‎কাঁইট‬ নথকা মাছ (পিনাক পি. বৰুৱা)

(১)
দেওবাৰৰ দিনৰ সাজ মাছেৰে খাওঁ বুলি মন বান্ধি গোঁহাই ওলাই আহিল ঘৰৰ পৰা হাতত মোনাটো লৈ।
“আপুনি মাছকণ লৈ সোনকালে আহিব দেই কিন্তু,বেপাৰীটোৰ লগত কাজিয়া কৰি নাথাকিব প্ৰ্তিদিনাৰ দৰে। কেতিয়াবা মাছ কটা দা খনেৰে ঘাপ মাৰি দিব গম পাব বাপেক্কে”।–পদূলিমূখৰ নঙলা দাল মাটিত পেলাওতেই দৰিক গোঁহাইৰ পত্নীয়ে তেঁওক ঘৰৰ বাৰান্দাৰ পৰা সকিয়াই দিলে।
“এহ থৈ দিয়াহে, দম নাই তাৰ। আৰু কাজিয়া কৰাৰ ইচ্ছা মোৰো নাথাকে, সেই বুলি সি ঠগি থকা দেখিও চুপ থাকিম নেকি।”–বুলি কৈ গোঁহাই ওলাই আহিল ৰাষ্টালৈ।
“এই মানুহটো মানে।”–বুলি ভোৰভোৰাই মানুহজনীও সোমাই গল ভিতৰলৈ।
অঞ্চলটোৰ একমাত্ৰ মাছৰ বেপাৰী বটলু দাস আৰু দৰিক গোঁহাইৰ কাজিয়াবোৰ অঞ্চল বিখ্যাত। গোঁহাইয়ে মাছ কিনিব আহিলেই বজাৰৰ অন্য দোকানীবোৰো কাষ চাপি আহে কাজিয়াৰ ৰস লবলৈ। কাজিয়াৰ আৰম্ভণিও সদায় আমোদ জনকভাবেই হয়, এদিন বোলে কালি তোৰ পৰা নিয়া মাছটোৰ কাঁইটবোৰহে বৰ ধাৰ থকা আছিল আনদিনা আকৌ বুলে মাছটোৰ পেটত ধেৰ গুহে ওলালে; মুঠতে গোঁহাইয়ে বটলুৰ মূৰটো গৰম নকৰাকৈ মাছ কিনি নাহে আৰু সি কোৱা দামতকৈ অন্তঃত বিশ টকা হলেও কম দিহে আনে। অন্যহাতে বটলুয়েও মূখে মূখে উত্তৰ দিয়ে যদিও প্ৰায়ে অন্য গ্ৰাহক থাকে বাবে নিজৰ খঙটো লুকুৱাই ৰখাৰ চেষ্টা কৰে যিটো কেতিয়াবা বহুত জটিল কাম হৈ পৰে তাৰ বাবে, উদাহৰনস্বৰূপে যোৱা বুধবাৰৰ কথাই কব পাৰি- অন্য এটা মানুহৰ বাবু ডাঙৰ বাহু মাছ এটা কাটি থাকোতেই বটলুৰ সন্মূখত মোনাটো লৈ উপস্থিত হলগৈ গোঁহাই,
“বৰ ডাঙৰ মাছ”-হাত দূখন পাছফালে ৰাখি গোঁহাইয়ে গহীনত কলে।
“অ।”–লাহেকৈ বটলুয়েও মাছটো কাটি থাকি কলে।
“কে জি চাৰিশমান হব চাগৈ?”
“অ।”-বটলুয়ে মূৰ দঙাৰ প্ৰয়োজনবোধ নকৰাকৈয়ে কলে।
“উঠাই অনা ফিছাৰিটোও বহুত ডাঙৰ হব চাগৈ?”
