ঘাম গোন্ধাইছে (পৰাগ পিংকু)
ঘাম গোন্ধাইছে
জোনাকী নাক কোঁচাইছ !
তই ঘিনাইছ ঘাম
নাজান ঘামৰ দাম
অতবছৰে তাৰেই ঢাকিছোঁ
গৰীব হোৱাৰ বদনাম ।
ঘামকে গাত লৈ
কঠিয়া সিঁচিলোঁ
ঘামেৰেই মৈয়াই
দোগোছা ৰুলোঁ
সোনালী গুটি ধান দেখি
আঘোনৰ শীততো ঘামোঁ
তই ক’লি-
ঘামৰ গোন্ধ বেয়া
আঘোনত কেনেকৈ কৰোঁ
লখিমী সেৱা !
কি কৰিবি জোনাকী
ঘমাতো চাগে’ হাইজাৰ দৰে বেমাৰ
ঔটেঙাৰ তলত
কন্ধ ভুত দেখি
ঘামিছিলোঁ এবাৰ
নতুনকে’ ফুলা
ফুল যেন তোক দেখি
ঘামোঁ কতবাৰ ।
এনেই বেয়া নালাগে
পিতাই যেন কোনোবাই
বোজা এটা বওঁতে
উঃ বুলি যেতিয়া ঘামে
বুকুখন তেতিয়াহে ভাগে
তই মন নকৰ চাগে’ ।
তেজোবেলি চ’তৰ এদিন কি দুদিনত
চাপৰি ঠাই সৰা তোক দেখিলোঁ
ক’লে চাগে’ পতিয়নেই নাযাবি
ভিতৰি ভিতৰি ফুট অহা কোমল ধান হৈ সিজিলোঁ
এতিয়াও ঘামি আছোঁ
তয়ে ক’চোন কিহেৰে মচোঁ ।
ৰবাব টেঙা গোন্ধোৱা আবেলী এটাত
ককা দেউতা গ’লগৈ
ঘামিছিল বোলে
চেঁচা ঘমা গাটো সাৱতি
পিতায়ে কান্দিব পৰা নাছিল
ঘমা মুখৰ
শেঁতা ৰঙে মাতি অনা
ছাঁইৰঙী সন্ধিয়াটোক
তুলসীৰ তলত গংগা জ্বলেৰে ধুৱালে
ঘামৰ গোন্ধ কোনেও নাপালে
পদুলিত বিষাদহে গোন্ধালে ।
নক’লেও নোৱাৰি জোনাকী
পিতাইৰ ঘামৰ গোন্ধত
আয়ে মোক সাঁচিলে
এতিয়া ঘামক বেয়া কোনে বোলে ।
অঃ ক’বলৈ পাহৰিলোঁৱেই
চহৰত ডাক্টৰ পঢ়া পোনাকণৰ বাপেকে
মনি অর্ডাৰত
ধান বেছি ঘামকে পঠিয়াই
মানুহে কিয় জানো
ঘামকে খায়
ঘামকে লঠিয়াই
তই নুবুজ জোনাকী
ময়ো নুবুজোঁ ।