কুৱেণ্টিন টেৰেন্তিনোঃ সঁচা অৰ্থত এজন চলচ্চিত্ৰ বিশেষজ্ঞ -দেৱপ্ৰতীম হাজৰিকা

 ইঞ্জিনীয়াৰিঙ পঢ়ি থকা সময়ৰ কথা৷তেতিয়া চলচ্চিত্ৰ জগত খনৰ পৰিসৰটোৰ সৈতে ইমান বিশেষ চিনাকি নাছিল৷ হলিউডৰ ছবি চাইছিলো যদিও সকলোকেইখন উন্নত মানদণ্ডৰ ছবি বুলি একে আষাৰতে ক’ব নোৱাৰিম৷ ২০০৭ বা ২০০৮ হ’ব কিজানি৷ লগৰ তথা ছিনিয়ৰ বহুকেইজনৰ সংস্পৰ্শলৈ আহি হলিউডৰ বহু কেইখন উন্নত ছবি তথা ‘বিশ্ব চলচ্চিত্ৰ’ৰ সৈতে চিনাকি হোৱাৰ সুযোগ পাইছিলো৷ তেতিয়াই ছিনিয়ৰ দাদা এজনে এখন ছবি চাবলৈ পৰামৰ্শ দিছিল৷ দুজন হিটমেন, এজন বক্সাৰ আৰু বহুকেইটা চৰিত্ৰৰ সংঘাতৰ মাজেৰে আগবাঢ়ি যোৱা ছবিখন চাই অভিভূত হৈ পৰিছিলো৷ ছবিখন মূলতঃ হিংস্ৰতাৰে ভৰা আছিল যদিও ই দৰ্শকক প্ৰতি মুহূৰ্ত্ততে ৰোমাঞ্চিত কৰি ৰাখিছিল, আৰু সেইটোৱে আছিল ছবিখনৰ আটাইতকৈ উল্লেখনীয় দিশ৷ ছবিখন আছিল ১৯৯৪ চনৰ কুৱেণ্টিন টেৰেণ্টোনোৰ ছবি ‘পাল্প ফিক্ছন’৷ এইখন চোৱাৰ আগেয়ে তেওঁৰ বিখ্যাত ছবি ‘কিল-বিল’ চাইছিলো যদিও নিৰ্দেশকৰ বিষয়ে তেতিয়া বিশেষ ধ্যান নাছিল৷ কিন্তু ‘পাল্প ফিকছন’ চোৱাৰ পাছত নিৰ্দেশক গৰাকীৰ ছবিৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈছিল৷

১৯৯২ চনৰ পৰা এতিয়ালৈকে মাত্ৰ এঘাৰখন ছবিৰ নিৰ্দেশনা কৰিছে, কিন্তু এই সীমিত সংখ্যক ছবিৰ নিৰ্দেশনাৰে তেওঁ নিজকে অতুলনীয় বুলি প্ৰতিষ্ঠা কৰিছে৷ ঠিক সেইদৰে চিত্ৰনাট্য ৰচনা কৰিছে কেইবাখনো ছবিৰ, তাৰ ভিতৰত চিত্ৰনাট্যৰ বাবে অস্কাৰ লাভ কৰিছে দুখনকৈ ছবিত৷ ১৯৯২ চনত ‘ৰিজাৰ্ভইৰ ডগ্ছ’ৰে নিৰ্দেশক হিচাপে আত্মপ্ৰকাশ কৰি ছবিজগতত খলকনি সৃষ্টি কৰা টেৰেণ্টিন’ই বহুকেইখন ছবিত অভিনেতা হিচাপেও ভূমুকি মাৰিছে৷ তেওঁ এনে এজন ছবি নিৰ্মাতা যি নিজেই চিত্ৰনাট্য ৰচনা কৰি সেই চিত্ৰনাট্যক অতি সাৱলীল ভাৱে এখন ছবিৰ ৰূপ দিয়ে৷ এনে ছবি নিৰ্মাতাৰ সংখ্যা খুব তাকৰ৷ ন ন পৰীক্ষাৰে তেওঁ আগবাঢ়ে প্ৰতিখন ছবিতে৷ হিংস্ৰতা আৰু হাস্যৰসিকতাৰ সংমিশ্ৰণ তেওঁৰ ছবিৰ এক উল্লেখনীয় উপাদান৷ এখন ‘কাল্ট চিনেমা’ত থাকিবলগীয়া সকলোকেইটা উপাদানেই আমি দেখা পাওঁ টেৰেণ্টিনোৰ ছবিত৷ ৯০-ৰ দশকৰ ছবিক তেওঁ এটা নতুন দিশ দিবলৈ সক্ষম হৈছিল৷
বিভিন্ন তৰপীয় কাহিনীক শেষত অতি সুদক্ষতাৰে একত্ৰিত কৰাৰ ক্ষমতা, হিংস্ৰতাকো দৰ্শকৰ আগত আবেদনময়ী তথা মনোমোহা কৰি তুলিব পৰাৰ ক্ষমতা, কোনো সংযোগ নথকা দৃশ্য হঠাতে ছবিখনলৈ টানি অনা আৰু পাছত ইয়াক কাহিনীৰ লগত সফলতাৰে মিলাব পৰা ক্ষমতা তথা কাহিনীৰ প্ৰতিটো দৃশ্য তথা মুহূৰ্ত্তৰ সৈতে খাপ খুৱাব পৰা আৱহ সংগীতৰ ক্ষেত্ৰত তেওঁ অদ্বিতীয়৷ তাৰ উপৰিও তেওঁৰ ছবিৰ সফলতাৰ আন এক উল্লেখযোগ্য কাৰক হৈছে ছবিৰ সংলাপ৷ অৱশ্যে বহুতে তেওঁৰ ছবিত ব্যৱহৃত হিংসাৰ কাৰণে সমালোচনাও কৰা দেখা যায়৷ ইয়াৰ উপৰিও তেওঁৰ ছবিত ব্যৱহৃত বহুকেইটা দৃশ্য আন ছবিৰ পৰা চুৰ কৰা বুলিও অভিযোগ উত্থাপন কৰা দেখা পোৱা যায়৷ তথাপিও তেওঁ যে আধুনিক চলচ্চিত্ৰৰ এজন অন্যতম পথ পদৰ্শক সেই কথা আমি স্বীকাৰ কৰিবই লাগিব৷
এতিয়া আহোঁ তেওঁৰ ছবি সমূহৰ সফলতাৰ অন্যতম কেইটামান কাৰণ কেইটালৈ৷

