পৰিবেশ তন্ত্ৰৰ পিৰামিড আৰু সকলোৰ বাবে জৈৱিক খাদ্য – (ড° লোচন শইকীয়া)
পৰিবেশ তন্ত্ৰৰ পিৰামিড আৰু সকলোৰ বাবে জৈৱিক খাদ্য
– ড° লোচন শইকীয়া
প্ৰকৃতিৰ সকলো জীৱকুলৰ এটাই আন এটাৰ ওপৰত জীয়াই থকাৰ সূত্ৰেৰে নিৰ্ভৰশীল চক্ৰ৷ ই এক পৰিবেশ তন্ত্ৰৰ পিৰামিড৷ জৈৱিক সূত্ৰেৰে গঁথা৷ উদ্ভিদ থাকিলেহে মাটি জীয়াই থাকে৷ মাটি জীয়াই থাকে তেতিয়া, যেতিয়া উদ্ভিদৰ পৰা উপলব্ধ হোৱা কাৰ্বনাদি অন্য মৌল মাটিলৈকে ঘূৰি আহে৷ গছে প্ৰাকৃতিকভাৱে সৃষ্টিহোৱা এঙাৰ গেচখিনি বতাহৰ পৰা ব্যৱহাৰ কৰি আমাৰ বাবে প্ৰয়োজনীয় বিশুদ্ধ অম্লজান গেছ আৰু খাদ্য উপলব্ধ কৰে৷ সাগৰৰ তলিৰ পৰা পৃথিবীৰ অৰ্দ্ধেক অম্লজান উত্পন্ন হয়৷ এই প্ৰাকৃতিক পৰিমাণৰ এঙাৰ গেছখিনি নথকা হলেই পৃথিবী কাহানিবাই বৰফৰে পোত খালেহেঁতেন৷ গছৰ জৈৱিকতাৰ ওপৰত সকলো ক্ষুদ্ৰকায় সূক্ষ্ম জীৱকুলো নিৰ্ভৰশীল৷ তৃণ নিৰ্ভৰ প্ৰাণীৰ ওপৰত সকলো মাংসাহাৰী জীৱকুল নিৰ্ভৰশীল৷ সকলো সৰ্বভোজী প্ৰাণী, জন্তু গছৰ ওপৰত নিৰ্ভৰশীল৷ এঠাইত আউল লাগিলে গোটেই তন্ত্ৰটোৱেই ব্যাহত হয়৷
আৰম্ভণিতে কোৱা পৰিবেশ তন্ত্ৰৰ মাটিলৈ ঘূৰি অহা কথাতো ই এক অতীৱ প্ৰয়োজনীয় স্তৰ৷ নকৈ নোৱাৰি, এই প্ৰসঙ্গবোৰ বিভিন্ন সময়ত বিভিন্ন প্ৰসঙ্গত আলোচনা হৈ থাকোতে মাটিত থকা চকুৰে নেদেখা সূক্ষ্মজীৱকুলক মানুহে পাহৰিয়েই পেলাইছে৷ মানুহৰ মনৰ ভাৱবোৰ এনেকুৱা যেন সূৰ্য্য উদয়-অস্ত হ’বই৷ পানী আকাশলৈ বাষ্পীভূতহৈ উঠি বৰষুণ হৈ নামিবই, সাগৰলৈ বৈ যাবই৷ সকলো যেন ধৰাবন্ধা৷ গছ-গছনি গজিবই৷ গুটি ছটিয়ালেই শস্য হৈ উঠিব৷ ইফালে জনবিস্ফোৰণ৷ সকলোৱে কৈছে, আমাক খাবলৈ লাগে৷
অধিক উত্পাদনৰ উদ্দেশ্যে কৃত্ৰিম গাঢ় সাৰ আৱিষ্কাৰ সৌ সিদিনাৰ কথাহে৷ নিঃসন্দেহে অধিক উত্পাদনক্ষম শস্যৰ জাত একোটাই উপযুক্ত মাত্ৰাত যত্ন পালে এটা পৰ্য্যায়লৈকে বেছি উত্পাদন দিবই৷ অধিক উত্পাদনৰ স্বাৰ্থত কিবা এটা চমু পথ লাগে৷ যাক কয় Short cut৷ তেনেকুৱা৷ চমু পথত