কাণৰ কাষৰ ৰূপালী চুলিৰ কাব্য (-জ্যোতিষ কুমাৰ দেৱ)

গৈ থকা দিনবোৰ ফিৰিঙতি
বাঁহৰ সাঁকো বর্তমানৰ দিন
লৈ গৈছে সোলোক ঢোলোক কৈ
ভৱিষ্যতৰ মায়া মৰীচিকা দেখুৱাই

মৰুভূমিতো মই
কোৱাল নৈৰ খৰসূঁতিতো
এনেতে বয়সে কাণত ফুচফুচাই
তুমি আৰু সেয়ে নাই

kanor kaxor rupali suli_jyotish kumar deb

হাবাথুৰি খাই আছিলো
সপোনবোৰে আগুৰি আছিল
পূর্বজনমৰ স্মৃতি লৈ

এডেও দুডেও
খোপনি পতাৰ দিন
আল ধৰি ৰয়
প্রকট নহয়
ক্ষীণমীন এচিকটা
আগলি যুঁজৰ হিলৈ

দিনবোৰে আঁহ ফালে
ৰাতি ন-কুঁৱৰীৰ বৰপেৰা
তৰপে তৰপে ৰহিমলাৰ সপোন
যৌৱনৰ পিয়লাত বাকি দিয়া মদ
টোপ টোপ উপচি পৰা
কিৰিলি পাৰি হাঁহে
বালিচৰত বালিমাহী
লাজ নো কালৈ

পুৱতি তৰাৰ ভুমুকি
বয়স পাৰাপাৰৰ পানচৈ
ইতিহাস ৰচা হয়

বয়সে যেতিয়া আগচি ধৰে
পাছ নেৰে অভিজ্ঞতাই
দোমোজালিত জীৱন

সপোনৰ বয়স নাই
মাথোঁ বয়সৰ ছাপ
চুলিত লিপিট খায়
সন্ধিয়াৰ কিমান দেৰি

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!