা বজাৰক ইন্ধন যোগোৱা দুটা সৰু উদাহৰণ হ’ল-

(১) অতিৰিক্ত ৰেচনৰ দ্ৰব্য বিনিময় প্ৰথাৰে নিজে বিচৰা মূল্যত আনৰ লগত সলাই ল’ব নোৱাৰিলে ক’লা ব্যৱসায়িক বিক্ৰী কৰি দিয়া (আমাৰ ইয়াত নীলা কেৰাচিন, আটাৰ দৰে),

(২)সংস্কাৰৰ পাচত খুদ্ৰ খেতিয়কে চৰকাৰক চৰ্ত অনুযায়ী প্ৰয়োজনীয় পৰিমাণৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰা তথা খেতিয়কৰ মুকলি বজাৰত সামগ্ৰী বিক্ৰী কৰাৰ পৰিবৰ্তে উচ্চ দামত ক’লা বেপাৰীক বিক্ৰী কৰিবলৈ আগ্ৰহী হোৱা।

    এইবাৰ আন এটা তথ্যলৈ মন কৰক – মিয়ামি হেৰল্ড কাকতৰ ২০১৬ চনৰ ১২ জুলাই তাৰিখে প্ৰকাশ পোৱা এটা লেখাত কোৱা হৈছে যে ৰ’জ মাৰ্কেটিং নামৰ মস্কোত মুখ্য কাৰ্যলয় থকা বিজ্ঞাপন আৰু জনসম্পৰ্কৰক্ষাৰ উপদেশ দিয়া সংস্থাটোৱে কৰা এটা সমীক্ষাত প্ৰকাশ কৰিছে যে কিউবানসকলে চৰকাৰী গড় দৰমহাৰ হিচাপতকৈ যথেষ্ট বেছি ধন আহৰণ কৰে। ৫৪ শতাংশ কিউবানে ভাৰতীয় মূল্যত ৩,৪০০ টকাৰ পৰা ১৩,৬০০ টকা, ১২ শতাংশ কিউবানে ১৩, ৬০১ টকাৰ পৰা ৩৪,০০০ টকা, ৪ শতাংশই ৩৪,০০০ কৈ বেছি আৰু ১.৫ শতাংশই ৬৮,০০০ টকাতকৈ বেছি মাহেকীয়া উপাৰ্জন কৰে। ৰ’জ মাৰ্কেটিঙে দাবী কৰামতে তেওঁলোকৰ ভুল হোৱাৰ সম্ভাৱনা +/- ৩ শতাংশ।আন এটা সংযোজন, ট্ৰেডিং ইক’নমিকচৰ তথ্য অনুসৰি কম দুৰ্নীতিগ্ৰস্ত দেশৰ ক্ৰমটোত কিউবাৰ স্থান ৫৬তম ( ভাৰতৰ ৭৬তম)।

     ওপৰৰ কথাখিনিৰ পৰা এটা কথা ক’ব নিশ্চয় পাৰি যে কিউবাতো উপাৰ্জনৰ ক্ষেত্ৰত অসমতা লাহে লাহে বাঢ়িছে।লগতে জীয়াই থাকিবলৈ কৰা সংগ্ৰামখনত বহুতে দুৰ্নীতি-ক’লা বজাৰৰ লগত সম্পৰ্ক ৰাখিবলৈ বাধ্য হৈ পৰিছে।অসমতাৰ প্ৰসংগত ক’ব পাৰি যে বিশেষ কাল(Special Period)ৰ পাচত পৰ্যটন খণ্ডক মুকলি কৰি দিয়াৰ লগে লগে এই খণ্ডটোৰ লগত জড়িত ব্যক্তিসকলৰ উপাৰ্জন কিউবান কনভাৰ্টেবল পেচো (CUC)ৰ মাধ্যমত সমপৰ্যায়ৰ চৰকাৰী চাকৰিয়ালতকৈ বহুত বাঢ়ি যায়{চৰকাৰী চাকৰিয়ালসকলে কিউবান পেচো(CUP)ত দৰমহা পায়} ।ইয়াৰ ওপৰিও বৰ্তমান ৫ লাখ স্বনিয়োজিত ব্যক্তি, কিউবা চৰকাৰ আৰু বিদেশী কোম্পানীয়ে যৌথভাৱে স্থাপন কৰা উদ্যোগত কৰ্মৰত ৫০ হেজাৰ চাকৰিয়ালৰ উপাৰ্জনো চৰকাৰী চাকৰিয়ালৰ তুলনাত বেছি।ইয়াৰ লগতে আৰু সংযোগ কৰিব পাৰি যে বহু কিউবান পৰিয়ালৰ স্বচ্ছ্লতা নিৰ্ভৰশীল বিদেশৰ পৰা আত্মীয় বা বন্ধুৱে পঠোৱা ধনৰ ওপৰত।মিয়ামিস্থিত হাভানা কনচালটিং গ্ৰুপে নিৰূপন কৰা হিচাপ অনুসৰি ২০১৫ বৰ্ষত কিউবালৈ প্ৰেৰিত ধনৰ পৰিমাণ ৩.৫ বিলিয়ন আমেৰিকীয় ডলাৰ ( ভাৰতীয় হিচাপত প্ৰায় ২৩ হেজাৰ ৮০০ কোটি টকা)।