“অ।”–বুলি ঘপকৈ কৈ বটলু থমকি ৰল আৰু নিজৰ ভূল বুজি চিঞৰি উঠিল, “কিহৰ ফিছাৰি?ৰাতিপূৱাই নদীৰ পৰা উঠাই আনিছো।”
“ইহঃ, নিজেই অ বুলি কলিচোন।”-বুলি কৈ মিচিকিয়াই হাঁহিলে গোঁহাইয়ে।
লগে লগে কাষত ঠিয় হৈ থকা মানুহজনেও জাঙুৰ খাই উঠিল,
“ফিছাৰিৰ মাছ যদি চাৰিশ টকা নিদিও দেও মই কে.জিত।”-বুলি কৈ মানুহজনে ভাবিলে ক্ষন্তেক, “এটা কাম কৰা, কাটিবই নালাগে। সোৱাদ নথকা মাছবোৰ নি মাইকীৰ কথা শুনাতকৈ ব্ৰইলাৰ এক কে জিকে লৈ যাও। তুমি নদীৰ পৰা অনা বুলি কোৱাৰ বাবেহে কাটিব কৈছিলো।”-বুলি কৈ মানুহজন মাংসৰ দোকানখনৰ দিশত ঘূৰিলে।
“আৰে নদীৰ পৰাই আনিছো, এইটো মানুহৰ কথাত বিশ্বাস নকৰিব।”-বুলি কোৱাটো মানুহজনে ঘূৰি নোচোৱাত সি পূনৰ চিঞৰিলে, “ তিনিশকে দিব লৈ যাওক।”
“নালাগে নালাগে।”-বুলি কৈ মানুহটো কাটি থোৱা ব্ৰইলাৰ কেইটাৰ কাষত থিয় হ’লগৈ।
খঙত ৰঙা হৈ পৰা চকুহালেৰে বটলুয়ে গোঁহাইৰ ফালে চালে থৰ লাগি,
“মোক খঙ দেখুৱাই লাভ নাই, মিছা কথা কৈছিলিয়েইনো কিয়?”-বুলি কৈ গোঁহাইয়ে বাহু মাছটো পিটিকিব ধৰিলে।
“কিমানত দিবি?”
“কলোয়েইচোন এইমাত্ৰ তিনিশ বুলি।”-গেঙেৰি মাৰি সি উত্তৰ দিলে।
“দুশ দিম দিয় যদি দে নহলে মইও ব্ৰইলাৰয়েই লও আৰু।”-বুলি গোঁহাইয়ে পিছ পকেটৰ পৰা মনিবেগটো ওলিয়ালে। আনফালে বটলুৰ খঙে চুইছিলগৈ চৰম সীমা,
“নালাগে, দুশও দিব নালাগে, ফ্ৰীকেই লৈ যাওক। আপোনাক মাছ খুৱাবলৈকেটো ৰাতিপূৱা চাৰিটাতে উঠি জালখন লৈ ওলাই যাও সদায়। লৈ যাওক, এই সৰু কেইটাও লৈ যাওক ৰাতিপূৱা চাহৰ লগত খাব কেঁচাই কেঁচাই।”-অতপৰে ধৰি ৰখা খঙটো আগ্নেয়গিৰিৰ দৰে ওলাই আহিল বটলুৰ মূখেৰে।
“হব হব, নাটক নকৰিবি বেছি। আঢ়ৈশ দিছো দে কাটি।”-বুলি টকা কেইটা ওলিয়াই হাতত ললে তেঁও।

(২)
দেঁওবাৰৰ দিনাও তেনেদৰেই গোঁহাইয়ে বটলুৰ সন্মূখত ৰৈ মনত ভাবি অহা কথাষাৰ কলে,
“সেইদিনা নিয়া মাছটোৰ দৰে সোৱাদ নথকা মাছ জীবনত খাইয়ে পোৱা নাই, নিমখ অলপ সানি কপাহ খালেও চাগৈ তাতকৈ ভাল লাগিব। তইহে জান আৰু কৰ পৰা আন এই জাবৰবোৰ উঠাই।”
“আজি কি লাগিব কওক।”-গোঁহাইৰ টান কথাত বৰ এটা গুৰুত্ব নিদি বটলুয়ে লাহেকৈ সুধিলে।
গোঁহাইয়ে পূনৰ কিবা এটা দোষ ধৰো বুলি ভাবিও বটলুৰ উত্তৰত অলপ আচৰিত হৈ কোৱাৰ পৰা বিৰত থাকি সুধিলে, “এইটো পিচ আৰিৰ নে কচৰ?”-মাছৰ পিচটো লুটিয়াই তেঁও বটলুক সুধিলে
“আৰি।”
“কিমানত দিবি?”
“কেজি চাৰে তিনিশ।”
“দুশতকৈ বেছি নিদিও।”-মূখখন কোচাই গোঁহাইয়ে কলে।
“লৈ যাওক।”- আনদিনাৰ দৰে কোনো প্ৰ্তিবাদ নকৰি অতি নিৰস ভাবে বটলুয়ে কৈ মাছ পিছ টুকুৰা কৰিলে।
“কি হল তোৰ? গা চা বেয়া নেকি?”
