I.C.U. : এটি অবিষ্মৰনীয় স্মৃতি….. (নবজিত ভূঞাঁ)

ঘটনাটো আজি প্ৰায় এমাহ পাৰ হৈ গ’ল, কিন্তু এনে লাগে যেন যোৱা কেইঘন্টামানৰ আগতহে সেইখিনি মূহুৰ্ত পাৰ হৈ গৈছে | যোৱা ২৬ জুলাই দেওবাৰে মই মোৰ প্ৰিয় বন্ধুকেইজনৰ সৈতে বহুদিনৰ মূৰত ফুৰিবলৈ ওলাইছিলো | তিনিজন বন্ধু আৰু মই দুখন মটৰ চাইকেল লৈ গুৱাহাটীৰ লখৰা অভিমুখে ৰাওনা হ’লো | ফুৰি আহি আমি গড়চুকৰ এখন ধাবাত বিভিন্ন ধৰণৰ ৰসাল কথা পাতি আনন্দপূৰ্ণ ভাবে খোৱা-বোৱা কৰি সময়বোৰ কটাই আছিলো | ধাবাৰ বিলখিনি পৰিশোধ কৰি আমি মটৰ চাইকেল ষ্টাৰ্ট দিলো | মোৰ লগত পিছফালে এজন বন্ধু বহিলে আৰু আন দুজন অন্যখন মটৰ চাইকেলত | তেতিয়া প্ৰায় দুপৰীয়া ২ বাজি গৈছিল | মুখত এটা এটা ধুনীয়া হাঁহি লৈ সন্মুখলৈ আহি থকা বিপদক আওকান কৰি আমি ধাবাৰ পৰা প্ৰস্থান কৰিলো | ঠিক ১ কি: মি: মান যোৱাৰ পিছতেই কোনো এটা সময়ত কিবা কাৰণত মোৰ দৃষ্টি ১ ছেকেণ্ড মানৰ কাৰণে ৰাস্তাৰ অইন এটা বস্তুলৈ গ’ল | তাৰ পিছত মই পুনৰাই আকৌ সন্মুখৰ ফালে চাঁওতেই মোৰ কেইফুটমান আতৰতেই ট্ৰেকাৰ (ফেৰি মাৰা টেম্পো গাড়ী) এখনে ৰাস্তাৰ মাজতেই হঁঠাতে ব্ৰেক মাৰি দিলে | মই নিয়ন্ত্ৰন কৰিবলৈ লগে লগে মোৰ মটৰ চাইকেলৰ দুয়োটা ব্ৰেক একেলগে মাৰিলো | কিন্তু তেতিয়ালৈ বহুত পলম হৈ গৈছিল | মটৰ চাইকেলখন প্ৰায় ৫০ কি:মি:/ঘন্টা বেগত ট্ৰেকাৰখনৰ পিছফালে পোনে পোনে খুন্দা লাগিল | লগে লগে মই আৰু মোৰ বন্ধুজন মাটিত পৰি গ’লো | হঁঠাতে সময় কিছু পলৰ বাবে স্থবিৰ হৈ যোৱা যেন পালো | বুকুৰ বাঁওফালে প্ৰচণ্ড বিষ এটা অনুভৱ কৰিলোঁ | মাটিত পৰি থকা অবস্থাতেই বুকুৰ ফালে চাই দেখো যে বুকুৰ ভিতৰৰ কেঁছা মঙহ বাহিৰলৈ ওলাই আহিছে; Rear View Glass খন ভাঙি বুকুৰ ভিতৰলৈ সোমাই গ’ল | সেইখিনি সময়তেই মোৰ বাকী বন্ধু দুজনো ঘটনাস্থলী আহি পালে | এনে লাগিল যেন কিবা বেয়া সপোন দেখি আছোঁ | তাৰ পিছত মোৰ বন্ধু এজনে মোক পৰি থকাৰ পৰা উঠাব চেষ্টা কৰিলে | লগে লগে মোৰ বুকুৱেদি আৰু কিবা চোকা বস্তু সোমাই যোৱা নিচিনা লাগিল; বুকুৰ পৰা সো-সোৱাই তেজ চিটিকি চিটিকি ওলালে আৰু এক অসহনীয় বিষ অনুভৱ হ’ল | তেতিয়া মোৰ বিবেকে কাম কৰিলে যে সেয়া এক দু:সপ্ন নহয়, এটা সঁচা ভয়ানক দু:ৰ্ঘটনা | মোৰ বন্ধুজনে মোক সেই ট্ৰেকাৰখনতেই উঠাই লৈ চিকিত্‍সালয়লৈ লৈ যাবলৈ খৰ-ধৰ কৰিলে | আমি দুজন ট্ৰেকাৰত গৈ আছিলো আৰু আমৰ পিচে পিচে মোৰ বাকী বন্ধু দুজন আনখন মটৰ চাইকেলত আহি আছিল | মই ক’ত গৈ আছোঁ, কেনেকৈ গৈ আছোঁ, একো ধৰিব পৰা নাছিলো; মাথোঁ আকাশলৈ দৃষ্টি গৈছিল আৰু ওখ ওখ গছবোৰ অস্পষ্টকৈ দেখি আছিলোঁ | কিন্তু তাৰ পিছতেই মই সম্পূৰ্ণ দৃষ্টিহীনতা আৰু শ্বাস:ৰুদ্ধতাত ভোগীছিলো; আৰু লগতে আছিল এক অসহনীয় বিষ | বহু ধৰণৰ ভাবে সেইসময়ত মনত খুন্দিয়াইছিল | আনকি মৃত্যুৰ দুৱাৰত মই টুকাৰি মাৰি থকাযেনো ভাব হ’ল | কিছুসময়ৰ পিছত গাড়ীখন বেলতলাৰ “এজাইল” হাস্পাতালত ৰখালে |মানুহ এজনে লগে লগে এখন Wheel Chair লৈ আহিল | কোনোমতে সেইখনত উঠিলো আৰু মোক লৈ গৈ বিছনা এখনত শুৱাই দিলে | শুই দিয়াৰ লগে লগে তেজে বুকুৰ ভিতৰতে কোল কোলাব ধৰিলে আৰু তাৰ শব্দৰ কম্পনে মোৰ সমস্ত শৰীৰ কঁপাই দিলে | মোক Oxygen Mask মুখত পিন্ধাই দিলে আৰু হয়টো Pain Killer জাতীয় বেজী এটা দিলে আৰু তাৰ পিছতেই মোক লগে লগে I.C.U.ত ভৰ্তি কৰালে | অক্সিজেন পোৱাৰ কিছু সময়ৰ পিছত মই অলপ আৰাম পালো | কিন্তু তেতিয়ালৈ ডাক্তৰ অহা নাছিল | মোৰ অলপ পিছত চিল-মিলকৈ টোপনি আহিল | কিছু দেৰীৰ পিছত সাৰ পালোঁ | চকু মেলি চাঁও যে এজন ডাক্তৰে মোৰ দেউতাৰ লগত কিবা কথা পাতি আছে | মোৰ X-Ray আৰু Ultrasound কৰা হ’ল | তাৰ পিছত তেওঁলোকে মোক Surgery Roomলৈ নিবৰ বাবে যো-যা কৰি থাকোতেই মোৰ ওচৰতেই এক বেদনাৰে জৰ্জৰিত বিননি শুনা পালো | সেইটো আছিল এজনী সৰু ছোৱালীৰ মাত; এজনী ৮-৯ বছৰীয়া কণমানি ছোৱালী, যিয়ে I.C.U.তেই মোৰ কাষৰ বিছনাখনত পৰি আছিল | মই মুৰটো ঘূৰাই চাবলৈ খুজিলো যদিও, তেতিয়ালৈ থকা বুকুৰ বিষৰ ফলশ্ৰুতিত সেইখিনিও কৰিবলৈ সমৰ্থ নহ’লো | অলপ পিছত মোৰ বন্ধু দুজন I.C.U.