এটা দহ টকা আৰু দুখন সংসাৰ ( লক্ষ্য জ্যোতি নাথ)


[খণ্ড-১]
ৰিক্সাৱালা : দাদা আৰু দহ টকা দিয়ক, এতিয়া ভাৰা ৩০ টকা হ’ল।
ব্যক্তি : এই হ’ব যা! আমি ২০ টকা দি দিয়ে আহোঁ সদায়।
: দাদা ২০ টকা ছমাহ আগত আছিল, আৰু দহ টকা দিয়ক, ৰাস্তাও বেয়া, বস্তুৰ দাম বাঢ়িল, গতিকে ২০ টকাত নোপোচায়।
: এই যা না তই, আৰু ১০ টকা নিদিওঁ, লেক্‌চাৰ নিদিবি, ১০ টকাত তই মৰি নাযাৱ…
[খণ্ড-২]
: দেউতা দেউতা ১০ টকা এটা দিয়াচোন।
: (সেইজন মানুহেই) কিয় মাজনী?
: চকলেট খাম।
: লোৱা এইটো, ৰাস্তাৰ কাষেদি যাবা দেই।
[খণ্ড-৩]
(সন্ধিয়া সময়ত)
দোকানী : ঐ, তোৰ ৮০ টকা হ’ল।
: (ৰিক্সাৱালা জন) এইটো লওক মালিক। মালিক আজি পইছা অলপ কম হ’ল, মিঠাতেল ১০ টকাৰ দিয়কচোন বাকীকৈ, পইছা কাইলৈ দিম।
: নাই নাই বাকী নিদিওঁ, কাইলে পইছা হ’লে নিবি।
: মালিক আজিৰ বাবে দিয়ক, ঘৰত অকণো তেল নাই।
: বাকী নিদিওঁ বুলি কোৱা নাই, যা কাইলে নিবি, মাথা নাখাবি ইয়াত।
[খণ্ড-৪]
: (সেই মানুহজনৰ জীয়েক দোকানত আহি) খুৰা ২০ টকীয়া চকলেট এটা দিয়ক।
: কোনটো লাগিব মাজনী?
: ডেইৰী-মিল্ক দিয়ক।
: লোৱা এইটো…
: খুৰা এতিয়া ১০ টকা দিছোঁ, দহ টকা লিখি থওক, দেউতাই দিব।
: ঠিক আছে, মই লিখি থৈছোঁ, আকৌ আহিবা দেই মাজনী।
[খণ্ড-৫]
: (ৰিক্সাৱালা জনৰ পত্নী) আজিও তেল অকণ নানিলে আপুনি?
: পইছা নুকুলালে অ’, দোকানীটোক ১০ টকাৰ তেল বাকীকৈ খুজিলোঁ, নিদিলে। দুখীয়া ৰিক্সাৱালা, ঠেলাৱালা মানুহ আমি ক’ত দিব!
: আদি দিনটো ল’ৰা-ছোৱালী হালক আলু সিজাই খুৱাইছোঁ, দেখিছেনে হালেই কেনেকে কান্দি আছে, সিজোৱা বস্তু কিমান খাব, আমি নাখাই থাকিব পাৰিলেও সিহঁতে তেনেকৈ নোৱাৰে নহয়!
[খণ্ড-৬]
: (ৰিক্সাৱালাক ১০ টকা নিদিয়া মানুহজনৰ পত্নী) হেৰি ছোৱালীজনীক কি আনি দিলেনো মনটো ইমান ভাল যে?
: এই চকলেট খাওঁ বোলাত মই ১০ টকা দিলোঁ। তাই গৈ ২০ টকীয়া চকলেট আনিলেগৈ দেখিছা মোৰ নামত বাকী কৰি।
: হেঃ হেঃ হয় নেকি! হওক দিয়ক, তাই সুখী মানেই আমি সুখী।
(এই খনেই আমাৰ সমাজ! কাহিনীটো বুজিবলৈ অলপ অসুবিধা হ’ব পাৰে, আৰু এবাৰ পঢ়িলে কি বুজাব বিচাৰিছোঁ নিশ্চয় বুজিব। ৰিক্সাৱালাক ১০ টকা নিদিয়া মানুহবোৰ সাধাৰণতে আমাৰ দৰে শিক্ষিত মধ্যবিত্ত বা ধনী ঘৰৰ ব্যক্তিয়েই। এটা দহ টকা এজন ৰিক্সাৱালা, ঠেলাৱালা, মজুৰী কৰা দুখীয়া মানুহৰ বাবে ১০০ টকাৰ সমান। আমি এটা চকলেট বা ক’ল্ড ড্ৰিংকচ্ ২০ টকা দি খাই ২ মিনিটত উৰুৱাই দিওঁ, কিন্তু সেই ২০ টকা দি এজন তেনে ধৰণৰ মানুহে ১ কেজি চাউল কিনি ঘৰখনৰ এখাজ খাদ্য গোটাবহে পাৰে। আপোনাৰ টকা আছে বাবে ২০ টকা নালাগে ২০০০ টকা দি খাওক, কিন্তু তেনে মানুহক প্ৰাপ্য ১০-২০ খুজিলে দি দিব, তাকেহে এই লেখাটোৰ মাজেৰে বুজাবলৈ বিচাৰিছোঁ।)

2 thoughts on “এটা দহ টকা আৰু দুখন সংসাৰ ( লক্ষ্য জ্যোতি নাথ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!