গায়ত্ৰী মহন্তৰ সৈতে সাহিত্য ডট্ অৰ্গৰ অন্তৰংগ আলাপ

গায়ত্ৰী মহন্তৰ সৈতে সাহিত্য ডট্ অৰ্গৰ অন্তৰংগ আলাপ

(সাক্ষাৎ গ্ৰহণ: অমিতাভ মহন্ত আৰু মৌচুমী দাস)

 

 

সাহিত্য ডট অৰ্গ: পোনতে আমি আপোনাৰ যাত্ৰাৰ বিষয়ে জানিব বিচাৰিম। বিহুৰ জগতত আপোনাৰ আৰম্ভণি, ক’ত, কেনেকৈ আৰু কেতিয়া ?
গায়ত্ৰী মহন্ত: অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ মঞ্চৰ পৰা আৰু নৃত্য আদিৰ যাত্ৰা প্ৰথমে ঘৰৰ পৰাই আৰম্ভ কৰিছিলোঁ, তেজপুৰ আৰু জামুগুৰিহাটৰ শৈশৱ-কৈশোৰৰ দিনবোৰৰ পৰাই।
সাহিত্য ডট অৰ্গ: সময়ৰ লগে লগে বিহুৱতীৰ নাচৰ ভংগীমাত পৰিৰ্ৱতন আহিছে , এই সৰ্ম্পকত কি ক’ব?
গায়ত্ৰী মহন্ত:বিহুৱতীৰ নাচৰ ভঙ্গীমাৰ পৰিৱৰ্তন কেতিয়াও হোৱা নাই। অৱশ্যে প্ৰত্যেকৰে নাচোন শৈলী পৃথক হ’ব পাৰে। পৰিবেশনৰ স্থান পৰিৱৰ্তন হৈছে, ভঙ্গীমাৰ নহয়।
সাহিত্য ডট অৰ্গ: আজিৰ সময়ৰ বিহুৱতীয়ে বিহু নাচত বহুখিনি বিকৃতি ঘটাইছে বুলি অভিযোগ পোৱা যায়, এই সৰ্ম্পকত আপোনাৰ মন্তব্য কি?
গায়ত্ৰী মহন্ত:বিকৃত বিহু নাচক অসমীয়াই কেতিয়াও আদৰি লোৱা নাই। বিহু নাচ কেতিয়াও বিকৃত হ’ব নোৱাৰে।
সাহিত্য ডট অৰ্গ: কেৱল বিহুক পেছা হিচাবে লোৱাৰ পৰিৱেশ অসমত বৰ্তমান সৃষ্টি হৈছেনে ?
গায়ত্ৰী মহন্ত:হোৱা নাই, কিন্তু হ’লে ভাল হয়।

সাহিত্য ডট অৰ্গ: ভাল বিহুৱতী হোৱাৰ বাবেই বহুতে ভি.ডি.অ ছবিত অভিনয় কৰিবলৈ লোৱা দেখা গৈছে , অভিনয়ৰ বাবে কেৱল ভাল বিহুনাচ নচাটোৱেই মাপকাঠি হ’ব পাৰেনে?
গায়ত্ৰী মহন্ত:কেতিয়াও নোৱাৰে। অৱশ্যে নাচৰ সম্যক জ্ঞান থাকিলে অভিনয়ত যথেষ্ট সুবিধা হয়। এগৰাকী অভিনেত্ৰীৰ অভিনয়ৰ লগতে লোকনৃত্য, শাস্ত্ৰীয়নৃত্যৰো জ্ঞান থকা উচিত।
সাহিত্য ডট অৰ্গ: বহুতেই অভিযোগ কৰে যে ভি.ডি.অ বিহুৱে বিহুৰ সামগ্ৰিক মান কমাইছে লগতে বিকৃতও কৰিছে, এইক্ষেত্ৰত আপোনাৰ মন্তব্য?
গায়ত্ৰী মহন্ত:ভিডিঅ’ বিহু মানে?যদি ভিডিও ফ’ৰ্মেটত নিৰ্মিত কেছেট-চিডিৰ কথা বুজাইছে, তেনেহ’লে মই ক’ব খোজোঁ যে এতিয়াও এনে প্ৰয়োজক- পৰিচালক অসমত আছে যি বিহু নাম, নাচ আদিক সম্পূৰ্ণ শুদ্ধ ৰূপত কাহিনীৰ লগত সংগতি ৰাখি পৰিৱেশন কৰে। এনেবোৰে বিহুক অধিক জনপ্ৰিয় কৰি তোলাত সহায়হে কৰে। বিদেশতো বিহুৰ আদৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। গোলকীকৰণৰ যুগত ই অতি প্ৰশংসনীয় পদক্ষেপ।
সাহিত্য ডট অৰ্গ: মঞ্চবিহু, ভি.ডি.অ বিহু এই দুটাৰ ভিতৰত কোনটোৱে বিহুক নতুনত্ব প্ৰদানততুলনামূলকভাবে বেছি ক্ৰিয়া কৰিছে বুলি ভাবে?
গায়ত্ৰী মহন্ত:ভিডিঅ’ বিহুৱে। অৱশ্যে মঞ্চ বিহুতো আজিকালি যথেষ্ট নতুনত্ব দেখিবলৈ পোৱা যায়।

