গুগল কাৰ্ডব’ৰ্ড: কিছু ধেমালি, কিছু বিজ্ঞান আৰু এটা অনবদ্য অভিজ্ঞতা (উদ্দীপ তালুকদাৰ)

তথ্য-প্ৰযুক্তি বিষয়ক কোম্পানীসমূহৰ মাজত হেনো গুগুলৰ কাম কৰাৰ ধৰণটো অলপবেলেগ। মই জনাত গুগুলত বোলে কৰ্মচাৰীক আজৰি সময়ৰ ধেমালি হিচাপে প্ৰ’গ্ৰাম বানতুন প্ৰকল্পৰ বাবেও উদগনি দিয়ে। ঠিকতো নাই কোনে ধেমালিতে সজা বস্তুৱেকালিৰ অপৰিহাৰ্য প্ৰযুক্তিৰ ৰূপ লয়গৈ। এনেয়েও বহু নতুন আৱিষ্কাৰ আৰুচিন্তাৰ আঁৰত শিশুসুলভ কৌতূহলেই মূল কাৰক হয়গৈ। আচৰিত যেন লাগিলেও সঁচা যেগুগুলৰ লেখত লবলগীয়া কেবাটাও সেৱা যেনে, Gmail, Google News, Orkut, আৰু AdSense, এই আটাইকেইটাই তেনে আজৰি সময়ৰ ধেমালি। সেই কাৰণেই্ গুগুলেনো ক’তকেনেকৈ কি নতুন বস্তুত মাথা মাৰিছে সেইটোৰ অলপ খবৰ ৰাখি থকা যায়।তেনেকৈয়েএদিন এটা আচৰিত বস্তু দেখিলো।

11377209_10204316813748673_1493793786702449978_n

বস্তুটো হ’ল ‘বিনিৰ্মিত বাস্তৱ’ দৰ্শন যন্ত্ৰ। বিনিৰ্মিত বাস্তৱ শব্দটো বহুতৰে বাবে নতুন হ’ব। সেয়ে, অলপবহলাই লিখিছোঁ। ইংৰাজী Virtual Reality শব্দটোৰ নিৰ্দিষ্ট অসমীয়া পৰিভাষাআছে নে নাই, সেইটো মই জ্ঞাত নহয়। নথকাৰ সম্ভাৱনাই বেছি। সেয়ে, প্ৰথমেসেইটোক মই ‘কৃত্ৰিম বাস্তৱ’ বুলিছিলো যদিও ক’ৰবাত ব্যৱহাৰ কৰা ‘বিনিৰ্মিতবাস্তৱ’ শব্দটোহে বেছি ওচৰ চপা যেন লাগিল। ‘বিনিৰ্মিত বাস্তৱ’ শব্দটোকিজানি পাইছিলো শব্দ.অৰ্গৰ ফেচবুক পৃষ্ঠাত। যদি আন ক’ৰবাত পাইছিলো, তেন্তেব্যৱহাৰকাৰীজনে ইয়াতে উনুকিয়াই দিলে বাধিত হ’ম।

