৹৹দুচকুতে৹৹ (-ৰূপাংকৰ চৌধুৰী)
– পলাশ?
– কোৱা জীয়া?
-তুমি এতিয়াও সপোন দেখা?
– হয় জীয়া!
– মোৰ দুচকুতে? ৹৹৹৹
বহুত বেয়া স্বভাৱৰ মাজত এইটো এটা পলাশৰ। ৰূমত প্ৰায়েই সি কথা পাতে, ফোনটো লাউড স্পীকাৰ অন কৰি। মোৰ কোনো হেঁপাহ নাই তাৰ একান্ত ব্যক্তিগত কথাবোৰ শুনিবলৈ। কিন্তু সঁচা কথা ক’বলৈ হ’লে, ফোনৰ সিমুৰত জীয়া থকা বুলি শুনি উৎসাহ জাগি উঠিছিল। কিয়নো যোৱা ৰাতি দুপৰলৈ পলাশ আৰু মই কথা পাতি আছিলোঁ- পলাশ, জীয়া আৰু! পলাশে এতিয়াও সেই কলেজীয়া ধেমালিবোৰ কৰি আনন্দ পাই। লাগিলে সেয়া ৰাস্তাৰে গৈ থাকিলে ধুনীয়া ছোৱালী দেখিলে ৰ লাগি চাই থকাই হওক বা শনিবৰীয়া আড্ডাত দুপৰলৈ ডিঙিলৈকে গিলি গীটাৰ বজাই বেসুৰা গান গোৱাই নহওক কিয়! নাই।
পলাশক লগ পাবলৈ মোৰ বেছিদিন হোৱা নাই। মই নতুনকৈ জইন কৰা কোম্পানীটোৰে সিয়ো মাৰ্কেটিং মেনেজাৰ। সমবয়সীয়া আমি। নতুনকৈ অহা ঠাইখনত ভাড়াঘৰ পাম নে বুলি তাক সুধিছিলোঁ। সি নিজেই ক’লে তাৰ ঘৰটোত থাকিব পাৰিম বুলি। ভাড়া আধা-আধা দিলেই হ’ল দুয়ো।
মই কেবল বদনামে নকৰো পলাশৰ। বহুত ভাল গুণৰো অধিকাৰী পলাশ। তাৰ স্কুলীয়া বন্ধু আকাশৰ মাকৰ যোৱা-থোৱা অৱস্থা। উচ্চ মানবিশিষ্ট হস্পিটালত চিকিৎসাৰ বাবে পইচাৰ অভাৱ। নিজৰ ভনীয়েকৰ বিয়াৰ বাবে সাঁচি থোৱা দুইলাখ টকা দি দিছিল আকাশক। আকাশৰ মাক এতিয়া সুস্থ কিন্তু পলাশৰ ভনীয়েক এতিয়াও অবিবাহিত। অবিবাহিত পলাশ নিজেও! জীয়া ও অবিবাহিত! আৰু বাকীসকল! বাকী খিনি পলাশে কালি ৰাতি দিয়া বৰ্ণনাখিনিকেই হুবহু দাঙি ধৰিলোঁ ৹৹৹৹
বৰ্ষাসিক্ত ব’হাগী দুপৰীয়াৰ মাদকতাৰ আনন্দ লৈ আছিলোঁ হোষ্টেলৰ চাঁদত থিয় হৈ। ঠিক তেতিয়াই আহিছিল জীয়াৰ ফোন! সময়ৰ যে কি তাল-মিল! যিখিনি সময়ত যাক অনুভৱ কৰিবলৈ মন যায় একান্ত ভাৱে ঠিক সেই সময়তে যদি সেই বিশেষ ব্যক্তি গৰাকীৰ মিঠা মাত এষাৰ পোৱা যাই- ‘জীৱনৰ সৰু সৰু এনেকুৱা সুখানুভূতিয়ে জানোঁ যোগান নধৰে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় ইন্ধন!’ এৰা, জীয়া মোৰ বাবে জীয়াই থকাৰ ইন্ধন ! যিখিনি সময়ত জীৱনৰ প্ৰতি মোৰ ঘৃণা জন্মিছিল, যিখিনি সময়ত জীয়াই থকাৰ কোনো যুক্তিয়েই কাম কৰা নাছিল, যি সময়ত মোৰ অন্তৰ আত্মা কঁপি উঠিছিল প্ৰতি ক্ষণে, ঠিক সেই সময়ত মোৰ কাষত সুখৰ দৰৱৰ দৰে ঠিয় হৈছিল জীয়া! মোৰ প্ৰতিটো চিন্তাৰ ফচলত জীয়াৰ অবদান যথেষ্ট। কিয়নো সেই সময়ত মই পাহৰিব বিচাৰিছিলোঁ আন এক সত্যক। মনৰ পৰা আঁতৰাব চেষ্টা কৰি আছিলোঁ অতীতৰ এক দাগী সত্যক- ৰাগিনীৰ সত্যক!
