সম্পাদকীয় -(মিতালী-উচ্চজিৎ)
সম্পাদকীয়
“কলম মোৰ কমাৰৰ হাতৰ হাতুৰি, ভাঙি-পিটি গঢ়ি লওঁ শব্দ,
খেতিয়কৰ ফাল যেন চোকা; সীৰলুত সোণৰ সীতা,
মিস্ত্ৰীৰ কৰত যেন ৰূঢ়,
কঠিন কাঠৰ আঁহ ফালি টানি আনো
অভিজ্ঞতাৰ তেজ লগা শব্দ, চাওঁতাল মৰদৰ ধনুৰ কাঁড় যেন
লক্ষ্যভেদী একো-একোটা শব্দ মোৰ
ৰক্ত-মাংস-ইচ্ছাত তীব্ৰ হৈ উঠে,
সিহঁতৰ কোনোটো পৰ্বতৰ দৰে উদ্ধত,
কোনোটো নদীৰ দৰে নত, আৰু কোনোটো বা হ্ৰদৰ দৰে গম্ভীৰ,
কাৰো কথাত উঠা-বহা নকৰে।
নদ-নদী-পৰ্বত চিত্ৰিত বিপুল মহাদেশৰ মই কবি,
পৃথিৱী মোৰ কবিতা।” (হীৰুদা)
কবিতা… কবিতানো কি? কোনোৱে ক’লে, “ছন্দোবদ্ধ ৰচনাই কবিতা”, আন কোনোৱে ক’লে, “আবেগৰ স্বতঃস্ফূৰ্ত প্ৰকাশেই কবিতা”। কিন্তু প্ৰকৃততে কবিতা মানেনো কি? ইয়াৰ জন্ম ক’ত, কেতিয়া আৰু কেনেকৈ হয়? চহালোকৰ সৰল প্ৰাণতেই অংকুৰিত হৈছিল নেকি কবিতাৰ প্ৰথমটো বীজ? মনৰ মাজত উখল-মাখল লগাই থকা ভাবৰ স্বতঃস্ফূৰ্ত প্ৰকাশৰ বাট পাৰ হৈ আহি কেতিয়াৰ পৰানো আমি কবিতা লিখিবলৈ শিকিলোঁ? কেতিয়াৰ পৰানো কবিতাৰ ব্যাকৰণৰ প্ৰয়োগ কৰিবলৈ ল’লোঁ। পয়াৰ, ছবি, লেছাৰী, কুসুমমালা আদি ছন্দ পাৰ হৈ কেতিয়াৰ পৰানো মুক্তক ছন্দত কবিতা লিখিবলৈ ল’লোঁ? উপমা, যমক আদি অলংকাৰ আৰু প্ৰতীক-চিত্ৰকল্পৰ আঁৰত লুকাই থাকে কবিতাৰ অন্তৰ্নিহিত অৰ্থ। ছন্দ-অলংকাৰ, প্ৰতীক-চিত্ৰকল্পেৰে কবিতাৰ লাৱণ্য, সৌন্দৰ্য, ৰহস্যময়তা, গতিময়তা ওৰণিৰ আঁৰত থকা ন-কইনাৰ সৌন্দৰ্যতকৈ কোনোগুণে কম নহয়। আনকি শৈশৱতেও আমাৰ মনত সাঁচ বহুৱাইছিল দুশৰীয়া/ চাৰিশৰীয়া পদ্যসমূহে। শৈশৱৰ সেই পদ্যসমূহতো লুকাই আছে শিশু মনঃস্তত্ব আৰু শিশুৰ মানসিক বিকাশৰ নানা উপকৰণ। কবিতাৰ মাজতে দেখা যায় সমাজ পৰিৱৰ্তন, সমাজ সংস্কাৰৰ নানা দিশ। কবিতাই উদ্ভাসিত কৰে আমাৰ হৃদয়ত প্ৰেমৰ ভিন ভিন ৰূপৰ উন্মেষ।
অসমীয়া কাব্য সাহিত্যয়ো লোকসাহিত্যৰ পৰা আৰম্ভ কৰি ‘অৰুণোদই’, ‘জোনাকী’, ‘বাঁহী’, ‘আবাহন’, ‘ৰামধেনু’ আদি আলোচনীৰ যোগেদি বিভিন্ন ধাৰাৰ মাজেৰে আহি বৰ্তমানৰ ৰূপ পৰিগ্ৰহণ কৰিছে। এই ধাৰাবোৰৰ মাজেৰে আহি থাকোঁতে কবিতাই ছন্দোবদ্ধ ৰূপৰ সাজ সলাই মুক্তক ছন্দৰ সাজ পিন্ধি ল’লে। অসমীয়া কবিতাই আধ্যাত্মিকতাবাদ আৰু প্ৰকৃতিপ্ৰেমৰ পৰা কেইবাখোজো আগুৱাই গৈ ৰোমাণ্টিক প্ৰেম, স্বদেশ প্ৰেম , ফ্ৰয়েদৰ মনস্তত্ববাদ আদিকো সামৰি