যি নহওক, Virtual Reality বা ‘বিনিৰ্মিত বাস্তৱ’ক শব্দৰে ঠিক-ঠাক বুজাবলৈ অলপ অসুবিধা, কিন্তু এবাৰ অনুভৱ কৰিলে আৰু নুবুজাৰ প্ৰশ্নই নাথাকে। তথাপি শব্দৰে বুজোৱাৰপ্ৰয়াস এটা কৰিছোঁ। বাস্তৱ আমাৰ পাঁচোটা ইন্দ্ৰিয়ৰদ্বাৰা অনুভূত, আমিআন্তঃক্ৰিয়াৰে সলনি কৰিব পৰা আমাৰ চাৰিওফালৰ পৰিবেশ। তেনে বাস্তৱক আপোনাৰচাৰিওফালে কৃত্ৰিমভাৱে সৃষ্টি কৰাটোকে বিনিৰ্মিত বাস্তৱ বুলিব পাৰি।বাস্তৱক কৃত্ৰিমভাৱে সৃষ্টি কৰি মানুহক অনুভৱ কৰোৱাৰ প্ৰয়াসৰে ফচল নাটক, চিনেমা আদি। চিনেমাত আকৌ পৰিবেশৰ এক ‘দ্বি-মাত্ৰিক’ চলমান ছবিহে মাত্ৰদৃশ্যমান হয়। গতিকে চিনেমা মুঠেই বিনিৰ্মিত বাস্তৱ নহয়। আনকি ‘ত্ৰি-মাত্ৰিক’ চিনেমাও বিনিৰ্মিত বাস্তৱৰ প্ৰতিভূ নহয়, কাৰণ, ত্ৰি-মাত্ৰিক চলচ্চিত্ৰত যিঘটে সেয়া দৰ্শকৰ সন্মুখ। দৰ্শকে চকু আনফালে ঘূৰালে পৰ্দাৰ ছবিৰ সলনিহলঘৰটোহে দেখা পায়। কিন্তু, চিনেমাত বিনিৰ্মিত বাস্তৱৰ যিটো মূল বিশেষত্বককেতিয়াও আনিব সেয়া হ’ল, আন্তঃক্ৰিয়া। দ্বি-মাত্ৰিক বা ত্ৰি-মাত্ৰিক দুইধৰণৰ চিনেমাতে দৃশ্যপট আগতেই নিৰ্মাণ কৰা থাকে, আৰু দৰ্শকে মাত্ৰ সেইদৃশ্যাৱলীক চাই থাকিব পাৰে। ইচ্ছা কৰিলে দৰ্শকে স্থান সলনি কৰি দৃশ্যমানঘটনাক আনফালৰপৰা চাব নোৱাৰে। মানে দৰ্শকৰ অৱস্থান অনুসৰি সন্মুখৰ দৃশ্যসলনি নহয়।

সম্পূৰ্ণ বিনিৰ্মিত বাস্তৱত দৰ্শকে সেই দৃশ্যটোৰ মাজতসম্পূৰ্ণ সোমাই পৰে। বিনিৰ্মিত বাস্তৱ-ৰ চিনেমা এখনত চিনেমাখনৰ কাহিনীদৰ্শকৰ চাৰিওফালে চলি থাকিব। মূৰটো ঘূৰাই পাছফালে চালে দৰ্শকজনে পাছফালৰঘটনাখিনি দেখিব। ওপৰলৈ মূৰ তুলি চালে দেখিব আকাশখন বা ঘৰৰ চালখন, তললৈ চালেমজিয়া বা মাটি।
এইখিনিলৈ পঢ়ি পঢ়ুৱৈয়ে নিশ্চয় ভাবিছে, এয়া নিঃসন্দেহেভৱিষ্যতৰ প্ৰযুক্তি, বা এতিয়া উপলব্ধ হ’লেও সেয়া হ’ব অতি খৰচী, আৰু তাককিজানি মাত্ৰ উপভোগ কৰিব পৰা কোনোবা থীম পাৰ্কত। ‘বিনিৰ্মিত বাস্তৱ’ উপভোগকৰাৰ বাবে এতিয়া কিছুমান সঁজুলি উপলব্ধ। তেনে কেইটামান হ’ল, অকুলাছ ৰিফ্ট, গিয়েৰ ভি আৰ, প্ৰজেক্ট মৰ্ফিয়াছ ইত্যাদি। কেউটা সঁজুলিয়েই বজাৰত উপলব্ধ।অকুলাছ ৰিফ্টৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ৫০,০০০ টকা, ছেমছাং কোম্পানীৰদ্বাৰা নিৰ্মিত গিয়েৰ ভি আৰ-ৰ বজাৰ মূল্য প্ৰায় ১২০০০ টকা। মৰ্ফিয়াছৰসামগ্ৰী এতিয়াও বজাৰত উপলব্ধ হোৱা নাই। কেউবিধ সঁজুলিয়েই চকুৰ আগত চছমাৰদৰে পিন্ধি ল’ব লাগে, আৰু দুয়ো কাণত হেডফোন সংলগ্ন কৰা হয়।

