দেওবৰীয়া বিশেষ: পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (অচিন্ত বৰঠাকুৰ)

(যো‌ৱা সংখ্যাৰ পিছৰ পৰা)

Achinta Borthakur_Dharabahik

সৌন্দৰ্য আৰু গৰিলা, দুয়োটা শব্দক সাধাৰণতে বিপৰীতমূখী অৰ্থতেই ব্য‌ৱহাৰ কৰা হয়। পিছে, গৰিলাৰ শেঙুণক সৌন্দৰ্য সাধনাৰ বাবে ব্য‌ৱহাৰ কৰা হয় বুলিলে আপুনি বাৰু উচপ খাই নুঠিবনে? মেক্সিকোত উৎপাদন কৰা ম’ক’ দি গৰিলা (Moco de Gorila® Gorila snott Gel যি গৰিলাৰ শেঙুণ বা কফক বুজায়) নামৰ প্ৰসাধন সামগ্ৰীবিধ বৰ্তমান চুলিৰ ষ্টাইল কৰিবৰ বাবে পৃথি‌ৱীৰ বিভিন্ন স্থানত জনপ্ৰিয় হৈ পৰিছে। এই সামগ্ৰীবিধ প্ৰয়োগ কৰাৰ ফলত চুলিৰ কোনো ক্ষতি নহয়, প্ৰয়োগৰ পিছত চুলিত কোনো অ‌ৱশিষ্ট লাগি নাথাকে আৰু ই দীৰ্ঘ সময়ৰ বাবে চুলিৰ ষ্টাইল ধৰি ৰাখিব পাৰে। খামোচ ক্ৰমাংক (Hold Factor) অনুসৰি বজাৰত Moco de Gorila®ৰ তিনিটকৈ প্ৰকাৰ পো‌ৱা যায়, সেইবিলাক হ’ল: কঠিন ১০ ক্ৰমাংকৰ পাংক (PUNK), মধ্যম ৯ ক্ৰমাংকৰ ৰকেৰ (ROCKERO)’ আৰু নৰম ৮ক্ৰমাংকৰ গালান (GALAN)। প্ৰসাধন সামগ্ৰীবিধৰ মূল উপাদানসমূহ হৈছে পি.ভি.পি.(PVP), সুৰা (Alcohol), পি.ই.জি.-১৫০(PEG-150), চৰ্বিটেল(Sorbital), হাইড্ৰক্সি ইঠাইল চেলুল’জ(Hydroxyethylcellulose), ট্ৰাই ইঠানলেমাই(Triethanolamine), কাৰ্ব’মাৰ (Carbomer), গু‌ৱাৰ গাম (Cyamposis Tetragonoloba (Guar) Gum), কিছু সুগন্ধি দ্ৰব্য আৰু পানী। প্ৰতি ১২ আউন্সত ৭.৯৯ মাৰ্কিন ডলাৰ মূল্যৰ এই সামগ্ৰীবিধ বিশ্বৰ বিভিন্ন সৌন্দৰ্যসাধন কেন্দ্ৰত পো‌ৱাৰ উপৰি অন-লাইন ব্য‌ৱস্থাৰেও বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰাৰ ব্য‌ৱস্থা আছে। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে Moco de Gorila® ৰ উৎপাদক প্ৰতিষ্ঠান Nattura Labs S.A de C.V.এ জনো‌ৱা মতে, Moco de Gorila®ত প্ৰকৃততে গৰিলাৰ শেঙুণ ব্য‌ৱহাৰ কৰা নহয়, সামগ্ৰীবিধত গৰিলা নামৰ প্ৰাণীবিধৰ পৰা কে‌ৱল নামটোহে লো‌ৱা হৈছে।