“নহয়, হলেও আপোনি জানিব নালাগে দিয়ক।”-বুলি কৈ সি শেষ মাছকণ গোঁহাইক দি টালি টুপুলা বান্ধিবলৈ লাগিল।
গোঁহাইয়ে টকা দি আতৰি আহিল যদিও মনৰ কৌতুহল আতৰ নোহোৱাৰ বাবে পূনৰ শাক পাচলি বেপাৰীটোৰ কাষত থমকি ৰল,
“কি লাগিব কওক।”-বেপাৰীটোয়ে সুধিলে।
“বিলাহী এক পোৱা আৰু লাও এটুকুৰা দিবি, পিছে আগতে এই বটলুটোৰ কি হৈছে কচোন?”
“এহ কিনো কব আৰু, মানহৰ কেতিয়া কি বিপদ হয় ধৰিবই নোৱাৰি আজি কালি।”-পকা পকা বিলাহী চাৰিটা তুলাখনত তুলি বেপাৰীটোয়ে কলে।
“কি বিপদ?”
“তাৰ মানুহজনীয়ে আজি এক সপ্তাহমান ধৰি একো খাব বব পৰা নাছিল, পৰহি ডাক্টৰৰ ওচৰলৈ লৈ যাওতে কিবা টেষ্ট এসোপামান কৰিব দিলে যত ডিঙিৰ ভিতৰফালে টিউমাৰৰ নিচিনা কিবা এটা ধৰা পৰিল।”
“তাৰ পাছত?”
“ডাক্টৰে অপাৰেছ্ন কৰিবই লাগিব বুলি কৈছে, মুঠ পঞ্চাছহাজাৰ মান লাগিব।”
“আছে নাই তাৰ সিমান পইছা?”
“কতনো আছে।”-শব্দত জোৰ দি সি কলে, “ঘৰৰ মাটিটুকুৰাও সেই জীয়েকৰ বিয়াৰ সময়তে বন্ধকত থোৱা। বাকী আ-অলংকাৰ গোটাই ত্ৰিশমান হব চাগৈ।”
“তই গৈছিলিমানে খবৰ কৰিবলৈ?”
“অ কালি গধুলি গৈছিলো।মানুহজনীযে গোটেই ক্ষীণাই অবস্থা নাই। ই আৰু চোতালতে বহি উচুপি আছিল উপায়হীন হৈ, ইমান বেয়া লাগিল। পৰা হলে দিয়েই দিলোহেতেন টকা অলপ। পিছে নিজৰে চলিবলৈকে টান লোককনো কি সহায় কৰিম। ভগবানেও বেমাৰ বোৰ দিবলৈ আমি দূখীয়াবোৰকহে বিচাৰি পায়।”-বুলি কৈ বেপাৰীটোয়ে লাওটোত হাত দিলে, “লাও গোটেইটোয়ে লৈ যাই নেকি, বৰ এটা ডাঙৰ নহয়।”
“নালাগে নালাগে, বেয়া হৈ যাব। কাটিয়েই দে।”-বুলি কৈ গোঁহাইয়ে মনিবেগটো পূনৰ এবাৰ ওলিয়ালে জেপৰ পৰা।

(৩)
ৰাতি ভাতৰ টেবুলত মাছ বাটিটো দেখিয়েই গোঁহাইৰ মনটো পূনৰ অলপ মৰহি গল,
“মোৰ মাছকণ ফ্ৰীজতে থৈ দিয়া অ, খাব মন যোৱা নাই এতিয়া।”
“কি হল নো, বজাৰৰ পৰা অহা পৰাই মানুহটো ইমান মন মাৰি আছে যে?”
“এহ একো নাই হোৱা, খোৱা খোৱা।কতনো মন মাৰি থকা দেখিলা।”-একে টেবুলতে বহি থকা পুতেক আৰু ঘৈণীয়েকক এইদৰে কৈ তেঁও দুগৰাহ মান কষ্টৰে পেটত ভৰাবৰ চেষ্টা কৰিলে।
জীয়েকক বিয়া দিয়াৰ পাছত দৰিক গোঁহাইৰ ঘৰত মানুহ বৰ্তমান তিনিটাই। বেংকৰ চাকৰিটোৰ পৰা যোৱা বছৰ অবসৰ লোৱা গোঁহাইৰ ডাঙৰ দায়িত্ব বুলিবলৈ পুতেকৰ বিয়াখনেই আছিল, পিছে পঢ়া শেষ কৰি চাকৰিৰ সন্ধানত থকা পুতেকৰ সোনকালে বিয়া পতাৰ মন অলপো নাই। মাক দেউতাকৰ আগত নিজৰ সেই কথা ব্যক্ত কৰোতে বাপেকে যেতিয়া পাত পাতিবি বুলি কৈ সময়বোৰ জিৰণী লৈয়ে পাৰ কৰাৰ সিদ্ধান্ত ললে। পিছে চাকৰি কালত অনবৰতে ব্যস্ত জীবন এটা কটাই অহা গোঁহাইৰ বাবে অবসৰৰ পাছৰ সময়বোৰ বৰ বিৰক্তিকৰ হৈ পৰিছিল। অবাবত মিঠা সুৰ লগাই কথা পাতি থাকি ভাল নোপোৱা গোঁহাইৰ বন্ধু বৰ্গৰ স্ংখ্যাও আছিল কম। যি দুই এজন আছিল তেঁওলোকে দূৰে দূৰে নিজৰ পৰিয়ালৰ সৈতে ব্যস্ত।
“কি ভাবি আছেনো এই ৰাতিখন?”-মাজ ৰাতি ঘপকৈ সাৰ পাই দৰিক গোঁহাইক বিচনাতে বহি থকা দেখি ঘৈণীয়েকে সুধিলে।
“আমাৰ ৰুবুৰ বিয়াৰ বাবে টকা সাত লাখ বেলেগ এটা একাউণ্টত বেলেগকৈ জমা কৰি থৈছিলো।”-অতি ভাবুক এক সুৰ লৈ গোঁহাইয়ে সুধিলে, “তাৰে কিমান মান লাগিব বাৰু বিয়াত?”
“সাত লাখ নহলেও পাঁচ ছয় লাখৰ তলত আজিকালি বিয়া পতা টান।”-চকুহাল মোহাৰি মানুহজনীয়ে কলে, “পিছে ৰাতিখন হঠাৎ কি মন গলনো তাৰ বিয়াৰ পৰিকল্পনা কৰাৰ?”
“নহয় অ’ তাৰ পৰা টকা বিশহাজাৰমান ওলিয়াই বেলেগ এটা কামত লগাও বুলি ভাবিছো।”
“কি কামত?”
“এহ, তুমি আকৌ খঙেই কৰিবা নহয় কলে।”
“কওক বুলি কৈছোনে নাই।”-টান সুৰত ঘৈণীয়েকে আদেশ দিলে।
“মানে এই যে বজাৰৰ মাছ বেপাৰীটো…”
“বটলু?কি হল তাৰ?”
“ঘৈণীয়েকজনীৰ বেমাৰ, অপাৰেচন নকৰিলে এক মাহতকৈ অধিক বাচি নাথাকে।তাতে আকৌ তাৰ পইছাৰ নাটনি, আৰু বিশহাজাৰ মান গোট খালেহে মানুহজনী বচাৰ আশা এটা আছে।”
“আৰু সেই বিশ হাজাৰ আপুনি দিম বুলি ভাবিছে তাক?”
“অ, বেয়া হব নেকি?”-ভয়ে ভয়ে ঘৈণীয়েকৰ ফালে চাই গোঁহাইয়ে সুধিলে।
“বেয়ানো কিয় হব বেলেগৰ উপকাৰ কৰিলে, পিছে সি ধাৰ মাৰিব পাৰিব জানো?”-ঘৈণীয়েকে গাৰুটো থিয় কৰি তাত আউজি সুধিলে।
“ধাৰ নিদিও নহয়।”
“একেবাৰে দিব বিশহাজাৰ টকা?”-আচৰিত হৈ চকু ডাঙৰ কৰি ঘৈণীয়েকে সুধিলে।
“অ।”-লাহেকৈ গোঁহাইয়ে কলে।
“কিন্তু কিয়? ধাৰ নিদিয়ে কিয়?”
