পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (৬):অচিন্ত বৰঠাকুৰ

(দেওবৰীয়া বিশেষ)

“টোপনিৰ চিকুণ পুৱা, মুখৰ চিকুণ গুৱা”

পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু তামোল-পাণৰ মাজৰ সম্পৰ্ক বহু পুৰণি। অসমীয়া সমাজত তামোল পাণৰ পৰিষ্কাৰ-পৰিচ্ছন্ন ব্যৱহাৰ আৰু মৰ্যাদাৰ কথা নতুনকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই। অসমত মুহুদি হিচাবে সাধাৰণ ঘৰুৱা ব্যৱহাৰৰ পৰা ৰীতি-নীতি জড়িত সামাজিক অনুষ্ঠানৰ গাম্ভীৰ্যপূৰ্ণ পৰিৱেশলৈকে তামোল-পাণৰ উপস্থিতিৰ চিত্ৰখন বিশ্বৰ ভিতৰতেই লেখত ল’বলগীয়া। মঙহাল বাকলিৰ দ্বাৰা আবৃত তামোলৰ ফলৰ খাদ্যোপযোগী অংশ মাটিৰ পৰা কেইবাহাতো ওপৰত পোৱা পাণলতাৰ পাতবিলাকক দেখাতেই পৰিষ্কাৰ যেন লাগে। তামোলৰ পাতৰ পৰা অন্যান্য সা-সামগ্ৰীৰ উপৰিও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আহিলা, “ঝাড়ু” তৈয়াৰ কৰি চোতাল সৰা কাৰ্যত বহুলভাৱে ব্যৱহাৰ কৰা হয়। আচৰিত কথা যে, উদ্ভিদ হ’লেও তামোল আৰু পাণ পৰিষ্কাৰ পৰিৱেশৰ বাসিন্দা হৈহে সুখী হ’ব পাৰে। কোৱা হয়ঃ

“লাগে তামোল নালাগে, নালাগে তামোল লাগে”,
“পঢ়ায়, পঢ়ে, ৰোৱে পাণ; এই তিনিয়ে নিচিন্তে আন”

অৰ্থাৎ, অধিক উৎপাদনৰ বাবে তামোলৰ বাৰী সেৰেঙা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আৰু পাণৰ খেতিৰ বাবে কৃষকৰ মনৰ একাগ্ৰতাৰ প্ৰয়োজন অতি বেছি।
পিছে, কেঁচা বা পকা অৱস্থাত পোৱা তামোলক পৰিষ্কাৰ যেন লাগিলেও গোৰাই থোৱা তামোলৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই ইয়াক একে আষাৰে পৰিষ্কাৰ সামগ্ৰী বুলি কোৱাত বাধাও প্ৰদান কৰে। সাধাৰণভাবে, কেঁচা বা পকা পাণক পৰিষ্কাৰ সামগ্ৰী যেন লাগিলেও ইয়াৰ সংস্পৰ্শলৈ অহা কাপোৰত ই যি ধৰণে দাগ লগায়, সেইফালৰ পৰা চাবলৈ গ’লে পাণকো সকলো সময়তে পৰিষ্কাৰ বুলি মানি ল’লে বিপদত পৰাৰ সম্ভাৱনাই অধিক। এই তামোল আৰু পাণৰ সৈতে এক নিৰ্দিষ্ট “কাৰখানা”ত চূণ, ধঁপাত আৰু মানুহৰ লালটি মিহলি হ’লে যি ৰঙীণ তৰল পদাৰ্থৰ সৃষ্টি হয়, সেয়া খোৱাৰ উপযোগী হ’লেও কাৰখানাৰ বাহিৰত তাক চূড়ান্ত অপৰিষ্কাৰ সামগ্ৰী বুলি গণ্য কৰা হয়। পৃথিৱীৰ বহুতো দেশত তামোল আৰু পাণক পৰম্পৰাগতভাবে সন্মানজনক স্থানত ৰখা হয় যদিও তামোলৰ পিকৰ প্ৰতি কিন্তু সৰ্বত্ৰ অপৰিষ্কাৰ মনোভাৱেই বিৰাজমান। এইবিলাকৰ উপৰিও অসম মুলুকত তামোল-পাণৰ সৈতে খাবলৈ ব্যৱহাৰ কৰা চূণৰ অতিৰিক্ত অংশটো হাতেৰে ঢুকি পোৱা যিকোনো স্থানতে সানি থোৱাৰ অভ্যাসে তামোল-পাণৰ অন্য এক অপৰিচ্ছন্ন উপজাতলৈ আঙুলিয়াই দেখুৱায়। নিয়মিত আৰু অত্যাধিক পৰিমাণে তামোল সেৱন কৰা লোকসকলৰ দাঁত, ওঁঠ আৰু মূখগহ্বৰৰ পৰিচ্ছন্নতা বিলোপ হয়। দেৱাল বা মজিয়াত সচৰাচৰ দেখা পোৱা তামোলৰ পিকৰ ৰঙ বা চূণৰ প্ৰলেপ আঁতৰাই পৰিষ্কাৰ কৰাটো কিমান দুৰূহ কাৰ্য, সেয়া দুনাই কোৱাৰ প্ৰয়োজন নাই।
