‘ইন্দ্ৰজাল’ (-দিগন্ত ভট্টাচাৰ্য)

ৰাতি বাৰমান বজাত মাকে দেখিলে বিকি তাৰ কোঠাত নাই। চিঞৰ-বাখৰ আৰম্ভ হ’ল। ওচৰ-চুবুৰীয়াৰ সৰহ সংখ্যক আহি গোট খালে বিকিহঁতৰ চোতাল-পদূলিত।
‘কিডনেপ হ’ব পাৰে’
‘পৰীক্ষা আহি আছে নহয়, প্ৰস্তুতি ভাল হোৱা নাই কিজানি। পলাই গ’ল, পৰীক্ষা শেষ হোৱাৰ পিছত ঘূৰি আহিব’
‘প্ৰেমজড়িত ঘটনাও হ’ব পাৰে। আজিকালি এই মোবাইল টিপি প্ৰেমালাপতেই মগন দেখোন ল’ৰা-ছোৱালীবোৰ!’
-ভিন্নজনৰ চেঁপা অনুমানবোৰ বতাহত উৰি ফুৰিছে।
বিকিৰ দেউতাকৰ পুৱাৰ ঘটনাটোলৈ মনত পৰিল। আজি পুৱা বিকিৰ কোঠাত যাওতে দেখিছিল গাৰুটো সাবটি বিকিয়ে চকু মুদি হাঁহি আছে। এই বয়সৰ ল’ৰাই টোপনিতে গাৰু সাবটা দেখা বাবেই দেউতাকৰ টেনশ্যন বাঢ়িল।
‘হেৰা, আমাৰ হায়াৰ-ছেকেণ্ডাৰী পৰীক্ষাৰ কেণ্ডিডেটক চোৱাহি…গাৰুটো সাবটা-সাবটি কৰি হাঁহি আছে। পাগল হ’ল ই..এইফালে ন’টা বাজি গ’ল’- দেউতাকৰ পূৰ্ণহতীয়া চৰটোৰ প্ৰতিক্ৰিয়াস্বৰূপে বিকিয়ে ততালিকে বুকুৰ মাজত ৰখা গাৰুটো দলিয়াই বিচনাত বহিল।
‘এইখন কি কিতাপ? ওপৰত বকলা সাঁজি ধুনীয়াকৈ লিখিছ-‘অ’ৰ্গেনিক কেমিষ্ট্ৰি’, ভিতৰৰ আচল কিতাপখন হ’ল ‘তন্ত্ৰ-মন্ত্ৰ’। যিটো চেপ্টাৰত ডাঙৰকৈ দাগ দি ‘ইম্প’ৰ্টেন্ট’ বুলি লিখি থৈছ, সেয়া হৈছে-‘ছোৱালীক নিজৰ কৰাৰ একৈশটা উপায়’! আৰু এতিয়া আছ গাৰু সাবটি…কিবা এটা হৈছে তোৰ। পিঠি বহল কৰি দিম কিন্তু…’- দেউতাকে অবিৰাম চিঞৰি আছে।
দেউতাকে ভাবিলে সেই চৰটো খাই অভিমান কৰি সি ঘৰৰপৰা গুচি যোৱা নাইতো!
ওচৰতে ৰৈ আছে বুবু। বিকিৰ লগত একেলগে পঢ়ে। চুবুৰীয়া। সিও বুজিব পৰা নাই, বিকি গ’ল ক’লৈ। বিকিয়ে যে ৰিণিৰ কাৰণে যিকোনো কৰিব পাৰে সি জানে। ৰিণিৰ ঘৰ বিকিহঁতৰ সন্মুখতে। সি দেখিলে ৰিণিও আহি ৰৈ আছে গে’ইটৰ কাষতে। দুমাহমান আগতে সি বিকিক দিছিল ‘কাজল’ৰ টেমা এটি।
‘আমাৰ কলেজৰ পিছফালে যে আছে ভোলা তান্ত্ৰিক, তেওঁ মন্ত্ৰ মাতি পানী ছটিয়াই দিছে এই টেমাটোত। ইয়াৰে অলপ কাজল দুচকুত লগাই ৰিণিৰ আগত চকু টিপিয়াই হাঁহিবি, দেখিবি তোৰ কাম হৈ গ’ল, তাই তোৰ কাৰণে পাগল হৈ যাব’।
পাছদিনা পুৱাই বিকিয়ে দুচকুত কাজল লগাই ৰিণিক লগ ধৰিলে তাই টিউশ্যন কৰি ওভোতাৰ সময়ত। সি চকু টিপিয়ালে, মিচিকিয়ালে। ৰিণিয়ে তাক দেখি বাগৰি বাগৰি হাঁহিবলৈ বাকী। তাই চাইকেল চলাই আঁতৰি আহিল।
বিমৰ্ষ মনেৰে বিকিয়ে ঘৰলৈ আহি থাকোতেই ৰাস্তাত দেউতাকক লগ পালে।
‘চকুত কি লগাই ঘূৰি ফুৰিছ অধম?’ – বিকিয়ে দেউতাকৰ চৰৰ শব্দটো শুনি ৰাস্তাৰ কোনে কোনে ঘূৰি চাইছে অনুমান কৰি ল’লে। তেতিয়াৰ পৰাই বিকিক দেখিলে ৰিণি আৰু বায়েকে গায়-‘আখোঁ মে কাজল হ্যে’।

Indrajaal - Diganta Bhattacharya
নিশা এক বাজি যোৱাৰ পাছত চুবুৰীৰে দুজনমানে পুলিচ থানালৈ যাবলৈ যো-জা চলাওতেই কোনোবা এজনে চিঞৰিলে-‘সৌটো বিকি…আহিল!’
