ড° চন্দ্ৰজ্যোতি সোনোৱালৰ সৈতে সাহিত্য ডট অৰ্গৰ অন্তৰঙ্গ আলাপ

sonowalcj

° চন্দ্ৰজ্যোতি সোনোৱালৰ সৈতে সাহিত্য ডট অৰ্গৰ অন্তৰঙ্গ আলাপ:

 

ড° চন্দ্ৰজ্যোতি সোনোৱাল বৰ্তমান ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় মানৰ সমাজ বিজ্ঞান শিক্ষণ প্ৰতিষ্ঠান টাটা ইনষ্টিটিউট অফ চচিয়েল চায়েন্স চমুকৈ TISS-ৰ অধ্যাপক তথা গৱেষক৷ তেখেতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসমূহৰ ওপৰত যথেষ্ট গৱেষণা কৰিছে৷ পাঁচখনকৈ মূল্যৱান গ্ৰন্থ লিখাৰ উপৰি যথেষ্ট সংখ্যক প্ৰভাৱী গৱেষণা পত্ৰৰে তেখেতে এই বিষয়টোক চহকী কৰিছে৷ অসম সন্তানৰ এনে কৃতিত্বত আমিও গৌৰৱান্বিত৷

এই সংখ্যাৰ সাহিত্য ডট অৰ্গত মূল বিষয় হিচাপে লোৱা হৈছিল “অসমৰ বিভিন্ন জনগোষ্ঠী”। মূল বিষয়ৰ লগত সংগতি ৰাখি সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা ড° সোনোৱালৰ সৈতে এটি অন্তৰংগ আলাপত কিছু কথা আলোচনা কৰা হৈছিল। আলাপটিত সাহিত্য ডট অৰ্গৰ হৈ অংশ লৈছিল এই সংখ্যাৰ সাহিত্য ডট অৰ্গৰ সম্পাদক উপাসনা কৃষ্ণাত্ৰেয় শৰ্মাই। আলাপটিৰ লিখিত ৰূপটো সাহিত্য ডট অৰ্গৰ পাঠকসমাজৰ বাবে আগবঢ়াই দিয়া হ’ল:

 

সাহিত্য ডট অৰ্গ: আপুনি অসম তথা ভাৰতৰ বিভিন্ন জনজাতি সম্পৰ্কে যথেষ্ট গৱেষণা কৰিছে, বৰ্তমান TISS-ত অধ্যাপক তথা গৱেষক৷ ডিব্ৰুগড়ৰ পৰা TISS মুম্বাইলৈ এই যাত্ৰাৰ বিষয়ে আমাৰ পাঠকসকলক কিছু জনাব নেকি?

° সোনোৱাল: মোৰ জন্ম হৈছিল ডিব্ৰুগড়ৰ জকাই সংৰক্ষিত বনাঞ্চলত আৰু শৈশৱো তাতেই কটাইছোঁ৷ তাৰ পাছত ডিব্ৰুগড় চৰকাৰী বালক বিদ্যালয়ত অষ্টম শ্ৰেণীত ভৰ্তি হওঁ৷ এতিয়াও হাবিৰ মাজেৰে চাৰি কি:মি: দূৰত্বৰ জয়াল পথেৰে ফৰেষ্ট গেটলৈ (য’ৰ পৰা বাছ পাওঁ), অকলশৰে পদব্ৰজে প্ৰতিদিনে অহা-যোৱা কৰা কথা মনত পৰিলে শিঁহৰিত হৈ পৰোঁ৷ মাতৃদেৱীলৈ এই ছেগতে প্ৰণাম জনাওঁ- কিমান সাহস থাকিলে এগৰাকী মাতৃয়ে নিজৰ বাৰ বছৰীয়া পুত্ৰক এনে এটা পৰিস্থিতিত অকলশৰে এৰি দিব পাৰে! 1992 চনত মই TISS-ত যোগদান কৰোঁ, তেতিয়াৰ পৰা ইয়াতেই৷ এনেদৰে দুটা সম্পূৰ্ণ ভিন্ন জীৱন জীবলৈ সুযোগ পালোঁ- এপিনে হাবি-বননিৰ মাজত প্ৰকৃতিৰ স’তে এক উদ্বেগহীন জীৱন আৰু আনপিনে মুম্বাইৰ কংক্ৰীটৰ জংগলৰ মাজৰ অতি ব্যস্ততাপূৰ্ণ জীৱন৷