লোক-কথা অনুসৰি তামোল আৰু পাণৰ জন্মকাহিনীও কিছু পৰিমাণে অপৰিষ্কাৰ। সংগোপনে বিজেতা নামে নাৰীৰ ঘৰলৈ গৈ ৰাধাৰ হাতত ধৰা পৰাৰ ভয়ত তামোল গছৰ ৰূপ লোৱা শ্ৰীকৃষ্ণৰ গাত পাণৰ ৰূপ লৈ বিজেতাই মেৰিয়াই ধৰাৰ আখ্যানে তামোলৰ উৎপত্তিৰ আঁৰত কৃষ্ণ আৰু বিজেতাৰ এক অপৰিষ্কাৰ সম্পৰ্কৰ কথা মনলৈ আনে। সময়ত তামোলগছ পৰিষ্কাৰ-পৰিচ্ছন্ন বৈকুণ্ঠৰ বাসিন্দা আৰু তামোল গছৰ ফলবিলাক দেৱভোগ্য সম্পদ হৈ পৰিছিল। পিছে, সঘনাই বৈকুণ্ঠ ভ্ৰমণত যোৱা নাৰদ মুণিয়ে এবাৰ বৈকুণ্ঠত এই ফলৰ সোৱাদ পাই বোলে তাৰে এটা নিজৰ গুহ্যপথত লুকুৱাই মনে মনে মৰ্ত্যলৈ লৈ আহিছিল। আজি পৃথিৱীত পোৱা তামোলৰ গছ বা ফলবিলাক নাৰদমুণিৰ অপৰিচ্ছন্ন অংগৰে কঢ়িওৱা অপৰিষ্কাৰ কাৰ্যৰে সুফল।
পৰীক্ষাগাৰত কৰা অধ্যয়নৰ জৰিয়তে পোৱা তথ্য অনুসৰি, তামোলত সাধাৰণতে পোৱা সক্ৰিয় ৰসায়নিক উপাদান সমূহৰ ভিতৰত এৰিকাইডাইন (Arecaidine), এৰিকেইণ (Arecaine), গুভাচাইন (Guvacine) আদি এলকালয়ড আৰু আৰু কেইবিধমান ক্ল’ৰাইড লৱণেই মূল। তেনেদৰে, পাণত ছেভিকল (Chavicol), এলাইল পাইৰ’কেথেকল (Allyl pyrocathechol), ছেভিবিটল (Chavibetol), ইউগেনল (Eugenol) আৰু কেডিনিন (Cadinene) থাকে। আকৌ, চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) আৰু মানুহৰ লালটিৰ সংস্পৰ্শলৈ আহিলে তামোলে এক ৰসায়নিক বিক্ৰিয়াৰ জৰিয়তে এৰিক’লিন (Arecoline) নামৰ উদ্বায়ী পদাৰ্থৰ সৃষ্টি কৰে। এই এৰিক’লিনে মানুহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ (Central Nervous System)ৰ বাবে এক মৃদু উত্তেজক হিচাবে কাম কৰে। এৰিক’লিন আৰু পাণত থকা ইউগেনলৰ মানুহৰ ৰক্তবাহী নলীসমূহক সংকুচিত কৰাৰ ক্ষমতা আছে। সেয়েহে, ইয়াৰ সেৱনে মানুহৰ শ্বাস-প্ৰশ্বাসৰ গতি কিছু পৰিমাণে দ্ৰুততৰ কৰি তোলে আৰু সামান্য পৰিমাণে শৰীৰৰ উষ্ণতাও বৃদ্ধি কৰে। তামোলৰ লগত যোগ কৰা ধপাতত নিক’টিন নামৰ আন এক নিচাযুক্ত দ্ৰব্য থাকে। উল্লেখযোগ্য যে, তামোলৰ পিকৰ বিশিষ্ট ৰঙা ৰঙৰ বাবে ওপৰোক্ত সকলোবিধৰ ৰসায়নিক পদাৰ্থই কম-বেছি পৰিমাণে দায়ী।
তামোলৰ কঠিন টুকুৰাই বা পাণৰ লগত ব্যৱহাৰ কৰা চূণৰ আধিক্যই মূখৰ ভিতৰত মাজে-সময়ে ঘাঁ লগোৱাটো সাধাৰণ ঘটনা। কিছুমান তামোলে সেৱনকাৰীৰ মূৰঘূৰণি, চৰ্চৰণি, তৃষ্ণাবৰ্ধণ আদি সাময়িক সমস্যাৰ সৃষ্টি কৰে। বিজ্ঞানসন্মত অধ্যয়নৰ মতে তামোল-পাণৰ সেৱন মানুহৰ বাবে কেন্সাৰৰ কাৰক (Carcinogenic) হ’ব পাৰে। দীৰ্ঘদিন ধৰি তামোল সেৱন কৰা লোকৰ মুখগহবৰ, দাঁতৰ আলু, ফেৰিংছ, ইছ’ফেগাছ আৰু পাকস্থলীকে ধৰি খাদ্যনলীৰ বিভিন্ন অংশত কেন্সাৰ ৰোগ হোৱাৰ আশংকা অধিক। বিশুদ্ধ তামোল-পাণতকৈ তাৰ সৈতে ব্যৱহাৰ কৰা অন্যান্য অনুপান সামগ্ৰীবিলাকে (Additives) এনে আশংকা আৰু অধিক কৰি তোলে। ইয়াৰ উপৰিও তামোল-পাণৰ অত্যাধিক সেৱনে উচ্চ-ৰক্তচাপ, মধুমেহ, হাপানী, হাওঁফাওঁ আৰু শ্লেষ্মাজনিত অসুখ, প্ৰষ্টেটৰ সমস্যা আদি বিভিন্ন ধৰণৰ ৰোগৰো সৃষ্টি কৰিব পাৰে। কোনো কোনো ক্ষেত্ৰত তামোল-পাণৰ অত্যাধিক সেৱনে মানসিক ভাৰসাম্য নষ্ট কৰাৰ প্ৰমাণো পোৱা গৈছে। তামোলৰ প্ৰতি অত্যাধিক আসক্তি বা নিচাও তেনেধৰণৰ এক মানসিক বিসংগতি বুলি কোনো কোনোৱে ক’ব খোজে। কিছুমান অধ্যয়নত তামোল-পাণ সেৱনৰ ফলত গৰ্ভৱতী নাৰীৰ গৰ্ভনাশ, গৰ্ভকালৰ হ্ৰস্বতা, গৰ্ভস্থ শিশুৰ ওজন হ্ৰাস আদিৰ দৰে সমস্যাও দেখা পোৱা গৈছে।
