গীতাৰ কথাৰে ব্ৰহ্মবিদ্যা : আধ্যাত্মিকতাত এটা পৰশৰ প্ৰয়াস (-ড০ মনোজ কুমাৰ ডেকা)

পাতনিতে কৈ থওঁ যে এই লিখনিৰ কথা, দৰ্শন লিখকৰ নিজৰ নহয়। লিখকে মহাভাৰত বিষয়ক বিভিন্ন কিতাপ-পত্ৰ, প্ৰৱন্ধ, কাহিনী-উপকাহিনী আৰু দূৰদৰ্শনত প্ৰচাৰিত মহাভাৰত বিষয়ক বিভিন্ন ধাৰাবাহিকৰ পৰা অধ্যয়ন কৰি গোটাই লোৱা টোকাৰ পৰা কিছু কথা সংঘবদ্ধ ৰূপত দাঙি ধৰিবলৈ এটা বিনম্ৰ প্ৰয়াস কৰিছে।

Gitar Kothare_Dr. Manoj dekaকুৰুক্ষেত্ৰৰ ভুমি মহাসমৰৰ ভুমিত পৰিনত হৈছিল।এই ভুমিত মুখামুখি হৈছিল আনৰ ৰাজ্য-সম্পত্তি আত্মসাৎ কৰিবলৈ অহৰ্নিশে প্ৰচেষ্টা চলোৱা; এই প্ৰচেষ্টাত সৃষ্টিৰ সকলোবোৰ পাপকে আলিংগন কৰা; শিশু বধ, গুপ্ত হত্যা, নাৰী নিৰ্য্যাতনৰ দৰে জঘন্য-ঘৃণনীয় কৰ্ম-কাণ্ডৰে কু-খ্যাতি আৰ্জা; অধৰ্ম আৰু পাপৰ প্ৰতিমুৰ্তি কৌৰৱ এফালে আৰু আনফালে থিয় দিছিল নিজৰ কৰ্মপটুতাৰে, দক্ষতাৰে খাণ্ডৱ প্ৰস্থৰ দৰে হাবি-জংগলকো ইন্দ্ৰপ্ৰস্থৰ দৰে নগৰী কৰি গঢ়ি তোলা, জীৱনৰ প্ৰতিটো পদক্ষপতে ধৰ্ম আৰু সততাক সাৱটি আগবঢ়া; কষ্টসহিষ্ণুটা, অধ্যাৱসায়ী, ন্যায়-পৰায়নতাৰ প্ৰতীক পাণ্ডুপুত্ৰ সকল নিজৰ নায্য অধিকাৰ বিচাৰি ।সমগ্ৰ ভাৰতৱৰ্ষৰ সকলো ৰজা-মহাৰাজা এই যুদ্ধত জড়িত হৈ পৰিছিল।——একেৰাহে ওঠৰ দিন ধৰি চলিছিল এই মহাযুদ্ধ। সকলোবোৰ পুৰণি চিন্তা, পুৰণি সভ্যতা, পুৰণি পৰম্পৰাৰ চিতা জ্বলিছিল এই মহাযুদ্ধত ।অধৰ্ম নাশ হৈছিল ।সলনি হৈ গৈছিল সমগ্ৰ আৰ্য্যৱৰ্ত্তৰ ইতিহাস।পৃথিৱীত ধৰ্ম সংস্থাপনৰ বাবে সংঘটিত (আয়োজিত) এই মৰণ যজ্ঞৰ পৰা উন্মেষণ ঘটিছিল ব্ৰহ্মবিদ্যা কৰ্ম-যজ্ঞৰ জ্ঞান, যি জ্ঞান ভৱিষ্যত মানৱ সমাজৰ বাবে বাস্তৱিক কৰ্ম আৰু ধৰ্মৰ দিশ নিৰ্দেশক হৈ থাকিব “গীতা” নামেৰে।