 

সাহিত্য ডট অৰ্গ:বিহুতলীত কেৱল বিহুনাম গাব লাগে বুলি অসমৰবহুকেইজন বিশিষ্ট বুদ্ধিজীৱিয়ে মত পোষণ কৰিছে, এইটো বিষয়ত আপোনাৰ মন্তব্য কি?
গায়ত্ৰী মহন্ত:কৰিব পাৰিলে ভাল, কিন্তু সেয়া সম্ভৱ নহয়।

 

সাহিত্য ডট অৰ্গ:বিহু মাৰিবলৈ কোনো নিৰ্দিষ্ট পোছাকৰ প্ৰয়োজন নাথাকে, কিন্ত আজিকালি বিহুৱতীসকলে কেৱল মুগাৰ পোছাক পিন্ধি বিহুনাচ নচাটোক আপুনি সৰ্মথন কৰেনে?
গায়ত্ৰী মহন্ত:নিশ্চয় কৰোঁ। কাৰণ মুগা সুতাৰ উৎপাদন কেৱল অসমতেই হয়। অৱশ্যে যদি কোনো নাচনীৰ মুগাৰ সাজ নাথাকে, তেন্তে তেওঁৰ কপাহী সাজযোৰো আদৰি লোৱা উচিত।
সাহিত্য ডট অৰ্গ: বৰ্তমানৰ আটাইতকৈ ডাঙৰ অভিযোগটো হৈছে যে বিহুৱতী প্ৰতিযোগিতাত পুৰস্কাৰৰ নামত দামী দামী পণ্য সামগ্ৰী উপহাৰ হিচাবে যাঁচি আমাৰ চেনেহৰ বিহুটোক পণ্যৰ ৰূপ দিছে আৰু এই অভিযোগটোত দায়ী আপোনালোকৰ দৰে বিহুৱতীসকলো হৈছে। কাৰণ আপোনালোক সেই নিৰ্দিষ্টপ্ৰতিযোগিতাখনৰ এটা প্ৰধান অংশ, এই ক্ষেত্ৰত আপোনাৰ মন্তব্য?
গায়ত্ৰী মহন্ত:অসমৰ ছোৱালী এজনীয়ে নামী দামী বস্তু পুৰস্কাৰ হিচাপে পালে মই গৌৰৱবোধ কৰোঁ। দিনে নিশাই কষ্ট কৰি যদি কোনোবাই উপহাৰ পায় তাত আমাৰ আপত্তি কৰিবলগীয়া কি আছে। নিবনুৱা সমস্যাৰে জৰ্জৰিত এখন দেশত ই শুভলক্ষণ।
সাহিত্য ডট অৰ্গ: এগৰাকী উচ্চবৰ্ণ তথা অসমীয়া বৰ্ণহিন্দু পৰিয়ালৰ জীয়ৰী হিচাবে বিহুনাচ নচাৰ ক্ষেত্ৰত কেতিয়াবা পৰিয়ালৰ বাধা নাইবা কোনো সামাজিক বাধা পাইছেনেকি?
গায়ত্ৰী মহন্ত:মই মোৰ নাচৰ শিক্ষা ঘৰতেই আৰম্ভ কৰিছিলোঁ। তদুপৰি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বৰ্ণ বৈষম্যৰ প্ৰাচীৰখন আমাৰ পৰিচিত নহয়। সেয়েহে চকলং পদ্ধতি আৰু হোমৰ জুইৰ সমন্বয়ত ঘৰৰ চোতালৰ পৰাই মোক বিয়া দিছে এজন আহোম সম্প্ৰদায়ৰ যুৱকলৈ।
সাহিত্য ডট অৰ্গ: বিহুনাচৰ কৰ্মশালাবোৰে সামগ্রিক ভাবে বিহুৰ কিবা যোগাত্মক উন্নতি ঘটাব বুলি ভাবেনে নে এইবোৰো কাৰোবাৰ বাবে ব্যৱসায়ৰ আহিলা হিচাপেহে পৰিণত হ’ব?
গায়ত্ৰী মহন্ত:নিশ্চয় ভাবোঁ। কৰ্মশালাসমূহৰ জৰিয়তে বিহুনাচ, নাম, বাদ্য আদি বিভিন্ন দিশ সামৰি বিহু সম্পৰ্কত বহুখিনি অধ্যয়ন কৰাৰ সুবিধা পোৱা যায়। বিহুৰ সৎশুদ্ধ অনুশীলনে যদি সমান্তৰালভাবে যুৱক-যুৱতীসকলৰ বাবে উপাৰ্জনৰ পথো মুকলি কৰে তেন্তে তাত আপত্তি বা প্ৰশ্নৰ থল ক’ত?
সাহিত্য ডট অৰ্গ: বিহুৰ পৰিবৰ্তিত ৰূপটো লৈ আপুনি আশাবাদীনে?
গায়ত্ৰী মহন্ত:প্ৰকৃতিৰ প্ৰতিটো পৰিৱৰ্তনক লৈ মই আশাবাদী। ই হ’ব লাগিব মাথোঁ স্বাভাবিক।

