HBO মিনিছিৰিজ চেৰন’বিল (Chernobyl) – বিকাশ দত্ত

এপ্ৰিল ২৭, ১৯৮৮, সময় নিশা ১ বাজি ২৫ মিনিট। এখন হাতত চিগাৰেট আৰু আনখন হাত মেজৰ ওপৰত ৰাখি নিজৰ টেপ ৰেকৰ্ডাৰত ভেলেৰি লেগাছ’ভে ক’বলৈ আৰম্ভ কৰে,
“It was Dyatlov. The truth doesn’t care about our needs or wants. Its doesn’t care about our governments, our ideologies, our religions. It will lie in wait for all time. And this, at last, is the gift of Chernobyl.”

কিয় কৈছিল লেগাছ’ভে এইটো কথা। কিয় তেওঁ কৈছে, এটা মিছা কথাৰ মূল্য Chernobyl দুৰ্ঘটনা বুলি!!!

উক্ত সংলাপটো ২০১৯ চনৰ HBO মিনিছিৰিজ Chernobyl ৰ পৰা তুলি দিয়া হৈছে। ক্ৰেইগ মেজিনৰ চিত্ৰনাট্য আৰু জোহান ৰেনেকৰ পৰিচালনা তথা জেৰেড হেৰিছ, ষ্টেলান ছাৰ্ছগাৰ্ড আৰু এনিলি ৱাটছন অভিনীত উক্ত ছিৰিজটোৱে মুক্তিলাভ কৰে চলিত বৰ্ষৰ মে’ মাহত। আৰু দৃষ্টি আকৰ্ষণ কৰে সকলো দৰ্শকৰেই। তাৰ ফলস্বৰূপেই Chernobyl পৰিগণিত সৰ্বকালৰ এটা অন্যতম টেলিভিছন ছিৰিজৰূপে। ইয়াৰ আগতে HBO ৰ Game Of Thrones ৰ কথা আমি সকলোৱেই জানো। এইবাৰো HBO য়ে আমাক নিৰাশ নকৰিলে। আচলতে Chernobyl এখন ডকুড্ৰামা সদৃশ ছিৰিজ। ১৯৮৬ চনৰ সেই সময়ৰ ছোভিয়েট ৰাছিয়াৰ প্ৰিপ্যাট চহৰত যি পৰমাণু প্ৰকল্প দুৰ্ঘটনা সংঘটিত হৈছিল তাৰ ওপৰত সম্পূৰ্ণৰূপে ভিত্তি কৰিয়েই ক্ৰেইগ মেজিনে লিখি উলিয়াই এখন চিত্ৰনাট্য।
তাৰ বাবে তেওঁ ২০১৪ চনৰ পৰাই আৰম্ভ কৰে গৱেষণা। ৰাছিয়া তথা ৰাছিয়াৰ বাহিৰত তেওঁ নিজৰ গৱেষণাৰ বাবে সেইসময়ৰ প্ৰিপ্যাট চহৰৰ বাসিন্দা তথা প্ৰকল্পটোত কাম কৰা মানুহৰ সাক্ষাৎকাৰ লয়। আনহাতে পৰমাণু বিজ্ঞানীসমূহৰো সাক্ষাৎকাৰ লয় যাতে তেওঁ সম্পূৰ্ণৰূপে পৰমাণু প্ৰকল্পৰ কাৰ্যপ্ৰণালীৰ বিষয়ে জানিব পাৰে।
Chernobyl Exclusion Zone অৰ্থাৎ দুৰ্ঘটনা সংঘটিত হোৱা এলেকাতো তেওঁ যাত্ৰা কৰে। প্ৰথমাৱস্থাত তেওঁ ছিৰিজটোৰ বাবে যি চৰিত্ৰ বাচনি কৰিছিল সেইয়া ৰাছিয়ান বা অন্যান্য পূৱ ইউৰূপীয়ান ভাষা ব্যৱহাৰ কৰিব খোজা নাছিল। কিন্তু পিছলৈ এই সিদ্ধান্তৰ পৰা বিৰত থাকি তেওঁ‌ ৰাছিয়ান ইংৰাজী অৰ্থাৎ ৰাছিয়ান মানুহে কিদৰে ইংৰাজী কয় সেইদৰেই আগবঢ়াই নিছিল কাহিনীভাগ।

