সম্পাদকীয় (মনোজ মন কলিতা – মুখ্য সম্পাদক, ১৫ আগষ্ট, ২০১১ সংখ্যা)
সম্পাদকীয়
ফেচবুক ফেচবুক ফেচবুক… অসমত এতিয়া ডেকা-গাভৰু, কিশোৰ-কিশোৰী, বয়োজেষ্ঠ সকলো ব্যস্ত এই ফেচবুকৰ মায়াজালত আত্মসমৰ্পন কৰাত । ফেচবুক কি , ইয়াৰ ইতিহাস তথা ইয়াৰ পিতৃ কোন সেই বিষয়ে জনা লোক আঙুলিৰ মূৰত গণিব পৰাকৈ সীমিত। কিন্তু সকলো দৌৰিছে আৰু দৌৰিছে। কোনোৱে যদি কাৰোবাৰ নামত ভুৱা একাউণ্ট গঠন কৰি আপত্তিজনক মন্তব্য দিছে তেন্তে কোনোবাই তাৰেই গইনা লৈ লেতেৰা ৰাজনীতি খেলিছে ; আনহাতে এচাম মানসিক ভাৱে পংগুলোকে অসম বন্ধ পৰ্য্যন্ত দিবলৈ আগবঢ়ি আহিছে একমাত্ৰ এই ফেচবুক নামৰ চছিয়েল নেটৱৰকিং চাইটৰ নামত। অসমত এতিয়া অৰাজকতাৰ বা বলিছে আৰু তাত ইন্ধন জোগাইছে ব্যক্তিগত কেইটামান চেনেলে। বোকা চটিওৱাৰ এই খেলখনত পুতলা হৈছে সৰ্বসাধাৰন ৰাইজ।অসমৰ ৰাইজৰ মাজত বিভাজন আনিছে এই চেনেলেসমূহে ফেচবুকৰ আঁৰ লৈ। এচামে যদি এটা চেনেলৰ কথা শুনিছে তেন্তে আনচামে আন এটা চেনেলৰ কথা শুনিছে আৰু অঁৰিয়া-অঁৰিত ব্যস্ত হৈ পৰিছে। ফলত ধন-সময়-একতাৰ অৱক্ষয় হৈছে আৰু সেই ৰঘূমলাৰ দৰে বাঢ়ি অহা এই অপশক্তিক পৰোক্ষভাৱে লাভাম্বিত কৰা হৈছে। কিন্তু আন এচাম লোক আমাৰ সমাজত এতিয়াও আছে যিসকলে নিৰন্তৰভাৱে সমাজৰ উত্কৰ্ষ সাধনত ব্ৰতি আছে। “তৰোৱালৰ শক্তিতকৈ শব্দৰ শক্তি বহুগুণে বেছি” – এই কথাকেই প্ৰমান কৰিবলৈ বদ্ধপৰিকৰ এই নতুন শুভ-শক্তি। তাৰেই এক উদাহৰণ ফেচবুকৰ “অসমীয়াত কথা বতৰা” নামৰ দল আৰু ইয়াৰ মানস পুত্ৰ “সাহিত্য ডট্ অৰ্গ”। অসমীয়াত কথা বতৰা নামৰ এই দলত নিতৌ নতুন সৃষ্টিৰে পাঠক সমাজক আপ্লুত কৰিবলৈ সদায় সাজু থাকে এচাম নতুন শক্তি, যিসকলৰ কলমত সাৰ পাই উঠে মনৰ কল্পনাসমূহ। ইউনিকোডত লিখা এই সমূহ সৃষ্টিক চিৰযুগমীয়া কৰি ৰাখিবলৈ “সাহিত্য ডট অৰ্গ”ৰ জন্ম। এই “সাহিত্য ডট অৰ্গ”ৰ প্ৰথমজন মূখ্য সম্পাদক পদত নিজৰ নামটো অন্তৰ্ভুক্ত হোৱাতো মোৰ বাবে এক সন্মান। যোৱা জুলাই মাহৰ পৰা আগষ্ট মাহৰ ১৫ তাৰিখলৈ বিভিন্ন লিখকে যিবোৰ লিখনি “অসমীয়াত কথা বতৰা” দলত প্ৰকাশ কৰিছে সেইবোৰৰ মাজৰ পৰাই শ্ৰেষ্ঠ বুলি বিবেচিত হোৱা লিখনি সমূহ “সাহিত্য ডট অৰ্গ”ৰ এইটো সংস্কৰনত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই সকলো লিখনি যুগুতাই দিয়া সময়খিনিত নিজেই আপ্লুত হৈছিলো লিখনি সমূহৰ উচ্চখাপৰ মানদণ্ড দেখি। আশা কৰো আমাৰ সমাজত মূৰ দাঙি উঠা অশুভ শক্তি সমূহ নিৰ্মূল কৰাত এই নৱশক্তিৰ প্ৰচেষ্টাই যেন সফলতা লাভ কৰে।
মনোজ মন কলিতা
এইবাৰৰ মুখ্য সম্পাদক (সময়চোৱা : জুলাই ২৪- আগষ্ট ১৫, ২০১১)
(ৰাষ্ট্ৰীয় য়াঙ মিঙ বিশ্ববিদ্যালয়, বায়’ফটনিক্স অনুষ্ঠান, টাইপেই, টাইৱান)