তামোল-পাণৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিৰুদ্ধে ইমানবোৰ কথা আৱিষ্কাৰ হোৱাৰ পিছতো ইয়াৰ জনপ্ৰিয়তা ম্লান হোৱা নাই। বহুতো চিকিৎসাবিধিত তামোল-পাণক ঔষধ হিচাবে জ্ঞান কৰা হয়। আন কিছুমান পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে দেখা গৈছে যে মানুহৰ বোধ আৰু স্মৃতিশক্তি বঢ়োৱাত এৰিক’লিনে কিছু পৰিমাণে সহায় কৰিব পাৰে। আন এক অধ্যয়নৰ মতে, ই মানুহৰ দেহত থকা পৰজীৱী অণুজীৱ সমূহক নাশ কৰি হজম শক্তিতো সুপ্ৰভাৱ পেলাব পাৰে। আয়ুৰ্বেদ শাস্ত্ৰত তামোল-পাণক মুখৰ দুৰ্গন্ধ নাশৰ বাবে মহৌষধ বুলি কোৱা হৈছে। ইয়াক দাঁত আৰু তালুৰ ব্যায়ামৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। কোনো কোনো স্থানত তামোলৰ পৰা তৈয়াৰী দন্তমঞ্জন দাঁত মজিবৰ বাবে ব্যৱহাৰ কৰা হয়। পাণৰ পৰা তৈয়াৰী আৱশ্যকীয় তেল (Essential Oil)ক প্ৰতিপকনী(Antiseptic) হিচাবে, তেজ খমা বন্ধাত (Coagulant), বেক্টেৰিয়া আৰু ভেঁকুৰনাশী হিচাবে আনকি শ্বাস-প্ৰশ্বাসজনিত সমস্যাতো ব্যৱহাৰ কৰা হয়। ইয়াক গন্ধ চিকিৎসা (Aroma Therapy)ত ব্যৱহাৰৰ বাবেও চিন্তা-চৰ্চা কৰি থকা হৈছে।
মাইক্ৰ’ৱেভ তৰংগৰ সহযোগত ৰূপ বা ছিলভাৰ নামৰ মৌলবিধৰ পৰা দ্ৰুত জৈৱিক সংশ্লেষণ পদ্ধতিৰে ছিলভাৰৰ নেন’ কণিকা তৈয়াৰ কৰাৰ বাবে তামোলৰ গুৰিৰ নিষ্কাশক অনুঘটক হিচাবে ব্যৱহাৰ কৰি সফলতা লাভ কৰা হৈছে। এই প্ৰক্ৰিয়াত চিলভাৰ অণুসমূহক বিজাৰিত কৰি কিছুমান নেন’ কণিকালৈ পৰিৱৰ্তিত কৰা হয়, যিবিলাকক বেক্তেৰিয়ানাশী ঔষধ (antibacterial) হিচাবে বহুলভাবে প্ৰয়োগ কৰিব পৰা যায় বুলি অধ্যয়নে কয়।
তামোলৰ পিক্ অপৰিষ্কাৰ সামগ্ৰী। চালে চকু ৰোৱা বহুমহলীয়া অট্টালিকাৰ চিৰিৰ চুকৰ পৰা জুপুৰীঘৰৰ পানীপোতালৈকে ই সৃষ্টি কৰা অপৰিষ্কাৰ দাগৰ বাবে চৌপাশৰ সৌন্দৰ্য বেয়াকৈ হানি হয়। পিছে, মূলতঃ অপৰিষ্কাৰ যেন লাগিলেও আচলতে তামোলে যে মানুহৰ লালটিগ্ৰন্থিক অধিক সক্ৰিয় কৰি তোলে, ই তাৰ এক প্ৰমাণহে। তামোল খোৱা লোকৰ লালটিৰ পৰিমাণ অধিক হয় বাবে ই খাদ্য পাচনত সহায় কৰে আৰু পেট পৰিষ্কাৰ ৰখাত সহায় কৰে। তামোলৰ পৰা তৈয়াৰ কৰিব পৰা এৰিক’লিন হাইড্ৰ’ব্ৰ’মাইড নামৰ লৱণবিধ লালটি গ্ৰন্থিৰ চিকিৎসাৰ বাবে সচৰাচৰ ব্যৱহাৰ কৰা পাইল’কাৰ্পাইনতকৈও অতি উত্তম উত্তেজক হিচাবে প্ৰমাণিত হৈছে। একেটা লৱণেই আকৌ কোষ্ঠকাঠিণ্যৰ চিকিৎসাত লেছেৰাইনতকৈও উত্তম ৰেচক হিচাবে কাম কৰা পৰিলক্ষিত হৈছে। এৰিক’লিন হাইড্ৰ’ব্ৰ’মাইডক ঘোৰাৰ পেটৰ অসুখৰ (colic in horses) চিকিৎসাৰ বাবেও বহুলভাবে ব্যৱহাৰ কৰা হয়। তামোলৰ ফলৰ গুড়ি চীন আৰু ভাৰতৰ কোনো কোনো স্থানত মানুহ আৰু অন্যান্য পোহনীয়া জীৱ-জন্তুৰ দেহত থকা কৃমি, ফিটাপেলু, ঘূৰণীয়া পেলু আৰু অন্যান্য অন্ত্ৰীয় জীৱাণু নাশৰ বাবেও ব্যৱহাৰ কৰা হয় বুলি জনা যায়। ইয়াক বগা দাগ (leucoderma), মৃগী, কাহ, ৰক্তহীনতা আৰু মেদবহুলতা, খজুৱতি, চাইন’ছাইটিছ, নাকৰ ৰক্তক্ষৰণ আদিৰ চিকিৎসাৰ বাবেও ঐতিহাসিক কালৰ পৰা ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়। তামোলৰ কুমলীয়া পাতৰ ৰস গাত ঘঁহা তেলৰ সৈতে মিহলাই ঘঁহিলে কঁকালৰ বিষৰ পৰা সকাহ পোৱা যায়। ইয়াৰ শিপাৰ পৰা তৈয়াৰ কৰা কঠ শীতকালীন ফটা ওঁঠৰ চিকিৎসাত গুণদায়ক। তামোল আৰু পাণৰ লগত খাবলৈ ব্যৱহাৰ কৰা চূণে ভাৰতীয় লোকৰ দেহত কেলছিয়ামৰ প্ৰয়োজন পূৰ কৰা দেখিবলৈ পোৱা যায়। তামোলৰ ৰস নিৰ্দিষ্ট পৰিমাণত প্ৰয়োগ কৰি দাঁতৰ আলুৰ পৰা তেজ ওলোৱা বন্ধ কৰিব পৰা যায়। তামোলৰ কঠৰ দ্ৰৱৰে শস্যৰ বীজ শোধন কৰিব পাৰি। ঘণীভূত অৱস্থাত থকা এৰিক’লিনক কীটানুনাশক হিচাবেও কাম কৰে।
অপৈণত তামোলত যথেষ্ট পৰিমাণে টেনিন্ থাকে। কেঁচা তামোল খুন্দি তাৰ ৰসৰ পৰা অধঃক্ষেপ হিচাবে টেনিন আহৰণ কৰিব পাৰি। এইবিধ টেনিনক কাপোৰ, ৰচী, চামৰা আদি ৰং কৰাত ব্যৱহাৰ কৰা হয়। ই কাঠৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা কাঠতেলৰ বিকল্প হিচাবে আৰু বিভিন্ন ঘৰুৱা সা-সামগ্ৰীৰ ওপৰত ৰং কৰা কাৰ্যতো ব্যৱহাৰ কৰাৰ বাবে উপযোগী। খাদ্যবস্তুত ৰং কৰা কাৰ্যত ইয়াক নিৰ্ভয়ে প্ৰয়োগ কৰিব পাৰি। ক’লা চিঞাহী প্ৰস্তুতকৰণ উদ্যোগতো বাণিজ্যিকভাবে ইয়াৰ ব্যৱহাৰৰ বিষয়ে অনুসন্ধান চলি আছে। আঠা উৎপাদনৰ ক্ষেত্ৰতো তামোলৰ পৰা নিষ্কাষিত টেনিনক ব্যৱহাৰ কৰিব পাৰি। এনে আঠাক সচৰাচৰ ঘৰুৱা ব্যৱহাৰৰ উপৰিও প্লাইব’ৰ্ড কাৰখানাতো ব্যৱহাৰ কৰি সুফল পোৱা গৈছে। তামোলৰ পৰা নিষ্কাষিত টেনিনক সুৰা উদ্যোগত ব্যৱহাৰ কৰিও সফলতা পোৱা গৈছে।
তামোলত ৮ৰ পৰা ১০ শতাংশ স্নেহজাতীয় সামগ্ৰী পোৱা যায়। নিৰ্দ্দিষ্ট উপায়েৰে আহৰণ আৰু ঘণীভৱণ কৰা এনে স্নেহজাতীয় পদাৰ্থসমূহক বনস্পতি তেল হিচাবে বিশুদ্ধ ৰূপত বা অন্য স্নেহসামগ্ৰীৰ সৈতে মিহলাই মিঠাই আৰু বিস্কুট উদ্যোগত ব্যৱহাৰ কৰিব পাৰি। তামোলৰ পৰা তৈয়াৰী এনে বনস্পতি তেলৰ স্বাদ আৰু মিঠাইৰ গুণাগুণ অতি উৎকৃষ্ট বুলি প্ৰমাণিত হৈছে।
তামোলৰ বাকলি এবিধ অপৰিষ্কাৰ সামগ্ৰী। তামোলৰ ফলটোৰ মুঠ ওজন আৰু আয়তনৰ প্ৰায় ৪০-৭০% দখল কৰি থাকে কেৱল বীজটোৰ বাকলিটোৱে। এক সমীক্ষা মতে ভাৰতবৰ্ষই প্ৰতি বছৰে গড়ে প্ৰায় ডেৰ লাখ টনতকৈও অধিক তামোলৰ বাকলি উৎপাদন কৰে। তামোলৰ বাকলিত সহজে পচি নোযোৱা আঁহ জাতীয় সামগ্ৰীৰ আধিক্যৰ বাবে এই বৃহৎ পৰিমাণৰ জাৱৰে দেশখনত সমস্যাৰ সৃষ্টি নকৰাও নহয়। অৱশ্যে শেহতীয়াকৈ চলোৱা অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষাই প্ৰমাণ কৰিব পাৰিছে যে অপৰিষ্কাৰ যেন লাগিলেও আচলতে তামোলৰ ফলৰ বাকলিৰ উপযোগীতাও বহুত। তামোলৰ বাকলিত ১ৰ পৰা ১.১% নাইট্ৰ’জেন, ০.৪-০.৫% ফছফৰাছ অক্সাইড আৰু ১-০.