 

সাহিত্য ডট অৰ্গ:বিহুৰ জগতত আপুনি এতিয়ালৈ বহুতো নমস্য ব্যক্তিক লগ পাইছে। আপোনাৰ মানসপটত প্ৰভাৱ পেলোৱা ব্যক্তি বুলি ক’লে আপুনি কাৰ নাম ল’ব বিচাৰিব?
গায়ত্ৰী মহন্ত:জামুগুৰি হাটৰ বিহুৱতী আইতাকেইগৰাকীৰ পৰা বিহু গৱেষক ড° অনিল শইকীয়ালৈকে, বৰ বিহুৱা নিৰঞ্জন গোস্বামীৰ পৰা নৱপ্ৰজন্মৰ বিহুৱা বিহুৱতীলৈকে……… বহুজনৰ দ্বাৰা মই প্ৰভাবিত।

 

সাহিত্য ডট অৰ্গ:বিহুমঞ্চত সন্মুখীন হোৱা কেতিয়াওপাহৰিব নোৱাৰা অভিজ্ঞতা আছেনে?
গায়ত্ৰী মহন্ত:আছে, বহুতো।

 

সাহিত্য ডট অৰ্গ:আপোনাৰ প্ৰিয় বিহুগীত?
গায়ত্ৰী মহন্ত:নিৰ্দিষ্ট এটা নাই।

সাহিত্য ডট অৰ্গ:নিজকে কি বুলি চিনাকি দি বেছি ভাল পায়? বিহুৱতী নে অভিনেত্ৰী?
গায়ত্ৰী মহন্ত:বিহু নাচিব জনা এগৰাকী অভিনেত্ৰীৰূপে।

 

সাহিত্য ডট অৰ্গ: এতিয়ালৈকে অভিনয় কৰা কোনটো চৰিত্ৰ আটাইতকৈ বেছি ভাল লাগে?
গায়ত্ৰী মহন্ত:চৰিত্ৰৰ তুলনা মোৰ বাবে সম্ভৱ নহয়। তথাপি জীৱনৰ প্ৰথমখন ছবি ‘প্ৰেম আৰু প্ৰেম’ৰ চৰিত্ৰটো স্বাভবিকভাবে মোৰ বাবে বেছি ভাল ল’গা।

 

