ছোৱালী – দেবাংগ পল্লৱ শইকীয়া
ছোৱালী স্কুলৰ পৰা আহি টিউচনলৈ যায় । টিউচনৰ পৰা আহি পায় মানে বাপেক অফিছৰ পৰা আহে । তাইৰ কাষত বহে । দিনটোৰ কথা শুনে । তাৰ পিছতহে কাপোৰ সলায় । ছোৱালীয়ে খায় থকা বস্তুটোৰ টুকুৰা এটা বাপেকৰ মুখত গুঁজি দিয়ে ।
বাপেকে গাখীৰ গৰম কৰি তাতে ল’ফ টুকুৰা টুকুৰকৈ দি কল এটাৰে স’তে জীয়েকক দিয়ে । নিজেও লয় । জীয়েকে জলপানৰ দৰে খায় । বাপেকে মাজে মাজে তাইৰ মুখৰ কাষে বাৰে লগা ল’ফৰ গুড়ি মচি দিয়ে ।
সন্ধিয়া তাই পঢ়ি থাকে মানে তাই ভালপোৱা সৰুমাছ সৰিয়হৰে ৰান্ধে বাপেকে । আলু কাটি থাকোঁতে বুঢ়া আঙুলিত কটাৰিৰ দাগ কেইটা চাই চাই বাপেকে অনুমান কৰে কিমান বছৰ হ’ল জীয়েকক ভাত ৰান্ধি খুউওৱা । তাই মাজতে পাকঘৰলৈ আহি ভোক লাগিছে বুলি কয় । বাপেকে মেৰি বিস্কুত দুখন পানীৰ স’তে দিয়ে ।
ছোৱালীৰ মাক নাই । বাপেকৰ মানুহজনী নাই ।
তাই ভাত খালে বাপেকে কাঁইট বাচি দিয়ে । কেতিয়াবা নিজৰ কাঁহিৰ পৰা এগৰাহ খুৱাই দিয়ে । তাই বাপেকক কয় -তুমিও খোৱা ! বাপেকে কয় – খাম দিয়াচোন ।
ভাত খাই জীয়েক শুৱলৈ যায় । বাপেকে আঁঠুৱা খুচি দিয়ে ।
তাইৰ টোপনী যোৱাৰ পিছতহে বাপেকে তাইৰ কঁপালত হাত ফুৰাই দিয়েগৈ । কেতিয়াবা চুমা এটা খাবলৈ মন কৰে । আগতে খাইছিল । আজিকালি নাখায় । তাই সাৰ পালে কেনেবাকৈ – মা থকা হ’লে – জাতীয় কথা আৰম্ভ কৰে বুলি মানুহটোৱে ভয় কৰে । আগতে ৰাতি সাৰ পাই তেনে হৈছে ।
ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈ পাৰ্যমানে মাকৰ অভাৱ অনুভৱ নকৰাকৈ ৰাখিবলৈ মানুহটোৱে দেহে মনে লাগি থাকে ।
জীয়েক শোৱাৰ পিছতহে তেওঁৰ কামবোৰ আৰম্ভ কৰে । পঢ়া, লিখা, অফিছৰ হিচাব । সোঁৱৰণী !
ৰাতিপুৱা আঠ বজাত তাই স্কুললৈ যায় । বাপেকে টিফিনত তাইৰ প্ৰিয় বস্তু ভৰাই দিয়ে । তাই স্কুলৰ বাছত উঠেগৈ মানে বাপেকে চাই ৰয় । ছোৱালী ডাঙৰ হৈছে । মাকৰ গঢ় লৈছে ।
যোৱা সপ্তাহত তাইক মোবাইলটো কিনি দিয়াৰ পৰা মানুহটোৰ সামান্য অভিমান হৈছে । আগতে স্কুলৰ পৰা আহি জলপান খাওঁতে তাই বাপেকক দিনটোৰ কথাবোৰ কৈ থাকে । এতিয়া তাই এখন হাতেৰে জলপান আৰু আনখন হাতেৰে ফোনটো খুঁচৰি থাকে । কথাবোৰ আধা কয় ।
ৰাতি আঁঠুৱা লগাবলৈ যাওঁতেও তাই সেইটো পিটিকি থাকে । বাপেকে কয় – দিয়া সেইটো !
অকণমান দুখ লাগিছেনেকি বাপেকৰ !!
যি হওঁক তাই মনটো ভালে ৰাখক । ডাঙৰো হৈছে।
দিনবোৰ গৈ থাকক ।
কথাবোৰ কাকো ক’ব নোৱাৰে মানুহটোৱে । ঘৰখনত প্ৰাণী দুটাই মাথোঁ ।
অফিছত কাষতে বহাজনক কৈছিল সিদিনা । সিজনে গুৰুত্ব নিদিলে ।
আজি দুপৰীয়া । অফিছত তেওঁৰ কাষতে বহা সহকৰ্মীয়ে তেওঁক ক’লে – আইজনীয়ে আমাৰ বুবুলৈ যে ৱাটছএপত মেছেজ দি থাকে নতুন ফোনৰ পৰা , কালি কি দিছে চাওঁকচোন ! মই লৈ আহিছোঁ মোৰ ফোনত ।
তেওঁ ভয়ে ভয়ে ফোনটোলৈ হাত মেলিলে । কি বা দিছে ক’বটো নোৱাৰি ! বুবুৰ লগত তাই একেলগে পঢ়ে । স্কুলো একেই ।
জীয়েকে বুবুলৈ দিয়া মেছেজটো আছিল এখন স্কেচ্ছ । তাই অঁকা । ফটো তুলি পথাইছে ।
স্কেচ্ছখনত শুই থকা ছোৱালী এজনীক মানুহ এটাই কঁপালত চুমা খাইছে । আঁঠুৱা এখনৰ ভিতৰত । কাষৰ দেৱালত মানুহ এজনীৰ অস্পষ্ট ছৱি বন্ধাই থোৱা । গোটেই স্কেচ্ছখন জীৱনৰ !
মানুহটোৱে আকৌ মন কৰিলে ছোৱালীয়ে মাকৰ গঢ় লৈছে ! স্বভাবো মাকৰ লৈছে । বুকুৰ কথাবোৰ নেদেখুৱাই !
তাই ডাঙৰ হৈছে !