ফাগুন আহিছে মালতী (পৰাগ পিংকু বৰঠাকুৰ)

 

ফাগুন আহিছে মালতী

ইয়াত এতিয়া জুইফুল ফুলিছে।

বহাগ এটা বুকুত থাপি গুছি অহাৰ দিনা

যি বাটত তোক শেষবাৰ দেখিছিলো

সেই বাটত এতিয়া ইমান ধুলি ইমান ধুলি ।

bhagun

বাহনিডৰাৰ সিপাৰে

ৰামধেনু দেখি কিৰিলি পাৰি উঠাৰ দিন এটা আছিল

ঢপলিয়াই লগ নোপোৱা ল’ৰালি আজি আৰু নেদেখি

যি বাটত আমি একেলগে খেলিছিলো

সেই বাটত এতিয়া ইমান ধুলি ।

চিলাত লিখা নামবোৰ বুকুলৈ আহিছিল

পুৰণী পাতিপইচাৰ ৰজা ৰাণীৰ ছবিৰ দৰে

পুৱতী তৰা যেন সমাজিক এটা বুকুলৈ বুলি পোখাইছিল ।

যি বাটত আমি সমাজিক ৰুইছিলো

সেই বাটত এতিয়া ইমান ধুলি ।

 

ফাগুন আহিছে মালতী

ইমান উৰুঙা লগা নাছিল কাহানিও

শিমলু কলাৰ দৰে কলিজা ফালি নাকান্দিবি হিয়া ঢাকুৰি

বহাগ আহিলে চাগে পোণ হ’ব বাট

মই নহ’লেও কোনোবাই দিব তোক অমাতৰ মাত ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!