গীতাত বৰ্ণিত মতে মাটি, পানী, বায়ু, অগ্নি আৰু আকাশ এই পঞ্চমহাভুতেৰে নিৰ্মাণ হয় মানুহৰ শৰীৰ। যদিও আপতত মাটিৰে গঢ় লোৱা শৰীৰেৰে এজন মানুহৰ আন এজন মানুহৰ সৈতে সম্বন্ধ হয়, কিন্তু বাস্ত্ৱিকতে না মানুহৰ পৰিচয় দেহেৰে হয়, না গঢ় লয় সম্বন্ধই। জ্ঞানী, ধাৰ্মিক, বিদ্যান যি দৰে এই পঞ্চমহাভুতেৰে নিৰ্মাণ হয়, ঠিক একেদৰে অজ্ঞানী, অধাৰ্মি, মূৰ্খও পঞ্চমহাভুতেৰে নিৰ্মাণ হয়। মানুহৰ স্ব্ভাৱ, আচাৰ-ব্যৱহাৰ আৰু কৰ্মই তেওঁৰ পৰিচয় হয়। এই স্ব্ভাৱ, আচাৰ-ব্যৱহাৰ আৰু কৰ্ম একে পঞ্চমহাভুতৰে নিৰ্মিত শৰীৰ হৈও মানুহ ভেদে ভিন্ন ভিন্ন হয় সৃষ্টিৰ তিনিটা গুনৰ উপাদানৰ আয়ত্বৰ ওপৰত নিৰ্ভৰ কৰি। সৃষ্টিৰ এই তিনিটা গুন হৈছে- তমস, ৰাজস আৰু সত্ব। তমসৰ অৰ্থ হ’ল অন্ধকাৰ। ভাল-বেয়া,উচিত-অনুচিতৰ বিচাৰ নকৰি মাত্ৰ জীৱন অতিবাহিত কৰাকে তামসিক ব্যৱহাৰ বোলে; যেনেকৈ পশু-পখী জীয়াই থাকে কেৱল নিজৰ শাৰীৰিক ইচ্ছাক পূৰণ কৰিবলৈকে। সত্বৰ বা সত্যৰ অৰ্থ হ’ল জ্ঞানৰ প্ৰকাশ। যেতিয়া ব্যক্তিয়ে প্ৰত্যেক পৰিস্থিতিতে ধৰ্মৰ, সত্যৰ, পৰম্পৰাৰ বিচাৰ আৰু পৰ্য্যালোচনা কৰি জীৱন কটায়, তেতিয়া তেনে জীৱনক সাত্বিক জীৱন বোলে। এই দুই ধৰণৰ গুনৰ আয়ত্বৰে গঢ় লোৱা দুই শ্ৰেণী মানুহৰ মাজত আৰু এটা শ্ৰেণী আছে যাৰ ওচৰত জ্ঞানতো আছে, কিন্তু শৰীৰ আৰু মনৰ ইচ্ছা-আকাংক্ষাৰ আগত ভাল-বেয়া, উচিত-অনুচিতৰ বিচাৰ মিছা হৈ পৰে। এনেকুৱা মানুহ ৰাজস অৰ্থাৎ অহংকাৰেৰে পূৰ্ণ মনেৰে জীয়াই থাকে। এই তিনিটা গুনৰ সংমিশ্ৰণে মানুহৰ স্ব্ভাৱ গঢ় দিয়ে।
কিন্তু মানুহ কেৱল পাঁচ মহাভূত বা পাঁচ পদাৰ্থ নহয়, নহয় পাঁচ জ্ঞানেন্দ্ৰীয় বা পাঁচ কৰ্মেন্দ্ৰীয় আৰু নহয় তিনি গুনৰ সমহাৰ মাত্ৰ। মানুহক চলন-ফুৰণ আৰু কাৰ্য্য কৰিবলৈ প্ৰয়োজন হয় শক্তিৰ আৰু এই শক্তিকে চেতনা বুলি কোৱা হয়। মানুহৰ তেওঁৰ চেতনাৰ লগত পাঁচ মহাভূত, পাঁচ জ্ঞানেন্দ্ৰীয় বা পাঁচ কৰ্মেন্দ্ৰীয় আৰু তিনি গুনৰ সমহাৰ নাম প্ৰকৃতি। মানুহ নামৰ যন্ত্ৰত বাস কৰে পুৰুষ। এই পুৰুষেই হ’ল পৰমাত্মাৰ অংশ যাক আত্মা আখ্যা দিয়া হয়। যেতিয়া পৰমাত্মাৰ অংশই