ওপৰতগুগুলৰ গুণ বখনাৰ মূল কাৰণটোলৈ এতিয়া আহিছো। এই অকুলাছ ৰিফ্ট, গিয়েৰ ভি আৰআদিৰদৰে খৰচী ‘বিৰ্নিমিত বাস্তৱ দৰ্শন’ সঁজুলিৰ পৰিৱৰ্তে গুগুলৰ কৰ্মৰত দুইকৰ্মচাৰী ডেভিড কজ (David Coz) আৰু ডেমিয়েন হেন্‌ৰী (Damien Henry)-য়েঅফিচৰপৰা এৰি দিয়া ২০% ‘আজৰি কামৰ সময়’ (Innovation Time Off) সাজি উলিয়ায়ডাঠ বকলাৰে সাজিব পৰা এটা ‘বিনিৰ্মিত বাস্তৱ দৰ্শন’ সঁজুলি, সেইসঁজুলিবিধৰে নাম ‘গুগল কাৰ্ডব’ৰ্ড’।খৰচী সঁজুলিবিধৰ পৰিৱৰ্তে ‘গুগুলকাৰ্ডব’ৰ্ড’ এটা সাজিবলৈ প্ৰয়োজন মাথো কিছু সময় আৰু আগ্ৰহৰ। ঘৰতে যদি পৰিথকা লাংখা-লিংখি বস্তুৰ মাজত পুৰণি পূজাত কিনা বাইন’কুলাৰৰ লেন্স দুখন আছে, তেন্তে এক পইচাৰো খৰচ নাই। কেনেকৈ সাজিব লাগে, তাৰো পূৰ্ণ বিৱৰণ আৰু নক্সাগুগলতে উপলব্ধ।

গুগুল কাৰ্ডব’ৰ্ড এটাৰ কাম কৰাৰ নীতি অত্যন্ত সাধাৰণ।ত্ৰিবিমীয় ছবি দেখুওৱাৰ এটা নিয়ম হ’ল তলত গাঁঠি দিয়া ১ নম্বৰ ছবিৰ দৰেদুখন ছবি কাষাকাষিকৈ ৰখা। দুয়োখন ছবি আমাৰ দুটা চকুৰ অক্ষিপটত পৰা সামান্যপৃথক ৰূপ। আমাৰ দুয়োটা চকুৱেই সামান্য বেলেগকৈ দেখা পায়, আৰু সেইপাৰ্থক্যখিনিৰ ওপৰতে আমাৰ মগজুৱে ত্ৰিবিমীয় ছবি এখন নিৰ্মাণ কৰে।

গুগল কাৰ্ডব’ৰ্ড সঁজুলিবিধতো দুটা চকুৰ বাবে দুখনকৈ আতচী কাঁচ ব্যৱহাৰ কৰাহয়। সঁজুলিটোৰ সন্মুখত মোবাইল ফোনটো সুমুৱাই ল’ব লাগে। মোবাইলৰ বাবে ‘বিনিৰ্মিত বাস্তৱ এপ’ (VR App) ডাউনলোড কৰি তাক চলাই দিলেই, মোবাইলৰপৰ্দাত দুই চকুৰ দূৰত্বৰ হিচাপত দুখন ছবি দেখুৱায়। আতচী কাঁচ দুখনে সেই ছবিডাঙৰ কৰি দিয়ে বাবে গোটেই কোঠাটো ছবিৰে ভৰি যোৱা যেন লাগে। আৰু আমাৰমগজুৱে দুই ছবিক লগ কৰি ত্ৰিমাত্ৰা প্ৰদান কৰে। ২ নং চিত্ৰত কাৰ্ডব’ৰ্ডৰকাম-কৰাৰ নীতি দেখুওৱা হৈছে।

কিন্তু অকল ত্ৰিমাত্ৰা প্ৰদানতে গুগলকাৰ্ডব’ৰ্ডৰ কাম শেষ হোৱা নাই। বি.বা. এপবোৰ এনেকৈ নিৰ্মাণ কৰা হয়, যাতেমোবাইলটো ইফাল কৰা, ঘূৰোৱা আদিৰ লগত ছবিৰ সলনি হয়। সেয়ে, কাৰ্ডবোৰ্ড চকুতপিন্ধি লৈ ইফালে-সিফালে আলে আপুনি অনুভৱ কৰিব আপোনাৰ চাৰিওফালে ফুটি উঠিছেঅন্য এক বাস্তৱ, বিনিৰ্মিত বাস্তৱ!

