য়ো য়ো হানী সিং আৰু বেবী ডোলত হেৰাই যোৱা কালীয়াৰ আৰ্তনাদ (ধনজিৎ কুমাৰ শৰ্ম্মা)
ঢুলীয়া কি বুজাই কোৱা নিষ্প্ৰয়োজন; গাঁৱে-ভূঁয়ে পূজাই-পাৰ্বনে ঢুলীয়া নামনি অসমৰ কৃষ্টি-সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ। এই ঢুলীয়াৰ লগতে ‘কালি’ (বা কাইলা) বোলা বাদ্য এবিধো আছে। কালিৰ কৰুণ সুৰে মন-প্ৰাণত নিজস্বতাৰ জোৱাৰ তোলে, দেহবিচাৰৰ বিৰহ সুৰৰ লহৰ সানে। আগৰ দিনত নামনি অসমৰ ছোৱালীৰ বিয়া ‘কালি’ অবিহনে অসম্পূৰ্ণ (যেনকৈ এতিয়া হানী সিং নবজালে নহয়)। অতি উচ্চমানৰ বাদ্য ‘কালি’- জীৱনযোৰা সাধনাৰেহে আয়ত্ব কৰিব পাৰি। সময়ৰ সোঁতত এতিয়া মাত্ৰ আঙুলিৰ মূৰত গণিব পাৰা কেইজনমানহে ‘কালি’ বজোৱা শিল্পী বা ‘কালীয়া’ আছে। তেনে এজন শিল্পী– শ্ৰীমান নিৰঞ্জন দাস, নলবাৰী জিলাৰ কৈহাটী গাৱৰ বাসিন্দা শ্ৰী দাসে কালি বজায়ে জীৱন নিৰ্বাহ কৰিছিল। অসমৰ গাঁৱে-ভূঁয়ে ‘কালি’ বজোৱা, আকাশবাণী গুৱাহাটীত ‘কালি’ পৰিবেশন কৰা, আনকি দিল্লী আৰু মুম্বাইৰ কেবাটাও অনুস্থানত ভাগ ল’বলৈ সুযোগ পোৱা শ্ৰীদাসৰ অৱস্থা আজি অত্যন্ত দুঃখজনক। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত শিল্পীজনাৰ ঘৰত আজি এমুঠি ভাতৰ বাবে হাহাকাৰ। দিন-হাজিৰা আৰু ঢুলীয়াৰ লগত যোৱা দুই পুত্ৰৰ উপাৰ্জন পিতৃৰ চিকিৎসাৰ বাবে এপাচি শাকত এটা জালুকৰ সমানো নহয়৷ যি সময়ত চৰকাৰে নানা ‘জ্যোতি’ আঁচনিৰ উদাত্ত কণ্ঠেৰে ভোটবেংকৰ নিৰ্লজ্য ৰাজনীতিত লিপ্ত, সেইসময়তে কোনো সাহাৰ্য্যয়ে লভিবলৈ সক্ষম নোহোৱা শ্ৰীদাস কেৱল মৃত্যুপথৰ যাত্ৰী। দিনেনিশাই অতীতৰ কালিৰ সুৰ ৰোমন্থন কৰি কালৈয়ো আক্ষেপ নাৰাখি নিজৰ অৱস্থাৰ বাবে ভাগ্যকে দোষী কৰা ৬০ বছৰীয়া শিল্পীজনে সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে জীৱন যুদ্ধৰ মানসিক শক্তিকণ। চৰকাৰী শিল্পীপেঞ্চন আৰু বাঘা বাঘা বেচৰকাৰী অনুস্থানৰ সাহাৰ্যৰ বাবে প্ৰয়োজনীয় মানপত্ৰ, কাগজ-পাতি যোগাৰ কৰিবলৈ তেখেতৰ শক্তি নাই, আমোলা বিষয়াৰ ফাইলৰ মাজত সোমাই পৰিবলৈ তেখেতৰ হাতত সময় কম। তেখেতৰ কৰ্মৰাজি আৰু বৰ্তমান দুৰাৱস্থাৰ বিষয়ে অসমীয়া, ইংৰাজী কেবাখনো কাকতত প্ৰকাশ পাইছে যদিও আজিলৈ চৰকাৰ বা কোনো অনুস্থানেই তেখেতক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই।
