হিন্দী চিৰিয়েল, নাৰী আৰু অসমীয়া সংস্কৃতি (উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা)
বান্ধৱী অলপতে বিয়াৰ বাবে পাত্ৰ এজনৰ সৈতে মিলিত হ’ল৷ এনে ধৰণৰ সাক্ষাৎ বোৰত কথা পতা আৰম্ভ কৰিবলৈ সাধাৰণতে মানুহে ‘হবি’কেই ব্যৱহাৰ কৰে৷ ল’ৰাজনে ক’লে তেওঁৰ হেনো ফুটবল খেলত খুৱ ৰাপ আৰু বান্ধৱীক অত্যন্ত বন্ধুত্বসুলভ ভাৱেৰেই সুধিলে- চ’ ফেমিলী ড্ৰামাবোৰ চোৱাত বাদে আৰু কি কৰি ভাল পোৱা? কব নোৱাৰোঁ কোন দিনাৰ পৰা চিৰিয়েল বিশেষকৈ হিন্দী চিৰিয়েল বোলা বস্তুটো নাৰীৰ একচেতিয়া মনোৰঞ্জনৰ অনুষ্ঠানত পৰিণত হৈছে৷ কিন্তু নাৰী চিৰিয়েলৰ ষ্টেৰিয়’টাইপড দৰ্শকত পৰিণত হোৱাটো এক সামাজিক সত্য৷ বহু পুৰুষেও চায় যদিও ই ব্যতিক্ৰম হে৷ আৰু সাধাৰণতেই শুনিবলৈ পোৱা যায় ১) এই মহিলা সকলৰ কাম বন নাই, এই জাৱৰবোৰ চাই কি যে ভাল পায়৷ ২) এই হিন্দী চিৰিয়েলবোৰেই আমাৰ সংস্কৃতিৰ সৰ্বনাশ মাতিলে৷ ৩) হিন্দী চিৰিয়েলত দেখুওৱা পৰকীয়া প্ৰেম দেখিয়ে দেখিয়ে আমাৰ তিৰোতাবোৰে গিৰিয়েক বোৰক সন্দেহ কৰিবলৈ লৈছে৷
হিন্দী চিৰিয়েলৰ দৰ্শক মহিলাসকল স্বইচ্ছাই হয়নে? নাটক, কাহিনী ইত্যাদি বহুতেই ভাল পায়৷ সূত্ৰমতে হিন্দী ধাৰাবাহিক সমূহো নাটকেই৷ কিন্তু মহিলাৰেই প্ৰিয় কিয়? ইয়াৰ কাৰণ বিশ্লেষণ কৰিবলৈ গলে দেখা যায় যে ঘৰৰ ভিতৰৰ কাহিনীহে এনে চিৰিয়েলসমূহৰ মুখ্য উপজীৱ্য৷ আৰু পাৰম্পৰিকভাৱে নাৰীৰ স্থান ঘৰৰ চাৰিবেৰৰ ভিতৰত৷ এতিয়াও চাকৰি, ব্যৱসায় যিয়েই নকৰক নাৰীয়ে ঘৰখনক অগ্ৰাধিকাৰ দিয়াটোহে ভাৰতীয় মূল্যবোধে শিকায়৷ এনে ধৰণৰ পৰিয়াল, শাহু- শহুৰ, দেওৰ – জা, ননদ ইত্যাদিৰ মাজৰ সম্পৰ্কৰ তিতা মিঠা বোৰৰ কাহিনীৰ সৈতে হয়তো পুৰুষতকৈ নাৰী অধিক একাত্ম হব পাৰে৷ তদুপৰি এটা গোট তথা বান্ধৱীবৰ্গৰ প্ৰত্যক্ষ অথবা পৰোক্ষ হেঁচাতো বহুতেই ধাৰাবাহিকসমূহ চাবলৈ আৰম্ভ কৰে!
