সাহিত্যিক জয়ন্ত মাধব বৰাদেৱৰ সৈতে এটি সাক্ষাৎকাৰ

সাহিত্য ডট অৰ্গৰ ফালৰ পৰা আমি উপন্যাসিক,গল্পকাৰ,অনুবাদক,শিশু সাহিত্যিক তথা চিত্র নাট্যকাৰ জয়ন্ত বৰা দেৱৰ স’তে যোগাযোগ কৰিছিলোঁ। ভাদ মাহৰ শেহৰ ফালৰ এটি আবেলিত পূৰ্ব নিৰ্ধাৰিত সময় সূচীমতে তেখেতক লগ ধৰিবলৈ বাসস্থানলৈ গৈছিলোঁ৷ অত্যন্ত সৃজনশীল জয়ন্ত মাধব বৰাই আমাক অতি সহৃদয়তাৰে আদৰণি জনাইছিল। তেখেতৰ আন্তৰিকতাত আমি অতি আনন্দিত হৈছিলোঁ। স্থান গ্ৰহণ কৰাৰ পিছত দুই এষাৰ কথা পতাৰ পিছত আমি কথা বতৰা কৰিবলৈ আগবাঢ়িছিলোঁ।

জয়ন্ত মাধব বৰা

সাহিত্য ডট অৰ্গ : নমস্কাৰ চাৰ!আমি সাহিত্য ডট অৰ্গৰ ফালৰ পৰা আপোনাৰ ওচৰলৈ আহিছোঁ। কিছু কথা বতৰা হব বিচাৰিছিলোঁ। বিশেষকৈ আপোনাৰ লেখা সমূহৰ বিষয়ে আমাৰ পাঠকক জ্ঞাত কৰোৱাৰ এক সদ্দিচ্ছা আগত ৰাখি লৈ।

জয়ন্ত মাধব বৰা: নমস্কাৰ৷ প্ৰথমেই মই সাহিত্য ডট্ অৰ্গৰ লগত জড়িত সকলোলৈকে মই শাৰদীয় শুভেচ্ছা জনাইছোঁ। লগতে মোৰ সাক্ষাৎকাৰ এটা লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।

সাহিত্য ডট অৰ্গ:  আৰম্ভণিতে জন্ম,শিক্ষা তথা কাৰ্যৰ কথা অলপ জানিবৰ মন আছিল।

জয়ন্ত মাধৱ বৰা: মোৰ দেউতাৰ নাম শ্ৰী দুৰ্গাধৰ বৰা আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া পুতু বৰা৷ মোৰ জন্মস্থান দেৰগাওঁ যদিও বৰ্তমান গুৱাহাটীৰ পাঞ্জাবাৰীৰ বাসিন্দা৷ মই দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা প্ৰাক্ স্নাতক ডিগ্ৰী আৰু যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মান সহ স্নাতক ডিগ্ৰী লৈছিলোঁ৷ তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী কৰিছিলোঁ৷ তাৰোপৰি তেজপুৰ শিক্ষণ মহাবিদ্যালয়ৰ পৰা বি এড্ কৰিলোঁ৷ বৰ্তমান মই অসম সচিবালয়ৰ শিক্ষা বিভাগৰ এজন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ৷

সাহিত্য ডট অৰ্গ:  খুব সুন্দৰ। আপুনি বৰ্তমান সময়লৈকে ৮ খন গল্প সংকলন, ১২ খন উপন্যাস, ৫ খন অনুবাদ, ৪ খন শিশু সাহিত্য, দূৰদৰ্শন আৰু অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা বহুতো স্ক্ৰিপট্, চলচ্চিত্রৰ চিত্ৰনাট্য লিখাৰ ওপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো গৱেষণা পত্ৰ পাঠ কৰিছে৷ আনহাতে আপুনি এজন দায়িত্বশীল পদত থকা চৰকাৰী বিষয়া৷ এই দুটা জীৱনৰ সামঞ্জস্য ৰাখোতে আপুনি অসুবিধাৰ সন্মুখীন নিশ্চয়কৈ হয়৷ তেনে ক্ষেত্ৰত আপুনি তাল-মিল কেনেকৈ ৰাখে?