যি সময়ত আমি লাখ লাখ টকা বাজেটৰ শিল্প-সংস্কৃতিৰ উৎসৱ পাতো, সাংস্কৃতিক সন্ধিয়াত নামী-দামী শিল্পীক আমন্ত্ৰণ জনাওঁ, শিল্প ঐতিহ্য ৰক্ষাৰ নামত লাখটকাৰে শিল্পীৰ প্ৰস্তৰ মুৰ্তি সাঁজো, চৰকাৰী বন্ধ দিয়া হয়- সেই সময়তে তিলতিলকৈ মৃত্যুৰ গৰাহলৈ যোৱা এই শিল্পীজনাৰ খবৰ এটি ল’বলৈ আমি সক্ষম নহওঁ। কাৰণ? তেখেতৰ গ্লেমাৰ নাই, তেখেতৰ ‘কালি’ৰ গ্লেমাৰ নাই! অত্যাআধুনিক প্ৰযুক্তিয়ে মুহুৰ্ততে ‘খেল সলনি’ কৰি দিব পৰা তেখেতৰ বাদ্যই হয়তো এদিন বিশ্বস্তৰত খোপনি পুতিবলৈ সক্ষম হ’ব- কিন্তু তেতিয়ালৈ কিজানি তেখেত নাথাকিব! পিছে তেতিয়া তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমোলা বিষয়া আৰু বাঘা বাঘা বেচৰকাৰী অনুস্থান আৰু সংস্থাৰ অভাৱ নহ’ব; পিছে জীৱন কালত তেখেতক মাত লগাবলৈ যোৱা, তেখেতৰ চিকিৎসা আৰু এমুঠি ভাতৰ বাবে আগবাঢ়ি অহা কোনো ব্যক্তি বা সংস্থায়েই নাই।
এয়াই আমি – আমাৰ সমাজ, সাধাৰন জনগন। সততে ৰাজনীতি আৰু চৰকাৰক দোষ দি শান্তি লভা আমি সাধাৰন মানুহখিনিয়ে পূজা বিহুৰ নামত দান বৰঙণি, মুৰ্ত্তি, ভোগ, কাপোৰ দান দি, ছাগলী-ম’হ বলি দি দায়িত্বশীল নাগৰিক হিচাপে মানসিক প্ৰশান্তি লভো পিছে নিজৰ স্থানীয় সংগীত, শিল্প, শিল্পীকে এনেদৰে অৱহেলা কৰি আহিছোঁ। আনকি বাহিৰাগত “অপঃসংস্কৃতি’’ক কঠোৰ সমালোচনাৰে ঠকা সৰকা কৰা কাগজৰ বাঘ বুদ্ধিজীৱীসকলো এই বা এনে বিষয়ত নিমাত।
এয়া এক সামাজিক কু-দৃষ্টান্ত, যাক প্ৰকৃত ইতিহাসে হয়তো কেতিয়াও ক্ষমা নকৰে। শ্ৰীমান দাসৰ কৰুণ পৰিসমাপ্তিৰ উদাহৰণ ‘কালি’ বাদ্যৰ বাবেও মৃত্যুঘণ্টা। তেখেতে কোনো নতুন শিল্পীকে কালিৰ প্ৰতি আগ্ৰহী কৰিবলৈ সক্ষম নহ’ল, তাৰ বাবে দায়ী কোন? ২১ শতিকাত কোনো শিল্পীয়েই তেখেতৰ দৰে কৰুণ সমাপ্তি নিবিচাৰে, সকলোৱে বিচাৰে মাত্ৰ হানী সিঙৰ দৰে গ্লেমাৰ আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মৰ্য্যদা; আমি সামাজখনে নিৰঞ্জন দাসক উপযুক্ত মৰ্য্যাদা দিবলৈ সক্ষম নহলোঁ, দুৰ্ভাগ্যজনক ভাৱে এয়াই সত্য। ই এক উদাহৰণহে মাত্ৰ… এনে নানা স্থানীয় শিল্প-সাংস্কৃতিক উপাদানৰ অৱহেলাৰ বাবেই আমি প্ৰৱল সংস্কৃতিবান জাতি এটা হেৰাই গৈ আছোঁ সাংস্কৃতিক গোলকীকৰণত আৰু নিজকে বিলাই দিছো মাত্ৰ সংকৰিত সংগীত-শিল্প-সংস্কৃতিৰ গোলকীয় গ্লেমাৰত।
(ছৱিত শিল্পী নিৰঞ্জন দাস)