গল্পকাৰৰ মনৰ কথা – আগষ্ট, ২০১৫
সাহিত্য ডট অৰ্গৰ পঞ্চম বৰ্ষৰ ১ম সংখ্যাটোৰ মূল বিষয়ৰ লগত সংগতি ৰাখি বৰ্তমান অসমীয়া গল্প সাহিত্য ৰহণীয়া কৰা কেইগৰাকীমান গল্পকাৰৰ মতামত ল’বলৈ নিম্নোল্লিখিত প্ৰশ্নসমূহ প্ৰেৰণ কৰা হৈছিল। সাহিত্য ডট অৰ্গলৈ মতামত প্ৰেৰণ কৰা বাবে মনালিছা শইকীয়া, মণিকা দেৱীৰ ওচৰত আমি কৃতজ্ঞ।
(প্ৰশ্নসমূহ যুগুতাইছে উচ্চজিৎ কলিতা আৰু মিতালী বৰ্মনে। উত্তৰসমূহ সংগ্ৰহ কৰিছে ক্ৰমে দেৱব্ৰত গগৈ, দীপাংকৰ দত্তই।)
প্ৰশ্নাৱলী:
১/ আপুনি গল্প কিয় লিখে? গল্প লিখিবলৈ ক’ৰ পৰা প্ৰেৰণা পায়?
২/ কাৰ গল্প পঢ়ি ভাল পায় আৰু কিয় ভাল পায়? তেখেতৰ গল্পই আপোনাৰ গল্প লিখনত কিদৰে প্ৰভাব পেলায়?
৩/ অসমীয়া আধুনিক গল্প সাহিত্যত কোনকেইগৰাকী ভাৰতীয় বা বিদেশী গল্পকাৰৰ প্ৰভাব বেছিকৈ পৰিছে বুলি আপুনি ভাবে?
৪/ অসমীয়া গল্প সাহিত্যত সম্পূৰ্ণ নিজা শৈলী সৃষ্টি কৰা তিনিগৰাকী গল্পকাৰৰ নাম ল’ব লাগিলে আপুনি কাৰ কাৰ নাম ল’ব?
৫/ আপুনি গল্প লিখোঁতে গল্পৰ পটভূমি (plot) আৰু শৈলী (style), দুয়োটাৰ ভিতৰত কোনটোক বেছি প্ৰাধান্য দিয়ে?
৬/ ডিজিটেল সাহিত্যৰ এই যুগত চুটিগল্পৰ ভৱিষ্যত সম্পৰ্কে আপুনি কি ভাবে?
মনালিছা শইকীয়া:
১/ মই লিখি ভাল পাওঁ! পোনপটীয়াকৈ ক’ব নোৱাৰা বহু কথা কাহিনী এটাৰ জৰিয়তে ক’বলৈ সুবিধা পাওঁ। প্ৰেৰণা মোৰ পঢ়ুৱৈসকল ! অগ্ৰজসকল আৰু জীৱনৰ ঘাট-প্ৰতিঘাট, বৈচিত্ৰ্যময় এই জীৱ জগত— সকলো মোৰ প্ৰেৰণা।
২/ মই বহুতৰ গল্প পঢ়ি ভাল পাওঁ! বিশেষকৈ সৌৰভ চলিহাৰ গল্প পঢ়িয়েই থাকিব পাৰোঁ! মই চেষ্টা কৰিলেও সেই চমৎকাৰিতা আয়ত্ব কৰিব নোৱাৰোঁ!
৩/ কম-বেছি পৰিমাণে চহকী সাহিত্যৰ প্ৰভাৱ আমাৰ সাহিত্যত পৰাটো স্বাভাৱিক। সেয়া নিৰ্দিষ্টকৈ কৈ দিব নোৱাৰি। বহুতত বঙালী গল্পৰ প্ৰভাৱ দেখা যায়; চুবুৰীয়া এই ৰাজ্যখনৰ সাহিত্য যিহেতু চহকী! সেইদৰে মোঁপাচাৰ প্ৰভাৱো পৰিব পাৰে! এতিয়া বহুতো গল্পকাৰে পৰীক্ষা-নিৰীক্ষাও কৰিছে! তেওঁলোকেও লেটিন-এমেৰিকান সাহিত্য আদি বেছিকৈ অধ্যয়ন কৰে! কিছুমান গল্পত সেইদৰে কেতিয়াবা মাৰ্কেজ বা ক্যেমু ৰ কিছু প্ৰভাৱ দেখা যায়। প্ৰভাৱহে দেই! মৌলিকত্ব কিন্তু হেৰুওৱা নাই অসমীয়া গল্পই! বৰঞ্চ বিশ্ব সাহিত্যৰ সৈতে ফেৰ মাৰিব পৰাকৈ আমাৰ অসমীয়া গল্পকাৰ আছে !
৪/ মই প্ৰথমে সৌৰভ কুমাৰ চলিহাৰ নাম লম! তাৰ পিছত ভবেন্দ্ৰনাথ শইকীয়া আৰু নতুনৰ ভিতৰত প্ৰশান্ত কুমাৰ দাস !