জীয়াৰ আগৰ অধ্যায়ত ৰাগিনী মোৰ বাবে আছিল প্ৰধান আৰু একমাত্ৰ সত্য। কলেজ পাৰ কৰি বিশ্ববিদ্যালয়ত সোমোৱাৰ দিনাৰে পৰা মোৰ সমগ্ৰ চেতনাত মাথোঁ ৰাগিনী আছিল। ৰাগিনীৰ নামটো মোহিনী হ’ব লাগিছিল মোৰ বাবে! কেনেদৰে মোক মোহাচ্ছন্ন কৰি ৰাখিছিল! বেলেগ বেলেগ কলেজৰ পৰা আহি বিশ্ববিদ্যালয়ৰ একেটা বিভাগত আছিলোঁ আমি। এডমিচনৰ দিনাই চকু পৰিছিল বিশ্ববিদ্যালয়ৰ ৰূম নম্বৰ চাৰিত। তাৰ পিচত আমাৰ বিভাগৰ হেডৰ ৰূমত। তাৰ পিছত বেংকত চালান কাটিব যাওতে। মই যেন সেইদিনা এদমিচনৰ কাৰণে যোৱা নাছিলোঁ, যেন মই এযোৰ মোহিনী চকুৰ সন্ধানতহে যেন গৈছিলোঁ। এনেকুৱা লাগিছিল যেন মই বিচাৰি পালোঁ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱাৰ সাৰ্থকতা! সেইদিনা সকলো কাম শেষ কৰি আৰ্টচ কেন্টিনত পৰঠা খাই ঘৰমুৱা হৈছিলোঁ আনন্দমনে! বিচাৰি পাইছিলোঁ সেইদিনা জীৱনত আগুৱাই যোৱাৰ কাৰণ- ৰাগিনীৰ দুচকুতে!
সহজ নাছিল। ৰাগিনীৰ দুচকুত সপোনবোৰক বাট দেখুওৱা সহজ নাছিল। মইয়েই কিজানি অত্যুৎসাহী হৈ পৰিছিলোঁ! ৰাগিনীৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লোৱাত বেছিদিন নালাগিল। কিন্তু মোৰ উদ্দেশ্য মাথোঁ বন্ধুত্ব নাছিল। সপোন দেখিছিলোঁ- সুখৰ এখন ঘৰ সাজিম ৰাগিনীৰ লগত! প্ৰেমৰ বান্ধোনত দুয়ো আগুৱাই যাম আৰু বহুত কিবা-কিবি। কিন্তু মাত্ৰাধিক বন্ধুত্বই কেতিয়াবা মনৰ কথা কোৱাত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিয়ে। প্ৰেমক বাদ দি সকলো কথাই আলোচনা কৰিছিলোঁ ৰাগিনীৰ লগত- বিভাগৰ আভ্যন্তৰীণ কথা, বিকেবিত হৈ যোৱা ‘নবাগত আদৰণি সভা’ৰ কথা, ‘ভাৰ্ছিটী উইক’ৰ বাবে চলোৱা আয়োজনৰ কথা, মোৰ ভন্টিৰ পঢ়া-শুনাৰ কথা, তাইৰ ভায়েকৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ লোৱা কোচ্চিংৰ কথা। আদি কিমান কি যে কথা পাতিছিলোঁ! তাৰ মাজতে একোবাৰ সুধিব খোজো- ‘ভাল পোৱা নেকি বাৰু মোক?’! নোৱাৰো। মানে নিবিচাৰো ৰাগিনীৰ নিবিড় সান্নিধ্য হেৰোৱাৰ ভয়ত! কিজানি সেই এষাৰি কথা সোধাৰ বাবে হেৰুৱাব লগা হয় কিজানি মই ৰাগিনীৰ বন্ধুত্ব! এনেদৰেই প্ৰায় দিনটো পাৰ হয় ৰাগিনীৰ লগত।
