হেপ্পী ইন্দিপেন্দেন্স ডে – মিতালী বৰ্মন
“হেপ্পী ইন্দিপেন্দেন্স ডে”
মূল: ৰোহিত কুমাৰ “হেপ্পী”
অনুবাদ: মিতালী বৰ্মন
মহানগৰীৰ এটা উচ্চ-মধ্যমবৰ্গীয় পৰিয়াল৷
“হেৰা সহায়িকা, কালিলৈ তুমি গোটেই দিনটো আমাৰ ইয়াতে কাম কৰিবা৷ মই কালিলৈ “ইন্দিপেন্দেন্স ডে”ৰ কাৰ্যসূচীলৈ যাব লাগিব৷”
“কিন্তু… মেমচাহাব!”
“কি কিন্তু?”
“মেমচাহাব, ময়ো কালিলৈ স্বাধীনতা দিৱসৰ অনুষ্ঠান চাবলৈ ল’ৰা-ছোৱালীহঁতৰ স্কুললৈ যাব লাগিব৷ মই কালিলৈ ছুটি খুজিম বুলিহে ভাবি আছিলোঁ৷”
“হাৰে, এইদৰে হ’লে কেনেকৈ হ’ব! কালিলৈ তুমি অহাটোতো বৰ জৰুৰী৷ মই কেইবাঠাইতো ভাষণ দিবলৈ যাব লাগিব৷ কালিলৈতো তুমি আহিবই লাগিব; নহ’লে আৰু কোনো দিন আহিবয়ে নালাগে৷ মই অন্য কোনো সহায়িকাৰ ব্যৱস্থা কৰি ল’ম৷”
সহায়িকাগৰাকীয়ে হুমুনিয়াহ কাঢ়ি তাৰ পৰা আঁতৰি গ’ল, “মেমচাহাবৰ “ইন্দিপেন্দেন্স ডে”হে দৰকাৰী; আমাৰ স্বাধীনতা দিৱসনো কি!” তাইৰ মনত এনে ভাব হ’ল যেন চাকৰিটো এৰি দি আজি তায়ো নিজকে স্বাধীন কৰি পেলাব! কিন্তু বাপেক নোহোৱা সন্তানকেইটা, বুঢ়া শহুৰেক-শাহুৱেক আৰু ঘৰখন কেনেকৈ চলিব! পৰিস্থিতিয়ে পুনৰ তাইৰ ডিঙিত গোলামিৰ জৰীডাল আঁটি আঁটি বান্ধি পেলালে৷
পিছদিনা, ১৫আগষ্টৰ দিনা তাই সময়তকৈয়ো আগতে গৈ মেমচাহাবৰ ঘৰ পালে৷ ল’ৰা-ছোৱালীকেইটিক বুজাই-বঢ়াই কৈ পঠিয়ালে যে অহা বছৰ স্বাধীনতা দিৱস নিশ্চয় চাব৷
মেমচাহাবে ভাষণ দি আছিল, “আজিৰ শিশু আমাৰ দেশৰ ভৱিষ্যত৷ আজি আমাৰ দেশৰ স্বাধীনতাৰ বৰ্ষপূৰ্তি৷ এই সুযোগতে মই আপোনালোক সকলোকে শুভকামনা জনাইছোঁ৷ স্বাধীনতা আমাৰ জন্মসিদ্ধ অধিকাৰ৷”
সহায়িকাগৰাকীয়ে বাচন ধুই ধুই কেৱল টিভি-ত তাইৰ মেমচাহাবৰ ভাষণ শুনি থাকিল৷