চিকেন ফিউজন (গৌৰী শংকৰ ভূঞা)
(মোৰ নিজা ৰেচিপি এটা আগবঢ়ালোঁ। ঠিক নিজা নহয়, আনৰ ৰেচিপি কেইবাটাৰো মডিফিকেচন এণ্ড ফিউজন বুলিব পাৰি।)
উপকৰণ :
মাংস- ১ কেজি
বিলাহী- ৪ টা মান
আলু- ৩টা
কেপচিকাম- ১টা
পিঁয়াজ- ৫ টা
নহৰু আৰু আদা- এনে এটা জোখত যাতে নহৰু খিনি পেষ্ট কৰি পেলালে যিমান হয় আদাখিনিও পেষ্ট কৰিলে সিমানেই হয়
কাজি নেমু- সাধাৰণ আকৃতিৰ এটা
মচলা- গৰম মচলা
তেজপাত
প্ৰস্তুতিঃ
নেমুটো দুফাল কৰক, এনেকৈ যাতে এটাফাল অকণমান সৰু হৈ থাকে। সেই সৰুফালটো মাংসখিনিত পুৰাকৈ চেপি দিয়ক। সেইখিনি থাকিবলৈ দি আদা, নহৰু আৰু পিঁয়াজখিনি বেলেগে বেলেগে মিক্সিত পেষ্ট বনাই লওঁক। খুন্দিও ল’ব পাৰে। এতিয়া তাৰে আদা আৰু নহৰুৰ পেষ্টখিনিৰ পৰা ৩-৪ চামুচমান লৈ মাংসখিনিত সানি দিয়ক। অকণমান কাশ্মীৰী জলকীয়া গুৰিও (কাশ্মীৰী মিৰ্ছী) দিব পাৰে ৰঙৰ কাৰণে। জোখমতে নিমখ দি দিয়ক এতিয়া।
হিচাপমতে আপোনাৰ হাতত আধা কাপ পিঁয়াজৰ পেষ্ট, আধা কাপ নহৰুৰ পেষ্ট আৰু আধা কাপ আদাৰ পেষ্ট বাকী থাকিব লাগে। সেইখিনি থৈ দিয়ক।
বিলাহীকেইটা মিক্সিত মাৰি পানী কৰি দিয়ক। সেয়াও থৈ দিয়ক।
আলুকেইটা বয়ল কৰি থওক।
কেপচিকামখিনি গুটিবোৰ গুচাই ১চেঃমিঃx৩চেঃমিঃ জোখত কাটি লওঁক।
এটা পিয়াজ অলপ ডাঙৰ ডাঙৰকৈ কুটি থ’ব।
মাংসখিনি প্ৰস্তুত কৰাৰ এঘণ্টামানৰ পাছত মুখ্য ৰন্ধন পৰ্বলৈ যাব পাৰে।
ৰন্ধনঃ
এখন কেৰাহীত তেল গৰম কৰি অকণমান চেনী দি মাংসখিনি ভাজক। তাতে অকণমান গৰম মচলা দিয়ক। আধা ভজা হ’লে টুকি থওঁক। এইখিনি ভাজোঁতে অলপো নাঢাকিব, খোলাকৈ ভাজিব।
আন এখন কেৰাহীত তেল গৰম কৰি প্ৰথমে পিঁয়াজৰ পেষ্টখিনি দিয়ক। গোন্ধত আধা সিজা বুলি বুজিলেই জুই কমাই দি আদা-নহৰুৰ পেষ্টখিনি দিয়ক। অকণমান গৰম মচলা আৰু হালধি দি লৰাই থাকক। মচলাৰ ভজা গোন্ধ আহিলেই আধা ভজা মাংসখিনি দি লৰাই দিয়ক যাতে মচলাখিনি ভালকৈ লাগি যায় তাত। লাগি ধৰা যেন দেখিলে পানী দিব পাৰে, কিন্তু এতিয়াই পানী দিলে ৰংটো বেয়া হয়। গতিকে সঘনাই লৰাই থাকক। জুই একেবাৰে কমাই নিদিব, মজলীয়া জুইত ৰাখিব। ৫ মিনিটমান এনেকৈ লৰাই থাকি ঢাকোন মাৰি থওঁক। জুইটো অকণমান কমাব এতিয়া।