হিন্দী চিৰিয়েলৰ ষ্টেৰিয়’টাইপড নাৰী দৰ্শকৰ বিষয়ে কবলৈ গলে অলপ ইয়াৰ বিৱৰ্তন সম্পৰ্কেও কোৱা প্ৰয়োজন আছে৷ নব্বৈ দশকৰ আগত পিছে আজিৰ দৰে ইমানবোৰ হিন্দী ধাৰাবাহিক নাছিল৷ প্ৰথমতে নিশাৰ ভাগত এখন/ দুখন সাপ্তহিক চিৰিয়েল আছিল৷ পিছলৈ দুপৰীয়াৰ ধাৰাবাহিক দুখনমান ওলাল৷ এই সন্ধিয়া তথা নিশাৰ ভাগৰ ধাৰাবাহিককেইখন কেৱল মাত্ৰ নাৰী দৰ্শকক উদ্দেশ্য কৰি বনোৱা নাছিল৷ গোটেই পৰিয়ালটোৱেই এনেবোৰ চিৰিয়েল চোৱা মনত আছে৷ কিন্তু এই দুপৰীয়াৰ ধাৰাবাহিক কেইখনৰ পৰাই হয়তো বিশেষভাৱে নাৰীকেন্দ্ৰিক ( নাৰীৰ শহুৰৰ পৰিয়াল কেন্দ্ৰিক পিছলৈ) ধাৰাবাহিকসমূহ আৰম্ভ হৈছিল৷ কিন্তু আজিৰ ধাৰাৰ চিৰিয়েল সমূহৰ আৰম্ভণি হয় ভাৰতত মুক্ত অৰ্থনীতি প্ৰৱেশ কৰাৰ পিছৰ পৰাহে৷
মুক্ত অৰ্থনীতিৰ ফলত ব্যক্তিগত চেনেল সমূহে আত্মপ্ৰকাশ কৰিলে৷ তেতিয়াই হিন্দী চিৰিয়েল সমূহো প্ৰতিযোগিতাত নামিল৷ টিভিত মনোৰঞ্জন অনুষ্ঠানত দৰ্শকে কি চাব সেয়া কেৱল দৰ্শকেই নিৰ্ধাৰণ নকৰে, বজাৰত কোনবোৰ অনুষ্ঠান/ চিৰিয়েল চলি আছে, সেইবোৰ চোৱাটো ফেশ্যন বুলি ভৱাটো আৰু নাভাবিলেও বন্ধু, সহকৰ্মী, ওচৰ চুবুৰীয়া মহিলাৰ গোটৰ পৰা পোৱা প্ৰত্যক্ষ অথবা পৰোক্ষ হেঁচা আদিয়েও আমি কোনবোৰ অনুষ্ঠান চাম সেয়া নিৰ্ধাৰণ কৰে৷ এই চেনেলসমূহৰ ধাৰাবাহিকসমূহৰ ভাষা হিন্দী৷ অৱধাৰিতভাৱেই যিমানেই মেট্ৰ’ চহৰৰ ক’চম’পলিটান সংস্কৃতি দেখুৱাবলৈ চেষ্টা নকৰক কেলেই, কৰবাত হিন্দী বলয়ৰ ৰাজ্যসমূহৰ হিন্দু সংস্কৃতি এই ধাৰাবাহিক সমূহৰ আত্মাত বাস কৰে৷
হিন্দী বলয়ৰ ৰাজ্যসমূহৰ সংস্কৃতি অসমৰ সংস্কৃতিতকৈ ভিন্ন, অসমীয়া মানুহ, সংস্কৃতিৰ তুলনাত অধিক জাক জমকতা পূৰ্ণ৷ সেয়াও হয়তো নিজচকুৰে দেখিলে বৰ এটা ভাল নালাগিব পাৰে, কিন্তু যেতিয়া টেলিভিছনৰ পৰ্দাত সুন্দৰ মেক আপ সহিতে অত্যন্ত আঢ়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠানসূহ ভাঁহি উঠে, আমি তবধ নামানি নোৱাৰোঁ৷ বিয়া বুলি ছোৱালীবোৰে মেহেন্দী অনুষ্ঠানত মেহেন্দী লগাইছে, সংগীত অনুষ্ঠানত আটায়ে নাচ গান কৰি কি এক আনন্দময় পৰিৱেশ৷ একেদৰেই ৰঙা লেহেংগা, গহণা গাঁঠৰিৰে অপূৰ্ব কইনা, দৰাও আহে ঘোঁৰাত উঠি…… মুঠৰ ওপৰত দৰ্শকে এবাৰৰ বাবে হ’লেও নায়ক নায়িকাৰ ঠাইত নিজকে