বিশিষ্ট শিক্ষাবিদ শ্ৰীযুত বসন্ত ডেকাৰ সৈতে হোৱা এক আচুতীয়া সাক্ষাৎকাৰ

১) সাঃ ডঃ অঃ চাৰ নমস্কাৰ৷ ই-আলোচনী সাহিত্য ডট অৰ্গৰ ফালৰ পৰা আপোনাৰ লগত আমি আপোনাৰ কৰ্মজীৱন সম্পৰ্কে কিছু কথা পাতিম৷ আপোনাক অভিনন্দন৷

বঃ ডেঃ নমস্কাৰ।

২) সাঃ ডঃ অঃ চাৰ আপোনাৰ শৈশৱৰ কথাৰে আৰম্ভ কৰোঁ।

বঃ ডেঃ শৈশৱৰ কথাৰে আৰম্ভ কৰিব পাৰোঁ।

৩) সাঃ ডঃ অঃ চাৰ আমি জনাত আপুনি অসমৰ অন্যতম সাংস্কৃতিক কেন্দ্ৰ তেজপুৰত ডাঙৰ-দীঘল হৈছিল। সেইসময়ৰ তেজপুৰৰ সামাজিক আৰু সাংস্কৃতিক পৰিবেশৰ বিষয়ে অলপ ক’ব নেকি? আপোনাৰ জীৱনত প্ৰভাৱ পেলোৱা বিশেষ ব্যক্তি?

বঃ ডেঃ আমাৰ সৰুকালৰ তেজপুৰখন বিনন্দীয়া আছিল। শান্ত পৰিবেশ। পৰিষ্কাৰ বাট-পথ। অনুপম প্ৰাকৃতিক সৌন্দৰ্য। বিৰল ভাস্কৰ্য। বুৰঞ্জীয়ে গৰকা অগ্নিগড়, আদি সকলো আছিল আমাৰ সৰুকালিৰ লগৰীয়া।

মোক গঢ় দিয়া বিশেষ ব্যক্তি দুগৰাকী হ’ল মোৰ দেউতা প্ৰয়াত লোকনাথ ডেকা আৰু মোৰ দাদা ড. অখিল কুমাৰ ডেকা। মোৰ জীৱনত সময়ৰ বালিত ৰৈ যোৱা শক্তিশালী চিন্তাবোৰেহে সদায়ে প্ৰভাৱ পেলাই আহিছে।

৪)সাঃ ডঃ অঃ আপোনাৰ কৰ্মজীৱন আৰু অসম বিজ্ঞান সমিতিৰ লগত কেতিয়া আৰু কেনেদৰে জড়িত হৈ পৰিল, সেইবিষয়ে অলপ জনাব নেকি?

বঃ ডেঃ অসম বিজ্ঞান সমিতিৰ লগত মোৰ সম্পৰ্ক ১৯৮৪ চনত আৰম্ভ হৈছিল। সেইসময়ৰ সাধাৰণ সম্পাদক ড. কুলেন্দু পাঠকে মোক কিতাপ প্ৰকাশৰ দায়িত্ব দিছিল। প্ৰায় দুটা দশকত মোৰ প্ৰচেষ্টাত অসম বিজ্ঞান সমিতিয়ে এশ বিছখনমান কিতাপ প্ৰকাশ কৰিছিল। সেইখিনি সুবিধা পোৱাৰ বাবে মই সমিতিৰ ওচৰত কৃতজ্ঞ। অসম বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰা  ক) ক্ষেত্ৰ তত্বৰ ডেৰশ বছৰ, খ) বিজ্ঞান অভিধান( ১ম, ২য় খণ্ড) , গ) অসমৰ গছ-গছনি( ১ম, ২য় খণ্ড), ঘ) কি, কিয় আৰু কেনেকৈ (১ম) , ঙ) ন’বেল বঁটা বিজয়ী — কিতাপকেইখনৰ সম্পাদনা/ সহসম্পাদনাৰ লগত জড়িত হৈছিলোঁ।