জয়ন্ত মাধব বৰা:  চাকৰিৰ দায়িত্ব আৰু লিখা-মেলা, এই দুয়োটাৰে তাল-মিল ৰখাৰ কথাটো আজিলৈকে চিন্তাই কৰা নাই৷ সময়ৰ কাম সময়ত কৰি যাওঁ৷ যিটো কামেই কৰোঁ মনোযোগ দি আন্তৰিকতাৰে কৰোঁ৷ সেই যে মনোযোগ দি আন্তৰিকতাৰে কাম কৰোঁ, হয়তো তেনেকৈয়ে কামবোৰ হৈ যায় বা গৈ আছে৷

সাহিত্য ডট অৰ্গ: সাধাৰণতে দেখা যায় পাঠকৰ ভাল লগা কিতাপ এখন লেখকৰ সিমান ভাল নালাগিবও পাৰে,  মানে লেখকজনৰ যিটো আত্ম-তৃপ্তি থাকিব লাগে নাথাকিবও পাৰে৷ আপোনাৰ ক্ষেত্ৰত তেনেকুৱা হৈছে নেকি?

জয়ন্ত মাধব বৰা:  সাধাৰণতে এজন লেখকৰ বাবে বা এগৰাকী লেখিকাৰ বাবে তেখেতৰ দ্বাৰা সৃষ্টি হোৱা সকলো গ্ৰন্থই প্ৰিয়৷ যেনেদৰে মাক-দেউতাকে তেওঁলোকৰ কেউটা ল’ৰা-ছোৱালীকে সমানেই ভাল পায়৷ তথাপিও কেতিয়াবা এনে হয় অৱশ্যে, লেখকে লিখি আত্মসন্তুষ্টি পোৱা কিতাপ এখন পাঠকৰ পৰা হয়তো আশা কৰা ধৰণে আদৰি লোৱা নাই৷

সাহিত্য ডট অৰ্গ: আপোনাৰ  ১২ খন উপন্যাস ইতিমধ্যে প্ৰকাশ হৈ ওলাল, আৰু আমি জানিবলৈ পাইছো আপোনাৰ আন এখন উপন্যাস “মায়ং, যাদুৰ দেশৰ গোপন গাঁথা ”  প্ৰকাশৰ পথত৷ এই সকলোবোৰ উপন্যাস আপোনাৰ প্ৰিয়, তথাপিও এনেকুৱা কোনোবা এখন উপন্যাস আছে নেকি যিখন লিখি আপুনি সন্তুষ্ট আৰু আপোনাৰ অতিকে প্ৰিয়৷ যদি আছে উপন্যাসখনৰ বিষয়ে অলপ ক’ব নেকি?

জয়ন্ত মাধব বৰা:  উৎসৱৰ আলোচনীবোৰত বহুতো উপন্যাসেই লিখিলোঁ৷ বৰ্তমানলৈকে ১৩ খন উপন্যাস প্ৰকাশ পাইছে৷ কেউখন উপন্যাসেই মোৰ প্ৰিয়৷ তথাপিও তাৰ মাজৰ পৰা এখন উপন্যাস বাচিবলৈ দিলে মই নিৰ্বাচিত কৰিম “মৰিয়াহোলা ৷”