ঢাকোন মাৰি ১০ মিনিটমান সিজিবলৈ দিব। মাত্ৰ মাজে মাজে ঢাকোন উদঙাই লৰাই থাকিব যাতে সিজাটো সমানে হয়।
এতিয়া ঢাকোন দাঙি মিক্সিত পানী কৰি পেলোৱা বিলাহীখিনি মাংসখিনিত ঢালি দি হেঁতাৰে লৰাই মিহলাই পেলাওক। ডেৰ কাপ গৰম পানীও দিয়ক। তেজপাত দুখিলামান দিয়ক। জুই অকমান বঢ়াই দি খুবমতে লৰাই থাকক ৫ মিনিটমান। বিলাহীৰ কেঁচা গোন্ধটো আঁতৰিলে কটা কেপচিকামখিনি দি জুই আকৌ মধ্যমীয়া কৰি ঢাকি দিয়ক। সেই সময়খিনিত লৰাব নালাগে, কাৰণ কেৰাহীত ইতিমধ্যে পানী উঠি আহিব, গতিকে লাগিও নধৰে আৰু মাংসখিনি উতলা পানীত উখল-মাখল কৰি সমানে সিজি থাকিব নিজেই নিজেই। এইখিনি সময়ত আলুকেইটা কাটি লওক পনীৰৰ চাইজত। ঢাকোন গুচাওক আৰু আলুখিনি দিয়ক। ১ মিনিটমান পাছত হেঁতাৰে হেঁচি হেঁচি আলুখিনি পূৰাকৈ ভাঙি দিয়ক।
ৰন্ধন প্ৰক্ৰিয়া প্ৰায় শেষ। ৰং আৰু লাগে যদি আকৌ অকণমান কাশ্মিৰী জলকীয়াৰ গুৰি দিব পাৰে। এতিয়া পানীখিনি অকণমান শুকাবলৈ দি গ্ৰেভী হ’বলৈ দিয়ক। নিমখ চাকি চাওক। ডাঙৰকৈ কটা পিঁয়াজ কেইটুকুৰা এতিয়া দিয়ক। সেই কেইটুকুৰা আধাসিজা হৈ থাকিব লাগিব।
গ্ৰেভী পছন্দৰ জোখলৈ আহিলে তাত ধনিয়া কুটি দিয়ক। আছে যদি নৰসিংহ পাতৰ শুকান গুৰি ধনিয়াৰ সলনি দিব পাৰে।
আপোনাৰ ফিউজন চিকেন তৈয়াৰ হৈ গ’ল।
এতিয়া খাব লাগে ভাতৰ লগত।
(ৰুটীৰ লগত খাবলৈ হ’লে একেবাৰে শেষত অকণমান বাটাৰ বা ক্ৰিম দিব পাৰে। দেখিবলৈ ধুনীয়া হয়, খাবলৈয়ো ফ্লেভাৰটো অলপ বেলেগ হয়। তেতিয়া ধনিয়া বা নৰসিংহ পাত নিদিব)
বিঃদ্ৰঃ মচলাৰ পেষ্টত আধাভজা মাংস নিদি কেঁচা মাংস দিলে মচলাৰ পেষ্টটো বেছিকৈ শুহি লয় আৰু গ্ৰেভীখিনি সেৰসেৰীয়া হয়। সেয়ে প্ৰথমে মাংসখিনি কিমান ভজা হ’ল তাৰ ওপৰতে গ্ৰেভীৰ সোৱাদটো নিৰ্ভৰ কৰে। আকৌ বেছিকে মাংসখিনি ভাজিলেও তাত মচলা সোমাব নোৱাৰে। এই বেলেঞ্চটোৰ ওপৰতে গোটেই সোৱাদটো নিৰ্ভৰ কৰে। তাৰ উপৰিও জুই কমোৱা বঢ়োৱাতো সাৱধান হ’ব লাগে।