ল’লে। সৌন্দৰ্যৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা, প্ৰকৃতিৰ উপাসক ৰঘূনাথ চৌধাৰী, স্বদেশপ্ৰেমে টলবলাই থকা জ্যোতি-বিষ্ণু-অম্বিকাগিৰি, অতিন্দ্ৰীয়বাদী নলিনীবালা দেৱী আদি কবিসকলৰ পৰৱৰ্তীকালত “আমি দুৱাৰ মুকলি কৰোঁ” শীৰ্ষক কবিতাৰে যেন আধুনিক কবিতাৰ দুৱাৰ মুকলি কৰিলে যুগসন্ধিৰ কবি দেৱকান্ত বৰুৱাই। অসমীয়া কবিতালৈ আধুনিক প্ৰতীক-চিত্ৰকল্পৰ আমদানি হ’ল। প্ৰতীক-চিত্ৰকল্পৰ প্ৰয়োগৰ ক্ষেত্ৰত অগ্ৰণী হ’ল হেম বৰুৱা, নবকান্ত বৰুৱা, ৰাম গগৈ, নিৰ্মলপ্ৰভা বৰদলৈ, অজিত বৰুৱা, নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্য আদি কবিসকল। আধুনিক অসমীয়া কবিতাৰ আংগিক আৰু প্ৰায়োগিক দিশত এইসকল কবিয়ে ন-ন চিন্তাৰ আগমন ঘটাই একো একোজন বাটকটীয়াৰ ভূমিকা পালন কৰিছে। আজিও আমি কবিতাৰ উদ্ধৃতি দিব লাগিলে এইসকল কবিৰে কবিতাৰ উদ্ধৃতি দিওঁ। কিন্তু এখেতসকলৰ পিছত কি বা কোন??? ….…
নব্বৈৰ দশকৰ পৰা অসমত কবিতা লিখা মানুহৰ সংখ্যা বহুত বাঢ়িল আৰু মাজে-সময়ে বহুকেইটা ভাল কবিতাৰো সৃষ্টি হ’ল। কিন্তু বাটকটীয়া বুলি বা এটা ধাৰাৰ প্ৰবৰ্তক বুলি ক’ব পৰাকৈ এজন কবিৰো নাম মনলৈ নাহে। অতি সম্ভাবনাপূৰ্ণ কবি নীলিম কুমাৰ, সনন্ত তাঁতী, সমীৰ তাঁতীৰ পৰা আৰম্ভ কৰি যুবসমাজৰ মাজত জনপ্ৰিয় কবি প্ৰণব কুমাৰ বৰ্মনলৈ কাকোৱে আমি বাটকটীয়া বুলি ক’ব পৰা নাই। আনকি ৰামধেনুৰ পাছত অসমীয়া সাহিত্যপ্ৰেমীৰ মাজত জনপ্ৰিয় হোৱা প্ৰান্তিক নাইবা গৰীয়সী কোনোখন আলোচনীয়ে আধুনিক অসমীয়া কবিতাৰ এটা নতুন ধাৰাৰ সৃষ্টি কৰিব পৰা নাই। আনকি, পাঠ্যপুথিসমূহতো সেই অগ্ৰজ কবিসকলৰ কবিতাৰ সৈতে নতুন কবিসকলৰ কবিতাই স্থান পোৱা প্ৰায়ে দেখা নাযায়। ইয়াৰ কাৰণসমূহ কি সেয়াও এক বিচাৰ্য বিষয়।……
বসন্ত বিশেষ, শাৰদীয় সংখ্যা আদি বাদ দিয়ো আজিৰ তাৰিখত অসমত প্ৰায় সোতৰখন কাকত-আলোচনী (দৈনিক আৰু সাপ্তাহিক মিলাই) প্ৰকাশ হয় আৰু প্ৰায় প্ৰতি সপ্তাহতে সেই কাকত-আলোচনীবোৰত পৃষ্ঠা ভৰাই ভৰাই কবিতা প্ৰকাশ হৈয়ে থাকে। তেন্তে বাটকটীয়া কবি সৃষ্টি নোহোৱাৰ কাৰণ কি? কাকত-আলোচনীবোৰে বাহ্যিক সৌন্দৰ্য প্ৰকাশৰ বাবে কবিতাক এক আহিলা হিচাপে ব্যৱহাৰ কৰিছে নেকি? সেইবোৰত খালী ঠাই পূৰণ কৰিবলৈহে ব্যৱহাৰ কৰিছে নেকি কবিতাক? সেইবোৰৰ প্ৰকৃত মূল্যায়ন হয়নে? নে কাব্য সাহিত্যক আজিৰ সম্পাদকসকলে