“মৰিয়াহোলা “ৰ মূল ব্যক্তব্য হ’ল জয়ধ্বজ সিংহৰ দিনত আহোম আৰু মোগলৰ মাজত যুদ্ধ হওঁতে ৯০০ মোগল সেনা যুদ্ধবন্দী হৈছিল৷ সেই বন্দী মোগল সেনাক ৰখা হৈছিল ধনশিৰি উপত্যকাৰ নামদৈয়াঙত৷ ৯০০ মোগল সেনাই কাঁহ-পিতল মৰিয়াই মৰিয়াই কাঁহ-পিতলৰ সামগ্ৰী নিৰ্মাণৰ কামত নিয়োজিত কৰা হৈছিল৷ সেইকাৰণে তেওঁলোকক মৰিয়া বোলা হৈছিল৷ এই ৯০০ মোগল সেনাকে মানে মৰিয়াকে এদিন ৰজাই ধান খেতি কৰিবলৈ হুকুম জাৰি কৰিলে৷ কোনোদিনে ধান খেতি কৰি নোপোৱা মৰিয়াবিলাক বিপদত পৰিল৷ মৰিয়াসকলে দেখিলে ওচৰৰে কোঁচ ৰাজ্যৰ প্ৰজাসকলে গৰুৱে হালবাই মাটি বোকা কৰি ভূঁই ৰুই ধানখেতি কৰে৷ আনহাতে মৰিয়াসকলে হালবাব নাজানে আৰু তেওঁলোকৰ গৰুও নাই হালবাই খেতি কৰিবলৈ৷ ৯০০ মৰিয়াই ব্ৰহ্মপুত্ৰৰ পলসুৱা বোকা-মাটি আনি এঠাইত গোটালে আৰু সেই মাটিত ভূঁই ৰুই ৬০০ ডাঙৰি ধান পালে৷ কালক্ৰমত সেই ৯০০ মৰিয়াই তাতে গাওঁ পাতি থাকিবলৈ ল’লে আৰু মৰিয়াই মাটি খান্দি হোলা কৰাৰ বাবে সেই ঠাইৰ নাম হ’ল মৰিয়াহোলা৷ তেওঁলোকে যি ঠাইত পলসুৱা বোকা-মাটি পেলাই খেতি কৰিছিল, সেই ঠাইৰ নাম হ’ল বোকাখাট৷

এই মৰিয়াহোলা পিছত ব্ৰহ্মপুত্ৰৰ খহনীয়াত সম্পূৰ্ণ জাঁহ গ’ল৷ মৰিয়াহোলাৰ সংগ্ৰাম আৰু মৰিয়াহোলা নিঃচিহ্ন হোৱাৰ যন্ত্ৰণাই হ’ল মৰিয়াহোলাৰ কাহিনী৷

সাহিত্য ডট অৰ্গ : আপোনাৰ আন এখন গল্প সংকলন ” জাকৈয়া ছোৱালী “৷ আপুনি এইখন সংকলনৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা পাইছিল৷ এইখন গল্প সংকলনৰ বিষয়ে অলপ জানিব বিচাৰোঁ৷

জয়ন্ত মাধৱ বৰা : ” জাকৈয়া ছোৱালী ” গল্প সংকলনত মুঠ ৩০ টা গল্প আছে৷ এই ৩০ টা গল্পই সম্পূৰ্ণ সত্য পটভূমিৰ ওপৰত ৰচনা কৰা হৈছে৷ গ্ৰাম্য জীৱনৰ সৰলতা, সপোন, যন্ত্ৰণা এইবোৰ এই ৩০ টা গল্পত সন্নিবিষ্ট কৰা হৈছে৷

সাহিত্য ডট অৰ্গ : সাধাৰণতে কোৱা হয় প্ৰত্যেক পুৰুষৰ সাফল্যৰ আঁৰত এগৰাকী নাৰী থাকে! আপোনাৰো সাফল্যৰ আঁৰত কোনোবা আছে নেকি?

জয়ন্ত মাধব বৰা:   প্ৰেৰণা বহুতৰে পৰা পোৱা যায়৷ শুভেচ্ছা সকলো পাঠকৰ পৰা পাইছোঁ৷

সাহিত্য ডট অৰ্গ:   জয়ন্ত দা আপুনি প্ৰশ্নবোধক উত্তৰ দিলে৷ বাৰু যিকি নহওঁক৷ সাহিত্যৰ ক্ষেত্রত আপোনাৰ নতুন কোনো পৰিকল্পনা আছে নেকি?

জয়ন্ত মাধব বৰা:  এই বছৰ ” মায়ং” ৰ ওপৰত লিখা উপন্যাসখন প্ৰকাশ পাব৷ প্ৰকৃততে ” মায়ং ” ইতিহাস নহয়৷ মায়ঙক ভেজা দি উপন্যাসখন লিখা হৈছে৷ ইয়াৰ পাছত ” গো-বাটৰ গো-ধূলি ” আৰু “যুঁজ” নামৰ দুখৰ উপন্যাসৰ পৰিকল্পনা কৰা হৈছে৷ অহাবছৰ দুয়োখন উপন্যাস প্ৰকাশ পাব৷

সাহিত্য ডট অৰ্গ: আপোনাৰ কিবা সপোন, যিটো হয়তো এতিয়াও ফলিয়াব বাকী আছে?