আত্মা ৰুপেৰে দেহত বাস কৰে অৰ্থাৎ যেতিয়া প্ৰকৃতি আৰু পুৰুষৰ মিলন ঘটে তেতিয়া মানুহ জীৱিত হয়। আত্মাই শৰীৰৰ মাধ্যমেৰে শৰীৰৰ সুখ-দুখ অনুভৱ কৰে। শৰীৰক নাশ কৰিব পাৰি, কিন্তু আত্মাক নাশ কৰিব নোৱাৰি। আত্মাক না অস্ত্ৰৰে কাটিব পাৰি, না অগ্নিৰে জ্বলাব পাৰি, না পানী বা জলে আত্মাক নিৰ্ব্বল কৰিব পাৰে, না বায়ুয়ে আত্মাক শুকাব পাৰে। শৰীৰ অস্থায়ী; আত্মা সৰ্ব্বব্যাপী, স্থিৰ, অচল-অটল, সনাতন। পুৰণি বস্ত্ৰ ত্যাগ কৰি যেনেকৈ মানুহে নতুন বস্ত্ৰ ধাৰণ কৰে, তেনেকৈ আত্মাই পুৰণি শৰীৰ ত্যাগ কৰি নতুন শৰীৰ ধাৰণ কৰে।
অন্ধ মানুহেও জীয়াই থাকে, বোবাইও জীয়াই থাকে, যাৰ হাত-ভৰি নাই তেৱোঁ জীয়াই থাকে। অৰ্থাৎ এইটো স্পষ্ট হৈ পৰিল যে শৰীৰেই মানুহ নহয়। অচেতন বা মূৰ্চ্ছা যোৱা অৱস্থাটো মানুহ জীয়াই থাকে, অৰ্থাৎ চেতন তত্বও মানুহ নহয়। গীতাৰ অমৰ কথাৰ মতে যিয়ে ব্যক্তিয়ে এনেদৰে নিজৰ ভিতৰত চলাথ কৰে তেওঁ বুজি উঠে যে তেওঁ শৰীৰ নহয়, ইন্দ্ৰীয় নহয়, ভাৱনা নহয়, বিচাৰ নহয়, জ্ঞানও নহয়। যেতিয়া পৰম ব্ৰহ্মৰ ভাগ হয়, তেতিয়া পুৰুষ আৰু প্ৰকৃতিৰ সৃষ্টি হয়; আৰু পুৰুষ অৰ্থাৎ পৰামাত্মাৰ অংশই আত্মা নামেৰে প্ৰকৃতিৰ প্ৰত্যেক বস্তুতে বাস কৰিবলৈ লয়। লাহে লাহে এই আত্মাক মোহৰ অন্ধকাৰে ঘেৰি লয়। এই মোহ নিদ্ৰাৰ পৰা জাগ্ৰত হৈ স্বয়ং নিজক পৰামাত্মাৰ অংশ ৰুপে পুনৰ উপলব্ধি কৰিব পৰাটোৱে আত্মাৰ কৰ্তব্য, উদ্দেশ্য আৰু জীৱন-কাৰ্য্য। অথচ অধিক সংখ্যক আত্মাই নিজৰ দেহকে সকলো বুলি জ্ঞান কৰে, দেহৰ পৰা যে তেওঁ ভিন্ন এই কথা গমকে নাপায়। শৰীৰে যি সোৱাদ, সুখ-দুখ, গোন্ধ আদিৰ অনুভৱ পায় সেইবোৰকে নিজৰ অনুভৱ বুলি মানি লয়। আৰু পৰিৱৰ্তনৰ বাবে কোনো প্ৰয়াস নকৰে। যি আত্মাই অহৰহ অধৰ্ম কৰি যায়, পৰিৱৰ্তনৰ বাবে কোনো প্ৰয়াস নকৰে তেওঁলোকক জাগ্ৰত কৰিবলৈ শাস্তি বা দ্বন্দ দিয়াটো অপৰিহাৰ্য্য হৈ পৰে। যেতিয়ালৈকে নিজকে শুদ্ধাত্মা কৰি ল’ব নোৱাৰিব, যেতিয়ালৈকে অধৰ্ম ত্যাগ কৰি ধৰ্মত দৃঢ় নহ’ব, তেতিয়ালৈকে এনেকুৱা আত্মাই জন্ম লৈ থাকিব, তেওঁলোকৰ শৰীৰৰ মৃত্যু ঘটি থাকিব। এইটোৱে ব্ৰহ্মবিদ্যাৰ প্ৰথম পাঠ যাক সাংখ্য যোগ বোলে।