সাহিত্য ডট অৰ্গ: ছাৰ, আপুনি কেৱল মাত্ৰ অসম(উত্তৰ-পূৱ)ৰে নহয় ভাৰতৰো অইন ঠাইৰ বিভিন্ন জনজাতিৰ বিষয়েও যথেষ্ট গৱেষণা কৰিছে৷ আপোনাৰ দৃষ্টিত অসমৰ জনজাতিসকল আৰু ভাৰতৰ অইন ঠাইৰ জনজাতিসকলৰ সামাজিক ব্যৱস্থাৰ মাজত কিবা চকুত লগা পাৰ্থক্য আছেনে?

° সোনোৱাল: ‘জনজাতি’ বুলি কওঁতে সততে আমি ‘অনুসূচিত জনজাতি’কহে বুজাওঁ৷ আমি জনা উচিত যে ‘জনজাতি’ শব্দটি প্ৰকৃততে এটা সমাজ-বৈজ্ঞানিক পৰিভাষাহে৷ সমাজ-বিজ্ঞানীসকলৰ মতে ‘জনজাতি’সমূহ দৰাচলতে কিছুমান এনে মানুহৰ গোট (জনগোষ্ঠী) যাৰ সমাজ ব্যৱস্থা সৰলৰ পৰা জটিলতৰ হ’বলৈ ধৰিছে৷ আনহাতে ‘অনুসূচিত জনজাতি’সমূহ হ’ল ভাৰতৰ সংবিধানে সামাজিক আৰু অৰ্থনৈতিক দিশত পিছ পৰা বুলি চিহ্নিত কৰি বিকাশ আৰু কল্যাণ (development and welfare)-ৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা কিছুমান জনগোষ্ঠী৷ সেইবাবে সমাজ-বৈজ্ঞানিকৰ সংজ্ঞা মতে ‘জনজাতি’ আৰু ভাৰতৰ সংবিধানৰ ‘অনুসূচিত জনজাতি’ৰ মাজত পাৰ্থক্য থকাটো একো আচৰিত কথা নহয়৷ এতিয়া আহোঁ আপোনাৰ প্ৰশ্নলৈ, হয় পাৰ্থক্য আছে- ই নৃতাত্বিক, সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক পৃষ্ঠভূমিৰ পাৰ্থক্য৷ পোনতে আহে শাৰীৰিক বৈশিষ্ট্যৰ পাৰ্থক্য৷ উত্তৰ-পূৱ ভাৰতৰ জনজাতিসকলৰ যিদৰে চীন ইত্যাদি দেশৰ পৰা প্ৰব্ৰজনৰ এক ইতিহাস আছে, ভাৰতৰ অইন ঠাইৰ জনজাতিসমূহৰ মাজত তেনে কোনো ইতিহাস নাই৷ যাৰ ফলত শাৰীৰিক বৈশিষ্ট্যৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকল ভাৰতৰ অইন ঠাইৰ জনজাতীয় লোকতকৈ যথেষ্ট পৃথক৷

উত্তৰ-পূৱত বাদে ভাৰতৰ অইন ঠাইৰ জনজাতীয় লোকসকল প্ৰাচীন কালৰে পৰাই হিন্দু ৰজা তথা হিন্দু সমাজ ব্যৱস্থাৰ সংস্পৰ্শলৈ আহিছিল, যাৰ ফলত তেওঁলোকৰ সমাজ ব্যৱস্থাত হিন্দু সমাজ তথা সংস্কৃতিৰ বিভিন্ন উপাদান অন্তৰ্ভূক্ত হৈছিল৷ ইপিনে অসমৰ ক্ষেত্ৰত, আমাৰ জনজাতিসমূহে তুলনামূলকভাৱে যথেষ্ট পলমকে’ হিন্দু ধৰ্মৰ সংস্পৰ্শলৈ আহিছিল আৰু সেয়াও মূলতঃ বৈষ্ণৱ পন্থাৰহে৷ সময়ৰ লগে লগে তেওঁলোকে প্ৰায়বোৰ জনজাতীয় পুৰণি পৰম্পৰা এৰাৰ দৰেই হ’ল৷ আনহাতে পাহাৰৰ জনজাতিসমূহৰ মাজত বৃটিছৰ দিনৰ পৰাই খৃষ্ট ধৰ্মই খোপনি পুতিলে৷ এওঁলোকৰ মাজত পৰিচিতি উন্নীতকৰণত খৃষ্ট ধৰ্মই যিমান অৰিহণা যোগাইছে, তেনে এক পৰিবেশ ভাৰতৰ অইন ঠাইৰ জনজাতিসকলৰ মাজত সৃষ্টি কৰাত কিন্তু খৃষ্ট ধৰ্ম সফল নহ’ল।