ভৰি থওঁতে লাভ-লোকচানৰ বিষয়তো একমাত্ৰ ধন আৰু ভোক৷ অধিক উত্পাদনৰ উদ্দেশ্যে খেতি কৰোঁতে শস্যৰ লগতে বনবাতো (অপতৃণ!) গজে৷ বিজ্ঞানে মানুহৰ পাৰ্থিৱ পৃথিবীৰ বহু প্ৰশ্নৰ উত্তৰ বা ব্যাখ্যা দিয়াৰ ওপৰিও বহুত কামো সহজ-সাধ্যও কৰি তুলিছে৷ ইয়াৰ লগতে মানুহৰ মনত এটা ধাৰণাই বাহ লৈছে বিজ্ঞানৰ প্ৰয়োগে মানুহৰ কল্যাণহে সাধে৷ তেনেহলে কেনেকৈ পৰমাণু শক্তিৰ অপপ্ৰয়োগত হিৰোছিমা, নাগাচাকি নিমিষতে ফুঃ হৈ গল৷ এইয়াও বিজ্ঞান৷ অভিশাপৰ ৰূপত৷
অৰ্থনীতিৰ মূলমন্ত্ৰেৰে পৰিচালিত ৰাজনীতিৰ কুটিল গতি মানুহে এনেয়েও আগেয়ে উমান পোৱা নাই৷ আগলৈও গম নাপায়৷ তেনে এক বিষয়ৰ আলোচনাৰে অৱগাহন কৰাওঁ৷ পাশ্চাত্যৰ দেশবোৰে শস্যক ৰোগ, কীটৰ পৰা বচাই ৰাখিবলৈ কমখৰচী ৰসায়নিক পদাৰ্থবোৰ উলিয়াই ব্যৱসায় দ্বিতীয় বিশ্বযুদ্ধৰ পিচতেই আৰম্ভ কৰিলে৷ মানুহক বুজাইছে তেওঁলোকে প্ৰস্তুত কৰা কৃত্ৰিম ৰসায়ন প্ৰকৃতিৰ প্ৰতি প্ৰতিকূল নহয়৷ এই কৃত্ৰিম ৰসায়নবোৰ কোনোবাটো তৃণনাশক, কোনোবাটো কীটনাশক৷ বুজোৱা কথাবোৰৰ সত্যতা সন্দেহৰ আৱৰ্তত৷ সঁচাকৈয়ে বাৰু এইবোৰে লক্ষ্য কৰি লোৱা অকল তৃণ বা পতঙ্গকে আঘাত হানে নে? ভিয়েটনামৰ যুদ্ধত হাবিৰ পৰা লুকাই কৰা গেৰিলা আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰি আমেৰিকান সৈন্যই ২, ৪-ডি (২, ৪ ডাইক্লৰ ফেনক্সী এচিটিক এচিড ) ২, ৪, ৫ টি ((২, ৪, ৫ ট্ৰাইক্লৰ ফেনক্সী এচিটিক এচিড) সমমাত্ৰাত মিহলাই (এজেণ্ট অৰেঞ্জ) এৰোপ্লেনৰ সহায়ত গেৰিলা লুকাই থকা হাবিত ছটিয়াই নিমিষতে গছ, মানুহ উভয়কে নঙঠা কৰি মৰা বীভত্স ছবিবোৰ দেখোন নেটতে বিচাৰি পোৱা যায়৷ এতিয়াও ভিয়েটনামে সেই ৰাসায়নিক বিষক্ৰিয়াৰ ফল ভূগি আছে৷ এইয়াও বিজ্ঞানৰ অভিশাপৰ উদাহৰণ৷ পৃথিবীৰ এঠাইত কৰা ভাৰসাম্যহীন অবিবেচক কৰ্মৰ ফল পৃথিবীৰ সকলোৱে ভুগিব লাগিব, ভুগিছেও, ভোগাবও৷