এইখিনিতে ধৰ্ম আৰু অধৰ্মৰ বৰ সুন্দৰ বাখ্যা আগবঢ়াইছে গীতাত। যি পথত চলি মানুহে নিজকে আত্মাৰ ৰুপত দেখা পায়, পৰমাত্মাৰ অংশৰুপে নিজকে বুজি পায়, পৰম কৰুণাৰে সমগ্ৰ জীৱজগত, সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক সাৱটি ল’ব খোজে; সেই পথকে ধৰ্ম বোলে। যেতিয়া মানুহে নিজকে পৰমাত্মাৰ অংশ ৰুপে জানি যায় তেতিয়া তেওঁৰ এইটো অনুভুতি আহি যায় যে এই সৃষ্টিখনেই পৰামাত্মা আৰু পৰামাত্মাই সৃষ্টি। যি মানুহে সৃষ্টি আৰু পৰামাত্মাৰ মাজত কোনো পাৰ্থক্য নাই বুলি বুজি পায় তেওঁ কেতিয়াও অইন মানুহ, অন্য প্ৰাণীৰ প্ৰতি কঠোৰ আৰু নিৰ্দ্দয় হ’ব নোৱাৰে। যি কোনো প্ৰাণীকে দিয়া আঘাটে যে সেই প্ৰাণীৰ লগতে সমগ্ৰ সংসাৰ, সমগ্ৰ সৃষ্টিকে আঘাটৰ কষ্ট দিয়ে সেই সূক্ষ্ম অনুভুতিক তেওঁ ধাৰণ কৰিব পৰা হয় । সংসাৰত এজন মানুহ, এটা প্ৰাণী পীড়িত হৈ থকালৈকে বাস্তৱিকতে সম্পূৰ্ণ সংসাৰতে সম্পূৰ্ণ সুখ সম্ভৱ যে নহয় এইটো উপলব্ধিৰে মানুহৰ মন কৰুণাৰে ভৰি পৰাকে ধৰ্ম বোলে। আনহাতে যেতিয়া কাৰোবাৰ ওপৰত তমস গুনৰ ছাঁ পৰে; তেতিয়া তেওঁ আনৰ প্ৰতি কঠোৰ, নিৰ্দ্দয় আৰু স্বাৰ্থপৰ হৈ পৰে। নিজৰ সুখৰ কাৰণে আনক দুখ দিয়ে । পৰামাত্মাৰ প্ৰতি ধাৱমান হ’ব নোৱাৰা হৈ যায়। অৰ্থাৎ অধৰ্ম আত্মাক পৰামাত্মাৰ পৰা দূৰলৈ লৈ যোৱা উপায় বা পথৰ নাম।
এনেকৈ ক’ব পৰা যায় যে অধৰ্ম অজ্ঞানতাৰ দ্বিতীয়টো নাম। কিন্তু অজ্ঞানীৰ প্ৰতি দয়া দেখুওৱাৰ বিপৰীতে তেওঁলোকক (জাগ্ৰত কৰিবলৈ) শাস্তি বা দ্বন্দ দিয়াৰ প্ৰসংগত গীতাত এনেদৰে কোৱা হৈছে যে অজ্ঞানীয়ে যেতিয়া জ্ঞানীৰ মোল বুজিবলৈ সাজু নহয়, জ্ঞানৰ ফালে দৃষ্টি দিবলৈকো সাজু