Achinta Borthakur_Dharabahik2

সৌন্দৰ্যচৰ্চাৰ জগতখনত মৌমাখিৰ বিষৰ ব্য‌ৱহাৰৰ ধাৰণা অন্য এক উল্লেখযোগ্য সংযোজন। ৰজোনিবৃত্তি বা বয়সৰ লগে লগে নাৰীৰ শৰীৰে ইষ্ট্ৰ’জেন, প্ৰজেষ্টেৰণ আদি স্ত্ৰী হৰ্ম’নৰ উৎপাদন কৰিবলৈ কমাই দিয়া বাবে চেহেৰাত দেখা দিয়া বয়সৰ চাপসমূহ দূৰ কৰাৰ ক্ষেত্ৰত মৌমাখিৰ বিষে যাদুকৰী প্ৰভা‌ৱ পেলায় বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। সাধাৰণ অ‌ৱস্থাত, মৌমাখিয়ে দংশন কৰিলে তাৰ বিষত থকা মেলিটিন (melittin) নামৰ দ্ৰব্যবিধে মানুহৰ চালত প্ৰ‌ৱেশ কৰে আৰু মানুহৰ দেহত চালৰ সেই অংশলৈ তেজৰ সৰবৰাহ বৃদ্ধি পায়। সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত মেলিটিনৰ এই গুণক নিয়ন্ত্ৰিতভাবে মুখৰ চালত প্ৰয়োগ কৰি মুখমণ্ডললৈ তেজৰ সৰবৰাহ বৃদ্ধি কৰি তোলা হয় আৰু ইয়াৰ ফলত চালে কলাজেন আৰু ইলাষ্টিন প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰি দিয়ে। এই দুবিধ পদাৰ্থৰ উপস্থিতিয়ে চালৰ কলাসমূহক শক্তিশালী আৰু উজ্জি‌ৱীত কৰি তোলে। মৌমাখিৰ পৰা বিষ সংগ্ৰহৰ বাবে মৌচাকৰ ওচৰত এখন কাঁচৰ ঠাল ৰাখি তাৰ ওপৰেৰে মৃদু বৈদ্যুতিক প্ৰ‌ৱাহ চালিত কৰি ৰখা হয়, বিদ্যুতৰ স্পৰ্ষত উত্তেজিত হৈ উঠা মৌমাখিয়ে ঠালৰ ওপৰত বিষ ত্যাগ কৰে আৰু জী‌ৱিত অ‌ৱস্থাতেই তাৰ পৰা আঁতৰি যাব পাৰে। মৌমাখিয়ে ত্যাগ কৰা বিষৰ পৰিমাণ অতি সামান্য হো‌ৱা বাবে স্বাভা‌ৱিকতে ইয়াৰ মূল্যও বেছি হয়। প্ৰতি আউন্স বিষৰ মূল্য বৃটিছ ষ্টাৰলিং £৩০,০০০ পৰ্যন্ত হ’ব পাৰে। পিছত এই বিষক নিৰ্দিষ্ট পৰিমাণত অন্যান্য সামগ্ৰীৰ সৈত্যে মিহলাই বজাৰত ফেছিয়েল, মইশ্চুৰাইজাৰ, চিৰাম আদি বিভিন্ন পণ্যসামগ্ৰীৰ ৰূপৰ বজাৰত এৰি দিয়া হয়। Rodail নামৰ এক প্ৰতিষ্ঠানৰ দ্বাৰা উৎপাদিত এনে মইশ্চুৰাইজাৰ (BEE VENOM MOISTURISER) বিধৰ ৫০ মিলিলিটাৰৰ বজাৰ মূল্য বৃটিছ ষ্টাৰ্লিং £১৫০ আৰু চকুত লগো‌ৱা ক্ৰীম (BEE VENOM EYE) ৰ ২৫ মিলিলিটাৰৰ মূল্য £১১৫ আৰু এইবিলাক বিশ্বৰ বিভিন্ন সৌন্দৰ্যচৰ্চা প্ৰতিষ্ঠান আৰু অনলাইন বজাৰতো উপলব্ধ।

………………………………………………………………………………………………..

আপাত দৃষ্টিত অপৰিষ্কাৰ যেন লগা গৰুৰ গোবৰ আৰু সৌন্দৰ্যৰ মাজৰ সম্পৰ্ক বহুত পুৰণি। কেঁচা ঘৰৰ পৰিমাণ কমি অহাৰ লগে লগে মজিয়াৰ সৌন্দৰ্য বৰ্ধনৰ বাবে গোবৰৰ ব্য‌ৱহাৰ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে যদিও মানুহৰ শাৰীৰিক সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত কিন্তু ইয়াৰ ব্য‌ৱহাৰ ক্ৰমান্বয়ে বৃদ্ধিহে পাই আহিছে।

