ৰহঘৰা-৫ =এটা দুটা বহুকেইটা…. হিসমীয়া সংলাপ ::(-মনজিৎ)

( হিন্দী বোলচবিৰ ন পুৰণি বহু কেইটা জনপ্রিয় সংলাপৰ ব্যংগাত্মক অনুবাদ )

* ফুটা সিং মই তোৰ মাজত ইমান ফুটা ফুটা কৰিম যে ইমান ফুটা ফুটা কৰিম যে তই কনফিউজ হৈ যাবি কি বেডমিন্টনৰ ৰেকেট সজা যায় নে মাৰক পিঠাগুৰি চালিবলে চালনি কৰি দিয়া যায়।

* এবাৰ যদি মই কমিটমেন্ট কৰি লওঁ , মই নিজেই নিজৰতো নুশুনো কাৰণ এপল আই ফোনটো কিনাৰে পৰা কাণত হেড ফোন লাগিয়েই থাকে। আৰু আনফালে ফুল ভলিউমত গান।

* মোৰ ওপৰত এটা উপকাৰ কৰিবা যে মোৰ কোনো উপকাৰ নকৰিবা। পাৰা যদি সোনকালে চৰকাৰখন সলনি কৰি সমাজৰ উপকাৰ কৰা।

* থাপ্পৰলে ভয় নালাগে মহাশয়, প্ৰেমলেহে ভয় লাগে। কাৰণ থাপ্পৰৰ বিষটো দুদিনতে পাহৰি যাম , পিছে প্ৰেমৰ বিষ বছৰ বছৰলৈ…..

* আই লাভ ইউ কককককককককক কণমাই …..

*এজনী ছোৱালী আছিল আঁকৰি আজলি, এটা লৰাৰ বাবে জান দিবলেও সাজু আছিল, যেতিয়াই মোক লগ পাইছিল তেতিয়াই মোক প্ৰায়েই সুধিছিল এই প্ৰেম কেনেকুৱা হয়নো ? এই প্ৰেম কেনেকুৱা হয়নো ? আৰু মই কৈছিলোঁ- তোৰ লগতে আৰু তিনিজনীৰে লেটি পেতি থকাৰ পিছতো যে সি ধৰা নপৰাকৈ আছে ! প্ৰেম আচলতে তেনেকুৱাই।

* চেনৰিতা, ডাঙৰ ডাঙৰ চহৰত এনেকুৱা সৰু সুৰা ঘটনা হৈয়েই থাকে , আমেৰিকাটো বম ব্লাষ্ট হয় জাপানটো বানপানী হয় তেনেহ’লে আমাৰ অসমনো কেনেকে পিছ পৰি ৰয়।

* যদি তুমি কিবা এটা বস্তু সঁচা অন্তৰেৰে বিচাৰা তেন্তে পুৰা কা পুৰা বিশ্বব্ৰহ্মান্তই লগ লাগি যায় তোমাক সেই বস্তু তো দিয়াবলে বুলি কোৱা কথাষাৰত মিছা মিছি মাথা নামাৰি যি লাগে টকা দি কিনি লোৱা নহ’লে সেইটোৱো নাপাবা সময়ত।

* কেতিয়াবা কেতিয়াবা জিকিবৰ বাবে হাৰিবও লাগে আৰু যি হাৰি পেলাইও জিকে তাকে কংগ্ৰেছ চৰকাৰ বোলে।

* পিকচাৰ এতিয়াও বাকী আছে দোস্তি, ব’লা পপকৰ্ণ কিনি আনো।

* ডনক ধৰাটো মুচকিলেই নহয় অসম্ভবো কাৰণ ডন আচলতে কোন ? অমিতাভ নে শ্বাহৰুক খান ? দুয়ো একে ডাইলগেই মাৰে দেখোন ?

* সকলো দলতে এটাই মাথো গুণ্ডা থাকে আৰু এই দলৰ গুণ্ডা মই। – কালন্ত কৃষ্ণ

*কোন বুৰ্বক আছে যি বৰ্দাষ্ট কৰিবলে মদ খাই, মইটো খাও এইকাৰণেই যাতে টোপণিটো ভাল হয়

* যাৰ ঘৰ কাঁচৰ হয় তেও আনৰ ঘৰলে পাথৰ নামৰি ঘৰৰ ভিতৰৰ পৰাই চাই থাকে ক’ত কি হৈছে।

* বাবু ম’চাই জীৱন আৰু মৃত্যু ওপৰৱালাৰ হাততেই আছে তাক না আপুনি বদলাব পাৰে না মই, একমাত্ৰ ৰজনীকান্তৰ বাহিৰে।

