কাৰবি জনগোষ্ঠীৰ গাহৰি মাংসৰ কেইটামান ৰন্ধন প্ৰণালী : মংগলসিং ৰংফাৰ

১৷ গাহৰিৰ সম্পূৰ্ণ মুৰ সিজোৱাৰ মাংস: : অসমৰ কাৰবি সকলৰ মাজত গাহৰিৰ সম্পুৰ্ণ মুৰৰ সিজোৱা মাংস যথেষ্ট জনপ্ৰিয়৷ গাহৰিৰ অন্য মাংসত কৈ এই অংশৰ মাংস খাবলৈ সোৱাদ কিছু বেলেগ৷ এই ৰন্ধন প্ৰণালীত বনাবলৈ হ’লে প্ৰথমে গাহৰিৰ মুৰটো ভালকৈ পৰিষ্কাৰ কৰি ধুই লওক৷ এটা ডাঙৰ পাত্ৰত ভৰাই মুৰটো ডুবি যোৱাকৈ পানী লৈ সিজিবলৈ দিয়ক তিনি ঘণ্টা মান৷ মাংসটো সিজি কোমল হ’লে তুলি আনক আৰু ঠাণ্ডা হ’বলৈ দিয়ক৷ ঠাণ্ডা হ’লে মাংসবোৰ টুকুৰা কৰক আৰু জোখ মতে নিমখ আৰু তিলৰ গুড়ি মিহলাওক ( তিলৰ গুড়ি বনাবলৈ প্ৰ্থমে তিলখিনি গৰম কেৰাহিত ভাজক আৰু খুন্দি গুড়ি কৰক নতুবা গ্ৰাইণ্ডাৰ মেচিনত গুড়ি কৰক)৷ তাৰ পিছত পৰিবেশন কৰক৷14249_10152652931819659_4767325853594306810_n

২৷ গাহৰিৰ পেটুকা, কলিজা সিজোৱা প্ৰণালী: : কাৰবি সকলৰ মাজত গাহৰিৰ পেটুকা, কলিজা, যকৃত, তেজ সিজোৱা খাদ্য এক সুস্বাদু ৰূপে পৰিচিত৷ পেটুকাবোৰ ফালি ভালকৈ পানীত ধুই লওক৷ তাৰপিছত পুনৰ গৰম পানীত কিছু সময় সিজাই ঠাণ্ডা পানীত ভালকৈ ধুই ল’ব৷ এতিয়া এটা পাত্ৰত পানী লৈ পেটুকা, কলিজা, যকৃত, তেজ একে লগে এঘণ্টামান সিজিবলৈ দিয়ক৷ সিজিলে কিছু সময় ঠাণ্ডা হ’বলৈ দি টুকুৰা টুকুৰাকৈ কাটক৷ জোকমতে নিমখ, তিলৰ গুড়ি, কেচা জলকীয়া কাটি দিয়ক তাৰ পিছত পৰিবেশন কৰক৷10599372_10152652931419659_8064287673513926414_n

৩৷ ধোৱা চাঙত দিয়া গাহৰিৰ মাংস: : ধোৱা চাঙত দিয়া বা ৰ’দত দিয়া গাহাৰিৰ মাংস কাৰবি সকলৰ জনপ্ৰিয় খাদ্য৷ এই প্ৰণালীত গাহৰিৰ মাংস ৰান্ধিবলৈ প্ৰথমে মাংস টুকুৰাখিনি এখন বাঁহৰ বা লোহাৰ চালনীত থৈ খৰিৰ কম জুইৰ চৌকাৰ ওপৰত ২০ মিনিট মান শুকাবলৈ দিয়া হয় তাৰ পিচত তেঙা বাঁহগাজেৰে ৰন্ধা হয়৷ নতুবা আলু আৰু বিলাহীৰেও ৰান্ধিব পাৰি৷ ধোৱা চাঙত দিয়া গাহৰি মাংসৰ সোৱাদেই বেলেগ৷

10346605_10152509119684659_8884897085876513895_n14089076_10154440512219659_8487322073627849188_n

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!