মোবাইল ফোনৰ লগত হেডফোনডাল আছেই, গতিকে মোবাইলৰপৰা হেডফোন কাণত সংযোগ কৰিলেই আপুনি বাস্তৱৰ আন এটা মুখ্যসংবেদন শব্দৰো অভিজ্ঞতা পালেই।

কিন্তু ওপৰত কৈ আহিছো, পৰিবেশৰ লগতআন্তঃক্ৰিয়া বিনিৰ্মিত বাস্তৱৰ অন্য এক বিশেষত্ব। গুগল কাৰ্ডব’ৰ্ডত আনকিতাৰো এক মোটামুটি ব্যৱস্থা আছে। দুটুকুৰা চুম্বকে মাজত ঘঁহনি তুলি মোবাইলৰস্ক্ৰীণখনৰ আগত চুম্বকত্বৰ সাল-সলনি কৰি আপুনি মোবাইলৰ বুটাম টিপাৰ কামটোওকৰিব পাৰে। এপবোৰ নিৰ্মাণেই কৰা হয় এনেকৈ যাতে এটা বুটাম টিপিলেই আপোনাৰকাম হয়, যেনে, সঠিক দিশৰফালে চালে শত্ৰুক চিহ্নিত কৰি বুটামটো টিপিলেই গুলীওলাই যাব!

গুগল কাৰ্ডব’ৰ্ড সেয়ে, বিনিৰ্মিত বাস্তৱৰ অভিজ্ঞতা লাভৰবাবে অত্যন্ত উপাদেয় আহিলা। নিঃসন্দেহেই ঘৰত ডাঠ-বকলাৰে সজা এটা সঁজুলিৰেআপুনি ‘ষ্টেট অৱ দা আৰ্ট’ অভিজ্ঞতা এটা নাপায়। কিন্তু, যিখিনি পাব, সেইখিনিতেই আপুনি ‘ৱাও’ নুবুলি উপায় নাই। আনি সাজি থোৱা গুগল কাৰ্ডবোৰ্ড৪০০ টকাৰপৰা ১০০০ টকালৈ বিভিন্ন ই-মাৰ্কেটিং ছাইটত কিনিবলৈ পাব, কিন্তুনিজে সজাটোৱেই গুগল কাৰ্ডবোৰ্ডৰ আচল মজা। ঘৰত যদি কিশোৰ-কিশোৰী আছে, তেওঁলোকৰ লগত সাজিলেও বঢ়িয়া কাম।

গুগল কাৰ্ডবোৰ্ডৰ সাজিবলৈ যাওঁতেমই লাভ কৰা অভিজ্ঞতাখিনিও অলপ বৰ্ণাই থও। যিসকলে সাজিব খোজে, তেওঁলোকৰ অলপসহায় হ’ব। গুগলৰ ৱেবছাইটটোত পোৱা নক্সা অনুসৰি আতচী কাঁচ দুখনৰ ফ’কাচ দৈৰ্ঘহ’ব লাগে ২৫ চে.মি.। কিন্তু পুৰণি ভঙা দূৰবীনৰ লেন্স বাবে তেনে হিচাপৰফ’কাচ দৈৰ্ঘ আপুনি নাপাব। সেয়ে, গুগলৰ যিটো মূল নক্সা তাৰ আগত তলত দিয়া ৩নংছবিখনৰদৰে আগ-পিছ কৰিব পৰা অংশ এটা লগাই ল’ব। তাৰপিছত সেই আগ-পিছা কৰিবপৰাঅংশটো আগুৱাই-পিছুৱাই আপোনাৰ হিচাপত মিলাই ল’ব আৰু তাতে আঠা বা চেল’টেপ দিইফাল-সিফাল কৰিব নোৱৰা কৰি ল’ব।