* আৰে পুষ্পা আই হেট টিয়েৰছ ৰে… সেই খিনি মচি পেলোৱা, চিয়েৰচ বুলি কৈ এটা লাৰ্জ পেগ বনোৱা।

* যেতিয়া এই আঢ়ৈ কিলোৰ হাত খন যেতিয়া যাৰ পাল্লাত পৰিব। তেতিয়া আঢ়ৈ কিলো লৈকে জুখিবলে বেলেগকৈ দগা নালাগে আৰু।

* তাৰিখ ৰ পিছত তাৰিখ তাৰিখৰ পিছত তাৰিখ… কোৰ্ট কেছাৰী নে সেই খন বৰঠাকুৰ এজেন্সীৰ কেলেণ্ডাৰ ঔ।

* আই কেন তক ইংলিছ আই কেন ৱাক ইংলিছ বিকজ ইংলিছ ইজ এ ভেৰি ফান্নি লেংগুৱেজ তাতে মই ‘হেমন্ত ডেকাৰ ৩০ দিনত ইংৰাজী শিকো আহা’ পঢ়ি শেষ কৰি আহিছো।

* মই য’তে থিয় হও তাৰ পৰাই লাইনটো আৰম্ভ হয় কাৰণ মই সদায় পুৱা ২.৩০ বজাতেই লাইন ধৰিব আহো।

* তোক চাৰিও ফালৰ পৰা ঘেৰি পেলোৱা হৈছে। নিজকে কানুনৰ ওচৰত সমৰ্পণ কৰ। দুদিন জেইল খাটি আহিলেই ইলেকচন খেলিব পাৰিবি।

* কানুনৰ হাত বৈদ্য দীঘল হয় সেয়ে লোকৰ বাৰীত আম জলফাই বগৰী চুৰ কৰিবলে যাওতে নবীনে সদায় থানাৰ পৰা কাৰোবাক লৈ যায়।

* মই গীতাৰ ওপৰত হাত থৈ কচম খাইছোঁ যে মই যি ক’ম সঁচাই ক’ম সঁচাৰ বাহিৰে একো নকওঁ আৰু সঁচা কথাটো হ’ল যে মই সঁচা কৈয়ে পোৱা নাই আজিলৈকে।

* জ্বলি যোৱা খিনিক জুই আৰু নুমাই যোৱা খিনি ছাই বুলি কয়, যি ছাইৰ পৰাই মিঠাতেলৰ সতে মিলি বাৰুদ বনে তাক তাক ফাঁকুৱাৰ দিনা মুখত ৰং হিচাপে লগালে বহুত ধুলেও নেৰোৱা হয়।

* যি টো মই কওঁ সেইটো মই কৰোঁ আৰু যিটো মই নকও সেইটো মই জৰুৰ কৰো। তাৰমানে নকৰা কাম একো নায়েই। সৰুতে ‘ নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ’ টো খুব পঢ়িছিল যেন পাওঁ।

* বটচা তোৰ জান লবা নেকি ঔ। যোৱা পলিঅ’ খুৱাই আনা, চিটা দিয়াই আনা।

* মই মোৰ বংশৰ প্ৰথম ল’ৰা হ’ম যি লন্ডনত গৈ ফুলশয্যা নিশা যাপন কৰিম। তাকো যদিহে পাচৰ্পট ভিজা সময় মতে পাও।

* মোৰ কৰণ অৰ্জুন আহিব অ, মোৰ কৰণ অৰ্জুন আহিব আৰু সোলা দাঁতেৰে খাব পৰাকৈ মলাইচম চম আনিব।

* এটা মহ, মাথো এটা মহে চাল্লা মানুহক আঠুৱা তৰিবলে, লিকুইড জলাবলে বাধ্য কৰাই দিয়ে, মাত্ৰ এটা মহে। ইফালে লেদিজ মহে কামুৰিলেতো ডাইৰেক্ট মেলেৰিয়াই।

* মই তোমাক পাহৰি যাম সেয়ে হবই নোৱাৰে আৰু তুমি মোক পাহৰি যাবা সেয়া মই হ’বলে নিদিওঁ কাৰণ মই সৰুৰে পৰাই ব্ৰেন’লিয়া আৰু ব্ৰাহ্মী শাকৰ জোল খাই আহিছোঁ।

* ৰাতি পুৱাই গ’ল মামু , যোৱা মোক চাহ এবাতি দি বাহি চোতাল সাৰা গৈ।

* এই চৰ্কিট যাদুৰ জাপ্পিতো দে না পথাৰলে যাব লাগে হাল লৈ।

* কি ভায় হাল তুমি চলালে গৰু হালে কি কৰি থাকিব ?