জয়ন্ত মাধব বৰা:  সৃষ্টিশীল মানুহৰ সপোন বহুতেই থাকে৷ সপোন নাথাকিলে নতুন সৃষ্টি হ’ব কেনেকৈ !

সাহিত্য ডট অৰ্গ:  আপুনি ফেচবুকত সাহিত্য চৰ্চা কৰা নতুন প্ৰজন্মক নিশ্চয় দেখিছে৷ তেওঁলোকৰ প্ৰতি আপোনাৰ কিবা বাৰ্তা আছে নেকি?

জয়ন্ত মাধব বৰা:  ফেচবুকত মাজে মাজে কিছুমানৰ গভীৰ চিন্তা-ধাৰাৰ মন চুই যোৱা লেখনি দেখোঁ৷ হয়তো আলোচনী বা বাতৰি কাকতত প্ৰকাশ হোৱা নাই৷ ফেচবুকৰ সেই সৃষ্টিশীল সাহিত্যৰো যথেষ্ট মূল্য আছে৷ ফেচবুকৰ সমস্যাটো হ’ল তাত কোনো সম্পাদনা নাথাকে বাবে তেওঁলোকৰ লেখনিৰ মানদণ্ড সম্পৰ্কে তেওঁলোকে নিজে নিৰূপণ কৰিব নোৱাৰে৷ গতিকে তেওঁলোকৰ লেখাৰ উৎকৰ্ষ সাধনতো কেতিয়াবা সন্দেহ থাকে৷ গভীৰ অধ্যয়ন কৰি লিখিলে ফেচবুকত উৎকৃষ্ট সাহিত্য পোৱাৰ সম্ভাৱনা আছে৷

সাহিত্য ডট অৰ্গ:  আপুনি নিশ্চয় জানে,সাহিত্য ডট অৰ্গ অসমীয়া ইউনিকোড মান্যক এখন ই আলোচনী। এমুঠিমান ভাষা জননীক মনে প্ৰাণে ভালপোৱা অসম সন্তানৰ সপোনৰ ফচল। এই সাহিত্য ডট অৰ্গলৈ  আপোনাৰ কিবা বাণী?

জয়ন্ত মাধব বৰা:  “সাহিত্য ডট অৰ্গ”লৈ মোৰ শুভেচ্ছা থাকিল৷ অসমীয়া সাহিত্য বিকাশত এই ই আলোচনীখনে এক বিশিষ্ট বৰঙণি আগবঢ়াই যাওঁক৷ মই সেইটোৱেই কামনা কৰিলোঁ৷

সাহিত্য ডট অৰ্গ:  আপোনাৰ বহুমুলীয়া সময় ল’লোঁ তথা বহুমূলীয়া তথ্য জ্ঞাত হ’লোঁ।

সাহিত্য ডট অৰ্গৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ঈশ্বৰে আপোনাক সুস্বাস্থ্যৰ অধিকাৰী তথা দীৰ্ঘজীৱি কৰক। সাহিত্যৰ চোতালত আপোনাৰ স্থিতি অজয় অমৰ হৈ ৰওক।তাৰ শুভকামনাৰে বিদায় মাগিছোঁ।

জয়ন্ত মাধব বৰা:  ধন্যবাদ৷

     ■■■

(সাহিত্য ডট অৰ্গৰ হৈ সাক্ষাৎগ্ৰহণ কৰিলে-  কুসুমাঞ্জলি শৰ্মা আৰু অঞ্জলি গগৈ বৰগোহাঞিয়ে)

One thought on “সাহিত্যিক জয়ন্ত মাধব বৰাদেৱৰ সৈতে এটি সাক্ষাৎকাৰ

  • December 21, 2017 at 9:24 pm
    Permalink

    কিছু জ্ঞান আহৰণ কৰাৰ লগতে তেখেতৰ সুস্হ্য কামনা কৰিলো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!