৫)  সাঃ ডঃ অঃ মাতৃভাষাৰ উন্নতিৰ হকে আপোনাৰ অৰিহণা সকলোৰে জ্ঞাত। ” মাতৃভাষাত জ্ঞান লাভ কৰিলেহে শিশুসকলে প্ৰকৃততে শিক্ষালাভ কৰিবলৈ সক্ষম হয়” এই ধাৰণা লৈয়ে আপোনালোকে “অসম জাতীয় বিদ্যালয়ৰ দৰে সফল শিক্ষানুষ্ঠান প্ৰতিস্থা কৰাত আগভাগ লয়। ব্যক্তিগতখণ্ডৰ অভিজাত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতিপত্তিক প্ৰত্যাহ্বান হিচাপে লৈ অসমীয়া মাধ্যমৰ এনে এখন বিদ্যালয় স্থাপন কৰাৰ ধাৰণাটো কিদৰে মনলৈ আহিছিল? এইক্ষেত্ৰত প্ৰথম অৱস্থাত অভিভাৱকৰ ফালৰ পৰা কেনেধৰণৰ সঁহাৰি লাভ কৰিছিল?

বঃ ডেঃ নিজৰ উঠি অহা ল’ৰা-ছোৱালী পঢ়ুৱাবলৈ এখন ভাল বিদ্যালয়ৰ তাগিদাতে আমি কেইজনমানে অসম জাতীয় বিদ্যালয় স্থাপন কৰিছিলোঁ। আন মাধ্যমৰ বিদ্যালয়ক প্ৰত্যাহ্বান জনাবলৈ জাতীয় বিদ্যালয় স্থাপন কৰা হোৱা নাছিল। অসমৰ সচেতন অভিভাৱকে জানে যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িয়েই বহু ব্যক্তিয়ে অসমৰ জন-জীৱনলৈ উৎকৃষ্ট অৰিহণা যোগাই আহিছে। সেইবাবেই অসম জাতীয় বিদ্যালয়ৰ ধাৰণাটোৰ প্ৰতি অভিভাৱকৰ সঁহাৰি আশাজনক আছিল।

৬)সাঃ ডঃ অঃ “হাতে কামে বিজ্ঞান” এই ধাৰণাটো সাৰোগত কৰিয়েই আপুনি সমগ্ৰ কৰ্মজীৱনত শিক্ষাদান কৰি আহিছে। অসম জাতীয় বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ৰ পৰা ব্যৱহাৰিক বিজ্ঞান বিষয়টোৱে গুৰুত্ব লাভ কৰি অহা আমি দেখিবলৈ পাইছোঁ। অসমৰ অন্যান্য বিদ্যালয়সমূহত এই বিষয়টোৰ জনপ্ৰিয়তাৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে নেকি?

বঃ ডেঃ পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে তৃতীয় শ্ৰেণীৰ পৰাই বিজ্ঞান শিকাবলৈ জাতীয় বিদ্যালয়ত সিদ্ধান্ত লোৱা হৈছিল। বোধহয় দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আমি ষষ্ঠ শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীক বিজ্ঞান সঁজুলিৰ বাকচ যোগান ধৰিছিলোঁ। হাতে-কামে বিজ্ঞান শিকোৱাৰ প্ৰচেষ্টা অসম জাতীয় বিদ্যালয়ৰ লগত শৈক্ষিক সম্পৰ্ক ৰখা আন সকলো বিদ্যালয়ত চলি আহিছে।

৭) সাঃ ডঃ অঃ আপুনি ৰচনা কৰা গ্ৰন্থসমূহৰ বিষয়ে জনাব নেকি? আপোনাৰ সুদীৰ্ঘ কৰ্মময় জীৱনত আপোনাৰ সহধৰ্মিনী কিৰণ বাইদেউৰ ভুমিকা কেনেকুৱা আছিল?

বঃ ডেঃ এতিয়ালৈকে ৰচনা কৰা কিতাপসমূহ হ’ল —- ১) পৰমাণু আৰু পাৰমাণবিক কণিকাৰ আবিষ্কাৰ, ২) কোৱান্টাম ধাৰণাৰ উৎপত্তি ‍আৰু বিকাশ, ৩) কণিকা, তৰংগ আৰু দ্বৈতবাদ, ৪) মহাকাশ আৰু সময় ৫)হাতে কামে বিজ্ঞান শিকোঁ (১ম , ২য় খণ্ড) ৬) পদাৰ্থবিজ্ঞানৰ ক্ৰমবিকাশ (অনুবাদ, মূল: এলবাৰ্ট আইনষ্টাইন আৰু লিঅ’প’ল্ড ইনফেল্ড) ৭) The Universe and God, ৮) The Design The Betrayal The Assam Movement.