৫% পটাছিয়াম অক্সাইড পোৱা যায় বাবে ইয়াক সাৰ হিচাবে প্ৰয়োগ কৰিব পাৰি। অৱশ্যে, আঁহবিলাক সহজে পচি নাযায় বাবে ইয়াক সকলোধৰণৰ খেতিত ব্যৱহাৰ কৰাত অসুবিধা আছে। ইণ্ডোনেছিয়া আৰু ফিলিপাইনছত তামোলৰ বাকলিৰ পৰা নিৰ্মিত দাঁতোন বহুলভাবে জনপ্ৰিয়। আঁহজাতীয় সামগ্ৰীসমূহ ব্যৱহাৰ কৰি হাৰ্ডব’ৰ্ড, গাদী, কুশ্যন, খাদ্য মেৰিওৱা কাগজ আদি ব্যৱহাৰ কৰিব পাৰি। তামোলৰ বাকলিয়ে তাপীয় অন্তৰক (Thermal Insulator) হিচাবে ভাল কাম কৰে। কাঠফুলাৰ খেতিতো ইয়াক খেৰৰ ভাল বিকল্প হিচাবে ব্যৱহাৰ কৰিব পাৰি। কাৰ্পেট, পাওপোচ, বাচন ধোৱা জাৱৰ আদিৰ উপৰিও পিন্ধা আৰু নিপিন্ধা কাপোৰ তৈয়াৰী কৰাতো ইয়াক ব্যৱহাৰ কৰিব পাৰি। তামোলৰ বাকলিৰ আঁহক বিভিন্ন অনুপাতত অন্য আঁহৰ লগত মিহলাই পৰ্দা, টেবুল কাপোৰ, মোনা আদিও তৈয়াৰ কৰা হৈছে। কেৰালাৰ যুৱক জৰ্জি চানী চন্দ্ৰনকুন্নেলে ৭০% তামোলৰ বাকলিৰ আঁহৰ লগত ৩০% কপাহ মিহলি কৰি সুন্দৰ আৰু পৰিষ্কাৰ শাৰী আৰু ছোলাৰ কাপোৰ তৈয়াৰ কৰি দেখুৱাইছে।
তামোলৰ বাকলিৰ এইসমূহ পৰিচ্ছন্ন প্ৰয়োগৰ উপৰি শেহতীয়াকৈ অন্য এক গুৰুত্বপূৰ্ণ উপযোগিতাৰ বিষয়ে জানিব পৰা গৈছে। ২০১২ বৰ্ষত ঢাকা বিশ্ববিদ্যালয়ত হোৱা এক গৱেষণামূলক অধ্যয়নৰ জৰিয়তে তামোলৰ বাকলি জলীয় অৱস্থাত থকা ক্ৰমিয়াম (Cr-III), কেডমিয়াম (Cd-II), লে’ড (Pb-II) আদি গধুৰ ধাতুৰ বাবে এক অতি উত্তম অধিশোষক বুলি প্ৰমাণ পোৱা গৈছে। বস্ত্ৰ, ৰঞ্জক, বেটেৰী, তীখা, কাগজ, সাৰ আদি উৎপাদন কৰা উদ্যোগবিলাকৰ পৰা এৰি দিয়া পানীত এইসমূহ ধাতু মিহলি হৈ থাকে আৰু তেনে পানীয়ে উদ্ভিদ আৰু জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। তেনেধৰণৰ ঔদ্যোগিক পানীৰ পৰা গধুৰ ধাতুসমূহ আঁতৰ কৰিবৰ বাবে সৰ্বসাধাৰণতে ব্যৱহাৰ হোৱা সক্ৰিয়কৃত কাৰ্বন (Activated Carbon) ৰ ব্যৱস্থা অতি খৰচী। তামোলৰ বাকলিৰ পৰা অতি কম খৰচতে বিকল্প অধিশোষক উৎপাদন কৰিব পৰা যায়। এইবিধ অধিশোষকৰ পৃষ্ঠকালি বৃহত্তৰ হয় আৰু তাত থকা ৰন্ধ্ৰবিলাকৰ আকাৰ গধুৰ ধাতুৰ আয়নসমূহ খাপ খাই পৰিব পৰাকৈ উপযুক্ত হয়। ইয়াৰ উপৰিও, তেনে কাৰ্বনপৃষ্ঠত অতিৰিক্তকৈ >C=O, >S=O, -O-H আদি কাৰ্যকৰী মূলকো থাকে। এনেধৰণৰ কাৰ্যকৰী মূলকৰ উপস্থিতিয়ে এইবিধ অধিশোষণত অতিৰিক্ত সহায়তা আগবঢ়ায়। বিশ্ববিদ্যালয়খনৰ ৰসায়ন বিজ্ঞানীৰ দলটিয়ে পৰীক্ষাগাৰৰ বিশেষ অৱস্থাত এইবিধ অধিশোষকৰ দ্বাৰা দূষিত পানীৰ পৰা সৰ্বাধিক ৯৬ৰ পৰা ৯৮ শতাংশ পৰ্যন্ত গধুৰ ধাতু অধিশোষণ কৰাই দেখুৱাইছে। ইতিপূৰ্বে বাদাম বা নাৰিকলৰ বাকলি, তুঁহগুৰি, জলফাইৰ মণ্ড আদি ব্যৱহাৰ কৰিও ঔদ্যোগিক পানীৰ পৰা গধুৰ ধাতু আঁতৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল যদিও সিবিলাকতকৈ তামোলৰ বাকলিৰ ব্যৱহাৰ কম খৰচী, সহজলভ্য আৰু অধিক ফলপ্ৰসূ হোৱা বাবে ঔদ্যোগিক পানীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত তামোলৰ বাকলিৰ এই প্ৰয়োগ অতি সোনকালে জনপ্ৰিয় হৈ উঠাৰ আশা আছে।