         ২০১৩ চনত প্ৰকাশ হোৱা এনড্ৰিয়া কাৰ্টাৰৰ এক কাৰক অধ্যয়ন(Case Study) – “Cuba’s Food-Rationing and Alternatives” ৰ তথ্যমতে লিব্ৰেটাৰ(কিউবাৰ সুলভ মূল্যৰ ৰেচন) বাবে কিউবাৰ চৰকাৰে ২০১১ চনত নিৰূপণ কৰা খৰচ ভাৰতীয় মূল্যত প্ৰায় ৬৮০০কোটি টকা (২০১৫ চনৰ গাৰ্ডিয়ানত প্ৰকাশ পোৱা এটা বাতৰিমতে সংখ্যাটো বৰ্তমান প্ৰায় ১৩,৬০০কোটি টকাৰ ওচৰা-ওচৰি)। যিটো সংখ্যা কিউবাই সামগ্ৰিকভাৱে কৰা সামাজিক খৰচ (Social Expenditures)ৰ ৪ শতাংশ।এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে সেই একে বৰ্ষত কিউবাই বাজেটৰ সামগ্ৰিক খৰচৰ ৫৫ শতাংশ সামাজিক সেৱাৰ নামত ব্যয় কৰিছিল আৰু যিটো কিউবাৰ মুঠ ঘৰুৱা উৎপাদনৰ ৩১ শতাংশ আছিল।সেই একেখন কাৰক অধ্যয়নত কোৱা হৈছে যে ২০১২ চনত কিউবা চৰকাৰৰ তথ্যমতে কিউবাই দেশখনৰ লাগতিয়াল খাদ্য দ্ৰব্যৰ ৮০ শতাংশ বিদেশৰ পৰা আমদানি কৰে।আনকি দেশখনৰ প্ৰধান খাদ্য শস্য চাউলৰ ৬০ শতাংশ প্ৰয়োজন পূৰণ হয় বিদেশৰ পৰা কৰা আমদানিৰ জৰিয়তেহে।