তেতিয়াৰ সেই নিশাবোৰো পাৰ হয় ৰাগিনীৰ নামত। দিনটোৰ সান্নিধ্যৰ কথাবোৰ জুকিয়াই চাই এক মানসিক প্ৰশান্তি লাভ কৰোঁ। উৎসাহিত হওঁ দুগুণ কষ্টৰে পঢ়িবলৈ। ভালকৈ পঢ়িব লাগিব। ভাল কিবা এটা কৰিব লাগিব। নিজকে সান্ত্বনা দিও- বহুত সময় আছে। বন্ধুত্বৰ বান্ধোন মজবুত হ’লে ৰাগিনীক নিশ্চয় সঠিক সময়ত মোৰ মনৰ কথাবোৰ ক’ব পাৰিম! বহুতেই গম পাই আমাৰ বন্ধুত্বৰ কথা- ৰাগিনী আৰু পলাশ বুলি ক’লে বহুতেই চিনি পোৱা হৈছে। কোনোবাই কোনোবাই বেয়াকৈ মন্তব্য নিদিয়াকৈ নাথাকে! নকৰো সেইবোৰলৈ ভ্ৰূক্ষেপ। আমাৰ সম্পৰ্কৰ পবিত্ৰতা বৰ্তাই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰোঁ। স্বাভাবিকতেই কেতিয়াবা মই দুৰ্বল হৈ যাওঁ। দুবাহুৰ মাজত সুমুৱাই লব খোজো ৰাগিনীক। আঁকি দিবলৈ মন যাই চুমা দুগালতে।
সময়ৰ গতিত পাৰ হৈ গৈছিল বিশ্ববিদ্যালয়ৰ দিনবোৰ। মোৰ আৰু আৰু ৰাগিনীৰ সম্পৰ্ক কিন্তু বন্ধুত্বতে থমকি ৰৈছিল। বহুত বাৰ ইচ্ছা কৰিও ব্যক্ত কৰিব পৰা নাছিলোঁ মনৰ কথা ৰাগিনীক। দিনবোৰ পৰা হোৱাৰ লগে লগে ৰাগিনীৰ লগত ঘনিষ্ঠ বাঢ়ি গৈছিল কিন্তু প্ৰেম প্ৰস্তাৱ দিবলৈ বাৰে বাৰে সাজু হোৱা মনৰ আহ্বানক লেকাম লগাই বিবেকে। সেই সময়ত জীয়াও আছিল বিশ্ববিদ্যালয়ত। চকুৰ চিনাকি। বেলেগ বিভাগৰ ছাত্ৰী।
চতুৰ্থ ষাণ্মাসিকত আমি তেতিয়া। মবাইলৰ ৰিংটোন বাজি উঠিল। অচিনাকি নম্বৰ।
-হেল্লো। পলাশ?
– হয়। আপুনি?
– জীয়া। জীয়া বৰুৱা। তুমি বুলিয়েই সম্বোধন কৰিবা মোক।
– আচ্চা। কোৱাচোন কিয় ফোন কৰিলা?
– পলাশ। তুমি ৰাগিনীৰ জীৱনৰ পৰা আঁতৰি থাকিবা। পিছত কষ্ট পাবা তুমি।
– মোক উপদেশ দিবলৈ তুমি কোন? চোৱা জীয়া। ৰাগিনী মোৰ ভাল বন্ধু।
– মই হ’লো তোমাৰ শুভাকাংক্ষী। তোমাৰ লগত অন্যায় হোৱাটো মই নিবিচাৰো।
– কিন্তু তোমাৰ লগত মোৰ চকুৰহে চিনাকি? এনেকুৱা কি কাৰণ আছে যে মই ৰাগিনীৰ পৰা আঁতৰি থাকিব লাগে?
– তুমি যাক ভাল বন্ধু বুলি ভাবা সেই ৰাগিনীয়ে তোমাক কোৱা নাই জানোঁ এতিয়াও- বিকাশ বৰুৱাৰ যে তেখেত বাগদত্তা?
– কি? কোন এই বিকাশ বৰুৱা? তুমি কেনেকৈ জানিলা?