৫/ মই পটভূমি আৰু কাহিনী কথনত গুৰুত্ব দিওঁ! সহজ ভাষাতেই লিখি ভাল পাওঁ! বেছি পৰীক্ষা নীৰিক্ষা কৰি নাথাকোঁ। নিজৰ ধৰণেই কাহিনীটো আগবঢ়াই লৈ যাওঁ
৬/ মানুহৰ জীৱনৰ গতিশীলতা থকালৈকে গল্পও থাকিব! খুব বেছি তাৰ কোৱাৰ ধৰণ সলনি হব পাৰে! অতীজত যিবোৰ সাধু আছিল, এতিয়া সাধুবোৰ গল্প হ’ল! আমাৰ জীৱনৰ গল্পবোৰ থকালৈকে গল্প থাকিব! মই আশাবাদী !
মণিকা দেৱী:
১/ মোৰ এই ঠাই ৰূপকথাৰ ঠাই। মোৰ ভাষা ৰূপকথাৰ ভাষা—শুৱনি আৰু শুৱলা। এই ভাষাৰ একো একোখন ছবি, মানুহৰ ছবি। ‘আয়ৈ দেহি’ কিমান কোমল আৰু মধুৰ এই শব্দ! চকুৰ আগত ভাহি নুঠে নে কুমলীয়া মুখ এখন—যাৰ দুখ মচি দিবলৈ ইচ্ছা যায়। সেই দুৰ্বাৰ ইচ্ছাকেই পূৰণ কৰোঁ গল্পৰ মাধ্যমেৰে।
গল্পময় এই মানৱ জীৱন, বিচিত্ৰ মানৱ চৰিত্ৰ। এজন মানুহৰ মাজতেই কত ৰূপ থাকে। নিজৰ মাজতেই বিচাৰি পাওঁচোন বিভিন্ন সত্বা। ভাল লাগে মানুহক লক্ষ্য কৰি। মানুহেই মোৰ বাবে প্ৰেৰণাৰ অফুৰন্ত উৎস। এই পৃথিৱী, এই প্ৰকৃতি, এই পৰিৱেশেই মোক অনুপ্ৰেৰণা যোগায়। মানুহৰ গল্পবোৰো গল্পৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ মন যায়।
২/ সৌৰভ চলিহা আৰু অপূৰ্ব শৰ্মা— এই দুগৰাকী গল্পকাৰ মোৰ অতিকৈ প্ৰিয়। এই দুই লেখকৰ গল্পই মোৰ মন-মগজুক এনেভাবে আলোড়িত কৰে যে বহু সময়লৈ মই ‘মই’ হৈ নাথাকোঁ। অন্য এক লোকলৈ অন্য এক জগতলৈ মোৰ উত্তৰণ ঘটে—যিখন জগতে মোক দিয়ে অপাৰ Space—ভাবিবলৈ, মুক্ত হৈ বিচৰণ কৰিবলৈ।
মোৰ গল্পত কাৰ প্ৰভাব পৰে, পৰে নে নপৰে সেয়া নিৰ্ধাৰণ কৰিব মোৰ পাঠকেহে।
৩/ অসমীয়া গল্প সাহিত্যত বিদেশী বা আন ভাৰতীয় লেখকৰ প্ৰভাৱ পৰিছে বা পৰিব লাগিবই বুলি কোনো কথা নাই। অনুপ্ৰেৰণা হয়তো আহিব পাৰে। কিন্তু প্ৰভাৱৰ কথাটো সম্পূৰ্ণ বেলেগ।
সমালোচক হোৱা হ’লে মোৰ দৃষ্টিকোণ বেলেগ হ’লহেঁতেন! কিন্তু গল্পকাৰ হিচাপে মই ভাবোঁ, অসমীয়া গল্প সাহিত্য স্ব-মহিমাৰে মহীয়ান।
৪/ অগ্ৰজসকল সদায়ে চিৰনমস্য, চিৰবৰেণ্য। তেওঁলোকে চিনাকী কৰি দিয়া বাটেৰে আমি আগবাঢ়িব খুজিছোঁ।
মোৰ সমসাময়িক বহুকেইজন ধীমান গল্পকাৰ আছে যিয়ে নিজস্ব শৈলী সৃষ্টি কৰিছে; যাৰ গল্প পঢ়ি ধন্য হওঁ, আলোড়িত হওঁ, অভিভূত হওঁ।
৫/ মই ভাবোঁ পটভূমি আৰু শৈলীৰ অঙ্গাগী সম্পৰ্ক আছে। এনেকৈয়ো ক’ব পাৰি যে এটা আনটোৰ পৰিপূৰক। এটাক বাদ দি আনটোৰ কথা ভাবিব নোৱাৰোঁ দেখোন!
৬/ চুটিগল্পৰ ভৱিষ্যত সম্পৰ্কে মই কোনোদিনেই সন্দিহান হোৱা নাই। শব্দ থাকে মানে আখৰ থাকে মানে চুটিগল্প থাকিব।
আমাৰ প্ৰতিটো শব্দত, প্ৰতিটো আখৰত লুকাই আছে চুটিগল্প। আমাৰ বৰ্ণমালাও যেন এটি চুটিগল্পই।