জাপানৰ গ‌ৱেষক শ্ৰীমতী মায়ু য়ামামোটো (Mayu Yamamoto)এ গৰুৰ গোবৰৰ পৰা লিগনিন (Lignin) প্ৰস্তুত কৰাৰ উপায় আ‌ৱিষ্কাৰ কৰাৰ পিছৰ পৰা সৌন্দৰ্য সাধনাৰ জগতখনত গোবৰে অন্য এক গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে। লিগনিনক অতি সহজেই ভেনিলিন(Vanillin) নামৰ ৰাসায়ণিক পদাৰ্থবিধলৈ পৰিবৰ্তিত কৰিব পাৰি। সুগন্ধি দ্ৰব্য(Perfume),মুখত লগো‌ৱা ক্ৰীম, ফে’ছ পেক আদি প্ৰসাধন সামগ্ৰীসমূহত, গা ধো‌ৱা চাবোনত আৰু খাদ্যবস্তুত অতি বহুলভাবে ব্য‌ৱহাৰ হো‌ৱা ভেনিলা নামৰ সুগন্ধি সামগ্ৰীবিধত থকা ২০০ বিধ সুগন্ধি ৰাসায়ণিক উপাদানৰ ভিতৰত এই ভেনিলিনেই হ’ল মূল উপাদান। ২০০৫-০৬ চনত জাপানী গ‌ৱেষকগৰাকীয়ে নিজস্ব পদ্ধতিৰে গৰুৰ গোবৰক প্ৰায় এঘণ্টা সময়ৰ বাবে উচ্চ উষ্ণতা আৰু চাপত ৰাখি উত্তাপিত কৰি লিগনিন আৰু তাৰ পৰা ভেনিলিন প্ৰস্তুত কৰিছিল। ভেনিলা-বিন বা অন্যান্য উদ্ভিদজাত ভেনিলিনৰ লগত এইবিধ ভেনিলিনৰ পাৰ্থক্য নাছিল আৰু এই পদ্ধতিৰ দ্বাৰা ভেনিলিন প্ৰস্তুত কৰোঁতে হো‌ৱা ব্যয়ৰ পৰিমাণো অন্যান্য উপায়ৰ প্ৰায় আধাহে আছিল। এই ব্যতিক্ৰমী উদ্ভা‌ৱনৰ বাবে গ‌ৱেষকগৰাকীক ইতিমধ্যে ২০০৭ চনৰ ইগ্‌-ন’বেল (Ig-Nobel) পুৰস্কাৰ প্ৰদান কৰা হৈছে।

ভাৰতৰ নাগপূৰৰ পৰা কিছু আঁতৰৰ দেওলাপাৰ (Deolapar)নামৰ ঠাইত অ‌ৱস্থিত গো-বিজ্ঞান অনুসন্ধান কেন্দ্ৰই ইতিমধ্যে গৰুৰ গোবৰ আৰু গো মূত্ৰ ব্য‌ৱহাৰ কৰি চাবোন, দন্তমঞ্জন আৰু অন্য কিছুমান প্ৰসাধন সামগ্ৰীত ইতিমধ্যে তৈয়াৰ কৰি উলিয়াইছে। এইবিলাকৰ জনপ্ৰিয়তা দেশৰ ভিতৰে-বাহিৰে লেখত ল’বলগীয়া। উল্লেখযোগ্য যে প্ৰতিষ্ঠানটো‌ৱে বহু পূৰ্বেই পাতিত গো-মূত্ৰৰ (cow urine distillate) বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ পৰা পেটেণ্ট লাভ কৰিছিল। পঞ্চগব্যক ভাৰতত বিভিন্ন ধাৰ্মিক-আধ্যাত্মিক কামৰ বাবে প‌বিত্ৰ সামগ্ৰী বুলি জ্ঞান কৰাৰ উপৰি অতীজৰে পৰা সৌন্দৰ্য চৰ্চাৰ বাবেও বিভিন্ন অনুপাতত ব্য‌ৱহাৰ কৰি অহাৰ দৃষ্টান্ত আছে। অসমৰো বিভিন্ন স্থানত বিহু‌ৱতী গাভৰু‌ৱে দুহাতত লো‌ৱা জেতুকাৰ ৰঙৰ উগ্ৰতা বঢ়াবৰ বাবে গো মূত্ৰ ব্য‌ৱহাৰ কৰাৰ প্ৰথা প্ৰচলিত আছিল।

(আগলৈ)

বল্গত: http://achintadu.blogspot.in/2013/12/blog-post_8.html

তথ্যসূত্ৰ:-
(১) http://www.gorillasnot.us/
(২) http://www.rodial.co.uk/our-ranges/bee-venom
(৩) http://www.rsc.org/…/CIIEcompo…/transcripts/vanillin.asp
(৪) http://www.terradaily.com/…/Japanese_Researchers…
(৫) http://timesofindia.indiatimes.com/…/articl…/5225103.cms
(৬) http://govigyan.com/Pages_kamdhenu/panchagavya1.aspx

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!