ইমানবোৰ অপায়-অমঙ্গল হোৱাৰ পিচত ভূতৰ ওপৰত দানহ পৰাদি পৰিছেহি Genetically modified organism (GMO)৷ কাৰণ একেবোৰ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাত্ৰ ছয় শতাংশ মানুহে খেতি কৰে৷ সৰহীয়া মাটিত খেতি কৰিবলৈ যন্ত্ৰৰ প্ৰয়োজন অতি বেছি৷ সেই অনুপাতে কাম কৰা মানুহো কম৷ এনেকুৱা শস্য সৃষ্টি কৰিব লাগে যাতে বন নিয়ন্ত্ৰণ কৰিবলৈ তৃণনাশক দৰৱ ছটিয়ালে শস্যৰ একো নহয়, বৰং শস্যৰ মাজত গজি উঠা বন মৰি সাজি শেষ হয়৷ এনেকুৱা শস্য উদ্ভাৱিত প্ৰতিৰোধী গুণটোৱেই সন্দেহৰ আৱৰ্তত৷ এই প্ৰযুক্তি অণু-পৰমাণু পৰ্য্যায়ত কাম কৰে৷ বাহিৰৰ পৰা একো গম পোৱা নাযায়৷ GMO গোমধান, ঘেহুঁকে আদি কৰি অনেক শস্য এই ধৰণৰ প্ৰযুক্তিৰে তৈয়াৰী৷
আমেৰিকাৰ ৩৭.২ নিযুত হেক্টৰ মাটিত গোমধান, ৩১.৫৭ নিযুত হেক্টৰ মাটিত চয়াবিন আৰু ২.০২ নিযুত হেক্টৰ মাটিত ঘেঁহু খেতি কৰে৷ পৰিবেশৰক্ষণশীল মানুহখিনিয়ে জানে যে তেওঁলোকৰ মুঠ ৭০.৭৯ নিযুত হেক্টৰ মাটিত কৰা খেতিৰ সৰহঅংশই মাটিৰ জীয়াই থকাৰ শক্তিক নিঃশেষ কৰিহে খেতি কৰিছে৷ কাৰণ অজৈৱিক প্ৰক্ৰিয়া খেতি য’ত জীনপ্ৰযুক্তি (GMO), উচ্চ ক্ষমতাবাহী ৰশ্মি প্ৰয়োগেৰে বীজ সৃষ্টি, কৃত্ৰিম সাৰ আৰু পৰিশোধন কৰা নলা-নৰ্দমাৰ পানী ব্যৱহাৰ কৰি কৰা হয়৷ এই গোটেইকেইটাই (কোৱা হয় বিগ থ্ৰী) মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলায়৷
যিখন দেশত এই প্ৰযুক্তি আবিষ্কাৰ এতিয়া তাতেই ঘোৰ প্ৰতিবাদ৷ কাৰণ, তেনেকুৱা GMO সৃষ্টি কৰোঁতে, কি কৰিছে প্ৰকৃততে খাওঁতাই নাজানে৷ দাবী কৰিছে জনাব লাগে৷ লেবেল লগাব লাগে আৰু সেইটো এতিয়াও বাধ্যতামূলক নহয়৷ গতিকে খাদ্যবোৰ নিৰাপদ হয় নহয় জনাৰ উপায় কি? সকলো GMO শস্যৰ একে সমস্যা নাই৷ তাৰে কিছুমান সঁচাকৈয়ে প্ৰশংসনীয়, আদৰণীয়৷
খাদ্য উত্পাদনৰ নিয়মানুযায়ী খাদ্যক ‘জৈৱিক খাদ্য’ৰ এটা মোহৰ লগা হৈছে৷ ইংৰাজীত ক’লে সহজে বুজিব Organic food৷ কওকচোন মোহৰ লাগেনে নালাগে? তৰ্কৰ খাতিৰতে কওঁ জৈৱিক হওক, নহওক প্ৰভেদ কি? শৰীৰ তন্ত্ৰই একেটা নিয়মেৰে খাদ্য গ্ৰহণ কৰে৷ জৈৱিক খাদ্যসমূহ বেছি নিৰাপদ আৰু স্বাস্থ্যবৰ্দ্ধক এই উক্তিৰ সাৰ্থকতাৰ ক্ষেত্ৰত মেডিকেল প্ৰমাণ বৰ বেছি নাই৷