* মুগেম্ব খুছ হৈ গ’ল। কিয়নো শাহু বুঢ়ী নিজৰ ঘৰলে গ’ল।

* কিমান মানুহ আছিল ? ….চৰকাৰ মই মাছে মঙহে ফ্ৰী খানা দেখি দকছি খাওতে হিচাপ কৰিবলৈকে নহ’ল L

* এতিয়া তোৰ কি হ’ব ক’লাই ? চৰকাৰ কিটো হ’ব আৰু হয় বদহজমী নহয় গেছ হ’ব।

* হৌলি কেতিয়া ,কেতিয়া আছে হৌলি। চৰকাৰ ২৭ মাৰ্চ বুধবাৰে।

* বাসন্তি এই কুকুৰ কেইটাৰ আগত নানাচিবা… দি ৱাই বিহুৰাণী চলি আছে ডাইৰেক্ট তাতেহে নাচিবা দেই।

* এই বন্ধুত্ব আমি কেতিয়াও নেৰোঁ। জান দি দিম কিন্তু লগ কেতিয়াও নেৰোঁ। যদিহে বিয়াৰ পিছত তেও পাৰ্মিচন দিয়ে সন্ধিয়া ওলাই আহিবলে।

* কুকুৰ কমিনা মই তোৰ তেজ পি খাই পেলাম। কাৰণ মোৰ তেজত হিমগ্লবিন কমি আছে।

* আহ্‌হা.. মই ইংৰাজৰ দিনৰেই জেইলৰ , পিছে ৰিটায়াৰমেন্ট লোৱা দিন ধৰি আজি লৈকে পেঞ্চন অফিচলৈকে তাঁত বাটিয়েই কৰি আছো।

* আধা ইফালে যোৱা আধা সিফালে যোৱা বাকী যি আছা পেঞ্চন অফিছৰ পৰা খবৰ এটা কৰি আহা।

* জীৱন তো জীয়াই থকাৰ মাথো দুটাই উপাই
এটা ৰ্গালফ্ৰেন্দ নপতাৰ দুখত মদ খা নাইবা গাৰ্লফেন্দে লুটি পুতি লাথ মাৰি যোৱাৰ দুখত মদ খা।

* জীৱনটো হৈছে এটা ৰেছ, যদি তুমি যোৰেৰে দৌৰি নোযোৱা তেনেহ’লে তুমি হৈ ৰ’বা এটা ভঙা আন্দা। কিন্তু কথা হ’ল দৌৰোতে উজুতি খাই পৰিলে হচপিতেল কোনে নিব ? ১০৮ কোনে মাতিব ? ১০৮ মাতিলেই যেনিবা, টাইমত আহি নাপালে কি হ’ব ?

* মই তোমাৰ সন্তানৰ মা হ’ব ওলাইছোঁ। ভাল হৈছে ডাঙৰ হ’লে স্কুললৈও তুমিয়েই নিবা মোৰ অফিছ থাকে।

* এক চুটকি সেন্দুৰৰ মুল্য তুমি কি জানিবা ৰমেশ কাইটি। তোমাৰ চটাই পাখৰি তিৰিয়ে মাৰ্কেট ডাউন হোৱাৰ ভয়ত টো সেন্দুৰেই নলগাই।

* য়ে জুই কুৰা যে বুকুত জ্বলিছে , গোটেই দুনীয়াত লগাই দিম , যদি তোৰ আনৰ সতে বিয়া হয় তোৰ বিয়াৰ খানাৰ চৌকাত জুই লগাই দিম। বাপেৰক কৈ খানা বনোৱাৰ কন্ট্ৰেকটো দিবি দেই। মানে নতুন বিজিনেছ আৰম্ভ কৰিছোঁ ট’।

* দ্ৰৌপদী অকল তোৰেই নহয়। আমিও শ্বেয়াৰ হল্ডাৰ হয়।

* মোৰ ওচৰত গাড়ী আছে বঙলা আছে বেংক বেলেন্স আছে তোৰ ওচৰত কি আছে ? মোৰ ওচৰত অসমীয়া কথা বতৰা আছে।
( ৰসৰ খোৰাক যোগোৱাই একমাত্ৰ উদ্দেশ্য ভুল ভ্ৰান্তি হ’লে মাফ কৰে যেন। )

 

 

Subscribe
Notify of

3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Chandan Goswami
10 years ago

Biiiiiirat val lagil…!!

10 years ago

Agalai aru pam buli axa thakil.

Anonymous
6 years ago

Comment text..dhuniya

Copying is Prohibited!