অভিনেতা আৰু অভিনেত্ৰীৰ বাচনিঃ-

মেজিন আৰু পৰিচালক জোহান ৰেনেকে প্ৰথমতেই বাচনি কৰে ছাৰ ৰিছাৰ্ড হেৰিছৰ পুত্ৰ তথা ভালেমান হলিউড আৰু ইউৰূপীয়ান ছবিত অভিনয় কৰা জেৰেড হেৰিছক মুখ্য চৰিত্ৰ ভেলেৰি লেগাছ’ভৰ বাবে। আনহাতে ৰাছিয়ান মন্ত্ৰী বৰিছ ছেৰ্বিনাৰ চৰিত্ৰত বিখ্যাত অভিনেতা ষ্টেলান ছাৰ্ছগাৰ্ড আৰু এগৰাকী পৰমাণু পদাৰ্থ বিজ্ঞানী উলানা খময়ুক হিচাপে নিৰ্বাচন কৰে ব্ৰিটিছ অভিনেত্ৰী এমিলি ৱাটছনক।

কাহিনীঃ-

প্ৰথমতেই কোৱাৰ দৰে, Chernobyl আচলতে এখন ডকুড্ৰামা সদৃশ ছিৰিজ। ইয়াত অকল অভিনয় বা কাহিনীকেই নহয় ইয়াৰ সত্যাসত্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। Chernobyl ৰ সফলতাৰ মূলতেই হ’ল ইয়াৰ কাহিনীৰ গভীৰতা। আমি সকলোৱেই জানো যে সেই সময়ত ছোভিয়েট ৰাছিয়া আৰু আমেৰিকাৰ মাজত চলি আছিল শীতযুদ্ধ অৰ্থাৎ Cold War। যাৰ বাবে দুয়োখন দেশেই নিজৰ নিজৰ শক্তি সামৰ্থ্যৰ উত্তীৰণৰ বাবে এক অঘোষিত প্ৰতিযোগীতাত অৱতীৰ্ণ হৈ পৰিছিল। জয়ী কোন হ’ব কোনেও নাজানে। তাৰ ফলস্বৰূপেই ছোভিয়েট ইউনিয়নত চালিত প্ৰায় ১৬ টা পৰমাণু প্ৰকল্পত ব্যৱহৃত সকলোবোৰ প্ৰযুক্তি আছিল সম্পূৰ্ণৰূপে ৰাছিয়ান। কিন্তু এই আটাইবোৰ পৰমাণু প্ৰকল্প অৰ্থাৎ নিউক্লিয়েৰ ৰিয়েক্টৰ আৰু ইয়াৰ ক্ৰুটি সম্পৰ্কে ১৯৭৬ চনত এগৰাকী ব্যক্তিয়ে এটা লেখা চপাইছিল এখন ছোভিয়েট বাতৰি কাকতত। কিন্তু ৰহস্যজনকভাৱে তেওঁ তাৰ লগে লগেই নিৰুদ্দেশ হৈছিল। লগতে সেই লেখাটোৰ পৰা দুটা পৃষ্ঠা নোহোৱা হৈ পৰিছিল। তাত কোৱা আছিল যে যিকেইটা পৰমাণু প্ৰকল্প আছে আটাইকেইটাতেই তাৰ ভিতৰত এটা আছিল লেনিনগ্ৰাড পৰমাণু প্ৰকল্প, আৰু তাতো ১৯৭৫ চনত একেধৰণৰ ক্ৰুটিয়েই দেখা দিছিল। অৰ্থাৎ যেতিয়া পৰমাণু প্ৰকল্প এটাত আয়নৰ মাত্ৰা অতি বেছি হৈ যায় তেতিয়া Emergency shutdown বুটাম যাক AZ 3 বুলি কোৱা হয়, টিপি দিলে ইয়াৰ কোনোধৰণৰ পৰিৱৰ্তন নহয় বৰং যি কন্ট্ৰ’ল ৰড ব্যৱহাৰ কৰা হয় তাত তাপবৰ্জী বিক্ৰিয়াৰ ফলত শক্তি ইমান বেছি হৈ যায় যে বিস্ফোৰণৰ আশংকাই দেখা দিয়ে। সেয়েহে Chernobyl ৰ সেই ঘটনা সংঘটিত হৈছিল। ছিৰিজটোৰ পঞ্চম তথা অন্তিম খণ্ডত এইসম্পৰ্কে বিস্তৃতভাৱে দেখুওৱা হয়। মূল অভিযন্তা ডিয়াটলভৰ অস্থিৰতাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অৱশেষত প্ৰমাণিত হয়। য’ত আকিম’ভ আৰু টপ্নিন’ভ, সহ অভিযন্তাদ্বয়ে ৰিয়েক্টৰৰ শক্তি হ্ৰাস কৰাস্বত্ত্বেও উক্ত বিস্ফোৰণ সংঘটিত হয়।