লৈ সোমাই আহিল আৰু তেতিয়াহে মোৰ পিছত বহি থকা বন্ধুজনৰ কথা মনলৈ আহিল | সি সিহঁতৰ লগত নাছিল | মই ততালিকে তাৰ কথা সিহঁতক সুঁধিলো | সিহঁতে ক’লে যে তাৰ বিশেষ একো হোৱা নাই, কেৱল কেঞাঁ আঙুলি এটা ভাঙিছে | তাৰ পিছত মোক Surgery Roomলৈ লৈ গ’ল আৰু ডাক্তৰে চাৰ্জাৰী কৰিবলৈ ধৰিলে | বুকুৰ ভিতৰৰ পৰা আইনাৰ টুকুৰা কেইটামান উলিয়াই কটা অংশখিনি চিলাই কৰি দিলে | মোক আকৌ I.C.U.লৈ লৈ আনিলে আৰু Monitorৰ তাৰবোৰ মোৰ দেহত লগাই দিলে | ভাগৰে মোক জুৰুলা কৰি নিদ্ৰাদেবীৰ কোলাত থৈ দিলে | গভীৰ নিদ্ৰাই মোক সাৱতি ধৰিলে |চাগে কিছু ঘন্টামান পাৰ হ’ল; কিবা এটা উচুপনিৰ শব্দই মোক টোপনি পৰা সাৰ পোৱাই দিলে | সাৰ পাই I.C.U.ৰ ঘড়ীত সময়টো চালো | তেতিয়া সময় নিশা ১২:৩০ বাজি গৈছিল | তেতিয়াও ছোৱালীজনীয়ে কান্দিয়েই আছিল | তাই অকনো সময় নকন্দাকৈ থাকিব পৰা নাছিল | কান্দি কান্দি তাই মাকক মাতি আছিল | মাক আৰু নাৰ্ছবোৰেও তাইক সান্তনা দি দি ভাগৰি পৰিছে | তেতিয়া মই তাইৰ কথাবোৰ স্পষ্টকৈ শুনিবলৈ পালো | তাই কৈ আছিল, “মা, তুমি ক’তো নাযাবা, মোৰ ওচৰতে থাকা…..মই বিষত ৰ’ব পৰা নাই…..উস্ মা, মোৰ মুৰটো ইমান বিষাইছে…..মা, মোৰ বুকু বিষাই আছে…..মা, ভৰিবোৰতো বিষ…..মা, মোৰ গোটেই শৰীৰটোৱেই বিষাই আছে…..কিবা কৰানা মা” | এনেকৈ তাই কৈ কৈ মাজে মাজে ডাঙৰকৈও চিঞঁৰিছিলে | এনেহেন লাগিল যেন মই তাইৰ বিষখিনি অনুভৱ কৰিব পাৰিছিলো | তাইৰ কি বেমাৰ হৈছিল মই জনা নাছিলো | এনেদৰে বহু সময় তাই তেনেকৈয়েই থাকিলে | মইও কিছু দেৰীৰ পিছত আকৌ চকু দুটা মজি দিলো | টোপনি কিন্তু আৰু নাহিল | তাইৰ চিঞঁৰবোৰে মোক আৰু শুবলৈ নিদিলে, সেইবোৰে মোক বৰকৈ আমনি দি আছিল | তাই একেখিনি কথাকে মাকক কৈ আছিল | তাৰ পিছত মই মুৰটো ঘুৰাই তাইৰ মুখখনলৈ চাবলৈ চেষ্টা কৰিলো | তাইও কিন্তু মোৰ ফালে চাই আছিল | তাইৰ মুখমণ্ডলখন দেখা পালো | ছোৱালীজনী দেখাত অতিকৈ মৰমলগা আছিল | ক’বলৈ একো নাছিল কাৰণে এক মৃদু হাঁহিৰে তাইৰ ফালে চাই দিলো | তাইৰ যথেষ্ট বিষবোৰ থকা স্বত্তেও মোৰ হাঁহিৰ সঁহাৰি