যদিও যিকোনো মোবাইলতে কাৰ্ডব’ৰ্ডব্যৱহাৰ কৰিব পাৰি, কিন্তু গুগুলৰ মূল ডিজাইনটো ৫.৫ ইঞ্চি স্ক্ৰীণৰ বাবেহেনিৰ্মিত। অৱশ্যে আন আকাৰৰ স্ক্ৰীণৰ বাবেও নক্সা পাব। সেয়ে, ডাউনল’ড কৰাৰসময়ত আপোনাৰ মোবাইলৰ স্ক্ৰীণৰ আকাৰৰ মতেহে কৰিব। অৱশ্যে, ৫.৫ ইঞ্চিৰটো সাজিমোবাইলটো থোৱা জেগাকণৰ মাজভাগত পৰাকৈ খাপ এটা সাজি ল’লেও হ’ব। বিনিমৰ্মিতবাস্তৱৰ যিবোৰ এপ, সেইবোৰক প্ৰেছেছিং শক্তি বেছিকৈ লাগে, কাৰণ ৩ডি ইঞ্জিনসক্ৰিয় কৰি ৰাখিব লাগে। সেয়ে, অলপ দুৰ্বল প্ৰছেছৰত ছবিখিনি ৰৈ ৰৈ যাব পাৰে।তেনে মোবাইলত আপুনি বেছি উন্নত মানৰ বি.বা. এপ উপভোগ কৰিবলৈ নাপাব।কিন্তু, অনুভৱটো ল’বলৈ গুগল কাৰ্ডব’ৰ্ড নামৰ বিনামূলীয়া এপটো নিশ্চয়কৈ চলাবপাৰিব।

অ’ আৰু এটা কথা: এবাৰ অন হোৱাৰ পাছত আপুনি বুটাম-চুটামদেখিবলৈ নাপায়, মূৰটো ঘূৰালে নিজে নিজেই স্ক্ৰীণৰ মেনু আদিবোৰ ঠিক জেগালৈআহিব। সেয়ে, আঙুলিৰে টিপি টিপি মেনু সলনি কৰাৰ চেষ্টা কৰি নাথাকিব। অ’ আৰুমই নিজে সজা কাৰ্ডব’ৰ্ডটোত চুম্বকীয় বুটামটোৱে কাম নকৰে। সম্ভৱ, চুম্বককেইটা সিমান শক্তিশালী নহয় (পুৰণি ফটা বেগৰপৰা ওলোৱাহে!), বাস্ক্ৰীণৰপৰা দূৰত্ব বেছি হ’ল। কিন্তু, বেছি ভাগ এপতে মূৰ ঘূৰোৱাৰ বাহিৰেএকো কৰিবলগীয়া নাথাকে বাবে বুটামটোৱে কাম নকৰিলেও কোনো অসুবিধা নাই।

অ’ আৰু এপ ডাউনলোড কৰোঁতে অলপ সাৱধান। কেইটামান এপ আপোনাক ভয়ৰ অভিজ্ঞতাদিয়াৰ বাবে নিৰ্মিত। আন্ধাৰ-মুন্ধাৰ ঘৰ এটাত ভূত এজনীয়ে ডিঙিত কামুৰিবলৈঅহা ধৰণৰ এপ চাওঁতে ৰাতি অকলে নথকাই ভাল। কাৰণ এবাৰ সেইটো পিন্ধি লোৱাৰসময়ত আপোনাৰ চাৰিওফালে মাথো সেই ভৌতিক মহল, কাণত সোঁ-সোঁৱাই অহা বতাহৰশব্দ, আৰু ভূতুনীৰ খিল খিল হাঁহি। বিশেষকৈ নিজে নোচোৱাকৈ সৰু ল’ৰা-ছোৱালীকনেদেখুৱাব!

গতিকে দেৰি কিহৰ! তলত দিয়া গুগুলৰ লিংকৰপৰা আপোনাৰপ্ৰয়োজনীয় নক্সাখন ডাউনল’ড কৰক, ডাঠ কাগজ ঘৰত আছেই। হয়, পুৰণি দূৰবীণ এটাভাঙক, বা নতুন এটা কিনি আনি লেন্স দুখন উলিয়াই লওক, (দাম ৪০-৬০ টকা মানহ’বগৈ), সৰু চুম্বক কিছুমান বেগত যে চুম্বকীয় বুটাম থাকে, সেইটো ভাঙিলেইপাব (চুম্বক নহ’লেও সিমান কথা নাই) তাৰ পাছত কাৰ্ডব’ৰ্ডত মোবাইলটো সুমুৱাইলৈ কাণত হেডফোন গুজি সোমাই পৰক, বিনিৰ্মিত বাস্তৱৰ অনন্য অভিজ্ঞতাৰ মাজত!

গুগল কাৰ্ডবোৰ্ডৰ বিষয়ে আৰু জানিবলৈ:https://www.google.com/get/cardboard/
নিজে সজা নিৰ্দেশনা:https://www.google.com/get/cardboard/get-cardboard/

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!