জালুকবাৰী বুঢ়া নহয় কেতিয়াও (-দেৱজিত নাথ)
সময়বোৰ বুঢ়া হৈ গৈ থাকিলেও
যৌৱনবোৰ পকি সৰি থাকিলেও
জালুকবাৰী বুঢ়া নহয় কেতিয়াও
যদিহে হয়…
ৰৈ যাব ফাগুনৰ বতাহজাক চিৰদিনলৈ
আৰু হৃদয়ৰ ঠিকনাবোৰে হেৰুৱাই পেলাব
হৃদয়ৰ বতৰাবোৰক !
জালুকবাৰী মানেই সপোনৰ বৰষুণ
জালুকবাৰী মানেই জীৱনৰ জয়গান
জালুকবাৰী মানেই যৌৱনৰ উদ্যম
জালুকবাৰী মানেই ভালপোৱাৰ উৎসৱ !
জালুকবাৰী মানেই ভূপেনদাৰ
জিলিকাব লুইতৰে পাৰ..
জালুকবাৰী মানেই ৰূপকোঁৱৰৰ
সাজু হ সাজু হ নৱজোৱান…
জালুকবাৰী মানেই কলাগুৰুৰ
সুৰৰ ডেউলৰ ৰূপৰ শিকলি..
জালুকবাৰী মানেই জুবিনৰ
পাখি মেলি যাওঁ উৰি…
জালুকবাৰী বুঢ়া নহয় কেতিয়াও
জালুকবাৰীৰ আছে নিজা এখন আকাশ
য’ত আৰ.চি.চি নাইবা এ.টি.ৰ মাতাল প্ৰেমিকবোৰে ৰচে সৰগ
কৃষ্ণচুড়াৰ তলে তলে আছে ভালপোৱাৰ বাট
য’ত জীৱনক বিচাৰি ভিৰ কৰেহি
ইউনিভাৰ্চিতিৰ পাগল প্ৰেমিকাবোৰ !
দুৰ্ভাগ্যৰ ক’লা ডাৱৰে আকাশ ছানি ধৰাৰ পাছতো
আতংকৰ ধুলিয়ে ধুৱলি-কুঁৱলি কৰাৰ পাছতো
জালুকবাৰীত হৃদয়ে চিনি পাব হৃদয়ক
ভালপোৱাই হাত বাউলি দি মাতিব জীৱনক
গাভৰুবোৰৰ খিল খিল হাঁহিত
মাৰ্কেটৰ সন্ধিয়াবোৰ জীপাল হৈয়েই থাকিব ৷
যান্ত্ৰিকতাৰ পৃথিৱীত যৌৱনবোৰ পিষ্ট হোৱাৰ পাছতো
জালুকবাৰী বুঢ়া নহয় কেতিয়াও
তেতিয়াও হৃদয় উৱলি যোৱাকৈ চিঠি লিখিব
জীৱনৰ সৰ্বস্ব হেৰুওৱা ভাগৰুৱা প্ৰেমিকে
ভালপোৱাৰ নতুন সুত্ৰ লিখিবলৈ আহিব
নতুন লিউনাৰ্ড’, নিউটন নাইবা আইনষ্টাইন
টানেনবামে আকৌ লিখিব হৃদয়ৰ অপাৰেটিং চিষ্টেম
নাইবা প্ৰেমৰ নেটৱাৰ্কিং !
আৰু আহিব বানীকান্ত, দেৱকান্ত অথবা নৱকান্ত
যি আকৌ লিখিব “মনত পৰেনে অৰুন্ধতী”
বিশ্বাসৰ অনৰ্গল কবিতা লিখিয়েই থাকিব
কোনোবা নাম নজনা কবিয়ে !
জীৱনৰ গতিপথ ৰুদ্ধ হ’ব খোজাৰ পৰতো
জালুকবাৰী বুঢ়া নহয় কেতিয়াও !
এজাক প্ৰেমিক চৰাই উৰি গুচি যোৱাৰ পিছত
আহিব আৰু এজাক প্ৰেমিক চৰাই
যি ঘৰ সাজিব জালুকবাৰীত প্ৰেম আৰু বিশ্বাসৰ !
জালুকবাৰী বুঢ়া নহয় কেতিয়াও !!