মোৰ সকলো কামৰ লগত মোৰ পৰিবাৰ কিৰণ ডেকা লগে ভাগে থাকে। কিৰণৰ ওচৰতো মই কৃতজ্ঞ।

৮)সাঃ ডঃ অঃ মাতৃভাষাৰ চৰম দুৰ্যোগৰ সময়তে “অসম জাতীয় বিদ্যালয়ৰ” নিচিনা শিক্ষানুষ্ঠান অসমৰ ৰাইজক উপহাৰ দি “শিশুক মাতৃভাষাত বিজ্ঞানসন্মত” ভাবে শিক্ষাপ্ৰদানৰ আন্দোলনৰ অন্যতম পৃষ্ঠপোষক হিচাপে ২০১৬ চনৰ “ক্ৰান্তিকাল সাহিত্য সন্মান” আৰু “অসম সাহিত্য সভা”ৰ দ্বাৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ উন্নতিৰ হকে থকা আপোনাৰ অৱদানৰ বাবে  স্বীকৃত হৈ আপোনাৰ কেনে অনুভৱ হৈছে?

বঃ ডেঃ “ক্ৰান্তিকাল সাহিত্য সন্মান” আৰু “অসম সাহিত্য সভা”ৰ দ্বাৰা  স্বীকৃত হৈ নিজকে কিছু মূল্যায়ন কৰাৰ সুবিধা পাইছোঁ। নিজৰ ঠাইখিনিৰ আৰু নিজৰ মানুহখিনিৰ বাবে কিবা অলপ কৰিব পাৰিছোঁ বুলি অনুভৱ হৈছে।

৯)সাঃ ডঃ অঃ জীৱনৰ সুদীৰ্ঘ সময় মাতৃভাষাৰ উন্নতিৰ হকে আত্মনিয়োগ কৰাৰ পাছত, অসমীয়া ভাষাৰ ভবিষ্যত সম্পৰ্কে আপুনি কি ধাৰণা কৰে?

বঃ ডেঃ অসমীয়া ভাষা কোৱা মানুহ সদায় থাকিব। কিন্তু ভাষাটোৰ স্থিতি বৰ্তমানৰ আৰু ভবিষ্যতৰ নতুন প্ৰজন্মৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰিব। বৰ্তমানলৈকে হতাশ হোৱাৰ অৱস্থা এটা আহি পৰা নাই।

১০) সাঃ ডঃ অঃ অসম জাতীয় বিদ্যালয়ৰ মূলমন্ত্ৰ “কৰ্ম মোৰ সংস্কৃতি” কথাষাৰি আপুনি ব্যক্তিগত জীৱনতো আখৰে আখৰে পালন কৰি আহিছে। অৱসৰৰ পাছত কেনেকুৱা ধৰণৰ কামকাজত জড়িত হৈ আছে?

বঃ ডেঃ ‘অৱসৰ’ শব্দটো বেয়া পোৱা শব্দ। বৰ্তমান অন্যান্য কামৰ লগতে আমাৰ পৰিয়ালে আৰম্ভ কৰা অৰ্কিড প্ৰকাশনৰ লগত বাৰুকৈয়ে জড়িত। ড. ভূপেন হাজৰিকাৰ বিষয়ে এখন বৃহৎ কিতাপ (Dr. Bhupen Hazarika A Legend) আমিয়েই প্ৰকাশ কৰিছোঁ। প্ৰিয় কাম পদাৰ্থ বিজ্ঞান পঢ়া। আৰু ক্ষমতা নিবিচৰা ৰাজনীতিত আগৰে পৰা জড়িত হৈ আছোঁ।