অনেক সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিলেও তামোলৰ ঢকুৱা বা পাতক পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষাৰ কামতো ব্যৱহাৰ কৰা হয় অসম মুলুকত। তামোলৰ পাতৰ পৰা অতি সহজে তৈয়াৰ কৰিব পৰা ঝাড়ু চোতাল সাৰিবৰ বাবে অতি উত্তম আহিলা। তামোল পচোৱা গাঁতত মাটিৰ পৰা তামোলক পৃথক কৰি ৰাখিবলৈ তামোলৰ ঢকুৱা আৰু পাতক অন্তৰক হিচাবে ব্যৱহাৰ কৰা হয়। তামোলৰ ঢকুৱাৰ পৰা ঘৰুৱাভাবে নিৰ্মিত পাত্ৰক খাদ্যবস্তু ৰখা বা শুকুওৱাৰ কামত ব্যৱহাৰ কৰা হয়। ঔদ্যোগিকভাবে তামোলৰ ঢকুৱাৰ পৰা নিৰ্মিত পাত্ৰ আজিকালি খাদ্য পৰিৱেশন কৰিবৰ বাবেও উত্তম আহিলা হিচাবে পৰিগণিত হৈছে। শিশুৰ ওমলাৰ যতন হিচাবে তামোলৰ ঢকুৱাৰ জনপ্ৰিয়তা অতি বেছি। তামোলৰ ঢকুৱাৰ পৰা নিৰ্মিত বিচনীৰ বা অতিকৈ শীতল বুলি অসমৰ গাঁও অঞ্চলত বিশ্বাস কৰা হয়। পাত সহিতে ঢকুৱাক আঁৰ-বেৰ তৈয়াৰ কৰা কামতো খটুওৱা হয়। তামোলৰ গা-গছ ঘৰ, চাং বা চালিৰ খুটা বা বেৰ সাজিবলৈ বহুলভাবে ব্যৱহাৰ কৰা হয়। বোকা ৰাস্তাত বা সৰু জান-জুৰি আদিৰ সাঁকো হিচাবেও তামোলৰ গা-গছৰ উপযোগীতা অনন্য। তামোলৰ পাত আৰু গা-গছক ইন্ধন হিচাবেও ব্যৱহাৰ কৰা হয়।
পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি তামোলে আসন্ন কৰি তোলা ভাবুকিলৈ লক্ষ্য ৰাখি কোনো কোনো ব্যক্তি বা নিকায়ে তেওঁলোকৰ চৌহদত তামোল-পাণৰ সেৱন নিষিদ্ধ কৰি জাননী জাৰী কৰে। তামোলত পোৱা মূখ্য ৰসায়নিক উপাদান, এৰিক’লিনক অষ্ট্ৰেলিয়াত এবিধ চতুৰ্থ অনুসূচীৰ বিষাক্ত পদাৰ্থ (Schedule 4 Poison) বুলি গণ্য কৰা হয়, যাক ডাক্তৰী পৰামৰ্শ অবিহনে ব্যৱহাৰ কৰাটো আইনগতভাবে নিষিদ্ধ। কিন্তু অতীজৰ পৰা পৃথিৱীৰ বহুতো স্থানত বিভিন্ন সভ্যতা-সংস্কৃতিৰ লগত জড়িত হৈ আজিলৈ তামোলে যি জনপ্ৰিয়তা অৰ্জন কৰিছে, তালৈ চালে জনস্বাস্থ্য বা পৰিচ্ছন্নতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা তামোলক সম্পূৰ্ণকৈ নিষিদ্ধ কৰাটো একপ্ৰকাৰ অসম্ভৱ কথা যেনেই লাগে। তামোলৰ এই জনপ্ৰিয়তাই ইয়াক বহুতো দেশৰ সমাজনীতি আৰু অৰ্থনীতিৰ লগত ওতঃপ্ৰোতভাবে জড়িত কৰি পেলাইছে। তামোলৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতেই এখন শীৰ্ষস্থানীয় দেশ। ভাৰতত প্ৰায় ২.৬৪ লাখ হেক্টৰ ভূমিত তামোলৰ খেতি আছে আৰু দেশখনে প্ৰতিবছৰে গঢ়ে ৩.৩ লাখ টন তামোল উৎপাদন কৰে। ইয়াৰে প্ৰায় ৭২% উৎপাদন কেৱল কেৰালা আৰু কৰ্ণাতকতেই হয়। ভাৰতৰ ৬ নিযুততকৈও অধিক লোক তামোলৰ ব্যৱসায়ৰ লগত জড়িত। কেৱল তামোল বা পাণ হিচাবেই নহয়, বিভিন্ন ব্যৱসায়িক বুদ্ধিৰে তামোলক বিভিন্ন ধৰণেৰে সংসাধন (Processing) কৰি অন্য কিছুমান অপৰম্পৰাগত ৰূপত বজাৰত মুকলি কৰি দিও ব্যৱসায়িকভাবে সফলতা লাভ কৰা হৈছে।
তামোল আৰু পাণৰ সংসাধিত (Processed) ৰূপসমূহৰ ভিতৰত চুপাৰী, মিঠা বা জৰ্দ্দা পাণ, মিঠা চুপাৰী, গুটখা আদি ভাৰতত বেছ জনপ্ৰিয়। অবশ্যে গুটখাৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে অতিপাত ক্ষতিকৰ বুলি প্ৰমাণ হোৱাৰ পিছত অসমকে ধৰি ভাৰতৰ প্ৰায় ২৪ খনমান ৰাজ্যত গুটখাৰ সেৱন আৰু বিক্ৰী ইতিমধ্যে নিষিদ্ধ কৰা হৈছে। বেনাৰসী পাণৰ চাহিদা আৰু জনপ্ৰিয়তাৰ বাবে ইয়াক দেশৰ বাহিৰলৈকো ৰপ্তানি কৰা হয়। মেঘালয়ৰ গুৱামুৰি ৰাজ্যখনলৈ অহা পৰ্যটকসকলৰ বাবে অন্য এক আকৰ্ষণৰ বস্তু।