তেনেহলে জীয়াই থকাৰ সঙ্কট ঘনীভূত কৰ পৰা হৈছে? ইয়াৰ মূল কাৰণটোৱেই অজৈৱিক প্ৰক্ৰিয়াৰে জৈৱতন্ত্ৰত কৰা আঘাত৷ যিটো খুউব কম মানুহৰহে চকু পৰিছে৷ আমেৰিকাত বাৰু খুউব কম সংখ্যক মানুহ (৬ শতাংশ) খেতিৰ সৈতে জড়িত৷ ভাৰতততো ৬৭ শতাংশ মানুহেই খেতিৰ লগত পোনপটীয়াকৈ জড়িত৷
জৈৱিক খাদ্য উত্পাদন প্ৰক্ৰিয়াত কৃত্ৰিম সাৰ, কৃত্ৰিম কীটনাশক, কৃত্ৰিম ৰঙৰো প্ৰবেশ নিষেধ৷ বংশতত্ত্ব (জীন) সলনি কৰা প্ৰযুক্তিৰো প্ৰবেশ নিষেধ৷ অৰ্থাৎ বীজখিনিও GM (Genetically modified) হ’ব নোৱাৰিব৷ সদ্যহতে নতুন নিয়ম মতে ইউৰোপিয়ান ইউনিয়নৰ সকলো দেশ, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, মেক্সিকো, জাপানকে ধৰি বহুত দেশত জৈৱিক খাদ্য উত্পাদন কৰি নিজৰ দেশতে বিকিবলৈ বিশেষ অনুমতি পত্ৰৰ প্ৰয়োজন৷ ঘৰুৱা বাৰীত জৈৱিক খাদ্য উত্পাদনৰ কথা সম্পূৰ্ণ সুকীয়া৷ এই ক্ষেত্ৰত নিজ নিজ দেশে কিছুমান নিয়মৰ এৰা-ধৰা কৰি লৈছে৷
শস্য উত্পাদনত ব্যৱহৃত পদ্ধতিৰ ভিন্নতাৰ কাৰণে খাদ্যক সৰ্বসাধাৰণ মোহৰ লগোৱাত অসুবিধা আহি পৰে৷ কিন্তু সকলোৱে দাবী কৰে যে জৈৱিক খাদ্যৰ সোৱাদৰ লগত অইন পদ্ধতিৰে উত্পাদন কৰা খাদ্যৰ কোনোফালৰ পৰাই তুলনা নহয়৷ এই দাবীৰ তথ্য-প্ৰমাণৰ কমমাত্ৰাৰ গইনাৰে বহুজাতিক ব্যৱসায় গোষ্ঠীয়ে কোৰোনাৰে ধন চপোৱাত ব্যস্ত৷ বৰ্দ্ধিত জনসংখ্যাৰ বাবে প্ৰয়োজনীয় আহাৰ-খাদ্য উত্পন্ন কৰাত স্বাৱলম্বিতা আনিবৰ কাৰণে বনমৰা, কীটমৰা অজুহাতত যিবোৰ বীজ মনছেণ্টোৰ দৰে কোম্পানীয়ে নিজৰ দেশততো মেলি দিলেই, এতিয়া আমাৰ হাতত তুলি দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে, সেইবোৰেই এসময়ত মানুহৰ বিনাশৰ কাৰক হব৷ এইবোৰতে আমাৰ শাসক, এভাগ বিজ্ঞানীয়ে হাত উজান দিছে৷ যিহেতু সেই বীজবোৰ বনমৰা, কীটমৰা দৰৱ প্ৰতিৰোধী৷ সংৰক্ষণৰ অভাৱত আমাৰ নিজৰ বীজবোৰ হাতৰ পৰা নোহোৱা হোৱাটোৱেই নহয়, মাটিৰ জৈৱিক প্ৰক্ৰিয়াত জড়িত সূক্ষ্ম জীৱকুল, মাছ, সৰীসৃপ, চৰাই ইত্যাদি মেৰুদণ্ডী প্ৰাণী সকলো শেষ হৈ আহিব, আহিছেও৷