নহয়, তেতিয়া তেওঁলোকৰ বাবে দ্বন্দই দয়া হয়। এই দয়া অজ্ঞানীৰ ভালৰ লগতে আনৰ ভালৰ বাবেও। সংসাৰৰ পৰা যেতিয়া ধৰ্ম নাশ হৈ যায়, তেতিয়া কৰুণা, সত্য আদি সকলোবোৰ নাশ হৈ যায়। ভৱিষ্যত প্ৰজন্মই যাতে ধৰ্মক প্ৰাপ্ত কৰিব পাৰে, তাৰ বাবে অধৰ্মৰে ভৰা সমাজ ভাঙি ধৰ্মৰ পুনঃসংস্থাপন অপৰিহাৰ্য্য।
ধৰ্মৰ পুনঃসংস্থাপন কাৰ্য্যত কাৰোবাৰ বিপক্ষে অস্ত্ৰ তুলি প্ৰাণ নাশ কৰিলে নিজৰ অন্তৰৰ কৰুণা যি ধৰ্মৰ আধাৰ সেয়া নাশ হোৱাৰ চিন্তাৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক দিছিল কৰ্মযোগৰ জ্ঞান। কৰ্মযোগে হ’ল ব্ৰহ্মবিদ্যাৰ দ্বিতীয় পাঠ। শ্ৰীকৃষ্ণই কৈছিল “ যদি এই যুদ্ধত তোমাৰ বিজয়ী হোৱাৰ আশা আছে তেন্তে পৰাজয় হ’লে তুমি দুখ পাবা। সেই দুখে তোমাক অন্য কিবা এটা কৰ্ম কৰাব যাৰ বাবে তুমি আকৌ জন্ম লগা হ’ব। আৰু যদি তুমি বিচৰাৰ দৰে জয়ী হোৱা তেন্তে তোমাৰ অহংকাৰ বাঢ়িব। সেই অহংকাৰে তোমাক বিশ্বজয় কৰিবলৈ উৎসাহ জগাব, তোমাৰ দ্বাৰা অপ্ৰয়োজনীয় হত্যা কৰাব আৰু সেই পাপে তোমাক বান্ধিব।—আৰু যদি এই যুদ্ধত তোমাৰ কোনো বিজয়ৰ মোহ বা পৰাজয়ৰ ভয় নাথাকে তেন্তে এই যুদ্ধৰ অন্ততঃ ফলাফল যিয়ে নহওঁক তুমি সুখ বা দুখৰ উৰ্ধত থাকিবা। অৰ্থাৎ তোমাৰ সুখ-দুখ, হতাশা-নিৰাশা, অহংকাৰ ইত্যাদি যুদ্ধৰ কাৰণে নহয়, যুদ্ধৰ সৈতে তুমি যি আশাক প্ৰত্যাশা কৰিছা তাৰ কাৰণে হৈছে। হে’ পাৰ্থ, সুখ-দুখক সমান মানি লৈ লাভ-হানি, জয়-পৰাজয়ৰ বিচাৰ নকৰি যদি তুমি যুদ্ধ কৰা যিহেতু আজিৰ সমাজৰ প্ৰেক্ষাপটত অধৰ্মীৰ বিপক্ষে যুদ্ধ কৰাটো তোমাৰ কৰ্তব্য, ই সময়ৰ আহ্বান; তেন্তে তুমি পাপৰ ভাগীদাৰ নোহোৱা। ইয়াকে কৰ্মযোগ বোলে।“
