লোক-গাথাত জয়মতী কুঁৱৰী -(নিবেদিতা হাজৰিকা)
লোক–গাথাত জয়মতী কুঁৱৰী
নিবেদিতা হাজৰিকা
অনাদি কালৰে পৰা মানৱ সমাজত চিৰন্তন প্ৰৱাহ ৰূপে লোক-গাথাসমূহৰ প্ৰচলন হৈ আহিছে। কাহিনী প্ৰধান গীতকে লোক-গাথা বা মালিতা বুলি কোৱা হয়। প্ৰচলিত মালিতা সমূহৰ ভিতৰত জয়মতী কুঁৱৰীৰ মালিতাও লোক-গাথাৰ অন্তৰ্গত কৰিব পাৰি। জয়মতী কুঁৱৰীৰ জীৱন পৰিক্ৰমাৰ ঐতিহাসিক সত্যতাৰ ক্ষেত্ৰত মধ্যযুগৰ পৰা প্ৰচলিত হৈ থকা মালিতা সমূহৰ বিশেষ ভাবে গুৰুত্ব আছে। ইয়াত তাৰেই কিছু অংশ সংগ্ৰহ কৰিবলৈ প্ৰয়াস কৰা হৈছে। জয়মতী কুঁৱৰীৰ মালিতাত তেওঁৰ পৰিয়াল, বিবাহ, স্বামী আৰু জয়মতীৰ শাস্তিকে আদি কৰি বিভিন্ন সমল পোৱা যায়।
মৰাণৰ খাৰঘৰীয়া ডবাৰ তাই পণ্ডিত প্ৰয়াত কৃপানাথ ফুকনে দীৰ্ঘদিন ধৰি মানদেশৰ (বৰ্তমান ম্যানমাৰ) মান্দালয়ত থাকি অসম সম্পৰ্কীয় নানান ঐতিহাসিক সমল সংগ্ৰহ কৰিছিল। ফুকনদেৱে শ্যামাসকলৰ তাই ভাষাত লিখা ‘লাইলিক’ বুৰঞ্জীৰ আধাৰত ‘জয়মতী কুঁৱৰী’ নামৰ প্ৰখ্যাত মালিতা ৰঁচিছিল।
লেচাই বুঢ়াগোঁহাইৰ জীয়েক মোৰ আইতা
চন্দ্ৰদাৰু সুন্দ্ৰদাৰু সুন্দৰী বৰ।
ছ-অঁৰা ককাই ভাই এঘাৰজনী মাহী আই,
তেৰ বাইভনী পায়।।
মাদুৰি চহৰত ডাঙৰ হৈ আছিলোঁ
বৰগোঁহাইৰ আছিলোঁ জী।
গদাপাণি কোঁৱৰে নিয়ে তুংখাঙলৈ
চকলং বিয়াকে দি।।
সিদ্ধেশ্বৰী কুঁৱৰী লাহনৰ জীয়ৰী
শাহু চেনেহুৱা আই।
শহুৰ মোৰ হৈছিলে গোবৰ ৰজা স্বৰ্গদেউ
উপমা দিবলৈ নাই।।
শাহুৱে-শহুৰে আনন্দে পালিলে
নাপালোঁ অকণো দুখ।
মাদুৰিত যেনেকৈ আনন্দে আছিলোঁ
তেনেকৈ ভুঞ্জিলোঁ সুখ।।
গোবৰ মোৰ শহুৰে ৰাজপাট লভিলে
ঈশ্বৰৰ সুদৃষ্টি পায়।
মন্ত্ৰী সকলে স্বৰ্গদেউক বধিলে
নাছিলে অকণো দায়।।
গঙ্গাপ্ৰভা, অৰুণমতী, অভয়মতী, লাইমতী
ৰংমলা চেনেহৰ মাহী।
জনা, সৰুমলা, চন্দিকা, কমলা
মুখত মোহনী হাঁহি।।
কুৰি দিনৰ আগতে সপোনত দেখিলোঁ
বেজাৰত আছিলোঁ শুই।
সপোনৰ বৃত্তান্ত কিনো কম বিয়ৈদেউ
কওঁতেই জ্বলি যায় জুই।।
শুনাচোন বিয়ৈদেউ আসনত ধৰি লৈ
বধি আছে ল’ৰাৰজা।
আসনত বহিলৈ গদাপাণি কোঁৱৰে
পালিব লাগিছে প্ৰজা।।
দহ দিনৰ আগতে সপোনৰ কাহিনী
বেজাৰে ধৰে মোক ফান্দি।
জয়মতী চেনেহৰ বোৱাৰী আহি মোক