ভাৰতৰ মূল সুঁতিৰ জনজাতিসমূহ অতীজৰে পৰাই বিভিন্ন হিন্দু ৰজাৰ অধীনত সংগঠিত ৰাষ্ট্ৰশক্তিৰ সংস্পৰ্শ লাভ কৰিছে যিয়ে ভীল, মুণ্ডা, গোন্দ, চাওতাল, ওৰাও আদিবোৰক এক সুকীয়া নৃতাত্বিক গোট হিচাপে সাৰ্বজনীন পৰিচয় লাভ কৰাত বিশেষভাৱে সহায় কৰিছে৷ আনহাতে উত্তৰ-পূৱ ভাৰতৰ জনগোষ্ঠীসমূহ ঔপনিবেশিক শক্তিৰ আগমন ঘটাৰ আগলৈকে তেনে কোনো প্ৰভাৱশালী ৰাষ্ট্ৰশক্তিৰ সংস্পৰ্শলৈ অহা দেখা নাযায়৷ এই জনজাতীয় গোটসমূহ যথেষ্ট বৈচিত্ৰতাপূৰ্ণ, প্ৰতিটো ক্ষুদ্ৰ গোটৰে নিজস্ব ভাষা, সুনিৰ্দিষ্ট ভৌগলিক পৰিসীমা আৰু নিজা কৃষ্টি –সংস্কৃতি আছে৷ তদুপৰি তেওঁলোকৰ মাজত বৈৰীমূলক সম্পৰ্ক থকা দেখা যায়৷

সাহিত্য ডট অৰ্গ: ছাৰ, সাধাৰণতে দেখা যায় যে আমাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসমূহ যথেষ্ট পৰিচিতি সংবেদনশীল, যিটো ভাৰতৰ অইন ঠাইৰ জনজাতিসমূহৰ মাজত তুলনামূলকভাবে যথেষ্ট কম৷ এনে কিয়? তেওঁলোকে বাৰু ভাৰতৰ অইন জনজাতিসমূহৰ তুলনাত মূলসুঁতিৰ মানুহখিনিৰ পৰা নিজকে অধিক বিচ্ছিন্ন( alienated) যেন অনুভৱ কৰে নেকি?

° সোনোৱাল: দৰাচলতে ‘পৰিচিতি’ৰ সংজ্ঞাই আপেক্ষিক৷ আমি প্ৰায়ে জনজাতীয় লোকসমূহৰ মাজত পৰিচিতি সংকট হোৱা বুলি উল্লেখ কৰোঁ৷ ইয়াৰ অৰ্থ এয়া যে এই মানুহখিনিয়ে এনে এটা পৰিস্থিতিত আহি উপনীত হৈছে যে য’ত তেওঁলোকে সামাজিক আৰু ৰাজনৈতিক ভাৱে নিজা বুলি দেখুৱাবলৈ কোনো একক সংস্কৃতি আৰু পৰম্পৰাৰ অভাৱ হৈছে৷ তদুপৰি এয়াও সঁচা নহয় যে ভাৰতৰ মূল ভূখণ্ডৰ জনজাতিসমূহ পৰিচিতি সচেতন নহয়৷ প্ৰকৃততে, তেওঁলোকে ইতিমধ্যে দেশৰ বৃহত্তৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত এক সুকীয়া পৰিচিতি লাভ কৰিছে৷ কিন্তু উত্তৰ-পূৱৰ জনজাতীয় গোটসমূহ জনসংখ্যাৰ দিশৰ পৰা ক্ষুদ্ৰ আৰু ভিন্নতাৰে পূৰ্ণ৷ তেওঁলোকে বহু পলমকৈহে অজনজাতীয় সমাজ-ব্যৱস্থাৰ সংস্পৰ্শলৈ আহে, বিশেষকৈ বৃটিছৰ আগমনৰ পিছত৷ ভৈয়ামৰ জনজাতিসমূহে আহোম আৰু কোঁচ ৰজাৰ ৰাজত্ব কালত বৈষ্ণৱ পন্থাৰ সংস্পৰ্শলৈ আহি পৰম্পৰাগত জীৱন শৈলী প্ৰায় এৰাৰ দৰেই হ’ল৷ বৈষ্ণৱ পন্থা আৰু ধৰ্মীয় গুৰুসকলৰ প্ৰভাৱ ইমানেই বেছি হ’ল যে এই গোটসমূহে Simon Commission-ৰ সন্মুখত পিছ পৰা শ্ৰেণীভুক্ত কৰিবলৈ লোৱা দাবী কাৰ্য্যসূচীত কোনো প্ৰতিনিধি প্ৰেৰণ নকৰিলে, তেওঁলোকে নিজকে পিছ পৰা জনজাতি অথবা পিছ পৰা জাতি হিচাপে পৰিচয় দিব নিবিচাৰিলে৷