যিয়ে সাংখ্যযোগৰ জ্ঞান প্ৰাপ্ত কৰে তেওঁ জানি ল’ব পাৰে যে তেওঁ কোনো শৰীৰ নহয়, কেৱল এটা আত্মা। শৰীৰ ভোগ আৰু আনন্দ মাথোন মৃত্যুলৈকে। অৰ্থাৎ ই বাস্তৱিক নহয়, কেৱল মায়া। যিয়ে এই কথা বুজি পায় তেওঁৰ বাবে কৰ্মযোগী হোৱাটো সৰল হৈ পৰে। প্ৰত্যেক কৰ্মই কাৰ্য্য, কিন্তু প্ৰত্যেক কাৰ্য্যই কৰ্ম নহয়। কৰ্ম সেইবোৰ কাৰ্য্যক কয় যাৰ লগত ফলৰ আশা জড়িত হৈ থাকে। যেতিয়া কিবা কাৰ্য্য ফলৰ আশাত কৰা যায় তেতিয়া তাক সকাম কাৰ্য্য বোলে আৰু যেতিয়া কিবা কাৰ্য্য কোনো ফলৰ আশা কৰা নকৰি কৰা যায় তেতিয়া তাক নিষ্কাম কাৰ্য্য বোলে। বাস্তৱিকতে মানুহক কোনো কাৰ্য্যই নাবান্ধে, সেই কাৰ্য্যৰ লগত জড়িত আশাই তেওঁক বান্ধে।
সাংখ্যযোগৰ জ্ঞান থকা মানুহে নিৰন্তৰ পৰমাত্মাক স্মৰণ কৰে। পৰমাত্মাৰ স্মৰণৰ বাবেই মানুহৰ মনত সমৰ্পনৰ ভাব উৎপন্ন হয়। এই ভাবকে ভক্তি বোলে। ভক্তিৰ বাবেই মানুহে সত্য-অসত্যৰ জ্ঞান লাভ কৰে। এই জ্ঞানৰ বাবেই তেওঁৰ পৰমাত্মাৰ দৰ্শন লাভ হয়। যাৰে পৰমাত্মাৰ দৰ্শন লাভ হয় তেওঁ প্ৰকৃতাৰ্থত কৰ্মযোগী হৈ যায়। এই কৰ্মযোগীয়ে জন্ম শৃংখলৰ পৰা মুক্তি পাই মোক্ষ প্ৰাপ্তি লাভ কৰে। পৰমাত্মাৰ দৰ্শন লাভৰ বাবে নিজৰ চকুত বান্ধি লোৱা লোভ, লালসা, অহংকাৰ, ক্ৰোধ, মইবৰ ভাৱৰ পটি খুলিব লাগিব। যিয়ে নিজৰ আত্মাৰ দৰ্শন কৰিব পাৰে, তেওঁ পৰমাত্মাৰো দৰ্শন কৰিব পাৰে। যেনেকৈ নিমখৰ এটা দানাৰ সোৱাদ সমগ্ৰ সাগৰখনৰ সোৱাদতকৈ বেলেগ নহয়, তেনেকৈয়ে নিজৰ আত্মাৰ দৰ্শন পৰমাত্মাৰ দৰ্শনতকৈ ভিন্ন নহয়। সমৰ্পন আৰু ভক্তিৰ এই জ্ঞানক ভক্তিযোগ বোলে। ব্ৰহ্মবিদ্যাৰ এইটো তৃতীয় ভাগ। সাংখ্যযোগৰ কাৰণে নিজকে আত্মাৰ ৰুপত জানিব ল’ব পৰা মানুহে কৰ্মযোগেৰে জীৱনৰ মায়াৰ বান্ধোনৰ পৰা মুক্তি লৈ ভক্তিযোগৰ মাধ্যমেৰে পৰমাত্মাৰ বিষয়ে বাস্তৱিক জ্ঞান লাভ কৰে। পৰমাত্মাৰ জ্ঞান লাভ কৰি মানুহে জন্ম-মৃত্যুৰ চক্ৰাকাৰ পথৰ পৰা উৰ্ধলৈ গৈ সচ্ছিদানন্দ স্বৰুপ প্ৰাপ্ত কৰি পৰমাত্মাত লীন গৈ স্বয়ং পৰমাত্মা হৈ যায়, যেনেকৈ পানীৰ সৰু টোপাল এটি যেতিয়া সাগৰত পৰি স্বয়ং সাগৰত পৰিনত হয়।
শৰীৰৰো মহত্বৰ কথা গীতাত বৰ্ণিত আছে। শৰীৰৰ মাধ্যমেৰে মানুহৰ পৰমাত্মাৰ লগত সাক্ষাৎকাৰ হয়। মৃত্যু আৰু জন্মৰ মাজৰ সময়ত আত্মাৰ জ্ঞান বৃদ্ধি নহয়। এই জন্মত লাভ কৰা জ্ঞান, বিচাৰ, অনুভৱ, অভ্যাস ইত্যাদিক লৈ আত্মাই নতুন শৰীৰ ধাৰণ কৰে। আত্মাৰ প্ৰগতি আৰু অধোঃগতি শৰীৰত থাকিহে সম্ভৱ। ধৰ্মৰ পথত চলা মানুহে নিজৰ শৰীৰৰ শুদ্ধিকৰণ কৰে আৰু শৰীৰৰ মাধ্যমেৰে আত্মাৰ লগত সাক্ষাৎ কৰে। ইয়াক চিত্ৰ-চিত্ৰজ্ঞ সম্বন্ধ বোলে । যেতিয়া মানুহে এইটো জানি লয় যে তেওঁৰ শৰীৰ মাতিৰ টুকুৰা মাত্ৰ অৰ্থাৎ চিত্ৰ হয়, আৰু তেওঁ নিজে সেই শৰীৰত থকা, সেই শৰীৰক বুজি পোৱাজন হয় অৰ্থাৎ চিত্ৰজ্ঞ হয়, তেতিয়া তেওঁ সেই শৰীৰৰ মাধ্যমেৰে প্ৰগতি লাভ কৰিব পাৰে। আত্মাই শৰীৰত বাস কৰি তিনিটা গুনৰ আয়ত্বৰ কচৰৎ কৰে: তমসক আঁতৰাই সত্ব গুণ বৰ্ধন কৰি ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি পৰমাত্মাৰ লগত এক হৈ যায়। বস্ত্তুতঃ ভক্তি কোনো কাৰ্য্যৰ নাম নহয়, সেয়া এক মানসিক স্থিতিৰ নাম।

বিনাকাৰণত নিজৰ স্বাৰ্থৰ হেতু হিংসা কৰাটো অধৰ্ম আখ্যা দি অহিংসাকে পৰম ধৰ্ম বুলি বাখ্যা দিছে গীতাত। সত্য, ক্ৰোধ নকৰা, ত্যাগ, মনৰ শান্তি, নিন্দা নকৰা, দয়া, সুখৰ প্ৰতি আকৰ্ষিত নোহোৱা, ক্ষমা, ধৈৰ্য্য, শৰীৰৰ শুদ্ধতা, ধৰ্ম পৰিহাৰ নকৰা, অহংকাৰ নকৰা ইত্যাদিবোৰ সত্বগুণী বা দৈৱিক সম্পত্তি বুলি অভিহিত হৈছে গীতাত। এইবোৰ লগত লৈহে মানুহে পৰমাত্মাৰ ভক্তি কৰিব পাৰে, জীৱনৰ কৰ্তব্য পালন কৰিব পাৰে আৰু কৰ্মফলৰ আশাক ত্যাগি জীয়াই থাকিব পাৰে। আৰু যিয়ে এইবোৰ কৰিব পাৰে তেওঁ সন্তোষ প্ৰাপ্ত কৰে। জ্ঞানযোগ ব্ৰহ্মবিদ্যাৰ অন্তিম চৰণ। পৰমাত্মাৰ দৰ্শন কৰিব পৰাটোৱে হৈছে বাস্তৱিক জ্ঞান। এইটোৱে একমাত্ৰ গান যি বিশ্বৰ সকলোবোৰ জ্ঞান বা বিজ্ঞানৰ ভেঁটি বা আধাৰ। এই জ্ঞানেই মানুহক প্ৰকৃত মুক্তিৰ দুৱাৰ খুলি দিয়ে বুলি গীতাত উল্লেখ আছে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!