বিদায় মাগেহি কান্দি।।
শুনাচোন আইচুদেউ চেনেহৰ আইতা
শাহু বুলি গোহাৰি কৰোঁ।
দুৰ্দ্দৈৱ বিধিয়ে বঞ্চিলে শাহু আই
দুখানি চৰণত ধৰোঁ।।
তোমাক সেৱিবলৈ ভৰসা আছিলে
মোৰ নাই কৰ্মত লেখা।
তোমালৈ চেনেহ মোৰ আছিল শাহু আই
সেই গুণে দিলেহি দেখা।।
গদাপাণি গুচি গ’ল সবাকো এৰি গ’ল
নেপালোঁ একো নিৰ্ণয়।
আজি ডেৰ বছৰে আছেনে মৰিলে
বাতৰি নেপালোঁ মই।।
এপুৰা চাউলৰ ভাতে পেট নভৰে
চাৰিদোণ হ’লেহে জোখা।
দিওঁ ভাতে বাঢ়ি চাওঁ চকু ভৰি
পূৰ্ণিমা জোনৰে মুখ।।
আভোকৰ ভোকতো এপুৰা চাউল খায়
ভোকত লাগে চাৰি দোণ।
তুংখাং চহৰত জিলিকি আছিলে
যেন পূৰ্ণিমাৰ জোন।।
দুবছৰীয়া গেঁঞা ম’হ সাজত লাগে একোটা
এপুৰা মগুৰমাহ শাক।
প্ৰৱাসে প্ৰবন্ধে পেটৰ জোখা বুজি
কোনেনো খুৱাইছে তাক।।
অমৰাৱতী অলকা নুমলীয়া মাহী আই
মোৰ চেনেহুৱা আই।
মৰিবৰ সময়ত দৰিশন নাপালোঁ
বিধাতাই বঞ্চিলে পাই।।
সবাতোকৈ চেনেহৰ দন্দ্ৰদাৰু আইতা
মোৰ জন্মদাতা আই।
মৰিবৰ সময়ত দৰিশন নেপালোঁ
মোৰ মান অভাগী নাই।।
হৰিনাথ, পৰমানন্দ, আনন্দ, সুনন্দ
চেঙ্ কঙ্ নুমলী নাম।
নিৰ্ভয়, গঙ্গাৰাম, নৰনাথ গোঁহাঞদেও
ৰূপে গুণে অনুপম।।
দুৰ্গেশ্বৰ, ভোগেশ্বৰ জয়ৰাম, ধনীৰাম
মালভোগ গোবিন্দৰাম।
কান্ত, কৰুণা, ভদ্ৰনাথ, ৰাধানাথ
জয়নাথ চেনেহৰ ভাই।।
জয়মতী, বিজয়মতী, জয়প্ৰভা, জয়কান্তি
জয়তৰা সমে অঞ্জনা।
জয়েশ্বৰী, জয়দা, ৰত্নপ্ৰভা আইদেউ
সমে ভৈলো ন জনা।।
লাই লেচাই কোঁৱৰক তোমাতে অৰ্পিলোঁ
চেনেহত পালিবা আই।
বেলা চাই খুৱাবা বেলা চাই পালিবা
ক্ষেমিবা সকলো দায়।।
গদাপাণি কোঁৱৰক পাবা মোৰ শাহু আই
লাই লেচাইক নিদিবা দুখ।
মোলৈ মৰম চেনেহ নেৰিবা শাহু আই
চাবা লাই লেচাইৰ মুখ।।
মোৰ প্ৰিয়ভনী জয়েশ্বৰী আইদেউ
তাকে বিবাহিব পায়।
কাৰেঙৰ ওপৰত ঐশ্বৰ্য ভুঞ্জিবা
থাকিবা সুখেৰে খায়।।
স্বধৰ্ম নেৰিবা সত্যত চলিবা
অধৰ্মত নিদিবা মতি।
এতেকে বোলন্তে মায়াপী বিমান
অন্তৰ্দ্ধান ভৈল গতি।।
এইবোৰ সপোনত দেখিলোঁ বিয়ৈদেউ
বেলা ৰাতিপুৱা ভাগে।
মোক বিদায় কৰি বোৱাৰী গ’লগৈ
বিজুলী চমকৰ আগে।।
দুষ্ট ল’ৰা ৰজাই গদাপাণিক খেদালে
কেনিবা ক’ৰবালৈ যায়।
প্ৰৱাসৰ ভিতৰত কেনেকৈ খাইছে