– বিকাশ বৰুৱা মোৰ দাদা। অধ্যাপক তেখেত।
– ভাঙি নপৰিবা পলাশ। কথাবোৰ যাতে বেছি আগুৱাই নাযায় তাৰ বাবেই মই তোমাক জনালোঁ।
ভাঙি নপৰিম? কেনেকৈ? যাৰ কথা ভাবি প্ৰতিটো দিন পাৰ কৰি আছোঁ তেখেত যে ইতিমধ্যে আনৰ সেই কথা জানি কেনেকৈ ভাঙি নপৰাকৈ থাকোঁ। যাৰ দুচকুত বিচাৰি পাওঁ জীয়াই থকাৰ আনন্দ কেনেকৈ পাহৰি যাম- সেই দুচকু! কিন্তু ইয়াত ৰাগিনীৰ গাত একো দোষ নাই। মইতো তেওঁক কোনো দিনে সোধাই নাই সেইবোৰ কথা। মইহে নিজাকে কিছুমান ধাৰণাৰ সৃষ্টি কৰি আবেগিক হৈ পৰোঁ। ইমান দিনে বুকুত কঢ়িয়াই ফুৰা হেঁপাহৰ ঘৰখন যেন মুহূৰ্তৰ ভিতৰতে চূৰমাৰ হৈ গ’ল। কিন্তু মোৰ লগত সকলোবোৰ কথাই খোলাখুলিকৈ চৰ্চা কৰা ৰাগিনীয়ে তেওঁৰ জীৱনৰ এই কথাটো কিয় লুকুৱাই ৰাখিছিল? নে জীয়াই কোৱাৰ দৰে বন্ধুত্বৰ বান্ধোন মোৰ পিনৰ পৰা একপক্ষীয়ভাৱে চলি গৈ আছিল? একপক্ষীয় প্ৰেমৰ বহুত উদাহৰণ দেখিছোঁ বা শুনিছোঁ। কিন্তু একপক্ষীয় বন্ধুত্বৰ যেন মই প্ৰথম চিকাৰ হ’লোঁ!
স্বাভিমান মোৰো আছে। বহুত কষ্ট কৰি নিজৰ আবেগবোৰ লুকুৱাই ৰাখি স্বাভাবিক হৈ আছিলোঁ ৰাগিনীৰ সমুখত। ধৰা পৰিব দিয়া নাছিলোঁ নিজকে। একপ্ৰকাৰ জেদ বাহ লৈছিল মোৰ মনত। সেই জেদতেই কিজানি জীয়াৰ লগত বন্ধুত্ব আগুৱাই লৈ গৈছিলোঁ, কাৰণ সেই সময়ত জীয়াই আছিল মোৰ মনৰ বতৰা বুজি পোৱা ব্যক্তি। ৰাগিনীৰ কাষতে থাকি মনৰ পৰা আঁতৰ কৰা প্ৰক্ৰিয়া সহজ নাছিল। কিন্তু সেয়া সম্ভৱ হৈছিল জীয়াৰ বাবে। ৰাগিনীৰ বাহিৰেও যে পৃথিৱীত আন কাৰোবাৰ অস্তিত্ব থাকিব পাৰে সেয়া বুজি পালোঁ জীয়াক লগ পাই। বুজি পালোঁ মোৰ বন্ধুত্ব একপক্ষীয়ই আছিল। মোহভংগ হ’বলৈ ধৰিছিল লাহে লাহে। কিন্তু মই একেটাই ভুল জীয়াৰ লগত কৰিব বিচৰা নাছিলোঁ। কৈ দিব খুজিছিলোঁ জীয়াক- ‘জীয়াই থকাৰ প্ৰেৰণা বিচাৰি পাওঁ তোমাৰ দুচকুতে’।৹৹৹
বৰ্ষাসিক্ত ব’হাগী দুপৰীয়াৰ মাদকতাৰ আনন্দ লৈ হোষ্টেলৰ চাঁদত জীয়াৰ কথা ভাবি থাকোতেই আহিছিল জীয়াৰ ফোন। কঢ়িয়াই আনিছিল এক বতৰা। সেয়া জীয়াৰ বান্ধবী, ৰূমমেট তুলিকাৰ কন্ঠ-
– পলাশ এক বেয়া খবৰ আছে! জীয়া আই৹চি৹ইউ ত ভৰ্তি হৈছে।
– কি? কিন্তু কিয় কেনেকৈ?