সকলোৰে বিকিক দেখি চকু কপালত উঠিল। উদং গাত অকল অন্তৰ্বাসটো, ধীৰে ধীৰে আহি আছে বিকি। সি যেন এই মূহুৰ্ত্তত এইটো ভাবিছে-‘ভগৱান, বিশখনমান হাত দেহটোত লগাই নিদিলা কিয়? দহখনেৰে ওপৰৰ অংশ আৰু বাকীকেইখনেৰে নিম্নাংশ ঢাকিব পাৰিলোঁহেঁতেন!’ বুবুৱে দৌৰি গৈ সি পিন্ধি থকা জেকেটটো তাক দিলে। মাক-দেউতাক দৌৰি গ’ল তাৰ ওচৰলৈ। বিকিয়ে ভাবিলে কি ক’ব এতিয়া মানুহবোৰক!!……
….কালি সন্ধিয়াৰ ঘটনা। ষ্টেচনৰ ওচৰত দোকান এখনত হঠাতে ‘তন্ত্ৰ-মন্ত্ৰ’ৰ কিতাপ এখন পাই উৎফুল্লিত হ’ল সি। তাৰ উৎসুকতা দেখি দোকানীজনেই দিলে ‘ভাল’ তান্ত্ৰিক এজনৰ সন্ধান-‘শ্মশানৰ কাষত ৰাতি আহে। টকা দুহেজাৰ যোগাৰ কৰা। কাইলৈ অমাৱশ্যাৰ ৰাতি। যদি যাব পাৰা কাইলৈ ৰাতি বাৰটাত, মই লিংক লগাই দিম। তোমাৰ মনোকামনাও পূৰণ হ’ব!’
বিকিয়ে সন্ধিয়াৰ পৰা নিজৰ কোঠাতে সোমাই থাকিল। ভাত সাঁজো পঢ়া মেজতেই খালে। মাকে এঘাৰমান বজাত হ’ৰলিক্স এগিলাচ দি শুবলৈ গ’ল। আধাঘন্টা মান পাছতেই হাতত ট’ৰ্ছটো লৈ হাতত সাৰে-ভৰিত সাৰে বিকি ঘৰৰপৰা ওলাল। শ্মশান পাওতে তাৰ বিশমিনিটমান লাগিল। তান্ত্ৰিকজনক দেখিয়েই তাৰ ভয় লাগিল। উদং গাত ভিন্ন মণি-মুকুতাৰ মালা, কপালত দীঘল-ৰঙা ফোঁট। অলপ আঁতৰৰ বটগছ এজোপাৰ তললৈ তাক লৈ গ’ল। হাতত ফুলৰ মালা এডাল দিলে।
‘কাপোৰ-কানি খুলি এতিয়া তই বটগছডালৰ চাৰিওফালে ঘূৰিব লাগিব, চকু মুদি। তোৰ মনৰ আশাটো ভাবি ভাবি ঘূৰিবি। দেখিবি দুদিন পাছত সেই আশা-সপোন পূৰণ হ’বই। নহ’লে তই দিয়া দুহেজাৰ ঘূৰাই পাবি।’
‘বাবা, গোটেই কাপোৰ নুখুলিলে নহ’ব? আণ্ডাৰৱেৰটো ৰাখো নে? ইমান ঠাণ্ডা!’
‘তলত পিন্ধাটো নতুন নে পুৰণি?’
‘পুৰণা’
‘তেনেহ’লে পিন্ধি থাক। বাকী সকলো খোল’।
অকল অন্তৰ্বাসটো পিন্ধি বিকিয়ে লাহে লাহে বটগছজোপাৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে। দুচকুত ৰিণিৰ সপোন! ঠাণ্ডা বতাহছাটিয়ে তাৰ গা-মূৰ কঁপাইছে বেয়াকৈ’।
প্ৰায় দহমিনিটমান পাছত বিকিয়ে চকু মেলিলে। বাবাক চিঞৰি মাতিলে। সাৰ-সুৰ নাই। সি আন্ধাৰতে অনুমান কৰিলে, তাৰ কাপোৰ, মোবাইল আৰু তিনি বেটাৰীৰ টৰ্ছ- একোৱেই নাই। পেন্টৰ পকেটত মানী বেগটোও আছিল। শ্মশানত গোটেই ৰাতিটো উদং গাৰে থকাটো কিমান সুবিধাজনক হ’ব-এইবোৰ ভাবি সি জ্বৰ ঘমাদি ঘামিলে। সি দৌৰা আৰম্ভ কৰিলে ঘৰলৈ…
……ৰিণিয়ে তাৰ ওচৰলৈ আহি ফুচফুচাই কৈ গ’ল কাণে কাণে-‘তুমি মোক আজি ‘আমিৰ খান’লৈ মনত পেলাই দিছা কিন্তু দেই। সাঁজ-পাৰ একেবাৰে ‘পিকে’ৰ দৰে আৰু…’থ্ৰী ইডিয়টছ’ত যে আমিৰ খানে চতুৰ ৰমালিংগমৰ ভাষণটোৰ শব্দ সলনি কৰি ‘বলাৎকাৰ’ কৰি দিছিল…তোমাক সঁচাকৈ কোনোবাই….!?’
*অন্তিম অংশত হিন্দী কাহিনী এটাৰ আংশিক প্ৰভাৱ পৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!