জৈৱিক খেতি, জীন প্ৰযুক্তি এই দুয়োটা বিষয়ক লৈ “GMOs, Herbicides, and Public Health,” শিৰোনামৰে দুজন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চিকিত্সক Philip J. Landrigan, M.D. আৰু Charles Benbrook, Ph.D ২০ আগষ্ট, ২০১৫ উচ্চ প্ৰশংসিত New England Journal of Medicine পত্ৰিকাত প্ৰকাশ কৰা লিখনি এটাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যত বনমৰা দৰৱৰ অনিষ্টকাৰী প্ৰভাৱক লৈ চিন্তা ব্যক্ত কৰা হৈছে৷ কোৱা হৈছে বহুজাতিক কো্পানী ‘মনচেণ্টো’ৱে প্ৰস্তুত কৰা গ্লাইফচেট নামৰ বননাশক দৰৱটোৰ লগত মানৱৰ কেঞ্চাৰ বেমাৰৰ এটা সম্পৰ্ক বিচাৰি পাইছে৷ এই ভিত্তিতেই তেখেতসকলে কৈছে যে ইয়াক নাকী লগাব লাগে, মানে লেবেল মাৰি জনাব লাগে যে কোনবিধ খাদ্য সুৰক্ষিত পদ্ধতিৰে উত্পাদিত আৰু কোনবোৰ নহয়৷ আমাৰ ঘটিৰাম, বাটিৰাম বজাৰ পদ্ধতিত বজাৰ কৰিবলৈ গৈ কোনো উপায় নাই এইদৰে বাচ-বিচাৰ কৰা৷ ইংলেণ্ডৰ এই দুই সন্মানীয় চিকিত্সক Landrigan আৰু Benbrook য়ে Food and Drug Administration ক GMO খাদ্যক লেবেল লগাবলৈ আহ্বান জনাইছে৷
ভাৰতত এতিয়াও খোৱা শস্যত জীন প্ৰযুক্তিৰে বংশতত্ত্ব সলনি কৰা জাতৰ খেতিয়েই নহয়, তাৰ পথাৰমূলক গবেষণাকো কৰিবলৈ অনুমতি সম্পূৰ্ণ হোৱা নাই৷ চৰকাৰে বিচাৰে৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদেও হয় ক’বলৈ সাজু হৈয়ে আছে৷ মহাৰাষ্ট্ৰত কপাহ খেতিৰ তেনে এক জীন প্ৰযুক্তিৰে বংশতত্ত্ব সলনি কৰা জাত চৰকাৰে সুমুৱালে৷ যিটো উদ্দেশ্যৰে কৰিছিল, সেইয়া নফলিল৷ মহাৰাষ্ট্ৰ হাইব্ৰীড কোম্পানী নামৰ বীজ উৎপাদক কোম্পানীয়ে মনচেণ্টোৰ পৰা আমদানি কৰা এই কপাহৰ বীজে দেখুওৱা বেয়া