তামোল বা পাণৰ শেষ খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ এক সুকীয়া চেহেৰা দেখিবলৈ পোৱা যায়। ভাৰতত সাধাৰণতে গুমটীত, পদপথৰ ওপৰত সৰু টেবুলত বা ডিঙিৰ পৰা ৰচীৰে ওলোমাই লোৱা কাঠৰ চাৰিচুকীয়া যতনত সচৰাচৰ তামোলৰ খুচুৰা ব্যৱসায়ীয়ে সফলতাপূৰ্বক তামোল বা পাণৰ ব্যৱসায় চলাই নিয়ে। তামোলেই এই ব্যৱসায়ীসকলক আকৌ তামোলৰ ব্যৱসায়ে সমান্তৰালকৈ কিছুমান ওপৰঞ্চি সৰু-সুৰা ব্যৱসায় চলাই নিবলৈকো সুবিধা কৰি দিয়ে। মৰ্টন, মোবাইলৰ ৰিচাৰ্জ কাৰ্ড আৰু ছিগাৰেট এনে দোকানত পোৱা অতি পৰিচিত সামগ্ৰী।
ভাৰতৰ নিচিনাকৈ অন্যান্য বহুতো দেশতো তামোল বা পাণৰ বিপনীসমূহৰ চেহেৰাৰ কিছুমান বিশেষত্ব আছে, যাৰ দ্বাৰা তামোল সেৱনকাৰীয়ে অতি সহজেই সেইবিলাক চিনিব পাৰে। কিন্তু ভাৰতত সচৰাচৰ দেখা পোৱা তামোলৰ দোকানবিলাকৰ লগত টাইৱানৰ তামোলৰ দোকানৰ চেহেৰাৰ আকাশ-পাতাল প্ৰভেদ আছে। টাইৱানত তামোল-পাণৰ খুচুৰা ব্যৱসায়ত সাধাৰণতে মহিলাহে জড়িত থাকে, তেনে নাৰীক সেই দেশত তাম্বুল বালিকা বা তাম্বুল লালিত্য বা তামোল সুন্দৰী (Betel Nut Girl বা Betel Nut Beauty) আদি শব্দৰে বুজোৱা হয়। তাত তামোলৰ দোকানঘৰৰ বেৰবিলাক স্বচ্ছ কাঁছেৰে তৈয়াৰ কৰা হয় আৰু ঘৰটোক ৰঙা, নীলা, হালধীয়া আদি বিভিন্ন ৰঙৰ উজ্জ্বল পোহৰেৰে আলোকিত কৰি আটক ধুনীয়াকৈ সজাই ৰখা হয়। শীত-তাপ নিয়ন্ত্ৰিত আৰু কম পৰিমাণৰ অত্যাধুনিক আঁচ-বাবেৰে সুশোভিত এনে সৰু সৰু দোকানঘৰ বিলাক সাধাৰণতে টাইৱানৰ ব্যস্ত ৰাস্তাসমূহৰ কাষত পোৱা যায়। পথাচাৰীৰ আহ্বানক্ৰমে এনে দোকানৰ পৰা পথলৈ স্বল্পবসনা যুৱতী ওলাই আহি গ্ৰাহকৰ হাতত তামোলৰ টোপোলা অৰ্পণ কৰে। দেশীয় গ্ৰাহক আৰু বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু টাইৱানী তামোল সুন্দৰীয়ে দেশখনৰ অৰ্থনীতিৰ ক্ষেত্ৰতো তামোলৰ ব্যৱসায়েৰে প্ৰভূত অৰিহণা যোগাবলৈ সক্ষম হৈছে।
তামোল আৰু পাণক লৈ পৃথিৱীৰ বহুতো স্থানৰ নামাকৰণো কৰা হৈছে। অসমৰ গুৱাহাটী, তামোলণি, তামোলবাৰী, পাণবাৰী, তামুলীপথাৰ, তামুলীচিগা, তামুলীডোবা, তামুলী চুপা আদিৰ উপৰিও মালয়েছিয়াৰ পেনাং (Penang), ঠাইলেণ্ডৰ ক’ মাক (Ko Mak বা เกาะหมาก), মালদ্বীপৰ ফুৱা-মুলাকু (Fua Mulaku) আদি ঠাইৰ নাম তামোল বা পাণৰ লগত সংগতি ৰাখি দিয়া হৈছে। আহোম ৰজাৰ দিনত অসমত তামোলৰ সৈতে সম্পৰ্ক থকা বিষয়ববীয়াক তামুলী, বৰতামুলী, তামুলী ফুকন আদি উপাধি দিয়া হৈছিল। অভ্যাগত অতিথিক গৃহস্থই তামোল এখনেৰে প্ৰাথমিক অভ্যৰ্থনা জনাবলৈ ব্যৱহাৰ কৰা ঘৰৰ সমুখৰ কোঠাটোকো তামুলী-চ’ৰা বুলি কোৱা হয়।
কলা-সংগীত আৰু বোলছবিৰ ক্ষেত্ৰখনতো তামোলৰ ব্যৱহাৰ উল্লেখনীয়। অসমত দীপালী বৰঠাকুৰৰ গীতত তামোলৰ পুলিৰ উপমা আৰু জোনবাইয়ে থুৰীয়া তামোল চোবাই সেলেঙী বোওৱাৰ দৰে কথাংশ শুনিবলৈ পোৱা যায়। বিহুগীতত তামোলৰ দৰে ফালিব পৰা হ’লে প্ৰেয়সীক হৃদয় ফালি দেখুওৱাৰ কথা সঘনে উচ্চাৰণ কৰা শুনা যায়। বলিউডতো “পাণ”ৰ ব্যৱহাৰ অতি জনপ্ৰিয়। ১৯৭৮ চনতে মুক্তিপ্ৰাপ্ত, অমিতাভ বচ্চন অভিনীত ‘ডন’ বোলছবিত শিল্পী কিশোৰ কুমাৰৰ কণ্ঠৰ “খাইকে’ পাণ বনাৰসৱালা…” শীৰ্ষক গীতৰ প্ৰাসংগিকতা আৰু জনপ্ৰিয়তা সমগ্ৰ ভাৰততে এতিয়াও কমা নাই। ভাৰতৰ আন আন ভাষাৰ গীত-মাত আৰু নাটক বা কথাছবিতো তামোলৰ ব্যৱহাৰ পোৱা যায়। ভাৰতৰ বাহিৰতো, টাইৱানৰ তামোল ব্যৱসায়ী যুৱতীসকলৰ জীৱনৰ ওপৰত আধাৰিত, লিন ছেং শ্বেং (Lin Cheng-sheng) ৰ ৰচনা আৰু নিৰ্দেশনাত ২০০১ চনত টাইৱানত মুক্তিপ্ৰাপ্ত “আই নি আই ৱ” (Ai ni ai wo বা 愛你愛我) (ইংৰাজী প্ৰতিশব্দ Betel Nut Beauty) নামেৰে মাণ্ডৰেইন ভাষাৰ কথাছবি এখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব বুটলিবলৈ সক্ষম হৈছিল। ২০০৭ চনত সেইসকল তামোল ব্যৱসায়ী যুৱতীৰ বিষয়ে নিৰ্মিত “বেংবেং ৱ আইশ্বেন” (Bangbang wo aishen , ইংৰাজী প্ৰতিশব্দ Help Me, Eros) নামেৰে অন্য এখন কলাত্মক ছবিয়েও বিশ্বদৰবাৰত যঠেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল।
মানুহৰ উপৰিও কেৰ্কটুৱা, বান্দৰ, বাদুলি আদিৰ বাবে তামোল বা তামোলৰ মাণিক এক উপাদেয় আৰু মূখ্য খাদ্য। পৰুৱা, টোকোৰা চৰাই আদি বিভিন্ন জীৱ-জন্তুৰ উপৰিও তামোল গছে মানুহৰ বাবে অতি মূল্যবান কপৌফুল, পাণ বা জালুকৰ দৰে প্ৰয়োজনীয় উদ্ভিদকো জীৱনৰ বাবে আশ্ৰয় প্ৰদান কৰে।
প্ৰৱন্ধটোৰ জড়িয়তে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিৰুদ্ধে তামোল আৰু পাণৰ গুণাগুণসমূহ খৰচি মাৰি জনাৰ পিছত তামোল বা পাণক আপুনি শেহতীয়াকৈ পৰিষ্কাৰ নে অপৰিষ্কাৰ সামগ্ৰী বুলিব, তাৰ সিদ্ধান্ত লোৱাৰ ভাৰ আপোনাৰ হাততে এৰিলোঁ।

তথ্যসূত্ৰ সমূহ:
(১) http://en.wikipedia.org/wiki/Areca_nut#Effects_on_health
(২) http://www.101herbs.com/betel-leaf-oil.html
(৩) http://link.springer.com/content/pdf/10.1007%2Fs10876-012-0519-2.pdf
(৪) http://www.druginfo.adf.org.au/drug-facts/betel-nut
(৫) http://botanical.com/botanical/mgmh/a/areca056.html
(৬) http://www.neurosoup.com/areca-nut-betel-nut/
(৭) http://www.tssindia.in/about-areca/uses-of-areca.html
(৮) http://www.scribd.com/doc/62954687/Science-Investigatory-Project
(৯) http://en.wikipedia.org/wiki/Betel_nut_girl
(১০) http://www.thehindu.com/news/cities/Coimbatore/fabric-with-warp-of-cotton-and-weft-of-areca-nut-husk/article3535651.ece
(১১)http://www.academia.edu/2594478/Betel-nut_Peel_as_an_Adsorbent_in_the_Removal_of_Cd_Cr_and_Pb_from_Aqueous_Solutions
(১২) http://www.thehindubusinessline.com/industry-and-economy/agri-biz/arecanut-economically-attractive/article3009671.ece
(১৩) http://www.infochangeindia.org/women/features/women-at-work-the-betel-nut-crackers.html
(১৪) http://en.wikipedia.org/wiki/Betel_nut_beauty
(১৫) http://en.wikipedia.org/wiki/Betelnut_Beauty_(film)
(১৬) http://www.tssindia.in/about-areca/uses-of-areca.html

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!