জাবৰ: পাৰ্থ প্ৰতিম শৰ্মা

কামাখ্যা গেটত ৰুম লৈ আছো তেতিয়া। নিজেই ৰান্ধি-বাঢ়ি খাওঁ। লগত ত্ৰিদিব শৰ্মা। দুয়োজনে মিলি কেনেবাকৈ ৰান্ধি মেলি খাওঁ আৰু। ৰন্ধা-বঢ়াতকৈ বেছি জটিল কাম আছিল বাছন ধোৱা। বিশেষকৈ ঠাণ্ডাৰ দিনত। মৰণত শৰণ  দি বাছন-বৰ্তনখিনি ধুই থওঁ ৰাতি। কিন্তু তাতোকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল ৰাতিপুৱা ৬বজাতে জাবৰ নিবলৈ অহা গাড়ীখনত জাবৰ জমা দিয়া। পুৱা প্ৰায়ে আমি জাবৰ খিনি ৬ বজাত জমা দিয়াত অসমৰ্থ হওঁ। তাৰ ফলস্বৰূপে দুদিন মানৰ মূৰতহে কষ্ট কৰি পুৱাই উঠি জাবৰ জমা দিয়া হয়।

এবাৰ এনেকৈ এলাহ কৰি থাকোতে প্ৰায় ৪/৫ দিনৰ জাবৰ জমা হ’ল। গধূলি বিশ্ববিদ্যালয়ৰ পৰা আহি ৰুমত সোমোৱাৰ লগে লগে নাকত ভেকেটা-ভেকেট গোন্ধ এটা লাগিল। উস: সহ্যৰ বাহিৰত । মই বোলো এইখিনি আজি পেলাবই লাগিব। লগে লগে নতুন পলিথিন এটাত জাবৰ খিনি ভৰাই দিলো । অলপ বজাৰ কৰিবও লগা আছে। চাউল আৰু কেঁচা চবজি অলপ কিনিব লগা আছে। মিঠাতেলো আনিব লাগিব। নতুন লংপেণ্ট(Jeans)এটাও লৈছিলো অলপতে। সেইটোওঁ অলপ ঠিক কৰিব লগা আছে, মানে পেণ্টটোৰ ভৰি দুটা অলপ চুটি কৰিব লগা আছে। আন এটা পলিথিনত লংপেণ্টটোও ভৰাই ল’লো।

-“অ শৰ্মা ব’লাহে কিমান দেৰি কৰিবা”।

-“ব’লা”।

দুই বন্ধুৱে কথা পাতি গৈ আছো। একেবাৰে মচগুল হৈ। মোৰ দুই হাতত দুটা পলিথিন। কথাৰ নিচাৰ কোবত ডাষ্টবিনটো কেতিয়া পাৰ হৈ গ’লো গমেই নাপালো। শৰ্মাই মনত পেলাই দিলে-

-“ ডাষ্টবিন পাৰ হৈ আহিলো হে পাৰ্থ!”

ধেৎতেৰি, দৌৰ মাৰি গৈ জাবৰখিনি পেলাই থৈ আহিলো। তাৰ পিছত ভাবিলো- প্ৰথমে পেণ্টটো দৰ্জীক দি আহো। সেই কামটো হোৱালৈ বজাৰখিনি কৰি ল’ম। ভবামতেই কাম। দৰ্জীৰ দোকানত গৈ সুধিলো-

-“জীনছ পেণ্ট এটা চুটি কৰিব লগা আছিল। এতিয়াই কৰি দিব পাৰিবনে?”

-“দিয়ক”।

পলিথিনটো খোলাৰ লগে লগে ভেকেটা-ভেকেট গোন্ধটো নাকত লাগিলহি।

ধেৎতেৰি!!

আচলতে জাবৰ আৰু লংপেণ্ট অনা পলিথিন দুটা একে ৰঙৰ আছিল। জাবৰ পেলাবলৈ যাওঁতে দৌৰাদৌৰিতে লংপেণ্ট অনা পলিথিনটোৱে ডাষ্টবিনত পেলাই আহিলো।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!