ফলৰ দায়িত্ব অস্বীকাৰ কৰি নিজৰ মানুহ পঠিয়াই সম্পূৰ্ণ কৌশলপূৰ্ণ সমীক্ষা কৰি মিছা মাতিলে৷ তেওঁলোকে কি পালে জানিবলৈও নিদিলে৷ এতিয়া ভাৰতত ব্যৱহৃত বিটি-কপাহৰ জাতটোত দুটা জীন সোমাল৷ উচিত-অনুচিত দুয়োটা বিষয় এতিয়া সংবেদনশীল হৈ পৰাত ইয়াৰ তথ্য সৰবৰাহত চৰকাৰে সাৱধানতা অৱলম্বন কৰিছে৷ বিটি বেঙেনা সাজু হৈয়ে আছে৷ ২০১০ত বিটি বেঙেনা পৰীক্ষামূলক ভাবে প্ৰাৰম্ভিক দেওনা পাৰ হওঁ হওঁতেই চাৰিখন ৰাজ্য (বিহাৰ, ৰাজস্থান, কেৰেলা আৰু মধ্যপ্ৰদেশ )ই কৃষি প্ৰাদেশিক বিধি বিষয়ৰ অন্তৰ্গত বুলি সেইটো হ’বলৈ নিদিলে৷ লগতে ভাৰতীয় কিষান সংস্থা আৰু স্বদেশী জাগৰণ মঞ্চ ৰ প্ৰতিবাদৰ ঢৌৰ প্ৰকোপতহে নোৱাৰিলে৷ তেতিয়া চৰকাৰ বেলেগৰ, এতিয়া বেলেগৰ৷ ৰূদ্ধ দুৱাৰৰ ভিতৰত এই দুই প্ৰতিবাদীক মনাবলৈ চৰকাৰী কৌশল চলি আছে৷ GMO নিজৰ দেশৰ পৰা উলিয়াবলৈ চৰকাৰে গৱেষণাৰ কাৰণে কোটি কোটি ধন খৰচ কৰিছে৷ চৰকাৰৰ ধৈৰ্য্যৰ বান্ধো সোলোক-ঢোলোক হৈছে৷ ইমান ধন পানীত পৰোঁ পৰোঁ৷
লক্ষ্য কৰিলে দেখা যায়, বিদেশী ৰাষ্ট্ৰই এনেকুৱা শস্যত হাত দিয়ে যিবোৰত হাত দিলে ভাৰতক সকলো ফালৰ পৰা দুৰ্বল কৰিব পাৰি৷ ভাৰতৰ কপাহ খেতি হোৱা ভূমিৰ পৰিমাণ ১১.৬ নিযুত হেক্টৰ৷ ভাৰতৰ কপাহ উদ্যোগটোক কোঙা কৰিবলৈ এতিয়া লোৱা সহজ উপায়টোৱেই হ’ল কপাহৰ ফুলত হোৱা কপাহ খোৱা পোক নিবাৰণৰ নামত ভাৰতৰ নিজৰ সঁচবোৰৰ সংৰক্ষণ আৰু সেই সঁচবোৰৰ খেতি নোহোৱা কৰি দিয়া৷ যিটো কৰা হৈ গৈছে৷ বেছি পোৱাৰ আশাত কিছুবছৰ ঠিকেই চলিব৷ এটা সময় আহিব যেতিয়া নিজৰ সঁচবোৰ হাতৰ পৰা পিচলি যাব তেতিয়াই বিদেশী কোম্পানীবোৰে ক’ব আমাৰ ওপৰত যিহেতু গুটিৰ কাৰণে নিৰ্ভৰ কৰে, তাৰ লগতে কাপোৰৰ লগত সংলগ্ন শিল্প-উদ্যোগবোৰ আমাৰ মতেই ব্যৱসায়ৰ বাবে আমি সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পাৰিম৷ এনেকুৱা উদাহৰণ হবলৈ গৈ আছে তিয়ঁহ, ভেণ্ডি, ধান ইত্যাদি৷ এই ধৰণৰ শীতল কাৰিকৰী যুদ্ধত সমান্তৰালকৈ চলিছে Intellectual Property Right (IPR)৷ ভাৰত চৰকাৰে কৃষি বিষয়ত যত্ন কৰিছে নিজৰখিনি বচাবলৈ৷ জোৰ পুৰি হাত পালেহি৷