১) চিত্ৰনাট্যঃ
নিৰ্দেশনাৰ উপৰিও টেৰেণ্টিনো জনাজাত এজন সফল চিত্ৰনাট্যকাৰ হিচাপেও৷ অক্সাৰত চিত্ৰনাট্যৰ বাবে তেওঁ দুবাৰকৈ শ্ৰেষ্ঠতাৰ পৰিচয় দি থৈছে৷ তেওঁৰ ছবিত হিংস্ৰতা আৰু হাস্যৰসিকতাৰ সংমিশ্ৰণ ঘটাই তেওঁ যি চিত্ৰনাট্য ৰচনা হয় সেইয়া বহু কম ছবিতহে দেখা পোৱা যায়৷ তেনে বহুতো দৃশ্যৰ সমাহাৰ ঘটে তেওঁৰ ছবিত৷ তেওঁৰ ছবিৰ চিত্ৰনাট্যসমূহ সাধাৰণতে বহু তৰপীয়, এক কথাত ‘নন-লিনিয়াৰ’৷ বিভিন্ন তৰপীয় কাহিনীক শেষত অতি সুদক্ষতাৰে একত্ৰিত কৰাৰ ক্ষমতা তেওঁৰ চিত্ৰনাট্যৰ আছে, ঠিক সেইদৰে আছে কোনো সংযোগ নথকা দৃশ্য হঠাতে ছবিখনলৈ টানি অনা আৰু পাছত ইয়াক কাহিনীৰ লগত সফলতাৰে মিলাব পৰা ক্ষমতা৷

