ডিমা হাচাওৰ খোবাক অঞ্চলৰ শৈলপাত্ৰ আৰু সমাধিশিলা -অভিজিত কলিতা
অসমৰ ডিমা হাচাও জিলাৰ কেইবা খনো ঠাইত কিছুমান পৌৰাণিক শিলৰ পাত্ৰ আৱিষ্কাৰ হৈছে। গুনজুঙৰ ওচৰৰ লুংমালাই, বোলোচান, দেৰেব্ৰে, মেলংপা আদিৰ লগতে খোবাক আদি ঠাইত এনে শিলৰ পাত্ৰ পোৱা গৈছে। অনুমান কৰা হৈছে এই শিলৰ পাত্ৰবিলাক কমেও ১৫০০ বছৰ পুৰণা।
সংলগ্ন ছৱি কেইখন খোবাক অঞ্চলত লোৱা হৈছে। কিছু বছৰৰ আগতেই এই অঞ্চলত শাৰী শাৰীকৈ সজাই থোৱা শৈলপাত্ৰ
বিলাক উদ্ধাৰ হৈছিল। বৰ্তমান সেই স্থানৰ পৰা কিছু আগলৈ এক বিস্তীৰ্ণ অঞ্চলত খনন কাৰ্য্য চলাই থকা হৈছে। এই নতুন স্থানত কিন্তু শৈল পাত্ৰ পোৱা হোৱা নাই, তাৰ পৰিৱৰ্তে কিছুমান দেখাত ঢালৰ দৰে কাৰুকাৰ্যখচিত শিল পোৱা গৈছে। শিলবোৰত নানান চিহ্ন, ছৱি আদি অঁকা আছে, আৰু সেইবোৰক এক সুনিৰ্দিষ্ট আকাৰ আৰু ৰূপ দিয়া হৈছে। এই ঢালৰ আকৃতিৰ শিলাখণ্ডবিলাকক সমাধিশিলা বা Tombstone বুলি অনুমান কৰাৰ স্থল আছে।
ৰজাঘৰীয়া লোকৰ শ্মশানস্থলীত এনে শৈলপাত্ৰ ৰখা ডিমা হাচাওৰ এই বৈশিষ্টপূৰ্ণ পৰম্পৰা বুলি জনা যায়, ১৯৩০ চনৰে পৰা জিলাখনৰ বিভিন্ন স্থানত এনে শৈলপাত্ৰ আৱিষ্কাৰ হৈ আহিছে। ডিমা হাচাওৰ এনে পূৰাতাত্বিক বৈশিষ্টৰ কথা ১৯৩২ চনত পোন প্ৰথমবাৰৰ বাবে লিপিবদ্ধ কৰিছিল, JH Hutton আৰু JP Miles নামৰ দুজন বৃটিছ পূৰাতত্তবিদে, হাটন আৰু মাইলছে বলচান অঞ্চলত এনেধৰণৰ প্ৰায় ৪০০ শৈলপাত্ৰৰ কথা উল্লেখ কৰিছে যদিও ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগে এতিয়ালৈকে প্ৰায় দুশটামানহে শৈলপাত্ৰ বিছাৰি পাইছে।
ডিমা হাচাওৰ পূৰাতত্ব সঞ্চালকালয়ে বৰ্তমানো এই কোবাক অঞ্চলত বাহৰ পাতি খনন কাৰ্য অব্যাহত ৰাখিছে।