কিন্তু, যেতিয়া আদালতত ৰিয়েক্টৰ সন্দৰ্ভত লেগাছভে আটাইবোৰ তথ্য প্ৰদান কৰে তেতিয়া তেওঁ এবছৰ পূৰ্বে ভিয়েনাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় বৈঠকত দিয়া নিজৰ মন্তব্যক মিছা বুলি কয়। কাৰণ সেই সময়ত তেওঁ যি মন্তব্য প্ৰদান কৰিছিল তাৰ মূলতেই আছিল KGB। অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত KGB য়ে প্ৰদান কৰা ভুল তথ্যকেই বিশ্ববাসীৰ আগত দাঙি ধৰিছিল লেগাছ’ভে। গতিকে চিত্ৰনাট্যৰ গভীৰতা আমি ইয়াতেই গম পাওঁ‌। লগতে ইমানবোৰ ডিপ্লমেটিক তথা ছোভিয়েট ৰাছিয়া, KGB ৰ পৰা আদি কৰি Chernobyl ত দেখুওৱা হৈছে প্ৰতিগৰাকী সাধাৰণ নাগৰিককো।
এইক্ষেত্ৰত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী ভছিলী ইগ্নটেংক আৰু তেওঁৰ পত্নী লুডিমিয়াৰ কাহিনীটোৱে সকলোকে অভিভূত কৰে। সকলোৱে তেতিয়াই গম পাওঁ‌ যে প্ৰিপ্যাটৰ সেই ৫০,০০০ জনসাধাৰণৰ জীৱনবোৰ কিদৰে সলনি হৈছিল কেৱল তিনিগৰাকী মানুহৰ এটা সামান্য ভুলৰ বাবে। লগতে এখন গাঁ‌ৱৰ ৮২ বছৰীয়া বৃদ্ধাগৰাকী আৰু তেওঁক নিবলৈ ১৮ বছৰীয়া সেনাজোৱানজনৰ কথা বাৰ্তাখিনি, য’ত বৃদ্ধাগৰাকীয়ে কয়, “তুমিয়েই প্ৰথম নহয় যিয়ে বন্দুক লৈ মোৰ দুৱাৰদলিত উপস্থিত হৈছা। ইয়াৰ আগতে ষ্টেলিন আহিছিল, তাৰ আগত আহিছিল জাৰ্মান। গতিকে এতিয়া মই এই গাওঁ এৰি ক’ত যাম!”
তদুপৰি এগৰাকী ১৭ বছৰীয়া যুৱক যিয়ে কোনোধৰণৰ যুদ্ধত আগতে অংশগ্ৰহণ কৰি পোৱা নায়, আৰু এতিয়া হাতত বন্দুক লৈ হত্যা কৰি গৈছে ৰেডিয়েছন হৈ থকা কুকুৰ, আৰু অন্যান্য জীৱ-জন্তুক। চতুৰ্থ খণ্ডত উক্ত কাহিনীটো দেখুওৱা হৈছে, য’ত যুৱকজনৰ কেপ্তেইনে তেওঁক কৈছে,”মই ইয়াৰ আগতে আফগানিস্তানত আছিলো। কিবা কাৰণত এখন গাঁ‌ৱত মোৰ বন্ধুৰ সৈতে এটা মিছনত যাব লগা হ’ল। হঠাৎ সন্মুখত এগৰাকী মানুহক দেখিলো আৰু মই গুলিয়াই দিলোঁ‌। হঠাৎ সলনি হৈ যোৱা যেন লাগিল। কিন্তু পুৱা টোপনিৰ পৰা উঠাৰ লগে লগে পুনৰ মই যেনেই লাগিল।” উক্ত সময়তেই তেওঁৰ সতীৰ্থই কয়,
“We are giving the happyness of all mankind”.
গতিকে ছিৰিজটোত এগৰাকী সেনা, এগৰাকী সাধাৰণ গাৱলীয়া বৃদ্ধা, এগৰাকী পত্নী যি অন্তসত্বা আৰু এজন যুৱক, সকলোকেই সুন্দৰভাৱে মানৱীয় মূল্যবোধৰ জৰিয়তে উপস্থাপন কৰা হৈছে। সেয়েহে আৱেগিক ভাৱে দৰ্শকৰ মনত গভীৰ খোজ পেলোৱাত Chernobyl সফল হৈছে।

