ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

আঙুৰৰ চাটনি আৰু ক’লা বৰা চাউলৰ পোলাও- জুৰি দত্ত সোণোৱাল

আঙুৰৰ চাটনি

উপকৰণ

১৷ আঙুৰ ছয় সাতটা মান৷

২৷ আদা অলপ বেছিকৈ৷
৩৷ নহৰু চাৰি পাঁচ ফুট৷
৪৷ কেচা জলকীয়া জোখ মতে৷
৫৷ নিমখ আন্দাজ মতে৷

প্ৰণালী— সকলো খিনি একেলগে মিহলাই মিক্সিত পিহি দিব৷ আঙুৰৰ টেঙা মিঠা চাটনি তৈয়াৰ হৈ গ’ল৷

★★

ক’লা বৰা চাউলৰ পোলাও

চাউলখিনি দুঘণ্টা মান পানী দি তিয়াই থোৱাৰ পিছত পানীৰ পৰা টুকি আধা ঘণ্টা মানৰ বাবে ফুটা থকা খৰাহীত চাউল খিনি লাগি থকা পানীখিনি যাবৰ বাবে থৈ দিয়ক৷ পানী খিনি যোৱাৰ পিছত চাউলখিনি ভাপত সিজাই লওক৷

এতিয়া এটা কেৰাহী গৰম কৰি তাত দুই চামোচ গৰুৰ ঘিউ গৰম কৰি ভাপত সিজাই লোৱা চাউলখিনি আৰু ইচ্ছা অনুযায়ী dry fruits আৰু জোখমতে চেনি আৰু এচিকুটমান নিমখ দি দহ মিনিটৰ বাবে ভাজি লৈ নমাই গৰমে গৰমে পৰিবেশন কৰক৷

■■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!