অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ইমৰান শ্বাহ দেৱৰ সৈতে এক অন্তৰংগ আলাপ

১৯৩৩ চনৰ ২৩ নৱেম্বৰৰত শিৱসাগৰৰ ধাইআলিত এইগৰাকী বিশিষ্ট কথাশিল্পীৰ জন্ম হৈছিল। হাইস্কুলীয়া ছাত্ৰ হৈ থাকোঁতেই ‘বনবাসী প্ৰকাশ’ নামৰ কাব্য সংকলন এখন প্ৰকাশ কৰি সাহিত্যৰ সেন্দূৰীয়া আলিবাটত খোজ পেলোৱা ইমৰান শ্বাহ ডাঙৰীয়াৰ সবল কান্ধত পৰিছে অসম সাহিত্য সভাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ তথা মহিমামিণ্ডত পদটো। তেওঁ অসম সাহিত্য সভাৰ সমাগত বৰপেটাৰোড অধিৱেশনত সভাপতিৰ আসন শুৱনি কৰিব। সাহিত্যিক ইমৰান শ্বাহে ১৯৯৭ চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেন্সন আৰু ২০১০চনত জীৱনজোৰা সাহিত্যকৰ্মৰ বাবে মেগৰ শিক্ষা ন্যাস প্ৰদত্ত ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰিছে। ঈশান দত্ত, অনামিকা বৰুৱা, কুম্ভকৰ্ণ, অনিমেষ বৰুৱা আদি ছদ্মনামত সাহিত্য চৰ্চা কৰা ইমৰান শ্বাহৰ সাহিত্যকৃতিৰ একাংশ হ’ল-

কাব্য সংকলন : বনবাসী, ঈশান দত্তৰ নিৰ্বাচিত কবিতা, নিসংগ ধূসৰ
গীত ঢৌ ভাঙি ঢৌ।

গল্প সংকলন : বন্দী বিংগমে কান্দে, পিয়ামুখচন্দা, ইত্যাদি, শিখাৰ মিনতি,পথিক, পোৰা মাটিৰ মালিতা, স্পৰ্শৰেখা, ইমৰান শ্বাহৰ নিৰ্বাচিত গল্প ।

উপন্যাস : সংগীতৰ সিপাৰে , অনমিতা, ক্ৰান্তিৰেখা, সাগৰিকা, বৰ্ণালী, কবি পুলিচ আৰু এটা কবৰেই যথেষ্ট, জবানবন্দী, বনজ্যোৎস্না, তথাপি সাগৰ, তানচেন।

প্ৰবন্ধ : দৃষ্টি-সৃষ্টি, হিয়াৰ ফুলনিৰ ফুল, অসমীয়া সংস্কৃতিলৈ মুছলমানৰ অৱদান।
জীৱনী : বিশ্ববন্ধু।

অনুবাদ : জোনাকৰ ছবি, ইনকিলাব, ক্ৰীতদাসৰ হাঁহি।

সম্পাদিত কাকত-আলোচনী : গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ আলোচনী, ১৯৫৯-৬০, কাল, ১৯৬৫ । সোৱণশিৰি (পষেকীয়া কাকত),১৯৯৩ ।

এইজনা প্ৰথিতযশা সাহিত্যিকৰ সৈতে ‘সাহিত্য ডট অৰ্গ’ আৰু ‘অসমীয়া কথা- বতৰা’ৰ হৈ সাক্ষাৎকাৰ লৈছিল অসমীয়া কথা-বতৰাৰ সদস্য জামালুদ্দিন আহমেদ আৰু ভাস্কৰজ্যোতি দাস ডাঙৰীয়াই ।

 

সাক্ষাৎকাৰটো দৃশ্য-শ্ৰাব্য ভাৱে উপভোগ কৰিবৰ বাবে বাবে ইয়াত টিপা মাৰক

সাক্ষাৎকাৰটোৰ লিখিত ৰূপ—

সাহিত্য ডট অৰ্গ : দেখা যায় যুৱ-প্ৰজন্মক আকৰ্ষণ কৰাত অসম সাহিত্য সভা একেবাৰে বিফল হৈছে ৷ আপোনাৰ কাৰ্যকালত যুৱ-প্ৰজন্মক অসম সাহিত্য সভাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ আপুনি কি পদক্ষেপ গ্ৰহণ কৰিব?

ইমৰান শ্বাহ : বহু কিবা-কিবি কৰিবলৈ মন যায়। কি কৰিব পৰা যায় সেই ধাৰণা স্পষ্ট কৰিব লাগিব যুৱকসকলেই। যুৱকসকলে দাবী কৰি আহিব লাগে। দাবী নকৰিলে, দৌৰি নাহিলে নহ’ব । ৰবি ঠাকুৰে কৈছিল-“বৃদ্ধসকলটো আধামৰা, যুৱকসকলহে জীৱিত। যুৱকসকলটো আহিবই লাগিব। সাহিত্য সভাৰ কিছু আঁচনি আছে। সাহিত্য সভাই সাহিত্য, সংগীত, নাট আদি সকলো সামৰি লৈছে। এই সকলোবোৰ লৈ পদক্ষেপ ল’ব লাগিব । স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীক আনিব লাগিব। ১৮ৰ পৰা ৩৫ বয়সৰ যুৱসকলেই নহয়, প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ পৰা চিন্তা কৰিব লাগিব। সেইটো আলোচনা কৰি কৰিব পৰা যায়। লগতে আন সাহিত্য অনুষ্ঠানসমুহ জড়িত কৰিব পাৰিলে ছবিখন সলনি হ’ব।

সাহিত্য ডট অৰ্গ : বৰ্তমান তথ্য-প্ৰযুক্তিয়ে ভাষা-সাহিত্যক বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ, প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ কিন্তু মন কৰিলে দেখা যায়, অসম সাহিত্য সভাই এই দিশটোক কোনো দিনাই গুৰুত্ব দিয়া নাই৷ অসম সাহিত্য সভাৰ এটা ৱেবচাইট আছে যদিও তাত কোনো ধৰণৰ সৃষ্টিমূলক লেখা বা আলোচনা নাই৷ এই ক্ষেত্ৰত আপোনাৰ মতামত কি?

ইমৰান শ্বাহ : সাহিত্য সভাৰ ৱেবচাইটটোৱে কেনেদৰে কাৰ্য কৰিছে নাজানো। প্ৰচাৰৰ বাবেটো তথ্য-প্ৰযুক্তিৰ সহায় ল’বই লাগিব। উন্নত মানদণ্ডৰ কিতাপ লিখিবই লাগিব। শ্ৰেষ্ঠ কিতাপসমূহ ল’ব লাগে, লিখা হ’ব লাগে। এইসমূহৰ উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰ হ’লে আনেও অনুবাদ কৰিব। আৰু ভাল লিখা হ’বই লাগিব ।

সাহিত্য ডট অৰ্গ : ইণ্টাৰনেটৰ জৰিয়তে আপুৰুগীয়া পুথিৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত শেহতীয়াকৈ নতুন জাগৰণৰ সৃষ্টি হৈছে। কিন্তু অসম সাহিত্য সভাই এতিয়ালৈকে ইণ্টাৰনেটত বিনামূলীয়াকৈ অসমীয়া ভাষা-সাহিত্য অধ্যয়ন কৰিব পৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ এই ক্ষেত্ৰত আপোনাৰ মতামত কি?
আপোনাৰ কাৰ্যকালত অসম সাহিত্য সভাই অসমীয়া পুৰণি পুথিৰ সংগ্ৰহ (archive) আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰিনে?

ইমৰান শ্বাহ : কৰিব পাৰিলে ভাল। হয়টো আন কোনো লোককো জড়িত কৰিব পৰা যায়। ইচ্ছাটো আছেই। কি কৰা যায় চাব লাগিব।

সাহিত্য ডট অৰ্গ : গোটেই অসমত অসম সাহিত্য সভাৰ বিভিন্ন শাখ-উপশাখা আছে যদিও বিশেষ দুই-এটা দিনত একোটা অনুষ্ঠান কৰাৰ বাহিৰে সেই শাখাসমূহৰ কোনো সৃষ্টিমূলক কাম দেখা পোৱা নাযায়৷ বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ মানুহৰ মাজত অসম সাহিত্য সভাই কৰিব পৰা কাম বহুখিনি আছে৷ ইয়াৰ বিপৰীতে বিগত কেইবছৰ মানৰ পৰা অসম সাহিত্য সভা বহু পৰিমাণে সাধাৰণ মানুহৰ মাজৰ পৰা আঁতৰিহে আহিছে। আপোনাৰ মতামত কি? আপুনি আশাবাদী নে যে আপোনাৰ কাৰ্যকালত অসম সাহিত্য সভাই পুনৰ সেই হেৰুৱা ঐতিহ্য ঘূৰাই লাভ কৰিব?