প্ৰকৃত সাহিত্যৰ স্থানত ৰাখি মূল্যায়ন নকৰে? আৰু ইয়াৰ বাবে অকল আমাৰ কাকত-আলোচনীৰ বিভাগীয় সম্পাদকসকলেই দোষীনে? নে দোষ আমাৰ কবিসকলৰো? সমালোচনা অবিহনে কবি আৰু কবিতাৰ সঠিক মূল্যাংকন হ’ব নোৱাৰে। আমাৰ কবিসকলক বাট দেখুৱাই দিবলৈ অসমীয়া কাব্য সাহিত্যৰ বিশ্লেষণ কৰি সঠিক সমালোচনা আগবঢ়োৱা সমালোচকৰ অভাব বাৰুকৈয়ে অনুভব কৰোঁ নেকি?…
এইখিনিতে আৰু এটা কথা উনুকিওৱা ভাল হ’ব। কবিসকলক আমি প্ৰায়ে প্ৰেমিক-প্ৰেমিকা বুলি চিনাকি দিবলৈ ভাল পাওঁ। ৰোমাণ্টিক কবিতাৰ কথা ক’লে প্ৰকৃত কাব্যৰসিকৰ মনলৈ ভূপেনদাৰ প্ৰেমৰ গীতবোৰৰ কথা প্ৰায়ে মনলৈ আহে। তেখেতৰ প্ৰতিটো প্ৰেমৰ গীতৰ মাজতে একোটা কালজয়ী ৰোমাণ্টিক কবিতাও নিহিত হৈ আছে। এতিয়াৰ প্ৰায়ভাগ কবিয়ে প্ৰেমৰ কবিতাই বেছিকৈ লিখা দেখা যায়। কিন্তু এতিয়াৰ কবিয়ে লিখা এই সমগ্ৰ কবিতাৰ পৰা কেইটা কালজয়ী ৰোমাণ্টিক কবিতা (দেহজ/ আত্মিক প্ৰেমক লৈ লিখা কবিতা) বাচি উলিয়াব পৰা যাব? আৰু যদি তেনে কালজয়ী কবিতা আজি সৃষ্টি হোৱা নাই তাৰ কাৰণ কি? আমাৰ এতিয়াৰ কবিসকলৰ অধ্যয়নৰ পৰিসৰ কম নে তেওঁলোক স্বপ্ৰদৰ্শনকামিতাৰ দোষেৰে দোষী তাকো ভাবি চাবলগীয়া……..
ৰোমাণ্টিক কবিতাৰ কথা ক’লেই এলিজাবেথ বেৰেট ব্ৰাউনিঙৰ কথা মনলৈ আহে। অসমীয়া কবিতাৰ উন্মেষৰ দিনৰে পৰা অসমীয়া মহিলা কবিৰ সংখ্যাও কম নহয়। কিন্তু কোনো অসমীয়া মহিলা কবিকে সাৰ্থক ৰোমাণ্টিক প্ৰেমৰ কবি আখ্যা দিব পৰা হোৱা নাই। অসমীয়া কাব্য সাহিত্যত এতিয়াও এগৰাকী এলিজাবেথ বেৰেট ব্ৰাউনিঙৰ জন্ম নোহোৱাৰ কাৰণবোৰো ভাবি চাবলগীয়া………
ওপৰৰ সকলোবোৰ কথা ভালকৈ চালি-জাৰি চাই তাৰ উত্তৰ উলিয়ালেহে অসমীয়া কাব্য সাহিত্যই ভবিষ্যতলৈ স্থবিৰতাৰ পৰা মুক্ত হৈ গতিময়তা লাভ কৰিব আৰু এই গতিময়তা প্ৰদানৰ বাবে কবি, কাব্য সমালোচক, কাব্য ৰসিক পঢ়ুৱৈ, কাকত-আলোচনী/ই-আলোচনীৰ মুখ্য তথা বিভাগীয় সম্পাদক, কবিতা পুথিৰ প্ৰকাশক সকলোৱে যত্নপৰ হোৱা উচিত।
মিতালী-উচ্চজিৎ
সম্পাদক
সাহিত্য ডট্ অৰ্গ, নবেম্বৰ ২০১৩
সুন্দৰ সম্পাদকীয়। পঢ়ি ভাল লাগিল। এইবাৰৰ সংখ্যাটি সুন্দৰ হৈছে।
ভাবিবলগীয়া সম্পাদকীয়। ভাল লাগিল।
সুন্দৰ প্ৰকাশ । হাতী মাৰি ভূৰুকাত ভৰালে। কৱিতাৰ অ আ খনো নাজানো যদিও সাধাৰণ বিদ্যাৰ আওতাতে আপোনাৰ কথাখিনত বহু কিবা আভাষ পালো।সঁচাই ধন্যবাদৰ পাত্ৰ এই উপস্থাপণ।