“এহ, ধাৰনো কত মাৰিব পাৰিব সি; তুমি নিজেই কলাচোন। তাতে তাৰ লগত যিদৰে কাজিয়া লাগি থাকো তাক নিজে গৈ পইছা দিব খুজিলে সি পাগল বুলি নাভাবিবো জানো?পইছাখিনি সি গম নোপোৱাকৈয়ে দিব লাগিব।”
“আৰু সেইটো কেনেকৈ কৰিম বুলি ভাবিছে?”-চকুকেইটা পকাই ঘৈণীয়েকে সুধিলে গোঁহাইক।
“মই খবৰ কৰিলো,ডাক্টৰ ৰাতুল বৰুৱাক দেখাইছে। তেঁওৰ লগতটো মোৰ ভালেই, টকাখিনি মই দিম বুলি কৈ তেঁওক কথাটো বুজাই দিম তাক কম খৰচতে অপাৰেচনটো হব বুলি কবলৈ।”
“জানো পাই, আপুনিহে জানে আৰু কি কৰিব বিচাৰি থাকে। কিন্তু ৰুবুৰ বিয়াৰ সময়ত টকাৰ নাটনি হৈ নিজেও বেলেগৰ ওচৰত ধাৰ লবলগীয়া অবস্থা নহয় যাতে, সেইটো হলে এতিয়াই কৈ দিছো।”-লাহে লাহে তললৈ নামি যোৱা গাৰুটোত শুই পৰি মানুহজনীয়ে নিজৰ কথা শেষ কৰিলে।

(৪)
দুই সপ্তাহমান পাছৰ কথা, বজাৰলৈ যাওতে বহুতদিনৰ মূৰত তাত বটলুক দেখা পাই গোঁহাই কাষ চাপি গল,
“কি হল? ঘৈণীয়েৰৰ বেমাৰ হৈছিল বোলে, ভাল পালেনে নাই?”-গপচত তেঁও সুধিলে।
“অপাৰেচন কৰাৰ পাছত এতিয়া ভাল পাইছে, পিছে আপুনিনো মোৰ খবৰ কেতিয়াৰ পৰা ৰখা হল?”-বটলুয়ে মাছবোৰৰ ওপৰত পানী ছটিয়াই থাকি সুধিলে।
“কাম নাই আৰু মোৰ বেলেগ, এনে্যে অহুকাণে পহুকাণে শুনিছিলো বাবে সুধিলো আৰু। খবৰ ললেও বেয়া পাই আজিকালি মানুহে।”-মূখখন বেকা কৰি গোঁহাইয়ে কাষৰ শাক পাছলিৰ বেপাৰীটোৰ ফালে চাই কলে।
“নাই পোৱা দিয়ক, অলপ আচৰিত হৈহে সুধিলো। পিছে কি মাছ লম বুলি ভাবিছে?”
“নালাগে মাছ,তোৰ মাছ নোখোৱাকৈ থাকি স্বাস্থ্যটো অলপ ভালহে লাগিছে এইকেইদিন। এনেই চাইছোহে।”-মূখ বেকা কৰি গোঁহাইয়ে কলে।
“হয়নে? অতদিনে মোৰ মাছেহে স্বাস্থ্য বেয়া কৰি ৰাখিছিল আপোনাৰ?”-উঠিল বটলুৰো খঙটো “আৰু এনেয়ে মাছ চাবৰ মন যদি একুৱাৰিয়াম নে কি সেইটো কিনি লব, এইবোৰ সজাবলৈ থোৱা মাছ নহয়। লাগে যদি লওক নহলে আতৰ হওক।”
“কাঁইট নথকা মাছ আছেজানো তোৰ ওচৰত?”
প্ৰ্শ্নটো শুনি খঙত ৰঙা হৈ পৰা চকুচকেইটাৰে বটলুয়ে গোঁহাইৰফালে চাই ৰল থৰ লাগি কিছু পৰ,
“আপুনি যাওকহে ইয়াৰ পৰা।”
“মোৰ কথা মই যাও নে আহো। আজি গলেও কাইলৈ আকৌ আহিম।”-বুলি কৈ গোঁহাই আতৰি আহিল তাৰ কাষৰ পৰা আৰু অলপ দুৰ যোৱাৰ পাছতেই মূখত তেঁওৰ দূষ্পাপ্য হাঁহিটো বিৰিঙি উঠিল।বটলুক আগৰ অবস্থাত দেখি মনে পোৱা শান্তিৰ সেই হাঁহি…..

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!