কল্পনা কৰিবলৈ বাধ্য৷ এনে সময়ত অসমীয়া দৰ্শকেও হয়তো এবাৰৰ বাবে হলেও ভাৱে- “ইমান সুন্দৰ, জাকজমক পৰম্পৰা এওঁলোকৰ”৷ কিন্তু চিৰিয়েল নিৰ্মাতাই অতি সন্তৰ্পণে কিছুমান কথা দৰ্শকৰ পৰা লুকুৱাই ৰাখে, বিয়াবোৰত ছোৱালীৰ পিতৃয়ে কিমান যৌতুক দিবলগীয়া হয়, বিয়াখনৰ অলাগতিয়াল জাক জমকবোৰৰ বাবে কিমান অলাগতিয়াল খৰচ হয়, আৰু এই খৰচবোৰ যে বিভিন্ন সময়ত কেৱল কইনা ঘৰেহে বহন কৰিব লগীয়া হয় ইত্যাদি।
কিন্তু এনেদৰেই এইবোৰ চাই চাই আমাৰ মগজুবোৰত তেওঁলোকৰ সংস্কৃতি আমাতকৈ উচ্চ আৰু সেয়ে অনুকৰণীয় বুলি এক ধাৰণাই শিপা মেলিছে৷ আৰু আমি অনুকৰণ কৰিবও লৈছোঁ, যাৰ ফলত কেতিয়াও নাম নুশুনা সময় ধনৰ অপব্যৱহাৰ হোৱা উৎসৱ পাৰ্বণক ৰঙা দলিছা পাৰি দিছোঁ৷ কিন্তু বহুতেই ভৱাৰ দৰে হিন্দী চিৰিয়েলে কেৱল যে অসমীয়া সংস্কৃতিতেই পৰিৱৰ্তন আনিছে এনে নহয়, ভাৰতৰ আন বহু অনা হিন্দী বলয়ৰ ৰাজ্যতো এনে পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে৷ এইখিনি কথা লিখিবলগীয়া হোৱাৰ কাৰণটো হ’ল যে আজিকালি প্ৰায়ে শুনিবলৈ পোৱা যায় যে হিন্দী চিৰিয়েলেই আমাৰ জাতিটো ধ্বংস কৰিলে, চংগীত, মেহেন্দী আজি কৰিছোঁ, কাইলৈ দহেজ, কন্যা ভ্ৰূণ হত্যাও শিপাব৷ নিশ্চয়েই এনে চিন্তা অমূলক নহয়৷
কিন্তু ইয়াৰ বাবে নাৰী দৰ্শকক দোষাৰোপ কৰিলেই জানো আমাৰ দায়িত্ব শেষ হব? ওহোঁ, হয়তো আন এক গুৰু দায়িত্বৰ ভাৰ লব লাগিব৷ সেয়া হৈছে আমি যদি হিন্দী চাচ বহু চিৰিয়েলৰ পশ্চাৎমুখী ধ্যান ধাৰণা যিবোৰ কেতিয়াবা অতি আধুনিক পোছাক অথবা অতি মূল্যবান যেন দেখা গহণা গাঁঠৰি পিন্ধা মানুহবোৰে লালন পালন কৰা যেন দেখায় সেইবোৰ বেয়া পাওঁ, তেন্তে কি ভাল পাও? নিশ্চয়েই প্ৰগতিশীল, অন্ধবিশ্বাসমুক্ত, অযথা আঢ়ম্বৰমুক্ত এখন সমাজ৷ আৰু তেনে এক সমাজ গঢ়িবলৈ বদ্ধপৰিকৰ হব লাগিব৷
এই হিন্দী চিৰিয়েলৰ বিৰোধিতা কৰা মানুহখিনিয়ে বুজা উচিত অসমীয়া নাৰীয়ে নিশ্চয় কেতিয়াও এনে অনুষ্ঠান লাগে বুলি দাবী কৰা নাই, মালগুডী দেইজ প্ৰচাৰ কৰিলেও হয়তো সমান আগ্ৰহেৰেই চাব৷ তদুপৰি বিকল্প হিচাপে অসমীয়া ধাৰাবাহিক সমূহৰো মানদণ্ড উন্নীত কৰিব পাৰিলে হয়তো এইচাম দৰ্শকৰ মনোযোগ হিন্দী চিৰিয়েলৰ পৰা আঁতৰাব পৰা যাব৷