২) ছবিৰ সংগীতঃ
ছবিত ব্যৱহৃত সংগীত তথা কিছুমান বিশ্বখ্যাত গীতক সঠিক সময়ত ব্যৱহাৰ কৰাৰ দক্ষতা টেৰেণ্টিনোৰ আন এটা মূল বৈশিষ্ট্য৷ এই ক্ষেত্ৰত তেওঁক তুলনা কৰিব পাৰি মাৰ্টিন স্ক’ৰছেজীৰ লগত৷ উদাহৰণস্বৰূপে, ব্যংগাত্মক সংগীতৰ পয়োভৰ ঘটা ‘ৰিজাৰ্ভইৰ ডগছ’ত ব্যৱহৃত ষ্টীলাৰ হোইলৰ ‘ষ্টাক ইন দা মিডল ৱিথ য়ু’ গীতটো৷ পুলিচ বিষয়া জনক বান্ধি থৈ, বিষয়া জনৰ কাণৰ ওপৰত অত্যাচাৰ চলাই থকা অৱস্থাত মিঃ ব্ৰাউনৰ এই গীতটোত নৃত্য কৰি থকা দৃশ্যটো আছিল অতুলনীয়৷ সেইদৰে দ্বিতীয় বিশ্বযুদ্ধৰ ওপৰত নিৰ্মিত ছবি ‘ইনগ্ল’ৰিয়াছ বাষ্টাৰ্ড’ত ব্যৱহৃত হৈছিল ডেভিড ব’ৱিৰ ‘কেট পিপল’ গীতটো৷ ছ’ছানে নাজী বাহিনী(যি তাইৰ পৰিয়ালৰ হত্যা কৰিছিল)-ৰ ওপৰত প্ৰতিশোধ ল’বলৈ ধৰা সময়ত এই গীতটো বাজিছিল৷ গীতটো দৃশ্যটোৰ সৈতে খাপ খাই পৰিছিল৷ ঠিক সেইদৰে ‘পাল্প ফিকছন’ৰ ব্যৱহৃত হৈছিল লাইভলী ওৱানছৰ ‘ছাৰ্ফ ৰাইডাৰ’ গীতটো৷ গীতটোৱে ব্ৰীফকেছটোৰ ভিতৰত কি আছে সেই কথাৰ উৎসুকতা বঢ়াই তুলিছিল৷

৩) অভিনয়ঃ
টেৰেণ্টিনোৰ প্ৰতিখন ছবিৰে একো একোটা চৰিত্ৰৰ অভিনয় পাছলৈ বহু দিনলৈ চৰ্চাৰ বিষয় বস্তু হৈ পৰে৷ এইটো হৈছে তেওঁৰ ছবিৰ আন এটা অন্যতম বৈশিষ্ট্য৷ তেনে কেইটামান চৰিত্ৰ হৈছে পাল্প ফিকছনৰ বাইবেলত বিশ্বাস কৰা অৰ্থাৎ ধাৰ্মিক ‘হিটমেন’ জুলছ ৱিনফিল্ডৰ ৰূপত ছেমুৱল জেকছন, নাজী বাহিনীৰ বিষয়া হানছ্ লাণ্ডাৰ ৰূপত ক্ৰিষ্টোফাৰ ৱাল্টজ, কেলভিন কেণ্ডীৰ ৰূপত লিওনাৰ্ডো ডাই-কেপ্ৰিঅ’ ইত্যাদি৷ চৰিত্ৰ সমূহৰ অভিনয় পৰিসৰটো তেওঁৰ ছবিত বহল, সেয়েহে কিজানি এনে কিছুমান অতি সুন্দৰ অভিনয়ৰ সমাহাৰ ঘটে তেওঁৰ ছবিত৷ তেওঁৰ ছবিৰ ছেমুৱেল জেকছন,জন ট্ৰেভল্টা, ব্ৰেড পীট, ক্ৰিষ্টোফাৰ ৱাল্টজ, লিওনাৰ্ডো ডাই-কেপ্ৰিঅ’ আদিৰ চৰিত্ৰ সমূহৰ মাজত থাকে হাস্যৰসিকতাৰ লগতে হিংস্ৰতা

৪) আকৰ্ষণীয় আৰু ব্যংগাত্মক সংলাপঃ
টেৰেণ্টিনোৰ ছবিৰ এটা প্ৰধান অস্ত্ৰ হ’ল সংলাপ৷ ব্যংগৰ মাজেৰে আৰম্ভ হোৱা সংলাপ সমূহে কিছুমান গভীৰ চিন্তাৰো পয়োভৰ ঘটায়৷ সেইয়া ‘পাল্প ফিকছন’ৰ প্ৰথম দৃশ্যৰ ভিনছেণ্ট আৰু জুলছৰ মাজৰ কথোপকথনৰ পৰাই ধৰিব পাৰি৷ ‘হেমবাৰ্গাৰ’, ‘ফুটমাছাজ’ৰ আদিয়ে ঠাই পোৱা সংলাপৰ মাজেৰে তেওঁলোক উপস্থিত হয়গৈ নিজৰ ‘বছ’ৰ ঘৰত৷ ঠিক সেইদৰে ‘ৰিজাৰ্ভইৰ ডগছ’ৰ প্ৰথম দৃশ্যৰ বিষয় বস্তু ‘ভাৰ্জিনিটি’ আৰু ৰেষ্টুৰেণ্টত ‘টিপ’ দিয়াক লৈ৷ চৰিত্ৰ সমূহৰ সৈতে চিনাকি নোহোৱা সত্ত্বেও সংলাপৰ জৰিয়তেই দৰ্শকক চৰিত্ৰ সমূহৰ পৃথিৱী খনত প্ৰৱেশ কৰিবলৈ বাধ্য কৰায়৷ আৰু এই সংলাপৰ শৈলী বৰ্ত্তি থাকে ছবিৰ শেষলৈকে৷

