ফেইচবুকৰ ফ্ৰী-বেছিকছৰ সন্দৰ্ভত ১০ টা জানিবলগা কথা (ভগৎ লাল দত্ত)
১. জনসাধাৰণলৈ “নিঃশুল্ক/বিনামূলীয়া” ইন্টাৰনেট সেৱা আগবঢ়াবলৈ ফ্ৰী-বেছিকছৰ বাহিৰেও বহুকেইটা কাৰ্যকৰী আৰু সফল মডেল আছে ( তলত লিংক: ক, খ, গ)। যিবোৰৰ দ্বাৰা ফেইচবুকক কোনো একপক্ষীয় সুবিধা নিদিয়াকৈও জনসাধাৰণে “বিনামূলীয়াকৈ” ইন্টাৰনেট সেৱা পাব পাৰে। ফ্ৰী-বেছিকছ অন্য সকলো বিকল্পৰ ভিতৰতে আটাইতকৈ নিকৃষ্ট।
২. ফেইচবুকে ফ্ৰী-বেছিকছৰ বাবে ধন খৰচ কৰিব নালাগে, কিন্তু টেলিকম কোম্পানীবোৰে সেৱা দিয়াৰ বাবে ধন খৰচ কৰিব লাগিব। তেন্তে তেওঁলোকে উপাৰ্জন কৰিব ক’ৰপৰা? যি সকলে ইন্টাৰনেট সেৱা কিনে সেই সকলৰ পৰা। ফ্ৰী-বেছিকছৰ প্ৰতি মানুহক লালায়িত কৰি ফেইচবুকে কিনা ইন্টাৰনেটৰ দাম কম কৰাৰ সম্ভাৱনাটোৰ বাট বন্ধ কৰিছে।
৩. ফ্ৰী-বেছিকছ মানুহক ইন্টাৰনেটেৰে সংলগ্ন কৰাৰ বিষয়ে মুঠেও নহয়। ই ফেইচবুক আৰু তেওঁলোকৰ সহযোগীবোৰলৈ “বিনামূলীয়াকৈ” সংযোগ কৰিব পৰাৰ ব্যৱস্থা। ফেইচবুক আৰু সহযোগীবোৰৰ বাদে ইন্টাৰনেটৰ বাকী সকলোৰে বাবে ইন্টাৰনেট সংযোগ পেকেজ কিনিবই লাগিব। কিনা ইন্টাৰনেট সেৱাৰ গ্ৰাহকেও ফ্ৰী-বেছিকছ “বিনামূলীয়াকৈ” পাব অৰ্থাৎ অন্যান্যবোৰৰ তুলনাত ফেইচবুক আৰু সহযোগীবোৰৰ একপক্ষীয় সুযোগ থাকিব। অৰ্থাৎ ফ্ৰী-বেছিকছে সকলো সংযোগক একে দৃষ্টিৰে চোৱাৰ (সকলোৰে সমান সুবিধা) নেট-নিউট্ৰেলিটি উলংঘা কৰে।
৪. ভাৰতত ইন্টাৰনেট সেৱা দ্ৰুতগতিত বাঢ়ি আহিছে। ২০১৫ বছৰটোতে ভাৰতত ১০ কোটি লোক ইন্টাৰনেটেৰে সংযোজিত হৈছে। এই নতুনতকৈ সংযোজিত হোৱা লোক সকল ফ্ৰী-বেছিকছৰ বাবেহে ইন্টাৰনেটত সেৱালৈ অহা নাই।
৫. ফ্ৰী-বেছিকছ মুকলি মঞ্চ নহয়। ফেইচবুক ফ্ৰী-বেছিকছৰ কাৰিকৰী মূলবিধিৰ সৰ্বেসৰ্বা। ইয়াৰ সালসলনিৰ একচত্ৰী কৰ্তা। কাৰোবাক অনুমতি দিয়া, প্ৰত্যাখ্যান কৰা, ফেইচবুকৰ চৰ্তাৱলী মানি চলিবলৈ বাধ্য কৰাৰ অধিকাৰ ফেইচবুকৰ হাতত সংৰক্ষিত। ইয়াৰ বিপৰীতে, আমেৰিকাত কিন্তু ফেইচবুকে “অনুমতি মুক্ত উদ্ভাৱন” নীতিৰ সমৰ্থন কৰে।
৬. ফেইচবুকৰ ফ্ৰী-বেছিকছৰ সন্দৰ্ভত একমাত্ৰ তথ্য উৎস হৈছে ফেইচবুক, আৰু ই মানুহক বিভ্ৰান্ত কৰে। ব্ৰাজিলত ফেইচবুক বিপথে পৰিচালিত কৰা বিজ্ঞাপনৰ বাবে বিতৰ্কিত হৈছে (ঘ)। ভাৰততো ফেইচবুকৰ প্ৰচাৰ জনগণক বিপথে পৰিচালিত কৰা। ৰিলায়েন্সৰ ফেইচবুকৰ ফ্ৰী-বেছিকছ (বা ফ্ৰীনেট ফ্ৰী-ইন্টাৰনেট) বিষয়ক বিজ্ঞাপনৰ “ফ্ৰী” অংশটোও বিভ্ৰান্তিকৰ (ঙ)।