Landrigan and Benbrook এ উল্লেখ কৰিছে যে আমেৰিকাতেই ১৯৭৪ৰ পিচত বনমৰা দৰৱৰ প্ৰতিৰোধ ক্ষমতা সম্পন্ন শস্যৰ কাৰণে বনমৰা দৰৱৰ ব্যৱহাৰৰ পৰিমাণ ০.৪ নিযুত কিলোগ্ৰামৰ পৰা ২০১৪ত আহি ১১৩ নিযুত কিলোগ্ৰাম চুইছেহি৷ পৰিণামত কিছুমান বন-জাতীয় উদ্ভিদে ২, ৪-ডিৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে৷ এই বনমৰা দৰৱবোৰৰ বিষাক্ত গুণৰ তথ্যবোৰ ঢাকি পৰিবেশন কৰা হোৱা বাবে বনমৰা দৰৱৰ বিৰুদ্ধে যিমানেই আপত্তি নাহক, কাণেই নিদিয়ে৷ আনকি বিশ্ব স্বাস্থ্য সংস্থাইয়ো গ্লাইফচেটক হয়তো কেঞ্চাৰ সৃষ্টি কৰিব পৰা হ’ব/নহ’ব পাৰে শ্ৰেণীত আৰু ২, ৪-ডিক সম্ভাৱনাময় শ্ৰেণীত থৈছে৷ এই দুই বনমৰা দ্ৰৱক লৈ সংশয় কমা নাই৷ আমেৰিকাতে চলোৱা সমীক্ষাত প্ৰকাশ পাইছে যত ৯৪০০০ চেম্পোলৰ ৭৫ শতাংশতে এবিধ নহয় এবিধ বনমৰা দৰৱৰ অৱশিষ্ট ধৰা পৰিছে৷ ই এক ভয়াবহ ছবিৰ নিদৰ্শন৷
ভাৰতীয় কিষান সংস্থা আৰু স্বদেশী জাগৰণ মঞ্চই সোধা প্ৰশ্নকেইটাৰ উত্তৰ চৰকাৰৰ হাতত নাই৷ প্ৰশ্নকেইটা হল-
১৷ GM শস্য যদি সফলেই তেনেহলে নতুন বিটি কপাহত দুটা জীন কিয় সুমুৱা হল?
২৷ ভাৰতৰ জৈৱবিচিত্ৰতাক ৰক্ষাপ্ৰণালী সবল বুলি দাবী কৰা স্বত্তেও মনচেণ্টো কোম্পানীয়ে অবৈধ ভাৱে ভাৰততে GM ভেণ্ডিৰ পৰীক্ষা কেনেকৈ চলাবলৈ পালে?
৩৷ ভাৰতে নিজে নিজৰ দেশতে তেনেকুৱা জীনেৰে কিয় স্বাৱলম্বী নহৈ আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে?
৪৷ GM শস্যবোৰে কিয় উত্পাদন শক্তি বঢ়াব পৰা নাই?
৫৷ এনেকুৱা কিবা প্ৰযুক্তি ওলাবনে যাৰ জৰিয়তে খেতিয়কে GM শস্যৰ বীজ নিজেই ৰাখিব পাৰিব আৰু বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰিব?
৬৷ GM খাদ্যবোৰ সঁচাকৈয়ে স্বাস্থ্যৰ কাৰণে সুৰক্ষিত নে?
৭৷ GM শস্যই জৈৱবৈচিত্ৰতা অক্ষুণ্ণ ৰাখিব পাৰিবনে?
