গল্ফীৰ ডায়েৰি: মৌচুমী বৰি

 

এগৰাকী ষাঠিৰ উৰ্ধৰ মহিলা বেংকৰ মেনেজাৰৰ কাষলৈ গ’ল৷ মহিলা গৰাকীয়ে মেনেজাৰক দহ লাখ টকা ডেপজিত কৰিবলৈ ইচ্ছা কৰাৰ কথা জনালে ৷ মেনেজাৰে সুধিলে–
:আপুনি কি কৰে?
: মই তেনেকৈ একো নকৰোঁ, মাথোঁ অলপ ইফাল সিফাল কৰোঁ — মহিলা গৰাকীয়ে ক’লে ৷
মেনেজাৰে বয়সষ্ঠ মহিলাগৰাকীৰ মুখলৈ চালে৷ মহিলা গৰাকীয়ে পুনৰ ক’লে–
: চাৰ, আপোনাৰ চুলিখিনি নকলি হয়নে?
: নাই নাই, মোৰ চুলি নকলি নহয় — মেনেজাৰে মূৰ জোকাৰিলে৷
: মই ডাঠি ক’ব পাৰো, আপোনাৰ চুলিখিনি নকলি চুলি৷বাজি মাৰিব? –মহিলা গৰাকীয়ে মেনেজাৰক ক’লে ৷
মেনেজাৰে হাঁহি ক’লে —
: কিমান টকাৰ বাজি মাৰিব?
: দুই লাখ টকাৰ, হ’ব?
:ঠিক আছে বাৰু
: কাইলৈ মই দহ বাজি দহ মিনিটত ইয়ালৈ আহি প্ৰমাণ কৰিম যে আপোনাৰ চুলিখিনি নকলি — মহিলাগৰাকীয়ে এইবুলি কৈ মেনেজাৰৰ পৰা বিদায় ল’লে৷ মেনেজাৰে ভাবিলে — মহিলাগৰাকীৰ বোধহয় অলপ মূৰৰ গণ্ডগোল আছে!!

পিছে পিছদিনা দহ বাজি দহ মিনিটত মহিলাগৰাকীয়ে এজন উকিল লৈ মেনেজাৰৰ সন্মূখত হাজিৰ হ’ল৷
:চাৰ, মই এতিয়া আপোনাৰ চুলিখিনি “আচলি নে নকলি” প্ৰমাণ কৰিম — মহিলাগৰাকীয়ে এইবুলি কৈ মেনেজাৰৰ ওচৰলৈ আহিল আৰু মেনেজাৰৰ চুলিখিনিত ধৰি জোকাৰিবলৈ লাগিল আৰু মহিলাগৰাকীৰ লগত অহা উকিলজনে নিজৰ কপালখন খুটা এটাত জোৰ জোৰকৈ মাৰিবলৈ ধৰিলে ৷ চুলি জোকৰা শেষ হ’লত কন্দনামুৱা হৈ উকিলজনে বাৰ’ লাখ টকাৰ চেকএখন মেনেজাৰৰ হাতত দিলে আৰু মহিলাগৰাকীয়ে মেনেজাৰৰ মুখলৈ চাই ক’লে–
:চাৰ, দুই লাখ টকা আপুনি লওক আৰু দহ লাখ মোৰ একাউন্টত ভৰাই দিব৷
মহিলাগৰাকীয়ে পুনৰ উকিলজনলৈ চাই হাঁহি হাঁহি ক’লে-
: চাৰ, মই আপোনাক কৈছিলো নহয় মই মেনেজাৰ চাৰৰ চুলি জোকাৰিব পাৰিম বুলি!আপুনিহে কৈছিল নোৱাৰিম বুলি৷বাজিত সাৰিলে আপুনি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!