যেতিয়া ৰাষ্ট্ৰৰ কল্যাণকামী আঁচনিসমূহ আৰম্ভ হ’ল আৰু মানুহবোৰৰ তথাকথিত সামাজিক মৰ্য্যাদাৰ প্ৰকৃত ছবিখন সম্পৰ্কে বোধোদয় হ’ল তেতিয়াহে তেওঁলোকে তেওঁলোকৰ Ethnic Identity (নৃতাত্বিক পৰিচিতি) সম্পৰ্কে পুনৰ চিন্তন কৰিবলৈ ধৰিলে৷ যাৰ ফলত আমি লানি নিছিগা ৰাজনৈতিক আন্দোলনসমূহ দেখিবলৈ পাইছোঁ আৰু ইয়াৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আন কিছু বিষয় যেনে অৰ্থনীতি, ৰাজনীতি, জনগাঁঠনি, আৱেগ, সমাজ, সংস্কৃতি ইত্যাদি৷ ইয়াৰ বিপৰীতে আকৌ পাহাৰৰ জনজাতিসমূহে সদৃশ নৃতাত্বিক ইতিহাস অথবা খৃষ্টান ভাতৃত্ববোধৰ আধাৰত দেশৰ বৃহত্তৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত এক সুকীয়া স্থান লাভৰ অৰ্থে একগোট হোৱা দেখা গৈছে৷ এতিয়া আহোঁ বিচ্ছিন্ন অথবা alienated অনুভৱ কৰাৰ কথালৈ, মোৰ মতে এয়া মূলতঃ ৰাজনৈতিক আৰু প্ৰশাসন সম্বন্ধীয়৷ অনুন্নতা, কেন্দ্ৰত যথোপযুক্ত ৰাজনৈতিক প্ৰতিনিধিত্বৰ অভাৱ; জ্বলন্ত বিষয়সমূহ কেন্দ্ৰই যিদৰে চম্ভালিছে, ইত্যাদিবোৰেই এনে অনুভৱৰ আঁৰৰ কাৰণ

সাহিত্য ডট অৰ্গ: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক যথেষ্ট উদাৰতাবাদী বুলি জনা যায় বিশেষকৈ নাৰী সম্পৰ্কীয় বিষয়সমূহত, যাৰ কৃতিত্ব ঘাইকৈ জনজাতীয় সমাজৰ প্ৰভাৱকেই দিয়া হয়৷ কিন্তু জনজাতীয় গোটমূহৰ মাজত এতিয়াও ডাইনী হত্যাৰ দৰে প্ৰথাও চলি আছে৷ এনে কিয়? এফালে তুলনামূলকভাৱে সমতাবাদী, লিংগ বৈষম্যৰ পৰা মুক্ত সমাজ, আনপিনে আকৌ এটা মান্ধাতাযুগীয়া অন্ধবিশ্বাসৰ পৰা মুক্ত হ’ব পৰা নাই৷