ওপৰৰ সাতোটা প্ৰশ্নৰ উত্তৰ পালে আমিও ক’ম GMO লোৱাত আমাৰ আপত্তি নাই৷ দিবনে উত্তৰ? নে চৰকাৰে, বিজ্ঞানীয়ে উত্তৰ অবিহনে অনুমতি দিব?
জৈৱিক খাদ্য উত্পাদন কৰোঁতে বিগ থ্ৰী, হৰমোন, এণ্টবায়টিক আৰু কৃত্ৰিম ভাৱে তৈয়াৰী উপাদান ব্যৱহাৰ কৰিব নোৱাৰিব৷ শস্যৰ আৱৰ্ত্তন মানি খেতি কৰিব লাগিব৷ কাষৰ পৰিবেশো এইবোৰৰ পৰা মুক্ত থাকিব লাগিব৷ পঁচন সাৰ, বীজো জৈৱিক প্ৰক্ৰিয়াৰে উত্পাদন কৰা হব লাগিব৷ শস্যত দেখা দিয়া বেমাৰ, কীট-পতঙ্গ জৈৱিক প্ৰক্ৰিয়াৰে নিবাৰণ কৰিব পৰা হব লাগিব৷ বন-বাত নিৱাৰনাৰ্থে জৈৱ-মালচিং, হাতেৰে নিৰনি, কাটি বা জ্বলাই কৰিব লাগিব৷ কৃত্ৰিম মালচিং ব্যৱহাৰ কৰিলেও খেতি চপাইয়ে আঁতৰাব লাগিব৷
অসমকে ধৰি উত্তৰ-পূব ভাৰতক প্ৰাকৃতিক ভাবে জৈৱিক প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰা ভঁৰাল হিচাবে গঢ় দিব পৰা হৈ আছে৷ চৰকাৰেও পাকে-প্ৰকাৰে উনুকিয়ায়৷ কিন্তু সমান্তৰাল ভাবে অজৈৱিক প্ৰক্ৰিয়াকো আঁকোৱালি লব বিচাৰে৷ ২০১০ চনৰ চৰকাৰী তথ্যমতেই ভাৰতত ৪.৪ নিযুত হেক্টৰ মাটি জৈৱিক কৃষিৰ অন্তৰ্গত হৈছে৷ এইবোৰ জৈৱিক খেতিত ধান, ঘেঁহু, গোমধান, চাহ, তৈলবীজ, স্নেহজাতীয় বীজ, শাক-পাচলি, ফলজাতীয় শস্য, মৌ, মচলা শস্য, কপাহ, প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা গছ ইত্যাদি অন্তৰ্ভুক্ত হৈছে৷
জৈৱিক কৃষিৰ সুফল চিৰদিনীয়া৷ আমি পাহৰিলে নহব যে মাটিৰ অধিকাৰ আমাৰ নহয়৷ মাটিক আশ্ৰয় কৰি যি জৈৱ বৈচিত্ৰ্য আছে সেয়া ৰক্ষা কৰি চলা আমাৰ প্ৰতিটো প্ৰজন্মৰ ধৰ্ম৷ তেহে ভবিষ্যতৰ মানৱকুল সুৰক্ষিত হব, যাৰপৰা আমি ভূমিখণ্ডক ধাৰলৈ পাইছো৷ সূত নিদি মূলো আত্মসাৎ কৰা আমাৰ মনোবৃত্তিয়ে আমাৰ কৰ্মপন্থাকেই সলাই পেলাইছে৷ মাটি, পানী, বায়ু আমি একোকেই প্ৰদূষিত কৰিব নালাগে৷ জীৱৰ প্ৰাকৃতিক পিৰামিড সদৃশ তন্ত্ৰক বাহাল ৰাখিবলৈ এটাই মাত্ৰ উত্তৰ৷ জৈৱিক কৃষি৷ জৈৱিক খাদ্য৷