দুটা কবিতা-মূল বাংলা: অভিজিৎ চক্রৱৰ্তী

মূল বাংলা:অভিজিৎ চক্রৱৰ্তী
অনুবাদ:অৰ্জুন দাস
“নদীৰ নামত লিখা টুকুৰা কাগজ”
দেউতাৰ ইচ্ছা আছিল আমি নদীমাতৃক হৈ উঠো
জল্পেশ্বৰৰ মেলালৈ যোৱাৰ আগতে
জেপত গুঁজি দিছিল নদীৰ নামেৰে টুকুৰা কাগজ
নদী জেপত থাকে যাৰ,সি জানো কেতিয়াও হেৰায়!

নদীৰ নাম জেপত লৈ
আমি যিবোৰে মেলাই মেলাই ঘূৰি ফুৰোঁ
সিহঁতৰ বাবে ভাওৱাইয়াৰ সান্ধ্য জলপান
নিতাইহঁতৰ চৰত সিহঁতৰ বাবে
ৰখাই থোৱা আছে আপাতকালীন ভুৰ
নদী যাৰ জেপৰ ভিতৰত,সি জানে জলজ খেল
জানে,তীৰ শব্দ ভীষণ অস্হায়ী
——–
“অজ্ঞাতবাস”
সূচগ্ৰ মাথোঁ ভূমি,সেইখিনিও নিদিবা জানোঁ
যুদ্ধত আসক্তি নাই—-সকলোবোৰেইতো এৰি যাব লাগিব
এই অজ্ঞাতবাস তেনেহ’লে আৰু অলপ দীঘলীয়া হওক
আপাতত ক্লীৱ হৈ আছোঁ,যদিও পাণ্ডৱ
——
কবি পৰিচিতি:অভিজিৎ চক্রৱৰ্তীৰ জন্ম উত্তৰবংগৰ জলপাইগুৰিত।1998 চনত শিক্ষাসূত্ৰে অসমলৈ আহে। বৰ্তমান টংলা মহাবিদ্যালয়ত বাংলা বিভাগৰ প্ৰৱক্তা হিচাপে কৰ্মৰত। উত্তৰ-পূৱৰ বাংলা কাব্যজগতৰ প্ৰতিভাৱান এই কবিৰ এতিয়ালৈ দুখন কাব্যগ্ৰন্হ আৰু এখন ছড়াৰ গ্ৰন্হ প্ৰকাশিত হৈছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!