° সোনোৱাল: মই পিছে আপোনাৰ সৈতে সম্পূৰ্ণ সহমত পোষণ কৰিব নোৱাৰোঁ, বিশেষকৈ এই ধাৰণাৰ যে জনজাতীয় সমাজসমূহ লিংগ বৈষম্যমুক্ত৷ চাওঁক status, position, violence ইত্যাদিবোৰ দৰাচলতে আপেক্ষিক সংজ্ঞা, ই নিৰ্ভৰ কৰে সমাজখনৰ প্ৰচলিত আচৰণ বিধিৰ ওপৰত৷ গতিকে এনে ধৰণৰ ধাৰণা(প্ৰশ্নত উল্লেখ কৰা) গঢ় লওঁতে মন কৰিব লাগিব নিৰ্ণায়কসমূহনো কি! জনজাতীয় সমাজসমূহো পুৰুষ প্ৰধান আৰু ইয়াৰ গঠনেই এনেকুৱা য’ত মূল্যৱান সম্পদসমূহৰ(ভৌতিকেই হওঁক বা বৌদ্ধিকেই হওঁক) ওপৰত নাৰীৰ ক্ষমতা, কৰ্তৃত্ব যৎসামান্য অথবা একেবাৰেই নাইকীয়া৷

মৌখিক পৰম্পৰাসমূহ যেনে; সাধুকথা, কাহিনী, ফকৰা-যোজনা, আপ্তবাক্য ইত্যাদিয়ে নাৰী যে সমাজৰ অত্যন্ত গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সিদ্ধান্ত গ্ৰহণ নিয়ন্ত্ৰণ ইত্যাদিত নাৰী যে এগৰাকী দ্বিতীয় ব্যক্তি তাৰ সম্পূৰ্ণ ইংগিত বহন কৰে৷ ধৰ্মীয় কৰ্মকাণ্ড, গাঁও আৰু সম্প্ৰদায় (community) স্তৰৰ বিভিন্ন সিদ্ধান্ত গ্ৰহণ, ভূমি আৰু বননিৰ উত্তৰাধিকাৰ ইত্যাদিৰ আওঁতাৰ পৰা নাৰীক বাহিৰত ৰখা হয়৷ পথাৰত পুৰুষৰ সৈতে একেলগে কৰ্মত অংশ গ্ৰহণ কৰা অথবা উৎসৱে পাৰ্বনে সমানে সমানে অংশ গ্ৰহণ কৰাই প্ৰকৃততে নাৰীৰ সমানধিকাৰ নুবুজায়৷ এনেদৰে চাবলৈ গ’লে জনজাতীয় সমাজত নাৰীৰ অৱস্থান আমি ভৱাতকৈ সম্পূৰ্ণ পৃথক৷ গতিকে এনে এক সমাজ ব্যৱস্থাত মোৰ দৃষ্টিত ডাইনী হত্যাৰ দৰে ঘটনা লিংগ বৈষম্যৰ এটা ক্ষুদ্ৰ অংশহে মাথোঁ৷ তদুপৰি এনে নহয় যে ডাইনী বিষয়ত কেৱল নাৰীহে ভুক্তভোগী, পুৰুষো এনে ব্যৱস্থাৰ চিকাৰ হয়৷ জনজাতীয় সমাজত witchcraft-ৰ ধাৰণা অতীজৰে পৰাই প্ৰচলিত৷ এই সম্পূৰ্ণ বিষয়টো দৰাচলতে সন্দেহ, অন্ধবিশ্বাস, কিছুমান ঘটনাৰ কাকতালীয় সংযোগ ইত্যাদিৰ ওপৰত প্ৰতিষ্ঠিত৷ সাধাৰণতে অকলশৰীয়া মানুহ, বিধৱা, পৰিত্যক্তমহিলা, বৃদ্ধ দম্পতি আদিয়েই ভুক্তভোগী হোৱা দেখা যায়৷ সেয়ে ইয়াক নাৰীৰ প্ৰতি বৈষম্য বোলাতকৈ সামূহিক হিষ্টিৰিয়া বোলাহে যুগুত হ’ব৷ আৰু সাম্প্ৰতিকভাৱে বৃদ্ধি পোৱা এনেবোৰ ঘটনাৰ বাবে মূলতঃ ভূমি দখল, সম্পত্তি বৃদ্ধি, ব্যক্তিগত শত্ৰুতা ইত্যাদিক ঘাইকৈ জগৰীয়া কৰিব পাৰি৷ এইখিনিতে আন এটা কথাও উল্লেখ কৰোঁ যে এনেবোৰ ঘটনা কেৱল মাত্ৰ জনজাতীয় সমাজতেই দেখা নাযায়, ইয়াৰ উপস্থিতি সাৰ্বজনীন৷

সাহিত্য ডট অৰ্গ: ছাৰ,আপুনি জনজাতি আৰু বননিৰ সম্পৰ্ক বিষয়েও গৱেষণা কৰিছে? এই বিষয়ে অলপ ক’ব নেকি?