দ্বিতীয়তে হিন্দী চিৰিয়েলে কেৱল নাৰীকহে সংস্কৃতি আগ্ৰাসনৰ হাথিয়াৰ হিচাপে বাচি লৈছে নেকি? নে আমাৰ সংস্কৃতিৰ সংজ্ঞাই ভুলকৈ আমাৰ মনস্তত্ত্বত সোমাই গৈছে যে নাৰীয়ে যি কৰে, যি পিন্ধে তাতহে সংস্কৃতি বিৰাজ কৰে৷ অসমীয়া সংস্কৃতি জহন্নামে যোৱা বুলি ভৱা মানুহখিনিয়ে আকৌ পুৰুষৰ পোছাক, মুখৰ ভাষা আদিবোৰলৈ লিখা মেলা কৰা অথবা সাধাৰণ কথা বতৰাতো কমেইহে উদ্বিগ্ন হোৱা দেখা যায়৷ কাৰণ- ‘সংস্কৃতি ৰক্ষাৰ ভাৰ নাৰীৰ হাতত! আৰু নাৰী হিন্দী চিৰিয়েলৰ কৱলত৷ মুঠৰ ওপৰত অসমীয়া সংস্কৃতি হিন্দী সংস্কৃতিৰ কৰাল গ্ৰাসত৷’
সমাধান সূত্ৰ হিচাপে আমি যিয়েই নকৰোঁ- দুটামান কথাত সাৱধান হোৱা উচিত- ১) সংস্কৃতি মানে প্ৰকৃততে কি? ২) কেৱল নাৰীকেই বিজতৰীয়া পোছাক পিন্ধা বুলি কৈ পুৰুষৰ ছাৰ্ট পেণ্টযোৰক বৰপীৰা পাৰি দিয়া কথাটো কাপট্য ৩) অসমীয়া সংস্কৃতি মানে কেৱল তথাকথিত মূলসুতিৰ অসমীয়াৰ সংস্কৃতি নহয়, বিভিন্ন জনজাতি, আৰু ধৰ্মৰ সংস্কৃতিকো বেলেগৰ বুলি কবলৈ এৰিবৰ হ’ল যিবোৰ প্ৰকাশ হোৱা উচিত অসমীয়া চিৰিয়েল চিনেমাৰ যোগেৰে৷ ৪) নিজকে ‘এগালিটেৰিয়ান’ আৰু লিংগ বৈষম্যৰ পৰা মুক্ত সমাজ বুলি ভাৱি আত্মতুষ্টি কৰিবও এৰিবৰ হ’ল৷ তুলনামূলকভাৱে প্ৰগতিশীল হলেও অন্ধ জাতিপ্ৰেমে কোনোবাখিনিত আমাক স্থিতিস্থাপকতাবাদী কৰিও ৰাখিছে৷ লোকৰ সমালোচনা ঢেৰ কৰোঁ, কিন্তু সময়ে সময়ে আত্মসমালোচনাও কৰা উচিত৷ কৰৱা চৌথ ‘ৰিগ্ৰেচিভ’ পৰম্পৰা বুলি ভৱা মানুহখিনিয়ে ‘তোলনি বিয়া’ অসমীয়া পৰম্পৰা হ’ল বুলিয়েই আলোচনাও কৰিব নাপায় জাতীয় মনোভাৱ ৰাখিলেও বেয়া দেখি৷ আকৌ হিন্দী চিৰিয়েলৰ ওৰণি বাৰনি লৈ থকা মহিলাসকলক ‘ৰিগ্ৰেচিভ’ বুলি কওঁতে পাহৰি যায় জুবিলীয়ে চুৰিদাৰ কামিজ পিন্ধোতেই ‘অসমীয়া নহয়’ বুলি হৈ চৈ তেওঁলোকেই লগাইছিল, একে সময়তে য’ত জুবিনৰ পেণ্ট চাৰ্টতো সম্পূৰ্ণ অসমীয়া হোৱাৰ লাইচেঞ্চ আছিল৷
উপহংসাৰ- অলপতে কেনেবাকৈ হিন্দী চিৰিয়েল এখনৰ দৃশ্যাংশ দেখিবলৈ পালোঁ, য’ত মহিলা এগৰাকীয়ে জুইশলা বাঁহত দুবাৰমান কাঠিৰে ঘহনি খুওৱাৰ পিছতো জলি নুঠা বাবে সংলাপ দিয়ে- “মাচিচ নেহী জ্বল ৰহী হেই, কোই অবচগুনত’ নেহী”৷ আৰু এনে সংলাপ থকা চিৰিয়েল এখনো সফলতাৰে চলি থকাটোৱেই মোৰ আশ্চৰ্য্যৰ বিষয়৷