তাকে চিন্তা কৰি মৰোঁ।।
দেমেহুৱা হাতীটো দাঁততে ধৰি লৈ
ৰাখে টিপনিত থৰে।
আখিলগা ভলুকা গুৰিটো আজুৰি
উঘালি আনিব পাৰে।।
বনৰ হৰিণাও খেদা মাৰি লৈ গৈ
নেগুৰত ধৰিলে মৰে।
গলধন ধৰা ম’হটো মৰিলে অকলে
চোঁচোৰাই পেলাব পাৰে।।
ক’তনো ফুৰিছে ক’লৈনো গ’লগৈ
কোনেনো খুৱাইছে ভাত।
ঘপৰাই আহি যেন আইতা বুলি মোক
জানো লগাবহি মাত।।
বুৰঞ্জীবিদ মাণিক বৰগোঁহাই দেৱে উদ্ধাৰ কৰা আন এটি ‘জয়মতী মালিতা’ হ’ল-
এদিন খপিলোঁ জেৰেঙা পথাৰত
কিনো নহ’বৰে হ’ল,
তিৰীৰে ওপৰত যমৰে যাতনা
ৰাজ্যখন তললৈ গ’ল।
তিনিদিন খপিলোঁ জেৰেঙা পথাৰত
শিয়ালে কৰিছে আৰাও,
চমতাৰ কোবতে যাতনা ভুগিছোঁ
তেজেৰে ৰাঙলী গা।
চাৰিদিন খপিলোঁ জেৰেঙা পথাৰত
কাউৰীয়ে কৰে কা,
ছ-অঁৰা চাওডাঙে নানা শাস্তি কৰে
যাতনাত পুৰিছে গা।
পাঁচে দিন খপিলোঁ জেৰেঙা পথাৰত
জিলিয়ে কৰিছে জা,
ছ-অঁৰা চাওডাঙে নানা শাস্তি কৰে
দেখিছোঁ মৰণৰ ছাঁ।
ছদিনে খপিলোঁ জেৰেঙা পথাৰত
ওপৰে শগুণ উৰে,
চোৱাহি এবাৰ ডা-ডাঙৰীয়া
দেহা মোৰ কেনেবা কৰে।
সাতেদিন খপিলোঁ জেৰেঙা পথাৰত
জেৰেঙাত চ’তৰে বা,
যমৰে যাতনা কতনো ভুগিম মই
কঁপনি উঠিছে গা।
আঠে দিন খপিলোঁ জেৰেঙা পথাৰত
ৰাতি শুনো হুদুৰ মাত,
মুখৰ মাত হৰে গা মোৰ পোৰে
পেটত নাইকিয়া ভাত।
ন-দিন খপিলোঁ জেৰেঙা পথাৰত
ফেঁচাই কৰে নি-উ,
নিষ্ঠুৰ চাওডাঙ সবেও টোপনিত
ভয়তে উৰে জীউ।
দহদিন খপিলোঁ জেৰেঙা পথাৰত
বিৰিণা ইকৰা লৰে,
লাই লেচাই মোৰ ক’তে কিনো কৰিছে
ঘনকৈ মনতে পৰে।
এঘাৰ দিন খপিলোঁ জেৰেঙা পথাৰত
কিনো অথন্তৰে হ’ল,
বঙহৰদেও ঐ কুশলে থাকা যেন
মোৰহে নহ’বৰে হ’ল।
বাৰদিন খপিলোঁ জেৰেঙা পথাৰত
কিনো অভাগিনী হায়,
চাওডাঙৰ হাততে জীয়াতু ভুগিছোঁ
বতৰা লওঁতা নাই।
তেৰদিন খপিলোঁ জেৰেঙা পথাৰত
মাজনিশা ডাউকে কান্দে,
চকুত নাই টোপনি গাতে মোৰ পোৰণি
নিবলৈ মৰণে চান্দে।
চৈধ দিন খপিলোঁ জেৰেঙা পথাৰত
দেশৰে ৰাইজ মোৰ,
ক্ষেমিবা যদি হয় দায়
কাল অজগৰে গিলিব অচিৰে
ৰাখোতা কোনোযে নাই।
পোন্ধৰ দিন খপিলোঁ জেৰেঙা পথাৰত
লাই লেচাই মোৰ সৰগৰ তৰা,
আহাঁ মোৰ পোনাহঁত চাই লওঁ এবাৰ
কাললৈ নুমাম মই আজিৰে পৰা।
অনুগ্ৰহ কৰি মোক লেখকৰ ফোন নম্বৰটি লাগিছিল। মোৰ ফোন নং 6002338305