ডিফলুৰ পাৰৰ শিমলু (ভগৎ লাল দত্ত)
(১)
যোৰহাটৰ ৰৰৈয়া বিমানকোঠৰ আগৰ সেই জীৰ্ণ-শীৰ্ণ চেহেৰা এতিয়া আৰু নাই। চাৰে তিনি ডজন এয়াৰব্ৰীজ, আশী হাজাৰ বৰ্গ মিটাৰৰ যাত্ৰীগৃহৰে চেহেৰাই সলনি হৈ গৈছে। পূব এছিয়া, আমেৰিকাৰ পশ্চিম উপকূল আৰু ওচেনিয়া সংযোগী বিমানৰ পূ্ৰ্বোত্তৰ ভাৰতৰ হাব এতিয়া ডি-আই-এল কুশল কোঁৱৰ ইণ্টাৰনেচনেল এয়াৰপোৰ্ট, যোৰহাট চমুকৈ কে-কে-আই-এ, আন্তৰ্জাতিক বিমান পৰিবহন সংস্থাৰ ক’ড জে-আৰ-এইচ। টাৰ্মিনেল হলৰ বেৰত বাগৰুম্বা, বিহুৱতী, গুমৰাক, সত্ৰীয়া নৃত্য, কপৌফুল, গঁড়, বাঘ, পহুৰ জাকৰ জীৱন্ত আকৃতিৰ ত্ৰিমাত্ৰীয় ধৰণৰ ছবিবোৰৰ মাজেৰে আহি আহি কেতিয়া ইমিগ্ৰেচন কাউণ্টাৰটো পালোঁহি গমেই নাপালোঁ।
মুগাৰ সাজৰ ওপৰত নীলা ব্লেজাৰ পিন্ধা ইমিগ্ৰেচন কাউণ্টাৰৰ মহিলাগৰাকীৰ হাঁহি ভৰা মুখখনলৈ চাই পাচপোৰ্টখন আগবঢ়াই দিলোঁ। পিছফালৰ বেৰখনত এজাক ম’হৰ ছবি, পানীৰ যুঁৱলিত। তাৰ ওপৰত বুজা-নুবুজা বহুকেইটা ভাষাত লিখা আছে – “অসমলৈ স্বাগতম”, পাচপোৰ্টখনত ষ্টাম্প মাৰে মানে মই এঘাৰটা ভাষা গণিলোঁ, চাৰিটা চিনাকি, বাকীকেইটা আনুমানিক, আৰু বহুকেইটা গণিবলৈ নহ’ল। আখৰবোৰৰ মাজতে পাঁচটা ঘড়ী, চাৰিটাত ক্ৰমে লচ এঞ্জেলচ, চিডনী, টকিঅ’ আৰু বেইজিঙৰ সময়। পাঁচ নম্বৰটোত নৰ্থ-ইষ্ট ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম, পুৱা ছয়-বাজি সোতৰ মিনিট, ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমতকৈ এঘণ্টা আগবঢ়া।
ইমিগ্ৰেচন পাৰ হৈ ডিউটি ফ্ৰীৰ মাজে মাজে গৈ লাগেজ বেল্ট পাওঁগৈ মানে কিউএফ৭৮৫০ৰ লাগেজ বেল্টত অহা আৰম্ভ হৈ গৈছিল। লাগেজ লৈ কাষ্টমচৰ গ্ৰীণ লাইনেৰে পাৰ হওঁতে মন কৰিলোঁ কাষ্টমচৰ অনডিউটি অফিচাৰসকলৰ আধামান মহিলা। বগা ইউনিফৰ্মত থকা ঈষৎ ৰঙা লিপষ্টিকৰ ৰেখা থকা অফিচাৰগৰাকীৰ কাষেৰে পাৰ হওঁতে এজাক মৃদু সুগন্ধিৰ বতাহ অনুভৱ কৰিলোঁ। দীঘলকৈ এটা উশাহ ল’লোঁ…. কিবা এটা চিনাকি চিনাকি গোন্ধ, এক ব’হাগ ব’হাগ অনুভৱ। যেন কিবা এটা সুগন্ধি অৰ্কিড … জানো জানোও লাগিছে, কিন্তু নামটো যেন ঠিক মনত পেলাব পৰা নাই … বোধকৰো চিম্বিডিয়াম। এৰা, চিম্বিডিয়ামেই হ’ব লাগে।
আচাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গে’ষ্ট হাউচ মানে অসম কৃষি বিশ্ববিদ্যালয় অতিথিশালা, বৰভেটা, যোৰহাট। ২১ অক্টোবৰ ২০১৫, পুৱা ছয় বাজিছে। দে’তাই মোক জগাই দিলে। বাহিৰ-চাহিৰ ফুৰি সাজু হ’বলৈ। আমি কাজিৰঙালৈ যাম। মই সুধিলোঁ, “দে’তা, কাজিৰঙাত গঁড় দেখিম নে?”। “ক’ব নোৱাৰোঁ দেই, সম্ভাৱনা আছে।” দে’তাই ক’লে। গেষ্ট হাউচৰ পৰা ওলাই অলপ দূৰ আহি ইউনিভাৰ্চিটিৰ মেইন গেটখন দেখা পালোঁ। কালি ৰাতি হোৱা বাবে ভালদৰে দেখাই পোৱা নাছিলোঁ। অলপ আগলৈ সেইখন যোৰহাট জেইল। ইউনিভাৰ্চিটিৰ পৰা ওলাই আহিলে এটা চাৰিআলি পায়, সেইটোৰে সোঁফালে গ’লে বোলে ন-আলি হৈ যোৰহাট টাউন পায়গৈ, বাওঁফালে ক’লৈ যায় দে’তাই নক’লে। সোঁফালৰ বাটটোলৈ চাওঁতে কালি ৰাতি আমি ভাত খাবলৈ যোৱা বৰদেউতাজনৰ ৰঙা গাড়ীখন সেইফালৰ পৰা আহি থকা দেখিলোঁ। প্ৰফেচাৰ বোলে তেখেত। জেইল ৰোডৰ চাৰিআলিটোত দে’তাই আমাৰ গাড়ীখন পোনে পোনে এ টি ৰোডৰ ফালে পোনালে বাবে তেখেতক দেখা নাপালে কিজানি। এটি ৰোডত বাওঁফালে ঘূৰি সেইটো এটা এন আৰ এলৰ তেল ডিপো। “ভাইটি, ফুল কৰি দিয়া” দে’তাই তেল ডিপোৰ দাদাজনক ক’লে।
যোৰহাট নগৰৰ পৰা ওলাই আহি আমি গাঁতৰ মাজে মাজে অলপ অলপ ৰাষ্টা থকা এটা নেচনেল হাইৱেৰে যথেষ্ট দূৰ অহাৰ পিছত বোকাখাত বোলা নগৰ এখনত সোমালোঁ। সেইখন পোৱাৰ কিছুদূৰ আগতে প্ৰকাণ্ড গাঁত কেইটামানৰ পৰা আমাৰ গাড়ীখনৰ চকাকেইটাৰ দুটা কোনো ৰকমে বচাই দে’তাই বাওঁহাতে আঙুলিয়াই দেখুৱালে, “সেইফালে নুমলিগড় ৰিফাইনেৰী, এন আৰ এল”। বোকাখাতত দে’তাই পুৰি-ভাজি নে কিবা খালে। মই পিছফালে চু-চু কৰিবলৈ গৈ অহাৰ পিছত আৰু একো খাবলৈ মন নগ’ল। ইমান লেতেৰা-পেতেৰা ঠাইত আৰু খাব পাৰি নেকি! দে’তাই ক’ত যে কিবোৰ খাইছে নহয়! চিপচ আৰু চানাচুৰৰ পেকেট দুটামানকে কিনি লোৱা হ’ল। দুৰ্গা পূজাৰ বতৰ। ৰাষ্টাই ৰাষ্টাই পেণ্ডেল। ৰাষ্টাও সেই! গতিকে লাহে ধীৰে আমি মানে দে’তা আৰু মই আহি আছোঁ। অৱশ্যে বোকাখাত পাৰ হোৱাৰ কিছু পিছত ৰাষ্টাটো ভাল। দুয়োফালে ধুনীয়া গছ-গছনিৰে ভৰা। ভাল ৰাষ্টাটোৰো মাজে মাজে স্পীড ব্ৰেকাৰ, একেবাৰে এডৰা এডৰা। দে’তাই দেখুৱাই দিওঁতেহে দেখিলোঁ, সেইবোৰ হেনো বনৰীয়া জীৱজন্তু পাৰ হোৱা বাট, হাতী দণ্ডী নে কি কয়। তাৰমানে কাজিৰঙা পালোঁহিয়েই! পিছে একো বনৰীয়া জন্তু-তন্তু কেনিও দেখা নাই… গৰু-ছাগলী আৰু মানুহৰ ঘৰহে দেখিছোঁ!! তেনেকৈ অলপ দূৰ অহাৰ পিছত দে’তাই হাইৱেৰ বাওঁহাতে জাপি এটাৰ নিচিনা গে’ট এখনৰ তলেৰে আমাৰ গাড়ীখন সুমুৱাই দিলে। তাত কিবা লিখা আছিল, কি পিছে গম নাপালোঁ।
ডিফলু কৰ্প’ৰেচন। এয়াৰপোৰ্টত কাষ্টমচৰ বাহিৰ ওলায়েই সেউজীয়া ৰঙেৰে “ডিফলু কৰ্প’ৰেচন” বুলি লিখা বগা ব’ৰ্ড এখন লৈ জনজাতীয় ডিজাইনৰ পোছাক পিন্ধা যুৱতী এগৰাকী ৰৈ থকা দেখিলোঁ। ব’ৰ্ডখনত সেইটো দেখোন মোৰ নাম। যুৱতী গৰাকীৰ ফালে আগুৱাই গ’লোঁ। …
…. ……. … (আগলৈ)