ইমৰান শ্বাহ : শাখাবিলাকৰ কাৰ্যসুচী অলপ ব্যাপক হোৱাটো ভাল। তেওঁলোকে যে নকৰে, তেনেকুৱাও নহয়। এনে বহু শাখা আছে। তেওলোকে পুথি প্ৰকাশ কৰে। আমাৰ শিৱসাগৰখনতে ৰংপুৰ শাখা সাহিত্য সভা আছে। তেওঁলোকে এসময়ত বছৰত ২৭ খন পুথি প্ৰকাশ কৰিছিল। একেবাৰে নাই তেনেকুৱা নহয়। পৰিমাণটো বাঢ়িলে ভাল। লগে লগে গুণগতভাৱে পুথি প্ৰকাশ কৰিব পাৰিলে ভাল। কিছুমান কাম আছে । মোৰ ইচ্ছা আছে শাখাবিলাকে জিলাখনৰ ওপৰত অথবা সেই ঠাইখনৰ ওপৰত আচুতীয়া ইতিহাস লিখিব লাগে। শিৱসাগৰৰ বুৰঞ্জী এতিয়ালৈকে লিখাই হোৱা নাই। তেনেদৰে যোৰহাট, গোলাঘাট, ধুবুৰী, বৰপেটা, নগাঁও! গৱেষণামুলক হ’ব লাগিব। তেতিয়াহ’লে সামগ্ৰিকভাৱে অসমৰ বুৰঞ্জী পোৱা যাব, যি অভাৱ আমাৰ এতিয়াও আছে। এইবিলাক কাম শাখাবিলাকে কৰিব লাগে। শাখাবিলাকে স্কুল কলেজৰ লগত যোগাযোগ ৰাখি বিষয়বোৰ উলিয়াব লাগে। তেওঁলোকে দিন পালনৰ উপৰিও…দিন পালনটো কৰিবই লাগিব, এইটো বাদ দিব পৰা নাযায় । ইয়াৰোপৰি যাৰ দিন পালন কৰা হয় তেওলোকৰ বিষয়ে গৱেষণামূলক গ্ৰন্থ উলিয়াব পৰা যায় । তেনেধৰণৰ বহুত কাম কৰিব পাৰে। দেখা যাওক কি কৰিব পৰা যায় ।
বিতৰ্কৰ কথা কোৱা হৈছে, ঠিক নাজানো বিতৰ্ক বুলিলে কি বুজোৱা হয় । কিছুমান কথা ওলাই থাকে যেনে আৰ্থিক দিশৰ কথা বা আন আন খেলিমেলিৰ কথা বা আনধৰণৰ সাংগঠনিক খেলিমেলিৰ কথা, এইবোৰ ওলাই থাকে। তাৰ লগতে আন দিশো থাকে যেনে সাহিত্য সভাই কি কৰি আছে আজিৰ তাৰিখত। সেইখিনি কামৰ ওপৰতো আলোকপাত কৰিলে ভাল। বিতৰ্ক সদাই সাময়িক। যিবিলাক স্থায়ী কাম হয় সেইখিনিতো বেছি মনোযোগ দিয়াটো ভাল। সেইটো মই যত্ন কৰিম । – আমাক যদি কোনোবাই এনেধৰণেৰে সোধে অসম সাহিত্য সভাৰ যোৱাটো বছৰৰ উপন্যাস প্ৰতিযোগিতা হৈছিল আৰু যিখন উপন্যাস প্ৰথম হৈছিল সেইখন উপন্যাসৰ নাম কি আমি সাধাৰণতে ক’ব নোৱাৰোঁ। কিন্তু আমি আন কিছুমান কথা ঘপককৈ ক’ব পাৰোঁ। যোৱা বছৰত অসমৰ নাট্যকথা নামৰ এখন কিতাপ প্ৰকাশ হৈছিল। গোটেই অসমৰ নাটকৰ বিষয়ে বচা বচা কিছুমান নাট্যকৰ্মীৰ পৰা লিখাই কিতাপখন কৰা হৈছিল। সেই কিতাপখন নাট্যবুৰঞ্জীৰ ইতিহাস হ’ব । কিন্তু ক’তো প্ৰচাৰ হোৱা নাই । এইবিলাক যাতে প্ৰচাৰ হয় তাক চেষ্টা কৰিম ।

সাহিত্য ডট অৰ্গ : জয়পুৰ সাহিত্য উত্সৱ অতি কম সময়ৰ ভিতৰতে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে । এশবছৰীয়া সাহিত্য সভাখন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিবলৈ এতিয়াও বহু যোজন বাট বাকী । অসমীয়া সাহিত্যক জগতসভালৈ নিয়াৰ ক্ষেত্ৰত আপুনি কি কি আঁচনি গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে?

ইমৰান শ্বাহ : জয়পুৰ সাহিত্য উৎসৱৰ বিষয়ে মই মন্তব্য নিদিওঁ। আমি যেতিয়ালৈকে শ্ৰেষ্ঠ সাহিত্য সৃষ্টি নকৰোঁ—শ্ৰেষ্ঠ সাহিত্য ! উদাহৰণস্বৰূপে আমাৰ বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যৰ “জীৱনৰ বাটত”, তাহানিতে বাণীকান্ত কাকতিয়ে কৈছিল ন’বেল বঁটা পাবৰ যোগ্য। কিন্তু কিতাপখনৰ প্ৰচাৰ কিমান হ’ল?

