ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

গুগলত অসমীয়া ৱেবপেজ বিচাৰিবলৈ এটি সহজ কিটিপ -( সত্যজিত নাথ)

গুগলত অসমীয়া ৱেবপেজ বিচাৰিবলৈ এটি সহজ কিটিপ
-( সত্যজিত নাথ)

অসমীয়া ৱেবপেজ বিচাৰিবলৈ, গুগলত (আৰু বোধহয় আন ইন্টাৰনেটৰ সন্ধানী যন্ত্ৰ বা চার্ছ ইঞ্জিনতো) এটি সহজ কিটিপ ব্যৱহাৰ কৰিব পাৰি । এই কিটিপটো উল্লেখযোগ্য, কাৰণ গুগলে এতিয়ালৈকে অসমীয়া ভাষাক অনুমোদিত ‘search language’ বা সন্ধানী ভাষা হিচাপে গ্রহণ কৰা নাই ।
কিটিপটো এনেকুৱা – অসমীয়া শব্দটো বা শব্দখিনি গুগলত নিয়মিত ভাবে টাইপ কৰি ‘ৰ’ আখৰটো আন এটা শব্দ হিছাপে শেষত যোগ লগাই দিব – সিমানখিনিয়ে |
উদাহৰণ হিছাপে, অসমীয়া কবিতা থকা ৱেবপেজ বিচাৰিবলৈ, গুগলত ‘কবিতা ৰ’ টাইপ কৰি দিব |
মাত্র ‘কবিতা’ ব্যৱহাৰ কৰিলে, গুগলে অনুসন্ধানৰ ফলৰ তালিকাত বেছিভাগ বঙালী ভাষাত লিখা কবিতাৰ ৱেবপেজবোৰ দেখুৱাব । ইয়াৰ কাৰণ হ’ল যে অসমীয়াৰ তুলনাত বর্তমানে ইন্টাৰনেটত বঙালী ভাষাৰ ৱেবপেজ বেছি পৰিমাণত আছে ।
কিন্তু, ‘কবিতা ৰ’ ব্যবহাৰ কৰিলে, অনুসন্ধানৰ ফলৰ তালিকাত নিশ্চয় অসমীযা কবিতাৰ ৱেবপেজবোৰহে ওলাব, কাৰণ ‘ৰ’ আখৰটো মাত্র অসমীয়া ভাষাত ব্যবহাৰ হয় |

গুগলত এই দুটি উদাহৰণ চার্ছৰ লিংক ইয়াতে দিযা হল:
– ‘ৰ’ নোহোৱাকৈ (

আৰু
– ‘ৰ’ লগাই (
)

ৰাইজে নিজে চেষ্টা কৰি চাব পাৰে |

নোট: –
১) অবশ্যে, কিছু অসমীয়া ৱেবপেজত ‘ৰ’ আখৰটো ব্যবহাৰ নহ’বও পাৰে | এই কিটিপটোৱে তেনে ৱেবপেজ বিচাৰি নাপাব | কিন্তু তেনে ৱেবপেজ বোধহয় নামমাত্র পৰিমানতহে আছে, কাৰণ অসমীয়াত ‘ৰ’ আখৰটো বেছিকৈ ব্যৱহাৰ হয় ।
২) শেষৰ চার্ছ টার্মটো অলপমান দীঘলীয়া কৰি বাকী ৱেবপেজবোৰো বিচাৰি উলিয়াব পাৰি । উদাহৰন হিছাপে, ‘ৰ’ আখৰটোৰ ঠাইত যদি ‘ৰ OR ৱ’ শেষত যোগ দিয়া হয়, ‘ৱ’ থকা অসমীয়া ৱেবপেজবোৰো বিচাৰি পোৱা যাব ।

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰঞ্জিত দত্ত (কুশল)
11 years ago

হাঃহাঃহাঃ…. গুগুল’ক টুপী পিন্ধোৱাৰ সহজ বুদ্ধি দেখোন!

জর্জ এন্জেলছ্‍ উইলশ্বন মিজু মরাং
10 years ago

buddhitu sheshthaa..

Copying is Prohibited!