দি তাইও অলপ হাঁহি দিলে | মই মোৰ বিষবোৰৰ কথা পাহৰি গ’লো | তেতিয়া নিশা ২ বাজি গৈছিল | এনে লাগিছিল যেন সেই ৰাতিৰ পুৱা কেতিয়াও নহ’ব | কেনেকৈ ৰাতিটো পুৱাই তাকে লৈ বৰ অস্বস্তি অনুভৱ কৰি আছিলো | তেনেদৰেই তাই মাজে মাজে চিঞঁৰি-কান্দি, মাজে মাজে নিৰৱে থাকি গোটেই ৰাতিটো উজাগৰে কটাই দিলে | তাই অলপ সময়ৰ কাৰণেও হয়টো শুব পৰা নাছিল | এটা বিষত জৰ্জৰিত ৰাতি (হয়টো গোটেই আগদিনাখনো) তাই কটাই দিলে | পুৱা ৬ বাজিছিল তেতিয়া | গোটেই ৰাতিতো নাৰ্ছবোৰে একেলগে মিলিও তাইৰ বিষৰ কোনো উপশম ঘটাব নোৱাৰিলে | পুৱা ডাক্তৰো আহিল (কিন্তু আছলতে সেয়া ডাক্তৰৰ ছাত্ৰহে আছিল; মূখ্য ডাক্তৰ অহা নাছিল তেতিয়ালৈ) |অলপ সময়ৰ পিছত অনুভৱ কৰিলো যে তাই ৰাতিটোৰ দৰে আৰু কান্দি বা চিঞঁৰি থকা নাছিল | মই তাইৰ ফালে মুৰটো ঘূৰাই চালো; নাৰ্ছ আৰু ডাক্তৰৰ ছাত্ৰজনে তাইৰ বুকুখন হেঁচি আছিলে | তাইৰ Monitorত কেতিয়াবা Pulse অহা দেখুৱায় আৰু কেতিয়াবা সমূলি নাইকিয়া হৈ যায় | সিঁহতেও বহু সময় তেনেকৈয়েই চেষ্টা কৰি থাকিলে | প্ৰায় দুঘন্টামান সেইবোৰ চলি থকাৰ পিছত মোৰ অলপ টোপনি আহিছিল | ক্ষন্তেক সময়ৰ কাৰণে টোপনি যোৱা যেন লাগিছিল, কিন্তু পিছত সাৰ পোৱাত দেখিলো যে ঘড়ীত ১০:৩০ বাজিছে | মুৰটো আকৌ ঘুৰাই চালো; কিবা অলপ হাই-উৰুমি হৈ আছে | মনত সন্দেহৰ আবিৰ্ভাব হ’ল আৰু কিবা এটা অচিন ভয়ে মনটো আগুৰি ধৰিলে | কণমানিজনীয়ে তাইৰ সকলো ধৰণৰ বিষক বিদায় দিলে; ইতিমধ্যে তাই ধৰিত্ৰীক এৰি গুছি গ’ল | মোৰ মাত হৰিল | তথাপিও নিশ্চিত হোৱাৰ বাবে নাৰ্ছ এজনীক মাতি সুধিলো যে কি হ’ল তাইৰ | নাৰ্ছে ক’লে, “ছোৱালীজনী্য়ে ভৰিত ১ সপ্তাহমান আগতে স্কুলত Gyminastic খেলোতে আঘাত পাইছিলে আৰু তাই কথাষাৰ ঘৰত কোৱা নাছিল; সেই আঘাতে এতিয়া তাইৰ গোটেই শৰীৰটোকেই Infection কৰি পেলাইছে; যাৰ কোনো চিকিত্‍সা নাছিল” | একবিংশ শতিকাৰ যুগতো, সময়তেই চিকিত্‍সালয়ত ভৰ্তি থাকিও এজনী সৰু ছোৱালীয়ে মৃত্যুক সাৱতিব লগা হ’ল | ডাঙৰ ডাঙৰ ডাক্তৰবোৰ সময়ত ক’লৈ গ’ল? জীৱনটো বচাব নোৱাৰিলেও তাই বা্চি থকা সময়খিনিত অন্তত: তাইক কিবা উপায়েৰে বিষমুক্ত অবস্থাত ৰখাৰ ব্যবস্থাতো কৰিব পাৰিলে হয় | মোৰ বুকুৰ যন্ত্ৰনা কিছু সময়ৰ বাবেহে আছিল, কিন্তু এজনী কণমানি ছোৱালীয়ে তেনে মৃত্যুযন্ত্ৰনাকে সাৱতি সাৱতি প্ৰাণবায়ু এৰিলে | ইয়াতকৈও কৰুণ পৰিস্থিতি আৰু কি হ’ব পাৰে? ছোৱালীজনীৰ মাকজনী পগলাৰ দৰে তাই যেনে অবস্থাত আছে, তেনেদৰেই দাঙি নি ঘৰলৈ নিব খুজিলে | দেউতাকজনে পুৰুষ হোৱা স্বৰ্তে ধৈৰ্য ধৰি নিজৰ চকুলোৰ বাট হৃদয়ৰ ফালে কাটি নিছে | তাইৰ নশ্বৰ শৰীৰটোক এখন বিছনাত উঠাই I.C.U.ৰ পৰা লৈ গ’ল; তাই থকা বিছনাটো অইন এজনৰ কাৰণে খালী হৈ পৰিল | দুপৰীয়া ডাক্তৰ আহিলে আৰু মোৰ দেউতাও তেখেতৰ লগত আছিল | মোৰ ফালে চাই দেউতাক ক’লে যে মোক এতিয়া I.C.U.ৰ পৰা নি কেবিনত থব পৰা হৈছে | অলপ পিছত হাস্পাতালৰ এজন ল’ৰাই Wheel Chair এখন লৈ আহি মোক তাত বহাই ল’লে | কিয়বা নাজানো, কিন্তু মোৰ মনটোৱে I.C.U. এৰিব খোজা নাছিল | নাৰ্ছবোৰে মোক গোটেই ৰাতিটো অতি ভালকৈ শুশ্ৰুষা কৰিছিল যদিও মই তেঁওলোকক ধন্যবাদ জ্ঞাপন কৰা নাছিলো | তাৰ সলনি I.C.U. এৰি আহোঁতে মাথোঁ এইষাৰ কথা সিঁহতক ক’লো, “মইতো I.C.U.ক বিদায় দিব পাৰিলো, কিন্তু মোৰ লগৰজনীয়েহে বিদায় দিব নোৱাৰিলে” |

আজি সেই ঘটনা এমাহ পাৰ হৈ গ’ল; কিন্তু ছোৱালীজনীৰ উচুপনিয়ে মোক আজিও আমনি দিয়ে | আজিও তাইৰ চিঞঁৰবোৰ মোৰ কাণত স্পষ্টকৈ ভাঁহি থাকে | কিন্তু মই পোৱা আমনি জানো তাইৰ বেদনাবোৰতকৈ ডাঙৰ হ’ব পাৰে? তাইৰ কান্দোনৰ শব্দবোৰকে লৈ এতিয়া মই টোপনি যাব চেষ্টা কৰো | চকুত ভাঁহি উঠে তাইৰ বিননিবোৰৰ লগত কিছুমান মৰমলগা মূহুৰ্ত যেনে, যেতিয়া নাৰ্ছবোৰে তাইৰ কঁকাল অথবা পেটত হাত বুৰাইছিল তেতিয়া তাই খিল-খিলাই হাঁহি উঠিছিল; আৰু লগতে তাই মোলৈ দিয়া সেই সৰু হাঁহিটি | সেই দুৰ্ঘটনাই মোৰ বুকুৰ বাঁওফালে এটা গভীৰ আঘাতৰ চিন দি থৈ গ’ল আৰু লগতে দি গ’ল এটি অবিষ্মৰনীয় স্মৃতি…..

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!