১১)সাঃ ডঃ অঃ যদি আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা কথাটো বিবেচনা কৰোঁ, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ এসময়ত জয়জয় ময়ময় অৱস্থা আছিল। কিন্তু লাহে লাহে দেখা গ’ল যে ইংৰাজী মাধ্যমৰ ফলাফলসমূহ তুলনামূলকভাবে বেছি ভাল হ’বলৈ ধৰিলে। অভিভাৱকসকলে নিজৰ ল’ৰাছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ একপ্ৰকাৰ হেঁতা-ওপৰা কৰিবলৈ ধৰাৰ নিচিনা দৃশ্য দেখিবলৈ পোৱা গ’ল। জাতীয় বিদ্যালয়ৰ স্থাপনৰ আঁৰত এই পৰিঘটনাটোৱে কিবা ভূমিকা লৈছিল নেকি?

বঃ ডেঃ আমি বিদ্যালয়বোৰত শিশুক নিজেই শিকিবলৈ সুবিধা নিদিওঁ। এই এৰাল দিয়া ব্যৱস্থাটোৰ সলনি কৰিবলৈ নতুন চিন্তাৰ এখন বিদ্যালয়ৰ প্ৰয়োজন আছিল। মূলতঃ এই ধাৰণাটোৰেই অসম জাতীয় বিদ্যালয় আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলোঁ। বহু দূৰেই যাব লগা আছে।

১২)সাঃ ডঃ অঃ অসম জাতীয় বিদ্যালয় এতিয়া এক অতিকৈ সফল অনুষ্ঠান। অসমৰ ঠায়ে ঠায়ে এই অনুষ্ঠানৰ শাখা খোলাৰ মানে ধৰি লওক একধৰণৰ “franchisee concept” ৰ পৰিকল্পনা আপোনালোকে কৰিছে নেকি?

বঃ ডেঃ ২০১৪ চনৰ ১জানুৱাৰীৰ পৰা অসম জাতীয় বিদ্যালয়ৰ পৰিচালনাৰ পৰা মই অব্যাহতি লৈছোঁ। আপুনি কোৱা ধাৰণটো(franchise concept) আগতে লোৱা হোৱা নাছিল। এতিয়াৰ কথা নাজানোঁ।

১৩)সাঃ ডঃ অঃ জাতীয় বিদ্যালয় পাঠ্যক্ৰমৰ বাবে আপোনালোকে নিশ্চয় অইন পাঠ্যক্ৰমসমূহো চালি-জাৰি চাইছিল। সেই পাঠ্যক্ৰমবোৰ আপোনালোকে কেনেকৈ evaluate কৰিছিল? আৰু কোনবোৰ কথাত আপোনালোকে বেছিকৈ গুৰুত্ব দিছিল?

বঃ ডেঃ এখন বিদ্যালয়ত সকলো কথাই একমাত্ৰ শিশুৰ সুবিধা-অসুবিধাৰ দিশৰ পৰা চিন্তা কৰিব লাগিব। এসোপা বোজা জাপি দিলে শিক্ষাগ্ৰহণ যান্ত্ৰিক হৈ পৰিবলৈ বাধ্য হয়। শিকাৰ ওপৰতহে গুৰুত্ব দিব লাগিব। বোজাৰ ওপৰত নহয়।

১৪)সাঃ ডঃ অঃ অসমীয়া ভাষা সাহিত্যক ভবিষ্যতে জীয়াই ৰখাৰ ক্ষেত্ৰত সাহিত্য ডট অৰ্গ দৰে ই-আলোচনীসমূহৰ ভুমিকা সম্পৰ্কে আপুনি কি ভাবে?

বঃ ডেঃ চিন্তা-ধাৰণাৰ বিনিময় সকলোৰে বাবে খুবেই দৰকাৰী কথা। সাহিত্য ডট্ অৰ্গৰ ভুমিকাৰ সলাগ ললোঁ। আনেও নিশ্চয় ল’ব।

১৫)সাঃ ডঃ অঃ চাৰ, আপোনাৰ সুস্বাস্থ্য কামনা কৰি আমাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

বঃ ডেঃ মোৰ বিষয়ে অলপ কথা জানিবলৈ বিচৰা বাবে সাহিত্য ডট্ অৰ্গকো ধন্যবাদ যাচিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!