ফিউজন ষ্টিম চিকেন (ইন্দুকল্প শইকীয়া)

Fusion Steam Chicken

গানত “ফিউজন”, সাজ-পাৰত “ফিউজন” যদি হ’ব পাৰে, ৰন্ধনত “ফিউজন” কিয় নহ’ব ! দক্ষিণ আৰু পূৱক একাকাৰ কৰি এইয়া পোন প্ৰথমবাৰৰ বাবে একলগে মিক্সিত উঠিছে কেচা নাৰিকল আৰু সৰিয়হ!

উপকৰণ :
ব্ৰইলাৰ মাংস : আধা কেজি (ব’নলেচ হ’লে সুবিধাজনক)
সৰিয়হ(বগা) : ৫-১০ গ্ৰাম
কেচা নাৰিকল : সৰু সৰু ৯-১০ চিটা (নাৰিকল ৰুকিও ল’ব পাৰে)
শুকান জলকীয়া – ৫ টা
গোল নেমু – আধা ফাল
নহৰু – ২ টা
আদা – সোৱাদৰ জোখত
কলপাত – এখন
নৰসিংহ পাত – ১৫-২০ টা
চিক্কেন মছলা. জিৰা-জালুক – সোৱাদৰ জোখত
ধনীয়া পাত, কেচা জলকীয়া, কেচা পিয়াজ

প্ৰস্তুত প্ৰণালী –
সৰিয়হ আৰু শুকান জলকীয়া খিনি প্ৰথমেই পানীত তিয়াই লওক যাতে কোমল হৈ থাকে। মাংসখিনি ভালকৈ ধুই পানী টুকি মিঠাতেল, চিক্কেন মছলা, জিৰা, অলপমান হালধি আৰু নিমখ সানি থওক। এতিয়া দুটা মজলীয়া আকাৰৰ পিয়াজ, নহৰু দুটা, সোৱাদৰ জোখত আদা, সৰু সৰু কাটি লোৱা নাৰিকল কেইচিটা, তিয়াই কোমলাই লোৱা সৰিয়হ আৰু শুকান জলকীয়া আৰু দুটামান নৰসিংহ পাত মিক্সিত ভালদৰে পিহি লওক। মিক্সিত প্ৰস্তুত কৰা এই মিশ্ৰণখিনি মছলা সানি থোৱা মূৰ্গী মাংসখিনিৰ লগত হাতেৰে ভালদৰে মিহলাই দিয়ক। মিহলাই লৈ নেমু আধাফাল চেপি সেইখিনি তেনেকৈ কমেও দুঘণ্টা থৈ দিয়ক যাতে মাংসখিনি এই অৱস্থাতেই আধা সিজাৰ দৰে হৈ পৰে। কলপাত খন ভালদৰে জুইত সেকি মিঠাতেল সানি পিয়াজ আৰু নৰসিংহ পাত চটিয়াই লওক। দুঘণ্টাৰ পিছত মছলা সনা মাংসখিনি মিঠাতেল, পিয়াজ আৰু নৰসিংহ পাত থকা কলপাত খনত সৰু সৰু টোপোলা ভালদৰে বান্ধি লওক।
ভাপত দিবৰ বাবে সকলোৱে নিজৰ সুবিধা অনুসৰি বাচন ব্যৱহাৰ কৰিব পাৰে। ইডলি ৰন্ধা ষ্টেণ্ড থাকিলে সেইয়া প্ৰেচাৰ কুকাৰত দি তাত কলপাতত বন্ধা মাংসৰ টোপোলা থৈ পানীৰ উতল অহাৰ পৰা আধা ঘণ্টা সময় ভাপত দিয়ক আৰু আধাঘন্টাৰ পিছত জুই নুমুৱাই ঠাণ্ডা হ’বলৈ দিয়ক।

সৰু সৰুকৈ কুটা কেচাপিয়াজ, ধনীয়াপাত, কেচাজলকিয়াৰ মিশ্ৰণ এটা প্ৰস্তুত কৰি টোপোলাৰ পৰা মছলাৰে সৈতে মাংসখিনি উলিয়াই পিয়াজ-জলকীয়া-ধনীয়াপাতৰ মিশ্ৰণটো তাত চটিয়াই দি গৰমে গৰমে পৰিৱেশন কৰক । কলপাত-নহৰু-নৰসিংহ পাত-নাৰিকল আৰু সৰিয়হৰ সুগন্ধিৰ লগত মূৰ্গীৰ মাংসই এক অভুতপূৰ্ব সোৱাদ দিবলৈ সক্ষম হ’ব।

বিধিসন্মত সতৰ্কীকৰন : নাৰিকলৰোকা আৰু সৰিয়হৰ মিশ্ৰণে দুৰ্ব্বল পাকস্থলীত প্ৰচণ্ড আক্ৰমণ কৰাৰ সম্ভৱনা নুই কৰিব নোৱাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!