এনেকৈয়ে ৰাতি (অগস্ত্য বৰুৱা)

Agastya Boruah_Poem
মনত পৰেনে লোপামূদ্ৰা
এনে এক সপোন সগৰ্ভা ৰাতি
য’ত তোমাৰ হাঁহিৰ মুকুতাত
ওলমি আছিল অলেখ সেউজীয়া হাঁহি
বাটকুৰি বাই
নেওচি অজস্ৰ বাধা
সকলো ৰৈ আছিল
পুৱাৰ সূৰুযলৈ
সপোনবোৰ ওলমি আছিল
একো একোটা মিঠা হাঁহিত
সূৰুযে যেন কঢ়িয়াই আনিছিল
এসাগৰ সুখৰ জ্যোতি
এনেকৈয়ে আহে আৰু যায়
একো একোটা সগৰ্ভা ৰাতি
তোমাৰ হাঁহিত
ওলমি থাকে
দুই এটা সেউজীয়া ছবি
ক্ৰমাগত ভাৱে
আহে আৰু যায়
বুকুত বান্ধি মাথোঁ অগ্নিগৰ্ভা ৰাতি
আছেনে বাৰু এতিয়াও লোপামূদ্ৰা
তোমাৰ হাঁহিৰ সেউজীয়া জ্যোতি !!

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Kuldeep
9 years ago

apurba xundar kabita

Copying is Prohibited!