অভিনয়ৰ ক্ষেত্ৰত জেৰেড হেৰিছ, ষ্টেলান ছাৰ্ছগাৰ্ড আৰু এমিলি ৱাটছন সম্পৰ্কে বিশেষ ক’বলৈ নায়। কিন্তু Chernobyl ৰ মূল চালিকাশক্তি আছিল ইয়াৰ Atmosphere আৰু প্ৰতিটো দৃশ্যাংশৰ মিল। Historical accuracy ৰ ক্ষেত্ৰত Chernobyl য়ে ইয়াৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। তদুলৰি শব্দ সংযোজনৰ ক্ষেত্ৰত Chernobyl য়ে মাইলৰ খুটি স্থাপন কৰিব বুলি আমি আশাবাদী। শব্দৰ সংযোজন আৰু মিশ্ৰণে Chernobyl ক নতুন মাত্ৰা প্ৰদান কৰিছে।

Chernobyl ৰ প্ৰতিটো চৰিত্ৰ বাস্তৱজীৱনৰ পৰা লোৱা হৈছে আৰু প্ৰতিটো চৰিত্ৰকেই একে নামেৰেই বাস্তৱ ঘটনাৰ পৰাই তুলি দিয়া হৈছে। কেৱল এমিলি ৱাটছনৰ উলানা খময়ুকৰ চৰিটটোক কাল্পনিকভাৱে নিৰ্মাণ কৰা হৈছে প্ৰতিজন বিজ্ঞানীৰ সন্মানাৰ্থে যিয়ে মানৱীয় প্ৰমূল্যৰ বাবে নিজৰ জীৱন তথা দেশৰো বিৰোধিতা কৰে আৰু সত্যৰ হকে যুঁ‌জ দি যায়। সত্যাসত্যৰ ওপৰত ভিত্তি কৰিয়েই চেৰন’বিল দুৰ্ঘটনাৰ দুবছৰ পিছত সেই একেই সময়তেই ভেলেৰি লেগাছ’ভে নিজ বাসভৱনত আত্মহত্যা কৰে। আৰু থৈ যায় তেওঁৰ সম্পূৰ্ণ ৰিপোৰ্ট অ’ডিঅ কেছেট আকাৰে। এটা দুৰ্ঘটনা আৰু এটা সামান্য ভুলৰ বাবে সেই অভিশপ্ত দিনটোত নিহত হৈছিল বহুতো লোক আৰু বিষাক্ত ৰেডিয়েছনৰ বাবে ধ্বংস হৈছিল বহুতৰ জীৱন। প্ৰায় ৩০০০০০ মানুহ আক্ৰান্ত হৈছিল ভয়াৱহ কেন্সাৰৰ দ্বাৰা। নিমিষতে ধ্বংসস্তূপত পৰিণত হৈছিল এখন বিশাল চহৰ, য’ত আজি কেৱল ৰেডিয়েছনৰ বাদে আন একো নায়।
চহৰখনৰ বাসিন্দাসকলৰ মতে প্ৰায় ৪০০০-৬০০০ মানুহ দুৰ্ঘটনাৰ পিছতেই ৰেডিয়েছনৰ বাবে মৃত্যুবৰণ কৰিছিল। কিন্তু সেই সময়ৰ ছোভিয়েট ৰাছিয়াৰ চৰকাৰী তথ্য অনুসৰি মৃতকৰ সংখ্যা আছিল ৩১!

সেইবাবেই ভেলেৰি লেগাছ’ভে কৈছিল,
“It will lie in wait for all time. And this, at last is the gift of Chernobyl.”

ফোনঃ ৮৮৭৬৫২৬১০০

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!