    ওপৰৰ তথ্যখিনিৰ পৰা এটা কথা প্ৰতীয়মান হয় যে খাদ্য দ্ৰব্যৰ বাবে বিদেশৰ ওচৰত অতি নিৰ্ভৰশীলতাই কিউবাৰ অৰ্থনীতিত ঋণাত্মক প্ৰভাৱ পেলাইছে।এইখিনিত উল্লেখযোগ্য যে বিপ্লবোত্তৰ কিউবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ বাবে সমস্যাৰ সন্মুখীন হ’লেও চোভিয়েটৰ পৰা পোৱা বীজ, সাৰ, দৰব, কৃষিকৰ্মৰ সা-সঁজুলিৰ সহায়ত যথেষ্ট উপকৃত হৈছিল। কিন্তু চোভিয়েটৰ পতনে কিউবাক কৃষি উৎপাদনৰ ক্ষেত্ৰত বিপজ্জনক স্থিতিলৈ ঠেলি দিলে। চৰকাৰেও এই সমস্যাক সমাধান কৰাৰ বাবে সংস্কাৰৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হৈ পৰিল।বিপ্লৱোত্তৰ কিউবাত ফিডেল কাষ্ট্ৰই সকলো ভূমি চৰকাৰীকৰণ কৰি খেতিয়কসকলক চৰকাৰীভাৱে শস্য উৎপাদনৰ লগত জড়িত কৰি তাৰ বিনিময়ত মজুৰি দিয়াৰ ব্যৱস্থা কৰিছিল।ফিডেলৰ পাচত ৰাষ্ট্ৰপতি হৈ সংস্কাৰৰ অংশ হিচাপে ৰাউল কাষ্ট্ৰই সেই ব্যৱস্থাত শিঠিলতা আনি ক্ষুদ্ৰ খেতিয়কক মাটি, বীজ, সাৰ আদি বিতৰণ কৰি অত্যাৱশ্যকীয় খাদ্য উৎপাদনৰ বাবে উৎসাহী কৰিবলৈ যত্ন কৰা দেখা গ’ল।আনকি চৰকাৰীভাৱে চেনি উৎপাদনৰ বাবে ব্যৱহাৰ হোৱা কুঁহিয়াৰ খেতিৰ মাটি সংকুচিত কৰি হ’লেও ব্যক্তিগত কৃষিকৰ্মক গুৰুত্ব দিয়া দেখা গ’ল।বহু বিশেষজ্ঞৰ মতে কিউবাৰ কৃষি খণ্ডত আন্ত:গাঁথনি উন্নয়ণৰ বাবে বিশাল বিনিয়োগৰ প্ৰয়োজন আছে। যি পৰিমাণৰ বিনিয়োগ কৰিবলৈ বৰ্তমান পৰিস্থিতিত কিউবা অসমৰ্থ। আন এক যুক্তি অনুসৰি লিব্ৰেটাৰ এটা উল্লেখযোগ্য ঋণাত্মক প্ৰভাৱ হৈছে কৃষকক, সামগ্ৰিকভাৱে সকলো শ্ৰমজীৱি মানুহক কষ্টকৰ কামৰ প্ৰতি নিৰুৎসাহ কৰা। এই ব্যৱস্থা ১৯৬২ চনত আৰম্ভ কৰাৰ প্ৰধান কাৰণ আছিল সেই সময়ত খাদ্য দ্ৰব্যৰ যোগান আৰু চাহিদাৰ অসমতা আৰু আমেৰিকাৰ আৰ্থিক নিষেধাজ্ঞা।কিন্তু কালক্ৰমত দেখা গ’ল অৰ্ধ শতিকাতকৈ অধিককাল জুৰি প্ৰকৃত দামৰ তুলনাত অতি সস্তাত খাদ্য দ্ৰব্য উপভোগ কৰি কিউবানসকল এই ৰেচন ব্যৱস্থাটোৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিল। ২০১০ চনত ৰাউল কাষ্ট্ৰই কৈছিল – “কিউবাই একমাত্ৰ দেশ য’ত তুমি জীয়াই থাকিবলৈ কাম কৰাৰ আৱশ্যক নাই”। কথাটো আমাৰ ইয়াত ৩ টকীয়া চাউলে গাওঁৰ খেতি পথাৰত কাম কৰিবলৈ মানুহ নোহোৱা হোৱাৰ লগত ৰিজাব পাৰি। পৰোক্ষভাৱে হ’লেও লিব্ৰেটাই কিউবাত কৃষিৰ উৎপাদনশীলতাত পেলোৱা প্ৰভাৱক নুই কৰিব নোৱাৰি।

       কিউবাত ৰেচনৰ সুফল সকলোলৈকে। মানে কিউবাৰ আটাইতকৈ দুখীয়া ব্যক্তিজনৰ বাবে যি, আটাইতকৈ ধনী মানুহজনেও লিব্ৰেটাৰ পৰা একেই সুবিধা পায়। সঁচা কথা যে দুখীয়া, অৱসৰপ্ৰাপ্ত পেন্সনভোগী, কম দৰমহা পোৱা চাকৰিয়ালে এই আঁচনিৰ প্ৰয়োজন এতিয়াও কিউবাত অতীব। কিন্তু উচ্চ হাৰত আয় কৰা বহু ব্যক্তিক এই লিব্ৰেটাৰ সুবিধা দি থকাটো চৰকাৰী খৰচৰ এটা ডাঙৰ অপচয়।ভাৰতত সফল-অসফল পিচৰ কথা, নিম্ন আয়ৰ মানুহক সকাহ দিবলৈ কৰা প্ৰয়াসত উপাৰ্জনৰ এটা উচ্চসীমা বান্ধি দিয়া আছে।কিন্তু ইয়াৰ বিপৰীতে কিউবাৰ চৰকাৰে তেনে ব্যৱস্থাপনা এতিয়াও আৰম্ভ কৰিব পৰা নাই।সমালোচনা হৈছে যে কোন ব্যক্তিৰ কিমান উপাৰ্জন তাৰ প্ৰকৃত তথ্য তেওঁলোকৰ হাততে নাই। ক’লা বজাৰৰ উপাৰ্জনৰ বাদেও বিদেশৰ পৰা পঠোৱা ধনো ইয়াৰ অন্যতম মূল কাৰণ।বিশিষ্ট অৰ্থনীতিবিদ তথা পিটছবাৰ্গ ইউনিভাৰ্ছিটিৰ অৰ্থনীতি আৰু লেটিন আমেৰিকা অধ্যয়নৰ প্ৰফেচৰ এমেৰিটাছ কাৰ্মেলো মেছা-লাগো (Carmelo Mesa-Lago)ই ২০০৬ চনতে দাঙি ধৰা তথ্য অনুসৰি ৬২ শতাংশ কিউবাৰ নাগৰিক

One thought on “কিউবাৰ অৰ্থনীতিত এভূমুকি: ভাস্কৰ জ্যোতি বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!