৭. ফেইচবুকে ফ্ৰী-বেছিকছত থকা সকলো ছাইটৰে ব্যৱহাৰ তথ্য আৰু ব্যৱহাৰৰ ধৰণ-কৰণৰ সবিশেষ লাভ কৰে। ফেইচবুকৰে সৈতে প্ৰতিযোগিতাৰ সম্ভাৱনা থকা সেৱাৰ যি কোনো ৱেবচাইটেই ফ্ৰী-বেছিকছৰ সৈতে সংযুক্ত নহ’ব কাৰণ সংযুক্ত হোৱা মানেই ব্যৱহাৰৰ সকলো তথ্য ফেইচবুকৰ হাতত তুলি দিব লাগিব। ফেইচবুকে আমেৰিকাৰ চোৰাংচোৱা সংস্থালৈ এনে তথ্য যোগান ধৰে (চ), যিটো ভাৰতৰ সাৰ্বভৌমত্বৰ সুৰক্ষাৰ প্ৰতি ভাবুকি।
৮. গৱেষণাই দেখুৱাইছে যে মানুহে সীমাবদ্ধ ইন্টাৰনেটত দীঘলীয়া সময় ব্যয় কৰাতকৈ, কম কম সময়ৰ বাবে মুকলি ইন্টাৰনেটৰ ব্যৱহাৰ পছন্দ কৰে (ছ)।
৯. ফেইচবুকৰ মতে ফ্ৰী-বেছিকছত বিজ্ঞাপন নাই, কিন্তু এইটো কোৱা নাই যে ফ্ৰী-বেছিকছত কাহানিও বিজ্ঞাপন নাথাকিব। (মন কৰিব, ফ্ৰী-বেছিকছৰ ব্যৱহাৰৰ চৰ্তাৱলী ফেইচবুকে যেতিয়াই যি ভাৱে মন যায় সলোৱাৰ অধিকাৰ আছে।)
১০. ফেইচবুকে এনেকুৱা বহুত মানুহে ফ্ৰী-বেছিকছ সমৰ্থন কৰে বুলি কোৱা বুলি কৈছে, যি সকলে আচলতে কোৱা নাই। ফেইচবুকৰ মতে তেওঁলোকৰ হাতত ৩২ লাখ মানুহৰ সমৰ্থন আছে। ইয়াৰে কিমান সংখ্যকে আচলতে নিজে মেইল কৰিছে সেয়া সন্দেহজনক। ফেইচবুকৰ চলনাময় বিভ্ৰান্তিকৰ বিজ্ঞাপন/পপ-আপৰ জড়িয়তে মানুহক ক্লিক কৰিবলৈ বাধ্য কৰোৱা সন্মতিবোৰ ঠগবাজিহে।
আপুনি যদি ফেইচবুকৰ বিভ্ৰান্তিকৰ ফাণ্ডত ইতিমধ্যে ভৰি দিছেও, ভুলতে পপ আপত ক্লিক কৰি দিলে, বুজি নাপালে, …. যি কাৰণতে নহওক। তথাপিওhttp://www.savetheinternet.in/ লৈ গৈ TRAI (ভাৰতীয় টেলিকম নিয়ামক প্ৰাধিকৰণ)লৈ এখন ইমেইল কৰক, ফ্ৰী-বেছিকছ জাতীয় ফাণ্ডবোৰৰ বিৰোধিতা কৰি। সময় এতিয়াও শেষ হোৱা নাই।
সূত্ৰ সমূহ-
ক. http://www.medianama.com/2015/10/223-aircel-free-internet/
খ. http://www.thehindubusinessline.com/…/ne…/article7177532.ece
গ. http://www.digit.in/g…/gigatos-toll-free-internet-28094.html
ঘ. https://twitter.com/walmartyr/status/642000173242126336
ঙ. https://www.snl.com/InteractiveX/Article.aspx…
চ. http://www.globalresearch.ca/nsa-and-facebook-work-…/5439110
ছ. http://lirneasia.net/…/finally-some-research-on-zero-rated…/