৫) আবেদনময়ী হিংস্ৰতা
আবেদনময়ী হ’ব পাৰে জানো? আপুনি কিজানি ভাবিব এইটো কথা৷ কিন্তু টেৰেণ্টিনোৰ ছবি চোৱাৰ পাছত আপুনি এই কথ নকয়৷ হিংস্ৰতাকো আবেদনময়ী কৰি তোলাৰ ক্ষমতাৰ গৰাকী টেৰেণ্টিনো৷ ‘কিল-বিল’ত উমা থুৰমানে যেতিয়া তাৰোৱাল ঘূৰাই তেতিয়া মনলৈ নাহে হিংস্ৰতাৰ প্ৰতি বেয়া ভাৱ, বা বাইবেলৰ কথা কৈ যেতিয়া ছেমুৱেল জেকছনে ‘পাল্প ফিকছন’ত এজন লোকক গুলীৰে থকা-সৰকা কৰি দিয়ে তেতিয়া মনলৈ নাহে বেয়া ভাৱ৷ হয়তো এইয়া টেৰেণ্টিনোৰ অন্যতম দক্ষতা৷ সঘনে হিংস্ৰতাৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা টেৰেণ্টিনোৱে এটা ইণ্টাৰভিউত কৈছিল, “Well, it’s a movie, it’s a fantasy and it’s not real life…..You watch a Kung-Fu movie and one guy takes on a hundred people in a restaurant. That’s fun.”৷ তেওঁ যেন বুজি পায় দৰ্শকৰ ভিতৰৰ ভাৱধাৰা৷ তেওঁ এই দৃশ্য সমূহক অতিৰঞ্জিত কৰি নোতোলে, বৰং কৰি তোলে আবেদনময়ী৷
টেৰেণ্টিনোৰ নিৰ্দেশনাৰ প্ৰথম ছবি ‘ৰিজাৰ্ভইৰ ডগছ’ আছিল ‘ইণ্ডিপিণ্ডেণ্ট ফিল্মমেকিং’ৰ ক্ষেত্ৰত এক মাইলৰ খুঁটিস্বৰূপ৷ ইয়াৰ সফলতাৰ ওপৰত ভৰসা কৰিয়েই বহুতে এনে ধৰণৰ অৰ্থাৎ ‘ইণ্ডিপিণ্ডেণ্ট ফ্লিল্ম’ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সাহস পাইছিল৷ হয়, আন বহুতৰ দৰে কুৱেণ্টিন টেৰেণ্টিনো আগৰ বহু কলা-কুশলীৰ পৰা অনুপ্ৰাণিত৷ তেওঁৰ এই অনুপ্ৰেৰণা তেওঁৰ ছবিৰ বহুকেইটা দৃশ্যত দেখিবলৈ পাইছো৷ কিন্তু তেওঁ তাতো আনিব পাৰিছে এক নিজস্বতা৷ কোৱা হয় যে টেৰেণ্টিন’ৱে এসময়ত এখন ভিডিঅ’ ষ্টৰত এজন ক্লাৰ্ক হিচপে চাকৰি কৰিছিল৷ আৰু সেয়েহে কোৱা হয় ‘পাল্প ফিকছন’ৰ পৰা আৰম্ভ কৰি বহুকেইখন ছবি নিৰ্মাণ কৰিবলৈ তেওঁক অনুপ্ৰেৰণা যোগাইছিল পুৰণি কিছুমান ছবিয়ে৷ তেওঁৰ ছবি সমূহে দেখুৱাবলৈ সক্ষম যে সকলোৰে জীৱনত কিছুমান বেয়া দিশ থাকে, তদুপৰি আমাৰ ভিতৰত লুকাই থাকে এনে এক চৰিত্ৰ যি আমাক বেয়া কাম কৰিবলৈ প্ৰৰোচিত কৰি থাকে; যিটোক নিয়ন্ত্ৰণ কৰি থাকিব পৰালৈকেহে আচলতে আমি সুখী৷
(তেওঁৰ পৰৱৰ্তী ছবিৰ বিষয় বস্তু হৈছে মেনছন পৰিয়ালৰ (Manson Family) দ্বাৰা ১৯৬৯ চনত লছ্ এঞ্জেলছত সংঘটিত কুখ্যাত শ্বাৰণ টেট হত্যাকাণ্ড(Sharon Tate murders)৷ ছবিখনে ২০১৯ চনত মুক্তি পোৱাৰ সম্ভাবনা৷ )
☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!