সাহিত্য ডট অৰ্গ : দেখা যায় অসমীয়া সাহিত্যৰ ইংৰাজী অনুবাদ নোহোৱা বাবেই হয়তো বহু অসমীয়া কালজয়ী অসমীয়া গ্ৰন্থই ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশেষ গুৰুত্ব নাপায়। অনুবাদ সাহিত্যৰ প্ৰসংগত আপোনাৰ মন্তব্য?

ইমৰান শ্বাহ : এই দিশত আমাৰ সাহিত্য বহু পিচপৰি আছে । আমি যত্ন কৰা উচিত । অসমীয়া ভাষাৰ ভাল-ভাল কিতাপবিলাক, বচা বচা কিতাপবিলাক যাতে অনুবাদ হয় । কেৱল সাহিত্য সভাই কৰিব লাগিব এনে নহয়, আমাৰ যি কেইখন বিশ্ববিদ্যালয় আছে সেইকেইখনেও কৰিব পাৰে । তেওঁলোকৰ সা-সুবিধা সাহিত্য সভাতকৈ বেছি । চাব লাগিব ।

সাহিত্য ডট অৰ্গ : অসমীয়া ভাষা শিক্ষানুষ্ঠানত বাধ্যতামূলক কৰাটো অসম সাহিত্য সভাকে ধৰি বিভিন্ন জাতীয় অনুষ্ঠানসমূহৰ প্ৰাথমিক কাৰ্যসূচী । আপোনাৰ কাৰ্যকালত এই বিষয়ে কেনেদৰে পদক্ষেপ লোৱা জৰুৰী বুলি অনুভৱ কৰে?

 

ইমৰান শ্বাহ : এইটোতো হয়েই আৰু। কথা হৈছে, যিবিলাক স্কুলত আমাৰ অসমীয়া ভাষাটো চলা নাই তাত পঢ়া ল’ৰা-ছোৱালীবোৰ আমাৰ অসমীয়া হয় নে নহয় ! যদি হয় তেতিয়াহ’লে প্ৰথমে আমি অভিভাৱকসকলৰ ওচৰলৈ যাম—আপোনালোকে অসমীয়া ভাষাত কথা পাতিছে। আপোনাৰ ল’ৰাক পাতিবলৈ নিদিয়ে কেলেই? এই প্ৰশ্নৰ উত্তৰ পালেই বাকীখিনি হৈ যাব ।

সাহিত্য ডট অৰ্গ : অসম সাহিত্য সভাৰ মঞ্চত নৱপ্ৰজন্মৰ গুৰুত্ব কিমান বুলি আপুনি ভাবে? নৱপ্ৰজন্মক ‘বিতৰ্কিত অসম সাহিত্য সভাতকৈ এখন ‘নিকা অসম সাহিত্য সভা’ৰ লগত এক পৰিচয় কৰাই দিয়াৰ সময় আহি পৰিছে বুলি আপুনি ভাবেনে?

 

ইমৰান শ্বাহ : অসমীয়াত এটা কথা আছে যে পাঁচো আঙুলিয়ে খায়, বুঢ়াই হেঁচুকিলেহে যায় । গতিকে সকলোৰে যত্নৰ দৰকাৰ । তেওঁলোকো আহক …আশা কৰিব পৰা যায় । যত্নৰ দৰকাৰ ।

সাহিত্য ডট অৰ্গ : সাহিত্য সভাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নৱ-প্ৰজন্মলৈ আপুনি কিবা পৰামৰ্শ দিব নে?

 

ইমৰান শ্বাহ : পৰামৰ্শ একো নাই। তেওলোকৰ প্ৰতি মোৰ এইটোৱেই আহ্বান, তেওলোকে যত্ন কৰক, আমি কৈ থকা যিবিলাক কথা যে বিশ্বসাহিত্যৰ মানদণ্ডৰ কথা সেইটো এটা অস্পষ্ট বিষয়। বিশ্বসাহিত্যৰ মানদণ্ড কি সেইটো তেওঁলোকে জানিবলৈ যত্ন কৰক। সেইমতে তেওলোকে লিখিবলৈ যত্ন কৰক। বাকীখিনি অট’মেটিকেলি আহি যাব। আমাৰ কথা এটা আছে যে কাণ টানিলেহে মূৰ আহে। সেয়ে কাণখন টানক, মূৰ আহিব। বিশেষ দিগদাৰী নাই। এতিয়া যিটো সময় হ’ল, এতিয়া তৎক্ষণাৎ প্ৰচাৰ হৈ যাব। ভালকৈ দৌৰকচোন।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!