– পথ পাৰ হ’ব লওঁতেই তীব্ৰ গতিত আহি থকা এখন ট্ৰাকে খুন্দিয়াই পেলাই থৈ গৈছিল। তোমালোকৰ হোষ্টেললৈ গৈ আছিল জীয়াই। চাৰপ্ৰাইজ দিব বিচাৰিছিল তোমাক সেয়ে ফোন কৰা নাছিল।
কামাখ্যা গেটৰ প্ৰাইভেট হোষ্টেলত থাকিছিল জীয়া। মোৰ মগজুই কাম নকৰা হৈ গৈছিল খবৰটো শুনি। দৌৰ দিছিলোঁ জীয়াক ভৰ্তি কৰোৱা হস্পিটাল অভিমুখে। তাত ৰৈ আছিল আন এক বিষাদ বাৰ্তাই। জীয়াৰ চকুজুৰি নষ্ট হৈ গৈছিল! জীয়াৰ ধুনীয়া দুচকু! অপাৰেচন সফল কিন্তু জীয়া এতিয়া অন্ধ। মই প্ৰায় বলিয়া হৈ পৰিছিলোঁ। প্ৰস্তুত হৈছিলোঁ নিজৰ দুচকু দিবলৈ জীয়াক। কিন্তু চিকিৎসকে সেয়া অসম্ভৱ বুলিয়েই ক’লে। চকুৰ গভীৰ আঘাতৰ বাবে সেয়া অসম্ভৱ।
দিন যোৱাৰ লগে লগে জীয়া সুস্থহৈ উঠিছিল। মোৰ ইতিমধ্যে জীয়াৰ লগত ঘনিষ্ঠতা বাঢ়ি আহিছিল। ঘনিষ্ঠতা বাঢ়ি আহিছিল জীয়াৰ ঘৰৰ আন সদস্য সকলৰ লগতো। বিকাশ বৰুৱাৰ লগতো। স্বাভাৱিকভাৱে, ৰাগিনীয়ে খবৰ পাইছিল জীয়া আৰু তাইৰ ঘৰ আন সদস্যসকলৰ লগত বাঢ়ি অহা ঘনিষ্ঠতাৰ। মই চাকৰিত সোমালোঁ। সময় সুবিধা মিলাই জীয়াৰ ঘৰলৈ অন্তত সপ্তাহত এপাক যাওঁ। দিন বাগৰিল। ৰাগিনী আৰু বিকাশ বৰুৱাৰ বিয়া হৈ গ’ল। ধেমালিৰ সুৰতে ৰাগিনীয়ে মোক বিয়াৰ কথা কয়। মই গুৰুত্ত্ব নিদিওঁ। মই সেইখন ঘৰত যাওঁ মাথোঁ জীয়াৰ বাবে- কাৰণ মোৰ জীয়াৰ লগত সময়বোৰ পাৰ কৰি ভাল লাগে। জীয়াক কোনো সান্ত্বনা দিয়াৰ উদ্দ্যেশ্য নাই। কিয়নো জীয়াই আগতেই কৈ থৈছে- ‘মোৰ অন্ধতাক লৈ কোনেও পুতৌ নকৰে যেন।’ সেই তেতিয়াৰে পৰা মনৰ ভিতৰত থুপ খাই থকা প্ৰেমভৰা কথাবোৰ ক’বলৈ ইতস্ততঃ মই। কিজানিবা বেয়াই পাই। তেনেতে এদিন বৰ্ষাসিক্ত ব’হাগী দুপৰীয়া এটাতে সুধিলোঁ জীয়াক-
– দুৰ্ঘটনাৰ দিনা তুমি হেনোঁ মোক কিবা চাৰপ্ৰাইজ দিবলৈ আমাৰ হোষ্টললৈ আহি আছিলা?
– সেইবোৰ পুৰণি কথা বাদ দিয়া। এতিয়া তুমি এজনী ধুনীয়া ছোৱালী বিচাৰি বিয়াখন পাতি লোৱা।
– না। তুমি ক’ব লাগিব।
– লাভ নাই ও পলাশ। সকলো শেষ এতিয়া।
– আৰম্ভণি হে এয়া। কোৱা না কি আছিল কথা?
– পলাশ! সপোন দেখিব বিচৰা নে মোৰ দুচকুতে?
– জীয়া! জীয়াই থকাৰ প্ৰেৰণা বিচাৰি পাওঁ তোমাৰ দুচকুতে!