°সোনোৱাল: ই প্ৰকৃততে এটা বিশাল বিষয়৷ তথাপি থোৰতে ক’ব পাৰি যে জনজাতি আৰু বননিৰ মাজৰ সম্পৰ্ক সহজীবিতাৰ সম্পৰ্ক৷ দুয়োটাই ইটোৱে সিটোক জীয়াই থাকিবলৈ সহযোগ কৰে৷ কিন্তু ঔপনিৱেশিক চৰকাৰ এই সম্পৰ্ক চিনি পোৱাত ব্যৰ্থ হ’ল আৰু মানুহখিনিক বনজ সম্পদসমূৰ পৰা আইনীভাৱে নিলগাই ৰখাৰ ব্যৱস্থা কৰিলে৷ স্বাধীনোত্তৰ কালৰ ভাৰত চৰকাৰেও একে নীতিকে বাহাল ৰাখিলে, যিয়ে বননিৰ ওপৰত তেওঁলোকৰ অধিকাৰ খৰ্ব কৰিলে৷ শেহতীয়াকৈ জনজাতিসমূহক চৰকাৰৰ বননি ব্যৱস্থাপনা অভিযানত ভূমিকা প্ৰদান কৰা দেখা গৈছে৷ যুটীয়া বননি ব্যৱস্থাপনা এনে এক আঁচনি৷ বননি অধিকাৰ আইন, ২০০৬-খন অৱশ্যে বিচৰা ধৰণৰ পৰিবেশ সৃষ্টি কৰাত ব্যৰ্থ হৈছে৷ দেশৰ বন বিভাগৰো জনজাতিসকলক বননিৰ ওপৰত অধিকাৰ দিবলৈ সদিচ্ছাৰ অভাৱ দেখা যায়৷

সদৌ শেষত ইয়াকে কওঁ যে সমাজ আৰু সংস্কৃতি সদা পৰিৱৰ্তনশীল৷ পৰম্পৰাসমূহ প্ৰতিটো প্ৰজন্মৰ হাতত নতুন ৰূপ লয়, য’ত অপ্ৰয়োজনীয় কিছু অংশ এৰি সাময়িক সময়ৰ সৈতে ৰজিতা খুৱাই নতুন নিয়মক আদৰি লয়৷ জনজাতি উন্নয়ন আৰু প্ৰশাসনৰ কথা ক’বলৈ যাওঁতে পৰিৱৰ্তিত প্ৰক্ৰিয়াসমূহ জাপি দিয়া ব্যৱস্থা যেনহে লাগে৷ সেয়ে ভবিষ্যতেও জনজাতীয় সমাজৰ উন্নয়নৰ বাবে হাতত লোৱা পৰিকল্পনাসমূহ কৰোঁতে অলপ সাৱধান হোৱা উচিত আৰু নিশ্চয়কৈ তেওঁলোকে যিধৰণে বিচাৰে পৰিৱৰ্তন সেইধৰণেহে হোৱা উচিত৷

সাহিত্য ডট অৰ্গ: আপোনাৰ লগত আজি আমি ভালেমান কথা পাতিলোঁ আৰু উপকৃতও হ’লোঁ। ভবিষ্যতেও আপোনাৰ গবেষণা কৰ্মই সমাজক তথা আমাক উপকৃত কৰিব বুলি আমি আশাবাদী। আপোনাৰ ব্যস্ত জীৱনৰ অকণমান সময় আমাৰ বাবে অতিবাহিত কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ যাঁচিলোঁ। সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনালৈ যাঁচিলোঁ অলেখ-অযুত শুভকামনা; লগতে আপোনাৰ সুস্থ-সবল, নিৰোগী দীৰ্ঘ জীৱনৰ কামনা কৰিলোঁ।

(ড° সোনোৱালৰ বিষয়ে সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক )

**************************

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!