সাহিত্য ডট অৰ্গ:“জোনবাইৰ” সহজ-সৰল “জোনালীজনী” বাস্তৱ জীৱনত কেতিয়াবা হ’বলৈ মন যায় নে?
গায়ত্ৰী মহন্ত:অসমৰ সিংহভাগ ছোৱালীয়েই জোনবাইৰ ‘জোনালীজনী’ৰ দৰে সহজ সৰল। আমিবোৰে দেখোন চৰিত্ৰটোৰ ওচৰে-পাজৰেই নিজকে দেখা পাওঁ।

সাহিত্য ডট অৰ্গ:আপোনাক অসমীয়া বোলছবি জগতত খুব কমেই দেখা পোৱা যায়, কাৰণটো কি বাৰু?
গায়ত্ৰী মহন্ত:নাজানো। কেৱল চলচিত্ৰই নহয়, মোৰ ভিডিঅ’ ছবিৰ সংখ্যাও তেনেই নগণ্য। অৱশ্যে সুযোগ পোৱা দহ-বাৰখন ছবি লৈয়ে মই সুখী।

 

সাহিত্য ডট অৰ্গ:থিয়েটাৰ জগতলৈ পুনৰ ঘুৰি যোৱাৰ পৰিকল্পনা আছেনেকি?
গায়ত্ৰী মহন্ত:নাই।

 

সাহিত্য ডট অৰ্গ:পেছাৰ লগত জড়িত আপোনাৰ ব্যস্ততাৰে ভৰা জীৱনটোৰ সৈতে আপোনাৰ ব্যক্তিগত জীৱনটো চলাই নিয়াত আজিলৈকে কিবা অসুবিধাৰ সন্মুখীন হৈছেনেকি? যদি হৈছে সেইখিনি কেনেদৰে চম্ভালে?
গায়ত্ৰী মহন্ত:মোৰ স্বামীও যিহেতু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত, গতিকে ব্যক্তিগত জীৱন আৰু সাংস্কৃতিক ক্ষেত্ৰত সুবিধাহে হৈছে।

 

সাহিত্য ডট অৰ্গ:ব্যক্তিগতভাবেবিহুক লৈকেনেধৰণৰ পৰিকল্পনা আছে?
গায়ত্ৰী মহন্ত:আনুষ্ঠানিক গৱেষণাৰ পৰিকল্পনা।

সাহিত্য ডট অৰ্গ:বিহু আমাৰ মাজত চিৰদিন জীয়াই ৰাখিবলৈ আপুনি উঠি অহা প্ৰজন্মক কি পৰামৰ্শ দিব?
গায়ত্ৰী মহন্ত:চৰ্চা কৰা, নিজৰ বৈভৱক ভাল পাবলৈ শিকা। পিছে সৌভাগ্যবশতঃ এই পৰামৰ্শ নিষ্প্ৰয়োজন, কাৰণ অসমৰ প্ৰতিটো প্ৰজন্মৰ মাজতে বিহু প্ৰিয়।

সাহিত্য ডট অৰ্গ:আপোনাৰ পৰা আজি আমি ভালেমান কথা শুনিলোঁ আৰু উপকৃতও হ’লোঁ। আপোনাৰ ব্যস্ত জীৱনৰ অকণমান সময় আমাৰ লগত অতিবাহিত কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ যাঁচিলোঁ। লগতে সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনালৈ যাঁচিলোঁ অলেখ-অযুত শুভকামনা।
গায়ত্ৰী মহন্ত:ধন্যবাদ।

 

 

2 thoughts on “গায়ত্ৰী মহন্তৰ সৈতে সাহিত্য ডট্ অৰ্গৰ অন্তৰংগ আলাপ

  • April 16, 2014 at 12:37 am
    Permalink

    ভাল লাগিল ।। গায়ত্ৰী মহন্ত বা আৰু সাহিত্য ডট অর্গ ৰ উন্নতি কামনা কৰিলোঁ…!!

    Reply
  • September 24, 2016 at 9:41 am
    Permalink

    গায়ত্ৰীবা মোৰ অতি প্ৰিয় অভিনেত্ৰী৷সেইবাবে মই তেওঁৰ প্ৰতিটো দিশ প্ৰতিটো উক্তিয়েই মোৰ প্ৰিয় ৷কিন্তু এবাৰ তেওঁৰলগত মুখামুখিকৈ কথাপাতিবলৈ বৰ হেপাহ এটা আছে৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!